22/05/2026
বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ,, শ্ৰদ্ধাৰ দিপালী শইকীয়া বাইদেউৰ অৱসৰৰ দিনটো বিশেষ কিছু মুহূৰ্ত। বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা বাইদেউৰ অনাগত সময়বোৰ সুন্দৰ হৈ পৰাৰ বাবে এখিনি শুভেচ্ছা জনালোঁ। ভালে থাকক বাইদেউ।
গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ পুৰনি উচ্চ শিক্ষানুস্থান বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কিছু মূহুৰ্ত।
বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিভিন্ন সময়ত অনুষ্ঠিত কৰা বিভিন্ন অনুষ্ঠানৰ মূহুৰ্ত উপস্থাপন কৰিবলৈ প্ৰয়াস কৰা হৈছে।
আশাকৰোঁ বিদ্যালয়ৰ পৰিয়ালটিয়ে সহযাত্ৰী হিচাপে আগবঢ়ায় নিব। লগতে সমূহ শিক্ষক, শিক্ষাৰ্থীয়ে সহযোগীতা কৰিব।
22/05/2026
বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ,, শ্ৰদ্ধাৰ দিপালী শইকীয়া বাইদেউৰ অৱসৰৰ দিনটো বিশেষ কিছু মুহূৰ্ত। বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা বাইদেউৰ অনাগত সময়বোৰ সুন্দৰ হৈ পৰাৰ বাবে এখিনি শুভেচ্ছা জনালোঁ। ভালে থাকক বাইদেউ।
17/05/2026
'শত,শত প্ৰদীপৰ জ্ঞানৰ আলোকেৰে আলোকিত হৈ পৰাৰ অন্য এক যাত্ৰা ।
মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পাঁচ জানুৱাৰী ২০২৬ ত উদ্বোধন কৰি থৈ যোৱা বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আজি নৱনিৰ্মিত বিদ্যালয়ৰ গৃহ প্ৰৱেশৰ মাঙ্গলিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। বিশেষ দিনটোত সৰুপথাৰ সমজিলাৰ মাননীয় বিধায়ক শ্ৰদ্ধাৰ বিশ্বজিৎ ফুকনদেৱ , নিমন্ত্ৰিত ভকতসকল, বিদ্যালয়ৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল , অৱসৰপ্ৰাপ্ত শ্ৰদ্ধাৰ শিক্ষকবৃন্দ , প্ৰাক্তন শিক্ষাৰ্থীসকল,অভিভাৱক তথা বৰ্তমানৰ শিক্ষাৰ্থী আৰু শিক্ষক-শিক্ষয়ত্ৰীৰ
উপস্থিতত সফল সমাপ্তি ঘটে।সকলোকে বিদ্যালয়ৰ অধ্যক্ষ তথা বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। অনাগত সময়ত আপোনালোকৰে এই অনুষ্ঠানভাগিত সহায় -সহযোগিতা চিৰ কাম্য।
ধন্যবাদেৰে....
09/05/2026
নতুন শিক্ষাবৰ্ষ// বিদ্যালয়ৰ শিক্ষাৰ্থী
সকলৰ মাজত ইউনিফৰ্ম বিতৰণ কাৰ্যসূচী আজি সফল ভাৱে সামৰণি পৰে।
৯/০৫/২০২৬
13/03/2026
ধনশিৰি মহকুমাৰ আটাইতকৈ পুৰণি বিদ্যালয় , বৰ্তমান নৱনিৰ্মিত গৃহৰ অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ দ্বাৰা উপযুক্ত শিক্ষক-শিক্ষয়িত্ৰীৰ দ্বাৰা উচ্চ মানদণ্ড শিক্ষাৰে গত বছৰে মানৱ সম্পদ গঢ়াৰ সংকল্পৰে ২০২৬-২০২৭ বছৰৰ বাবে আমি পুনৰ সাজু হৈছ। সেয়েহে ইচ্ছুক শিক্ষাৰ্থী আৰু অভিভাৱকসকলে ষষ্ঠ শ্ৰেণীৰ নামভৰ্তিৰ কাৰণে প্ৰ-পত্ৰ সংগ্ৰহ কৰিব পাৰিব।
১০০% ফলাফলেৰে , গৌৰৱান্বিত এই বিদ্যালয়।
প্ৰ-পত্ৰ দিয়া তাৰিখ-১৬/০৩/২০২৬
প্ৰ-পত্ৰ জমা দিয়া তাৰিখ- ২০/০৩/২০২৬
বাচনি পৰীক্ষা তাৰিখ-২৪/০৩/২০২৬
24/01/2026
২৩/০১/২০২৬ বিদ্যালয়ৰ সৰস্বতী পূজাৰ বিশেষ কিছু আলোকচিত্ৰ ❤️
09/09/2025
শিক্ষক দিৱস ২০২৫ / বিশেষ দিনটো অতি বিশেষ কৰি তোলা বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সকলো সদস্য লগতে বিদ্যালয়ৰ সমূহ শিক্ষাৰ্থীক ধন্যবাদ জ্ঞাপন কৰিছোঁহক। ভালে থাকা সকলো।
29/08/2025
আমাৰ বিদ্যালয়ৰ মৰমৰ মেধাৱী ছাত্ৰ অংশুমান দুৱৰাই সুখ্যাতিৰে সৰ্বভাৰতীয় পৰ্যায়ৰ চিকিৎসা বিজ্ঞানৰ পৰীক্ষাত উত্তীৰ্ণ হৈ অসমৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত পঢ়াৰ সুযোগ লাভ কৰিছে। ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে আমাৰ বিদ্যালয়ত অধ্যয়ন কৰা অংশুমানৰ এই শুভক্ষণত আমাৰ তৰফৰ পৰা তেওঁ সফলতাত সুখী হৈ সম্বৰ্ধনা অনুষ্ঠান আৰু তেওঁলৈ অলেখ শুভকামনা জনালোঁ। অনাগত সময়বোৰ ভাল হওক। সৎ আৰু সু চিকিৎসক হৈ মানৱদৰদী মনেৰে মানৱ সেৱাত ব্ৰতী হওক।
20/06/2025
সংগ্ৰামী সত্বা লৈ জনজীৱনৰ এবুকু আশা লৈ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ অপ্ৰাণ চেষ্টা কৰা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ পবিত্ৰ স্মৃতিত ৰাভা দিৱস কাৰ্যসূচীৰ শ্ৰদ্ধাৰ প্ৰিয়ম ফুকন চাৰৰ উপস্হিতিত শ্ৰদ্ধাৰ শিক্ষক আৰু শিক্ষাৰ্থীসকলে পৰিবেশন কৰা কিছু মূহুৰ্ত।লগতে মুকলি কুইজ প্ৰতিযোগিতা আৰু ৰচনা প্ৰতিযোগিতা ত বিজয়ী শিক্ষাৰ্থী সকল।
30/05/2025
বিদ্যালয়ৰ শ্ৰদ্ধাৰ জোৎস্না হিলৈদাৰী শইকীয়া বাইদেউৰ শিক্ষকতা দিনৰ আনুষ্ঠানিক অনুষ্ঠানৰ ডুখৰীয়া ছবি।২৩/০৫/২০২৫ ৰ বিশেষ আয়োজন।অনাগত সময়বোৰত সামাজিক কামত উদ্যমতাৰে আগুৱাই যাওক বাইদেউ।অলেখ শ্ৰদ্ধা আৰু মৰম।।