15/02/2024
সৰস্বতী পূজা -২০২৪( ১৪ফেব্ৰুৱাৰী, ২০২৪)
বিদ্যা, প্ৰজ্ঞা, মনীষাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ আৰাধনা, মন্ত্ৰোচ্চাৰণ, শিক্ষক - শিক্ষাৰ্থীসকলৰ প্ৰতি পুৰোহিতৰ এজোলোকা আশীৰ্বাদ!
এই শুভক্ষণত বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষকসকল, তথা শুভাকাংক্ষী সকলৰ বিদ্যালয় দৰ্শন, ন-পুৰণি শিক্ষা গুৰুসকলৰ বাৰ্তা- বিনিময়, স্মৃতিৰ জলঙাৰে অতীত সোঁৱৰণ -- এই আপুৰুগীয়া ক্ষণটিৰ বাবে সকলোৰে দেখোন উৎকণ্ঠাৰ অন্ত নাই!
বিদ্যালয়ৰ সৰস্বতী পূজা বুলিলেই শিক্ষাৰ্থীসকলৰো উলাহৰ অন্ত নাই। মনোমোহা সাজোন-কাচোন , ফটো -ছেল্ফি , শ্ৰদ্ধাৰ শিক্ষা গুৰুসকলৰ কাষত ৰোৱাৰ এটি সুন্দৰ মূহুৰ্তক ফটোত বন্দী কৰাৰ হাবিয়াস পূৰণ -- এইবোৰ পৰিকল্পনাৰে সৰস্বতী পূজাৰ দিনটো বিশেষ কৰিবলৈ বদ্ধপৰিকৰ!
আৰু অৱশেষত বিদ্যালয়ৰ পৰম্পৰা অনুসৰি বিদ্যালয় পৰিয়ালৰ সকলো একেলগে সেউজীয়া বননিত বহি , কলপাতত লুচি -ভাজি খোৱাৰ পৰ্ব। এটি সুন্দৰ দিনৰ স্মৃতি হৃদয়ত সামৰি পুনৰ আন এটি কৰ্মদিনক আদৰাৰ প্ৰস্তুতি।