31/10/2025
জীৱন বাটত বহু সময়ত বহুজন ব্যক্তিক লগ পোৱা যায়। কিন্তু কিছুসংখ্যক লোকেহে আমাৰ মনত সাঁচ বহুৱাব পাৰে। আজি তেনে এজন ব্যক্তিৰ বিষয়ে লিখিবলৈ লৈছো। তেঁও আমাৰ সকলোৰে বাবে অভিভাৱক স্বৰূপ।
প্ৰতিটো ক্ষেত্ৰতে সাহস দি আগবঢ়াই লৈ যোৱাটো তেওঁৰ স্বভাৱ। কোনোদিনে তেওঁক একো কথাকে লৈ tension লোৱা দেখা নাই। একেবাৰে bindass থাকে তেঁও। বৰ্তমানক লৈ জীয়াই থাকে। ৬০ বছৰ বয়সতো ইমান বেছি active, স্ফুৰ্তিবাজ, positive, confident মানু্হ পোৱাটো আমাৰ বাবে আচলতে ভাগ্যৰ কথা।
শিক্ষক, ছাত্ৰ ছাত্ৰী সকলোৰে বাবে তেওঁ শ্ৰদ্ধাৰ, মৰমৰ " পূজাৰী ছাৰ"। তেওঁ খঙাল, কিন্তু মৰমিয়াল। তেওঁলৈ ভয় সকলোৱে কৰে, কিন্তু সকলোৰে আটাইতকৈ প্ৰিয় তেৱেঁই। ছাৰ থকা মানে গোটেই স্কুল খনেই জীপাল। তেওঁৰ অনুপস্থিতিত স্কুলৰ চৌহদ উকা উৰুঙা।
হাজাৰ ব্যস্ততা, এসোপামান কামৰ হেঁচাত থাকিলেও তেওঁৰ ধেমালিবোৰে আমাৰ মুখত হাঁহি বিৰিঙাই। ছাৰে স্কুল খনক বহুত বেছি ভাল পাইছিল। তেওঁ বেছিভাগ সময়ত স্কুলত লৰা - ছোৱালীৰ মাজত কটাই ভাল পাইছিল।
যিকোনো কথা কব লগা থাকিলে আমি পূজাৰী sir ক নিঃসংকোচে কব পাৰিছিলো। কেতিয়াবা কিবা কথাত অকণমান টানকৈ কৈ দিয়ে যদিও আমাৰ মনবোৰ তেওঁ বৰ ভালকৈ বুজিছিল।
আপুনি এদিন নাহিলেও আমাৰ বিদ্যালয় খন তেনেই সেমেকি থাকে। এতিয়া আপোনাৰ অনুপস্থিতিয়ে আমাক বৰকৈ দুখ দিব। এইটোও জানো যে আপুনি মন গলেই আহি থাকিব বিদ্যালয়লৈ। তথাপিও যে আমি আপোনাক আগৰ নিচিনাকৈ কেতিয়াও নাপাওঁ।
বিদ্যালয়ত আজি আপোনাৰ শেষ দিন। কৰ্ম জীৱনৰ ৩৭ টা বছৰ এই বিদ্যালয়ত আপুনি ইমান খিনি শ্ৰমদান দি আজি সফল পৰিসমাপ্তি ঘটালে। এই অৱসৰৰ মূহুৰ্তত আপোনালৈ অভিনন্দন জনাইছোঁ। সদায় যেন আমাৰ সকলোৰে চিৰ পৰিচিত উদ্যমী, আশাবাদী, সক্ৰিয় স্ফুৰ্টিবাজ ' পূজাৰী ছাৰ ' জন হৈ থাকে , তাৰে কামনা কৰিছোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সদায় সুস্থ হৈ থাকক আৰু দীৰ্ঘায়ু হওঁক।
আপুনি চৰকাৰী নিয়ম মানি বিদ্যালয়ৰ পৰা বিদায় লৈছে। কিন্তু আমি আপোনাক বিদায় দিয়া নাই আৰু নিদিওঁ। এতিয়াৰ দৰেই স্কুলখনৰ সৈতে, আমাৰ সৈতে থাকিব বুলি আশা ৰাখিলোঁ।
শেষত , আপোনালৈ আমাৰ ফালৰ পৰা অৱসৰকালীন শুভেচ্ছা যাচিলো।