চান্দমাৰি মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক Parswajyoti Sarmah ৰ উদ্যোগত সামাজিক সচেতনতা বিষয়ক এক সজাগতা অনুষ্ঠান ১নং টাউন আদৰ্শ বুনিয়াদী বিদ্যালয়ত ১৩/১২/২৫ তাৰিখ শনিবাৰে অনুষ্ঠিত হৈ যায় । কেইবাটাও বিষয় সামৰি অনুষ্ঠিত হোৱা সজাগতা অনুষ্ঠানটিত ছাত্ৰ ছাত্ৰীসকলৰ লগতে অভিভাৱক সকল উপস্থিত থাকে । বিদ্যালয় পৰিয়ালে চান্দমাৰি মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়কক এই অনুষ্ঠানটিৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো
District Administration, Golaghat
১নং টাউন আদৰ্শ বুনিয়াদী বিদ্যালয়
Estd. in 1888. this oldest LP school have a glorious history of quality education. Now we are planning to celebrate its 125th anniversary.
19/09/2025
পঞ্চম শ্ৰেণীৰ ছাত্ৰী সকলৰ নৃত্য প্ৰদৰ্শন।
15/08/2025
বিদ্যালয়ৰ শিক্ষকগোট...
15/08/2025
৭৯ তম স্বাধীনতা দিৱসৰ শুভেচ্ছাৰে🌸
14/08/2025
আমাৰ বিদ্যালয়ৰ পৰিয়ালবৰ্গ স্বাধীনতা দিৱস উদযাপনৰ বাবে সাজু। আপোনালোকক কাইলৈ পুৱা ৭.৩০ বজাত আমাৰ পতাকা উত্তোলন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিবলৈ নিমন্ত্ৰণ জনালোঁ ।
লগতে কণমানিহঁতে প্ৰস্তুত কৰা পতাকা, চিত্ৰাংকন, দেৱাল সজ্জাৰ কিছু দৃশ্য আগবঢ়ালো....
17/06/2025
PAT 2025
No1TownModelLPS
05/06/2025
আজি ১ নং টাউন আদৰ্শ বুনিয়াদী বিদ্যালয়ত বিশ্ব পৰিৱেশ দিৱস সুন্দৰভাৱে উদযাপন হৈ যায় । প্ৰাত:সভাত অতিথি হিচাপে উপস্থিত থাকে শিক্ষক তথা পৰিৱেশ কৰ্মী শ্ৰীযুত অবিনাশ শইকীয়া ছাৰ । পৰিৱেশ দিৱসৰ তাৎপৰ্য তথা পৰিৱেশ সুৰক্ষাৰ বিষয়ক সুন্দৰ বক্তব্য তেখেতে আগবঢ়াই । ইয়াৰ পিছতে গোলাঘাট পৌৰসভাৰ পৌৰপতি শ্ৰীযুতা দুলুমণি বৰবৰা বাইদেউৱে গছপুলি ৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰাৰ পিছত ছাত্ৰ ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰী সকলোৱে বিদ্যালয় চৌহদত যথেষ্ট সংখ্যক গছপুলি ৰোপণ কৰে । বিশ্ব পৰিৱেশ দিৱস উপলক্ষে অনুষ্ঠিত হোৱা চিত্ৰাংকণ প্ৰতিযোগিতাখন উদ্বোধন কৰে জিলা আঁচনি বিষয়া শ্ৰদ্ধাৰ নিলোফাৰ ই মেহতাবী বাইদেউৱে । তেখেতেও ছাত্ৰ ছাত্ৰীসকলক উদেশ্যি এক সুন্দৰ বক্তব্য আগবঢ়াই । মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক শ্ৰীযুত পাৰ্শ্বজ্যোতি শৰ্মা ছাৰেও তেখেতৰ বক্তব্যৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰে । ছাত্ৰ ছাত্ৰীসকলৰ লগতে সকলোৱে আজিৰ কাৰ্যসূচীত সুন্দৰভাৱে অংশগ্ৰহণ কৰে ।
Fun time.....
Click here to claim your Sponsored Listing.
Location
Category
Telephone
Website
Address
Panch Ali
Golaghat
785621
Opening Hours
| Monday | 9am - 5pm |
| Tuesday | 9am - 5pm |
| Wednesday | 9am - 5pm |
| Thursday | 9am - 5pm |
| Friday | 9am - 5pm |
| Saturday | 8:30am - 3:30pm |
| Sunday | 9am - 5pm |