06/06/2023
"গছ থাকিলেহে মানুহ থাকিব।
গছ মানুহৰ পৰম বন্ধু।"
এই বাণী আগত ৰাখি 'পৰিৱেশ দিৱস ,২০২৩' উপলক্ষে নাহৰণি মাজগাওঁ প্ৰাথমিক বিদ্যালয়ৰ সমূহ শিক্ষক-কৰ্মচাৰীৰ আহ্বানক্ৰমে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক সকলে বহু স্থানত আম, আমলখি, বকুল, এজাৰ, জামু, কঁঠাল আদি গছপুলি ৰোপণ কৰে। লগতে ছাত্ৰ-ছাত্ৰী সকলে নিজে ৰোপণ কৰা গছপুলিটোৰ প্ৰতিপালনৰ সম্পূৰ্ণ দায়িত্ব লয়। তেওঁলোকে এই কথা বাৰুকৈয়ে উপলব্ধি কৰে যে বৃক্ষৰোপন কৰাৰ পাছত আমাৰ দায়িত্ব শেষ হৈ নাযায়, বৰঞ্চ দায়িত্ব বাঢ়িহে যায়।
আহক সকলোৱে মিলি প্ৰকৃতি ৰক্ষাৰ শপত লওঁ।