10/03/2025
বৰ্ণাশুদ্ধি নিবাৰণ আৰু ইটো-সিটো
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from বৰ্ণাশুদ্ধি নিবাৰণ আৰু ইটো-সিটো, Education, Golaghat.
10/03/2025
12/07/2023
নিয়ম : #অনুনাসিক আখৰ(ঙ, ঞ, ণ, ন, ম, ং)ৰ ওপৰত #চন্দ্ৰবিন্দু_নবহে।
10/07/2021
অনুজ্ঞাবাচক ক্ৰিয়াত চন্দ্ৰবিন্দু নালাগে ।
নামপুৰুষৰ অনুজ্ঞাত '-অক' আৰু '-ওক' বিভক্তি ধাতু বা ধাতুশব্দৰ পিছত লগ লাগে।
যেনে, ল+ওক=লওক চা+ওক=চাওক
হ+ওক=হওক খা+ওক=খাওক , ইত্যাদি।
ইয়াত চন্দ্ৰবিন্দু #নিষ্প্ৰয়োজন।
ভুল-ত্ৰুটি হ'লে আঙুলিয়াই দিয়ে যেন । 🙏🏻
05/07/2021
নিয়ম :
উৎ + শৃঙ্খল = উচ্ছৃঙ্খল
৹ পিচত 'শ' থাকিলে আগৰ ৎ-টো চ্-লৈ পৰিৱৰ্তন হয় আৰু পিচৰ 'শ'টোও ছ-লৈ ৰূপান্তৰিত হয় ।
(উৎস- ড° গোলোকচন্দ্ৰ গোস্বামীৰ 'অসমীয়া ব্যাকৰণ-প্ৰৱেশ' )
20/06/2021
কথিত ভাষাত অহাকালি, যোৱাকালি শব্দ দুটা একাংশ লোকে ব্যৱহাৰ কৰে যদিও অসমীয়াৰ বিখ্যাত ব্যাকৰণবিদৰ ব্যাকৰণত অহাকালি, যোৱাকালি বুলি কোনো শব্দৰ উল্লেখ নাই । আমি ভাবোঁ যে কালি আৰু কালিলৈ/কাইলৈৰ নিচিনা সুন্দৰ শব্দ থাকোঁতে আমি মান্য ভাষাৰ ক্ষেত্ৰত অৰ্থহীন দুটা শব্দ আঁকোৱালি লোৱাৰ কোনো যুক্তি নাই ।
19/06/2021
স+থ= #স্থ মুখস্থ ✔
স+হ= স্হ মুখস্হ✖
Click here to claim your Sponsored Listing.
Location
Category
Contact the school
Website
Address
Golaghat