Amguri M.E. School আমগুৰি মধ্য ইংৰাজী বিদ্যালয়,ডাক:-জামুগুৰি

Amguri M.E. School আমগুৰি মধ্য ইংৰাজী বিদ্যালয়,ডাক:-জামুগুৰি

Share

পঢ়ে,পঢ়াই আৰু ৰোৱে পাণ।
এই তিনিও নিচিন্তে আন।।

25/03/2026

2026-27 শৈক্ষিক বৰ্ষত ছাত্ৰ-ছাত্ৰীয়ে Class VI(Six)ত নতুনকৈ নামভৰ্তি কৰিবলৈ আগতিয়াকৈ প্ৰস্তুতি তথা যোগাযোগ অভিভাৱকসকলৰ।

Amguri Mes Golaghat

04/02/2025

3/2/2025

গোলাঘাটৰ আমগুৰি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাতঃসভা উপভোগ কৰি অভিভূত হ'ল *এক্সটাৰনেল ইভালুৱেটৰ* !! 23/01/2025

আমগুৰি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাতঃসভা উপভোগ কৰি অভিভূত হ'ল *এক্সটাৰনেল ইভালুৱেটৰ*
# # # # # # # # # # # # # #

ৰাজ্যখনত ষষ্ঠবাৰ অনুষ্ঠিত গুণোৎসৱৰ দ্বিতীয় পৰ্যায় যোৱা ২০ জানুৱাৰীত অতি সফলতাৰে সম্পন্ন হৈ গ'ল গোলাঘাট পূব শিক্ষাখণ্ডৰ অন্তৰ্গত *আমগুৰি মধ্য ইংৰাজী বিদ্যালয়ত।* শিক্ষা বিভাগে নিৰ্দিষ্ট কৰি দিয়া সময়সূচীৰ মতে অনুষ্ঠিত গুণোৎসৱৰ দ্বিতীয় পৰ্যায়ত *আমগুৰি মধ্য ইংৰাজী বিদ্যালয়ত* বহি:মূল্যায়ক (Extranal Evaluator)হিচাপে উপস্থিত আছিল দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অধ্যাপক *ড৹ ৰাজীৱ বসুমতাৰীদেৱ।* বিদ্যালয়খনত *প্ৰাত:সভাৰ সূচী* এনেধৰণৰ আছিল
1/ গণনা
2/ চাফ-চিকুণ
3/ ব্যায়াম
4/ প্ৰাৰ্থনা
5/ ধ্যান
6/ সংকল্প
7/ *ডাকৰ বচন*
8/ বাতৰি কাকতৰ শিৰোনাম
9/ অমৃত বাণী/ মহৎ লোকৰ বাণী
10/ শব্দকোষ
11/ কবিতা
12/ কুইজ
13/ সাধু/বক্তৃতা
14/ আৰ্যা/নেওতা
15/ স্কাউট ক্লেপ গ'(স্কাউট এণ্ড গাইড)
16/ ঘোষণা
17/ ৰাষ্ট্ৰীয় সংগীত

উল্লেখযোগ্য বিদ্যালয়খনত কেৱল গুণোৎসৱতেই নহয় এনে আটকধুনীয়া প্ৰাতঃসভা প্ৰত্যেক দিনেই নিয়মীয়াকৈ অনুষ্ঠিত হয়। বৃহত্তৰ মেৰাপানী-জামুগুৰিত অন্যতম উল্লেখযোগ্য নামজ্বলা শিক্ষানুষ্ঠান হিচাপে পৰিচিত আমগুৰি মধ্য ইংৰাজী বিদ্যালয়খনক কেৱল জিলাখনৰ ভিতৰতেই নহয় সমগ্ৰ ৰাজ্যখনৰ ভিতৰতেই জাকত জিলিকা কৰিবলৈ অহৰহ কাম কৰি আহিছে ৰাইজৰ সহযোগত বিদ্যালয়খনৰ প্ৰধান শিক্ষক লোকেশ্বৰ গগৈয়ে (i/c)। উল্লেখযোগ্য যে সোণত সুৱগা চৰা অনুপম প্ৰাতঃসভাত উপস্থিত আছিল ৰতনপুৰ মণ্ডল সমল কেন্দ্ৰৰ সম্বনয়ক নৱপল্লৱ কাকতি , বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক সভাপতি শিশুৰাম সোণোৱাল, প্ৰাক্তন সভাপতিমণ্ডলী ক্ৰমে দীপাংকৰ সোণোৱাল, নোমল শইকীয়া, সংগীতা সোণোৱাল, চাহ জনজাতি ছাত্ৰ সন্থাৰ ফৰকাটিং শাখাৰ সভাপতি অকণ গোৱালা আদি।

গোলাঘাটৰ আমগুৰি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাতঃসভা উপভোগ কৰি অভিভূত হ'ল *এক্সটাৰনেল ইভালুৱেটৰ* !!

Photos from Amguri M.E. School আমগুৰি মধ্য ইংৰাজী বিদ্যালয়,ডাক:-জামুগুৰি's post 22/01/2025

ৰাজ্যখনত ষষ্ঠবাৰ অনুষ্ঠিত গুণোৎসৱৰ দ্বিতীয় পৰ্যায়ত যোৱা 20/01/2025 তাৰিখে আমাৰ আমগুৰি মধ্য ইংৰাজী বিদ্যালয়ত
সফলতাৰে সম্পন্ন হোৱা বাহ্যিক মূল্যায়নত বহি:মূল্যায়ক হিচাপে উপস্থিত আছিল দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অধ্যাপক ড৹ ৰাজীৱ বসুমতাৰীদেৱ। Sudarshan Sonowal Mridul Borah Niharika Phukan Tilak Bora Junmoni Luhit Ray Bipul Saikia Ujjal Saikia Jayanta Borah Nlofar Mahtabi জোনাকৰ জেউতী Mina Baruah Aroop Kumar Duarah Mridul Bora Mridul Bora Jadumoni C Balika Alka Chumki Bora Lokeswar Gogoi Lokeswar Gogoi

21/01/2025

20/01/2025 তাৰিখ সোমবাৰে দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত গুণোৎসৱৰ বাহ্যিক মূল্যায়ন(Extranal Evaluation) সফলতাৰে সম্পন্ন হ'ল। Tilak Bora Junmoni Luhit Ray Balika Alka Sudarshan Sonowal Niharika Phukan Chumki Bora Pinky Saikia Nlofar Mahtabi Ujjal Saikia জোনাকৰ জেউতী Jayanta Borah Mridul Borah

Want your school to be the top-listed School/college in Golaghat?

Click here to claim your Sponsored Listing.

Location

Category

Telephone

Website

Address


Golaghat