Missamora

Missamora Missamora is in between kuralguri

07/08/2025

মিছামৰা মৌজাৰ বৃক্ষ উদ্যানত (Tree park) দেখিবলৈ পোৱা গৈছে এই বৃহৎকায় ৰাজফেঁটিটো(King Cobra)






Credit মৃনাল শইকীয়া।।

সমাজসেৱক মানস প্ৰতিম বৰুৱা দেৱলৈ  মিছামৰা শাখা সাহিত্য সভাৰ লগতে বিভিন্ন অনুষ্ঠান আৰু দল-সংগঠনৰ শ্ৰদ্ধাঞ্জলিঃগোলাঘাট জিল...
02/08/2025

সমাজসেৱক মানস প্ৰতিম বৰুৱা দেৱলৈ মিছামৰা শাখা সাহিত্য সভাৰ লগতে বিভিন্ন অনুষ্ঠান আৰু দল-সংগঠনৰ শ্ৰদ্ধাঞ্জলিঃ

গোলাঘাট জিলাৰ মিছামৰা অঞ্চলৰ খনিকৰ গাঁৱৰ নিবাসী মানস প্ৰতিম বৰুৱা আছিল অসম সাহিত্য সভাৰ আজীৱন সভ্য, সমাজৰ প্ৰতি একাগ্ৰচিত্তে কাৰ্যৰত এজন উদীয়মান যুৱ সমাজসেৱী, মিছামৰা সমবায় সমিতিৰ সভাপতি। সমবায় সমিতিৰ দায়িত্বত থাকি তেওঁ মিছামৰা সমবায় সমিতিক পুনৰুজ্জীৱিত কৰি ইয়াৰ ‘লাওলোৱা’ অৱস্থাৰ পৰা উত্তৰণ ঘটোৱাত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছিল। কিন্তু যোৱা ইংৰাজী ১৯ জুলাই ২০২৫ তাৰিখে তেওঁৰ অকাল মৃত্যু মিছামৰা অঞ্চল তথা সমগ্ৰ সমাজৰ বাবে এক অপূৰণীয় ক্ষতি হৈ পৰে।

এই মহান আত্মাৰ স্মৃতিত ৩০ জুলাই তাৰিখে তেওঁৰ বাসগৃহতে অনুষ্ঠিত হয় স্মৃতিচাৰণ অনুষ্ঠান। বিশিষ্ট সমাজকৰ্মী, কৃতি শিক্ষক তথা জেষ্ঠ সাংবাদিক অৰুন বিকাশ বৰুৱাই আঁত ধৰা স্মৃতিচাৰণ অনুষ্ঠানভাগিত গোলাঘাট, খুমটাই, মিছামৰা আদি অঞ্চলৰ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকি তেওঁৰ জীৱনৰ বিভিন্ন দিশৰ ওপৰত স্মৃতি আৰু অনুভূতি প্ৰকাশ কৰে।

এই বিশেষ মুহূৰ্তত মিছামৰা শাখা সাহিত্য সভাৰ পৰাও গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰা হয়।

তেওঁৰ দৰে এগৰাকী সমাজমনস্ক, সংগঠনপ্ৰেমী, নীতিৱান, সদালাপী আৰু উদাৰ হৃদয়ৰ যুৱকৰ অভাৱ সদায় মিছামৰাবাসীয়ে অনুভৱ কৰিব। তেওঁৰ সৃষ্ট আদৰ্শ, তেওঁৰ মনোভাৱ আৰু জনসেৱাৰ প্ৰতি তেওঁৰ নিঃস্বাৰ্থ দৃষ্টিভংগী সদায় আমাৰ এক অমূল্য পাথেয় হৈ থাকিব।
তেওঁৰ আদৰ্শ আৰু সেৱাই আগন্তুক প্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস হৈ থাকক।



শ্বেয়াৰ কৰি দিব যাতে ল'ৰাজনক বিচাৰি পোৱাত সহায় হয়।
01/08/2025

শ্বেয়াৰ কৰি দিব যাতে ল'ৰাজনক বিচাৰি পোৱাত সহায় হয়।

মিছামৰা শাখা সাহিত্য সভাৰ উদ্যোগত সাধু কোৱা আৰু কবিতা আবৃত্তি প্ৰতিযোগিতাৰ লগতে আজীৱন সভ্য সন্মিলন আৰু সাধাৰন সভাখনি কাল...
28/07/2025

মিছামৰা শাখা সাহিত্য সভাৰ উদ্যোগত সাধু কোৱা আৰু কবিতা আবৃত্তি প্ৰতিযোগিতাৰ লগতে আজীৱন সভ্য সন্মিলন আৰু সাধাৰন সভাখনি কালি মিছামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানত বিশেষভাৱে উপস্থিত আছিল গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতি বন্তী বৰা ডাঙৰীয়ানী। বটাঁ বিতৰনী আৰু আজীৱন সভ্য সন্মিলনৰ এই সভাখনিত মিছামৰাৰ যুৱ লেখক- লেখিকাসকলৰ দ্বাৰা লিখিত হাতে লিখা আলোচনী "প্ৰজ্ঞাদ্বীপ" উন্মোচন কৰে দেৰগাওঁ উঃমাঃ বিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ বিষয় শিক্ষক ড° দেৱজিত বৰুৱাদেৱে। সভাখনিত মিছামৰা শাখা সাহিত্য সভাই প্ৰতি বছৰে প্ৰদান কৰি অহা শৈক্ষিক ন্যাস বঁটাসমূহ প্ৰদান কৰা হয়। লগতে প্ৰতিযোগিতাসমূহত বিজয়ী প্ৰতিযোগীসকলক সভাৰ মাজতে বঁটা প্ৰদান কৰা হয়। সাহিত্যনুৰাগী ৰাইজৰ উপস্থিতি আৰু সহযোগিতাই আমাক আনন্দিত কৰিলে। বিভিন্ন প্ৰকাৰে আমাক সহযোগিতা কৰা সন্মানীয় ৰাইজক মিছামৰা শাখা সাহিত্য সভাৰ তৰফৰ পৰা কৃতজ্ঞতা তথা আন্তৰিক ধন্যবাদ জনাইছোঁ।

মিছামৰা সমবায় সমিতিৰ সভাপতি। মিছামৰাৰ এগৰাকী যুৱ সমাজকৰ্মী মানস প্ৰতিম বৰুৱাৰ অকাল বিয়োগ মিছামৰাবাসীৰ বাবে অপূৰনীয় ক্ষতি...
20/07/2025

মিছামৰা সমবায় সমিতিৰ সভাপতি। মিছামৰাৰ এগৰাকী যুৱ সমাজকৰ্মী মানস প্ৰতিম বৰুৱাৰ অকাল বিয়োগ মিছামৰাবাসীৰ বাবে অপূৰনীয় ক্ষতি।😢😢

31/10/2024

ছাত্ৰনেতা পিংকুল দত্তক সোঁৱৰি স্বপ্নালী দত্ত কলিতাৰ এটি হৃদয়স্পৰ্শী কবিতা।
আবৃত্তিঃ সুস্মিতা বৰা দত্ত।

শুভ ৰাতিপুৱা।।
22/02/2023

শুভ ৰাতিপুৱা।।

"ছাত্ৰনেতা পিংকুল দত্ত স্মাৰক ফাউণ্ডেচন"ৰ উদ্যোগত সদৌ অসম ভিত্তিত ৰচনা প্ৰতিযোগিতা- ২০২২ #অনুগ্ৰহ  #কৰি  #শ্বেয়াৰ  #কৰিব...
16/03/2022

"ছাত্ৰনেতা পিংকুল দত্ত স্মাৰক ফাউণ্ডেচন"ৰ উদ্যোগত সদৌ অসম ভিত্তিত ৰচনা প্ৰতিযোগিতা- ২০২২
#অনুগ্ৰহ #কৰি #শ্বেয়াৰ #কৰিবছোন যাতে অধিকতম ছাত্ৰ- ছাত্ৰীয়ে অংশ গ্ৰহণ কৰিব পাৰে।

Address

Nogen Baruah Road
Golaghat
785618

Telephone

9707099764

Website

Alerts

Be the first to know and let us send you an email when Missamora posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share