28/04/2024
আমাৰ বিদ্যালয়ৰ বাবে এটা গৌৰৱৰ খবৰ যে যোৱা ১১/০২/২০২৪ তাৰিখে "অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী"ৰ উদ্যোগত আৰু "উত্তৰণ গোষ্ঠী যোৰহাট"ৰ সহযোগত অসম ভিত্তিত অনুষ্ঠিত হোৱা "উত্তৰণ বৃত্তি পৰীক্ষা -২০২৪"ৰ আজি ঘোষণা কৰা ফলাফলত আমাৰ বিদ্যালয়ৰ ছাত্ৰী' শ্ৰী মতী প্ৰিন্সিপিয়া বৰাই অসমৰ ভিতৰত "প্ৰথম স্থান"লাভ কৰিবলৈ সক্ষম হৈছে।
লগতে বিদ্যালয়ৰ আন এগৰাকী ছাত্ৰী 'শ্ৰী মতী গীতিমঞ্জুৰী বৰা'ই গোলাঘাট মহকুমাৰ ভিতৰত "দ্বিতীয় স্থান" লাভ কৰিবলৈ সক্ষম হৈছে। দুয়ো গৰাকীলৈ অভিনন্দন জ্ঞাপন কৰিলোঁ আৰু ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ।
14/03/2024
ধাৰাবাহিকতা ৰক্ষা কৰি আমাৰ বিদ্যালয়ে এইবাৰো 'গুণোৎসৱ ২০২৪' ত A+ পাবলৈ সক্ষম হয়।
15/08/2023
দ বৰাহী প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয়ত স্বাধীনতা দিৱস উদযাপন কৰা হয়।🇮🇳🇮🇳
20/06/2023
আজি দ বৰাহী প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয়ত সমূহ ছাত্ৰ ছাত্ৰী, শিক্ষক অভিভাৱক তথা বিদ্যালয়ৰ পৰিচালনা সমিতিৰ উপস্থিতিত "ৰাভা দিৱস" উদযাপন কৰা হয় আৰু লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়।
25/04/2023
ছাত্ৰ ছাত্ৰী, শিক্ষক, অভিভাৱক তথা বিদ্যালয়ৰ পৰিচালনা সমিতি আদি সকলোৰে প্ৰচেষ্টাত আমাৰ বিদ্যালয়ে গুণোৎসৱ ২০২৩ ৰ ফলাফলত এইবাৰো A+ পাবলৈ সক্ষম হয়।😊🤗
12/04/2023
আজি দ বৰাহী প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয়ত সাত দিনীয়া বিহু কৰ্মশালাৰ সামৰণি অনুষ্ঠান তথা প্ৰাক ৰঙালী উৎসৱ পালন কৰা হয়।
26/01/2023
আজি দ বৰাহী প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয়ত ছাত্ৰ ছাত্ৰী,শিক্ষক, অভিভাৱক আৰু স্হানীয় ৰাইজৰ সহযোগত গণতন্ত্ৰ দিৱস উদযাপন আৰু সৰস্বতী পূজাৰ আয়োজন কৰা হয়।
17/12/2022
🏃🏃 বিদ্যালয় সপ্তাহ ২০২২,⛹️⛹️
"দ বৰাহী প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয়"।