05/06/2026
#বিশ্ব_পৰিৱেশ_দিৱস_উদযাপনঃ
ড° নগেন শইকীয়া জাতীয় বিদ্যালয়ত আজি #বিশ্ব_পৰিবেশ_দিৱস অতি উৎসাহ-উদ্দীপনাৰে পালন কৰা হয়। পুৱাতে বিদ্যালয় চৌহদত বৃক্ষৰোপন কৰা হয় আৰু পৰিবেশ সংৰক্ষণৰ ওপৰত এক সজাগতামূলক সভা অনুষ্ঠিত কৰি বিদ্যালয়ৰ পৰিচালন সঞ্চালক চিৰাজুল হকৰ লগতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলেও অতি সুন্দৰকৈ বক্তব্য প্ৰদান কৰে। তাৰপিছতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এক চিত্ৰাংকণ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। তদুপৰি প্ৰত্যেক ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলৰ মাজত মেহেগনি, তিতাচপা, বগীজামু, অৰ্জুন আদি অতি মূল্যবান গছৰ পুলি বিতৰণ কৰা হয় আৰু এই গছপুলিসমূহ প্ৰতিপাল কৰি ডাঙৰ কৰাৰ দায়িত্ব ছাত্ৰ-ছাত্ৰীসকলক বিশেষভাৱে অৰ্পণ কৰা হয়।
আজিৰ এই পৰিবেশ দিবস উদযাপনত স্থানীয় "স্নেহাস্পদ ফাউণ্ডেশ্যন" নামৰ স্বেচ্ছাসেৱী সংস্থাটোৱে প্ৰত্যক্ষ সহযোগ আগবঢ়ায়। তেওঁলোকে স্থানীয় বিদ্যালয়, মহাবিদ্যালয় আদি শিক্ষানুষ্ঠানত গছপুলি ৰোপণ কৰাৰ উপৰিও স্থানীয় ৰাইজৰ মাজত প্ৰায় ৫ শতাধিক মূল্যবান গছপুলি বিনামূলীয়াকৈ বিতৰণ কৰে।
30/05/2026
💐 অভিনন্দন 💐
এইবছৰ অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ বৃত্তি লাভ কৰিবলৈ সক্ষম হোৱা আমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ক্ৰমে সাৰংগ গগৈ, প্ৰিন্সী গগৈ, পংকজ তাঁতী, কাব্যনীল শইকীয়া, ছেহনাজ বেগম আৰু আব্দুল কাৰিমলৈ উষ্ম অভিনন্দন জনাইছোঁ।💐💐💐💐💐💐
11/05/2026
আমাৰ বিদ্যালয়ৰ প্ৰাতঃ সভাৰ কিছু দৃশ্য 🙏🏻
11/05/2026
*অভিনন্দন*💐💐💐
*বৰপাত্ৰ যুৱ সংঘৰ উদ্যোগত আয়োজিত ৰঙালী বিহু সন্মিলন উপলক্ষে অনুষ্ঠিত কৰা প্ৰতিযোগিতাসমূহত আমাৰ ড° নগেন শইকীয়া জাতীয় বিদ্যালয়ৰ কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীয়ে সফলতা লাভ কৰিবলৈ সক্ষম হয়।*
*কুইজ প্ৰতিযোগিতাতঃ*
*প্ৰথম স্থান*(নিম্ন শাখা): প্ৰিঞ্চি গগৈ আৰু প্ৰিয়ঙ্কা গগৈ।
*দ্বিতীয় স্থান*(উচ্চ শাখা): পঙ্কজ তাঁতি আৰু কৌশিক গগৈ।
*তৃতীয় স্থান*(উচ্চ শাখা): আয়ুসী গগৈ।
*চিত্ৰাঙ্কন প্ৰতিযোগিতাতঃ*
*দ্বিতীয় স্থান*:(নিম্ন শাখা) প্ৰিঞ্চি গগৈ।
13/04/2026
ড° নগেন শইকীয়া জাতীয় বিদ্যালয়ত প্ৰাক্ ৰঙালী বিহু উদযাপনঃ
প্ৰত্যেক বছৰৰ দৰে এইবাৰো, যোৱা ১১ এপ্ৰিল, শনিবাৰে গোলাঘাট জিলাৰ হাতীয়েখোৱাত অৱস্থিত ড° নগেন শইকীয়া জাতীয় বিদ্যালয়ত অতি উলহ-মালহেৰে "প্ৰাক্ ৰঙালী বিহু" উদযাপন কৰা হয়। বিদ্যালয়ৰ বাকৰিৰ উপৰিও কাষতে থকা চাৰিআলিলৈ গৈও ছাত্ৰ-ছাত্ৰীসকলে হুঁচৰি তথা বিহুনাচ প্ৰদৰ্শন কৰে।
অনুষ্ঠানটোত অভিভাৱক তথা স্থানীয় শুভাকাংক্ষী ৰাইজৰ উপস্থিতি আছিল অতিকৈ উৎসাহজনক।।