25/07/2026
#উৰিয়ামঘাটত হৃদয় বিদাৰক ঘটনা:
মাতৃ আৰু ২ বছৰ ১০ মাহৰ শিশুৰ মৃতদেহ খালৰ পৰা উদ্ধাৰ
গোলাঘাট জিলাৰ উৰিয়ামঘাটৰ দেৱীপুৰ গাঁৱত আজি পুৱাৰে ভাগতে এক হৃদয় বিদাৰক ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। এগৰাকী মাতৃ আৰু তেওঁৰ মাত্ৰ ২ বছৰ ১০ মাহ বয়সীয়া সন্তানৰ মৃতদেহ এখন খালৰ পৰা উদ্ধাৰ কৰা হৈছে।
জানিব পৰা মতে, স্থানীয় ৰাইজে ঘৰৰ পৰা প্ৰায় ৬০০ মিটাৰ দূৰত্বত পথাৰৰ মাজেৰে বৈ যোৱা এখন খালত মাতৃ-শিশুৰ মৃতদেহ ভাঁহি থকা অৱস্থাত প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। পাছত আৰক্ষী আৰু স্থানীয় লোকৰ সহযোগত দুয়োৰে মৃতদেহ উদ্ধাৰ কৰা হয়।
মৃত মহিলাগৰাকী মনোজ দেৱৰ পত্নী বুলি জানিব পৰা গৈছে। পৰিয়ালৰ লোকৰ ভাষ্য অনুসৰি, ঘৰুৱা কাজিয়াৰ পিছতে মহিলাগৰাকী শিশুটিক লগত লৈ ঘৰৰ পৰা ওলাই গৈছিল। ইয়াৰ পিছতেই এই শোকাৱহ ঘটনাটো সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।
ঘটনাটোৰ প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। আৰক্ষীয়ে মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে ঘটনাটোৰ সকলো দিশ সামৰি তদন্ত আৰম্ভ কৰিছে।
এই ঘটনাই সমগ্ৰ দেৱীপুৰ অঞ্চলত গভীৰ শোকৰ সৃষ্টি কৰিছে।