Golaghat Jatiya Mahavidyalaya

Golaghat Jatiya Mahavidyalaya EDUCATING FOR PROMISING FUTURE .

28/04/2026
অভিনন্দন জাতীয় মহাবিদ্যালয় পৰিয়াল।
28/04/2026

অভিনন্দন জাতীয় মহাবিদ্যালয় পৰিয়াল।

21/07/2025

ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশিত মহাবিদ্যালয়ৰ শীৰ্ষ সংগীতটি❤️

21/07/2025

শিক্ষয়িত্ৰী সকলৰ দ্বাৰা পৰিৱেশিত সমবেত সংগীতটি🙏😊

21/07/2025

কমলিকা কাশ্যপৰ সুন্দৰ সংগীতানুষ্ঠানে ছাত্ৰ-ছাত্ৰী আৰু দৰ্শকক এনেদৰেই পুলকিত কৰি তোলে❤️🥰

21/07/2025

নৱাগত আদৰণী সভাৰ বিশেষ আকৰ্ষণ কমলিকা কাশ্যপ ❤️

যোৱা ১৯ জুলাই, শনিবাৰে জিলা পুথিভঁৰালত মহাবিদ্যালয়ৰ নৱাগত আদৰণী সভাখনি সফলতাৰে অনুষ্ঠিত হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ শিৱপ...
21/07/2025

যোৱা ১৯ জুলাই, শনিবাৰে জিলা পুথিভঁৰালত মহাবিদ্যালয়ৰ নৱাগত আদৰণী সভাখনি সফলতাৰে অনুষ্ঠিত হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ শিৱপ্ৰসাদ বৰাদেৱৰ পতাকা উত্তোলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। ছাত্ৰ-ছাত্ৰী সকলে তেওঁলোকৰ সুন্দৰ সাংস্কৃতিক অনুষ্ঠানেৰে সকলোকে মুগ্ধ কৰে।
মুকলি সভাত শ্ৰীশ্ৰী যোগানন্দদেৱ সত্ৰাধিকাৰ গোস্বামী মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক গোপীকানন্দ শইকীয়াদেৱ, দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক তথা বিশিষ্ট লেখক ড৹ দেৱজিৎ ফুকন, গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ উৎপল শৰ্মা, ঋতুৰাজ ফুকন তথা কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে মঞ্চ অলংকৃত কৰে। গোপীকানন্দ শইকীয়াদেৱে অনুপ্ৰেৰণামূলক বক্তৃতাৰে ছাত্ৰ-ছাত্ৰী তথা সমগ্ৰ শ্ৰোতাক আপ্লুত কৰে। অসমীয়া বিভাগৰ জ্যেষ্ঠা শিক্ষয়িত্ৰী ৰুণামণি বৰা বৰদলৈয়ে আতঁ ধৰা সম্বৰ্ধনা অনুষ্ঠানত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়। মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক সুমন কলিতাদেৱৰ একমাত্ৰ কন্যাৰ সোঁৱৰণত মহাবিদ্যালয় কৰ্তৃপক্ষই আগবঢ়োৱা সংযুক্তা শইকীয়া সোঁৱৰণী শৈক্ষিক বটাঁ মহাবিদ্যালয়ৰ ২০২৪-২৫ বৰ্ষৰ শ্ৰেষ্ঠ ছাত্ৰ অংকিত বৰদলৈক প্ৰদান কৰা হয়। এই সভাতে ২০২৫ বৰ্ষৰ শ্ৰেষ্ঠ সাহিত্য প্ৰতিযোগী বটাঁটিও অংকিত বৰদলৈক প্ৰদান কৰা হয়। নৱপ্ৰজন্মৰ জনপ্ৰিয় কণ্ঠশিল্পী কমলিকা কাশ্যপৰ সুন্দৰ সংগীতানুষ্ঠানেৰে অনুষ্ঠানটিৰ সফল সমাপ্তি ঘটে।

30/04/2025

গোলাঘাটৰ অগ্ৰনী শিক্ষানুষ্ঠান "গোলাঘাট জাতীয় মহাবিদ্যালয়"ৰ আগন্তুক শিক্ষাবৰ্ষৰ নৱম শ্ৰেণীৰ প্ৰপত্ৰ দি থকা হৈছে। ইচ্ছুক শিক্ষাৰ্থীসকলে কাৰ্যালয়ৰ পৰা প্ৰপত্ৰ সংগ্ৰহ কৰিব পাৰিব। শিক্ষাৰ্থীসকলে ইংৰাজী আৰু অসমীয়া দুয়োটা মাধ্যমতে পৃথকে পাঠদানৰ সুবিধা লাভ কৰিব।

Address

Jyoti Nagar
Golaghat
785621

Telephone

+919435555884

Website

Alerts

Be the first to know and let us send you an email when Golaghat Jatiya Mahavidyalaya posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Golaghat Jatiya Mahavidyalaya:

Shortcuts

Share

Category