Furkating College AASU Unit, ফৰকাটিং মহাবিদ্যালয় আছু গোট।

Furkating College AASU Unit, ফৰকাটিং মহাবিদ্যালয় আছু গোট।

Share

Available for 24×7

Photos from Furkating College AASU Unit, ফৰকাটিং মহাবিদ্যালয় আছু গোট।'s post 07/09/2025

যোৱাকালি ঐতিহ্যমণ্ডিত ফৰকাটিং মহাবিদ্যালয়ৰ ঐতিহাসিক জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহত ফৰকাটিং মহাবিদ্যালয় আছুগোটৰ বাৰ্ষিক প্ৰতিনিধি সভাখন অনুষ্ঠিত হয় ৷ প্ৰায় দুই শতাধিক ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত সম্পন্ন হোৱা প্ৰতিনিধি সভাত নৱনিৰ্বাচিত সমিতিৰ সভাপতি আৰু সাধাৰণ সম্পাদক হিচাপে ক্ৰমে সঞ্জয় শইকীয়া আৰু আদ্যনাথ ঠেঙালক দায়িত্ব প্ৰদান কৰা হয় । তেওঁলোকৰ সৱল নেতৃত্বই মহাবিদ্যালয় আছুগোটক অন্য মাত্ৰা প্ৰদান কৰিব বুলি আমি আশা ৰাখিছোঁ ৷

জয়তু ফৰকাটিং মহাবিদ্যালয় ৷
জয়তু ফৰকাটিং মহাবিদ্যালয় আছুগোট ৷
৷৷জয় আই অসম ৷৷

Nilutpal Bora New
Shaan Bora

08/09/2024

“জিলিকাব লুইতৰে পাৰ,
এন্ধাৰৰ ভেটা ভাঙি প্ৰাগজ্যোতিষত বয়
জেউতী নিজৰাৰে পাৰ
শত শত বন্তিৰ জ্ঞানৰে দিপালীৰে...”

অসমীয়া সংগীত ক্ষেত্ৰখনক বিশ্বদৰবাৰত চিনাকী কৰাই দিয়া এগৰাকী পুৰোধা৷ ১৯২৬ চনৰ ৮ চেপ্তেম্বৰ তাৰিখে জন্মলাভ কৰি ২০১১ চনৰ ৫ নৱেম্বৰ তাৰিখে মৃত্যুবৰণ কৰা এইগৰাকী মহান মনীষিক মৰোণোত্তৰভাৱে প্ৰদান কৰা হৈছিল ভাৰতৰ সৰ্ব্বোচ্চ অসামৰিক সন্মান 'ভাৰতৰত্ন'৷ তেখেত সংগীতসূৰ্য ড° ভূপেন হাজৰিকা৷ ভালেসংখ্যক ভাষাতেই গান গোৱা ড° হাজৰিকাই জীৱন কালচোৱাত কেইবাসহশ্ৰাধিক গীত ৰচনা কৰাৰ লগতে কেইবাখনো বোলছবিৰ সংগীত পৰাচালনা কৰাৰ লগতে কন্ঠ নিগৰাইছিল৷ অসমৰ ৰাইজৰ হকে কাম কৰিব বিচৰা ড° ভূপেন হাজৰিকাই জীৱন কালচোৱাত ৰাজনীতিৰ পথাৰতো ভৰি দিছিল৷

আজি ৮ চেপ্তেম্বৰ, তেখেতৰ এই জন্মৰ দিনটোত এইগৰাকী মহান অসমীয়াক ফৰকাটিং মহাবিদ্যালয় আছু গোটৰ তৰফৰপৰা শ্ৰদ্ধাৰে সোঁৱৰিছোঁ ৷ আপুনি য’তেই আছে কুশলে থাকক৷

Photos from Furkating College AASU Unit, ফৰকাটিং মহাবিদ্যালয় আছু গোট।'s post 05/09/2024

আজি ৫ ছেপ্তেম্বৰ, শিক্ষক দিৱস উপলক্ষে ফৰকাটিং মহাবিদ্যালয় আছু গোটৰ তৰফৰপৰা মহাবিদ্যালয় প্ৰাঙ্গণত বৃক্ষৰোপনৰ কাৰ্যসূচী হাতত লোৱা হয় ৷ কাৰ্য্যসূচীত উপস্থিত থাকি সাফল্যমণ্ডিত কৰাত সহায় সহযোগিতা তথা দিহা পৰামৰ্শ আগবঢ়োৱা শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল তথা সকলো ছাত্ৰ ছাত্ৰীকে আছুগোটৰ মজিয়াৰপৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ৷৷

জয়তু ফৰকাটিং মহাবিদ্যালয় ৷
জয়তু ফৰকাটিং মহাবিদ্যালয় আছুগোট ৷৷

Photos from Furkating College AASU Unit, ফৰকাটিং মহাবিদ্যালয় আছু গোট।'s post 19/08/2024

এটা নিৰ্লজ্জ ঘটনা ৷ চৌদিশে ঘটনাৰ প্ৰতিক্ৰিয়া, বিক্ষোভ ৷ দাবী সকলোৰে এটাই - এই জঘন্য ঘটনাৰ ন্যায় ৷ফৰকাটিং মহাবিদ্যালয় আছুগোটৰ উদ্যোগত আৰু ছাত্ৰ ছাত্ৰীসকলৰ সহযোগত প্ৰয়াত ড° মৌমিতা দেৱনাথলৈ শেষ শ্ৰদ্ধাঞ্জলি ৷ দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তি বিহাৰ দাবী সকলোৰে ৷ এই ঘটনাৰ পুনৰাবৃত্তি নহওক...

দোষীয়ে শাস্তি নোপোৱা পৰ্যন্ত এই জুই জ্বলি থাকক...

জয়তু ফৰকাটিং মহাবিদ্যালয় ৷৷

Photos from Furkating College AASU Unit, ফৰকাটিং মহাবিদ্যালয় আছু গোট।'s post 25/09/2023

আমাৰ যুঁজাৰুসকল...

ৰ’দ, বতাহ, বৰষুণ সকলো নেওচি সিহঁতি মাত্ৰ দুটা স্বাৰ্থতে কঁকালত টঙালী বান্ধি সাজু হৈছে - “স্বাৰ্থ ফৰকাটিং মহাবিদ্যালয়ৰ সৰ্বতোপ্ৰকাৰৰ উন্নতিৰ, আৰু স্বাৰ্থ ফৰকাটিং মহাবিদ্যালয় ছাত্ৰছাত্ৰীসকলৰ সৰ্বাঙ্গীণ বিকাশৰ৷” প্ৰত্যেকটো পৰিস্থিতিতে হাৰ নামানি নোখোজা মহাবিদ্যালয়ৰ এই চিনাকী মুখকেইখনৰ প্ৰত্যেকেই মহাবিদ্যালয়ৰ দায়িত্ব তথা কৰ্তব্যসমূহৰ প্ৰতি একান্তই দায়বদ্ধ৷ সিহঁতি সকলোৱেই কৈছে, “নিৰ্বাচন আহিব, নিৰ্বাচন যাব৷ কিন্তু এই নিৰ্বাচনে মহাবিদ্যালয়ৰ স্বাৰ্থত সিহঁতৰ কৰণীয়খিনিত কেতিয়াও বাধা আনিব নোৱাৰে৷ সিহঁতি নহয় জিকিব, নহয় শিকিব৷”

আমিও কওঁ, আমি এওঁলোক সকলোকে আগবঢ়াই দিছোঁ৷ মহাবিদ্যালয়ৰ প্ৰতিগৰাকী ছাত্ৰছাত্ৰীৰ প্ৰতি এওঁলোক আটাইয়ে দায়বদ্ধ৷ এবাৰ সুযোগ দি চাওকচোন এওঁলোকক৷ আমি আশাবাদী, ফৰকাটিং মহাবিদ্যালয়ৰ ছাত্ৰছাত্ৰীসকলে সঠিক প্ৰাৰ্থী নিৰ্বাচন কৰাত কেতিয়াও ভুল কৰা নাই৷ আৰু এইবাৰো নকৰে৷ কথাৰ ফুলজাৰিৰে নহয়৷ এওঁলোকে কামেৰে প্ৰমাণ কৰি দেখাব যোগ্যতা৷ আকৌ কৈছোঁ, আমি আশাবাদী... সিদ্ধান্ত আপোনালোকৰ একান্তই নিজা, একান্তই ব্যক্তিগত৷৷

#অনুৰোধ আমাৰ, সিদ্ধান্ত আপোনাৰ...
জয়তু ফৰকাটিং মহাবিদ্যালয়

৷৷জয় আই অসম৷৷

Photos from Furkating College AASU Unit, ফৰকাটিং মহাবিদ্যালয় আছু গোট।'s post 23/09/2023

এটা গুৰুত্বপূৰ্ণ দিন৷ ফৰকাটিং মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ ২০২৩-২৪ বৰ্ষৰ সাধাৰণ নিৰ্বাচনৰ প্ৰাৰ্থীসকলৰ মনোনয়ন পত্ৰ দাখিলৰ দিন৷ আমাৰ প্ৰাৰ্থীসকলে দলে বলে গৈ নিজ নিজ মনোনয়ন পত্ৰসমূহ দাখিল কৰে৷ উক্ত সময়চোৱাত আমাক শুভকামনাৰে উপচাই পেলোৱা প্ৰত্যেককে ধন্যবাদ জনাইছোঁ৷ লগতে প্ৰাৰ্থীসকলক তেওঁলোকৰ এই গুৰুত্বপূৰ্ণ মূহূৰ্তত কাষত থিয় হৈ সাহসেৰে আগুৱাই যাবলৈ সক্ষম কৰি তোলা প্ৰত্যেকৰে ওচৰত আমি চিৰকৃতজ্ঞ৷ এইখিনিতে কৈ যাওঁ, দিনটোৰ ৰ’দ, বতাহ, বৰষুণ সকলো নেওচি তেওঁলোক আগুৱাই আহিছে, সিহঁতে এনেদৰেই মহাবিদ্যালয়খনৰ স্বাৰ্থত কাম কৰি আহিছে৷ আগন্তুক দিনবোৰতো আপোনালোকৰ সহায় সহযোগ তথা গঠনমূলক দিহাপৰামৰ্শ আমি কামনা কৰিলোঁ৷

জয়তু ফৰকাটিং মহাবিদ্যালয়৷
জয়তু ফৰকাটিং মহাবিদ্যালয় আছুগোট৷
জয় আই অসম৷৷৷

18/05/2023

If you have any queries related to admission in our institution, then contact us freely.😊

Photos from Furkating College AASU Unit, ফৰকাটিং মহাবিদ্যালয় আছু গোট।'s post 28/09/2022

সিহঁতৰ কথা, “আদি জিকিম, নহ’লে শিকিম৷”

আমাৰ বিশ্বাস আৰু সিহঁতৰ আাশা সিহঁতে এবাৰ কাম কৰিবলৈ সুযোগ পাব৷ ফৰকাটিং মহাবিদ্যালয়ৰ ছাত্ৰছাত্ৰীসকলে তেওঁলোকৰ স্বাৰ্থত কাম কৰাৰ সুযোগ এবাৰলৈ দিব৷

আটাইলৈ শুভেচ্ছা৷
ভাল হওক সকলোৰে৷
জয়তু ফৰকাটিং মহাবিদ্যালয়৷
জয়তু মহাবিদ্যালয় আছু গোট৷৷

18/09/2022

সদ্যঘোষিত অসম পুলিচৰ এছ.আই, কমাণ্ডো আৰু কনষ্টেবলৰ পদবীত বাছনি হোৱা ক্ৰমে ফৰকাটিং মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা ফৰকাটিং আঞ্চলিক ছাত্ৰ সন্থা তথা ফৰকাটিং মহাবিদ্যালয় আছু গোটৰ সক্ৰিয় সদস্য আৰু ফৰকাটিং মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰাক্তন উপ-সভাপতি হিৰণ্য ফুকন, প্ৰাক্তন ছাত্ৰ চন্দনজ্যোতি ঠেঙাল আৰু ফৰকাটিং মহাবিদ্যালয়ৰ পঞ্চম ষাণ্মাসিকৰ ছাত্ৰ তথা মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ গুৰু খেল বিভাগৰ সম্পাদক লক্ষীন্দ্ৰ শইকীয়া তথা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তপনজ্যোতি গগৈলৈ মহাবিদ্যালয় আছু গোটৰ সদস্যসকলৰ তৰফৰপৰা জনাইছোঁ আন্তৰিক অভিনন্দন৷ অনাগত দিনবোৰ সুখৰ হওক আৰু এইদৰেই তেওঁলোকে ফৰকাটিং মহাবিদ্যালয়ৰ নাম জিলিকাই থাকক৷৷

জয়তু ফৰকাটিং মহাবিদ্যালয়৷
জয়তু মহাবিদ্যালয় আছু গোট৷৷৷

18/09/2022

সদ্যঘোষিত অসম পুলিচৰ এছ.আই, কমাণ্ডো আৰু কনষ্টেবলৰ পদবীত বাছনি হোৱা ক্ৰমে ফৰকাটিং মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা ফৰকাটিং আঞ্চলিক ছাত্ৰ সন্থা তথা ফৰকাটিং মহাবিদ্যালয় আছু গোটৰ সক্ৰিয় সদস্য আৰু ফৰকাটিং মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰাক্তন উপ-সভাপতি হিৰণ্য ফুকন, প্ৰাক্তন ছাত্ৰ চন্দনজ্যোতি ঠেঙাল আৰু ফৰকাটিং মহাবিদ্যালয়ৰ পঞ্চম ষাণ্মাসিকৰ ছাত্ৰ তথা মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ গুৰু খেল বিভাগৰ সম্পাদক লক্ষীন্দ্ৰ শইকীয়া তথা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তপনজ্যোতি গগৈলৈ মহাবিদ্যালয় আছু গোটৰ সদস্যসকলৰ তৰফৰপৰা জনাইছোঁ আন্তৰিক অভিনন্দন৷ অনাগত দিনবোৰ সুখৰ হওক আৰু এইদৰেই তেওঁলোকে ফৰকাটিং মহাবিদ্যালয়ৰ নাম জিলিকাই থাকক৷৷

জয়তু ফৰকাটিং মহাবিদ্যালয়৷
জয়তু মহাবিদ্যালয় আছু গোট৷৷৷

Want your school to be the top-listed School/college in Golaghat?

Click here to claim your Sponsored Listing.

Location

Telephone

Address


Furkating College
Golaghat