21/02/2026
সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত স্থান লাভ কৰি আমাৰ অঞ্চলটিলৈ গৌৰৱ কঢ়িয়াই অনা পশ্চিম কলাবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত আউনীবাৰী গাঁৱৰ শ্ৰীমান গুনিন পেগুক আমাৰ বিদ্যালয়ৰ তৰফৰপৰা আদৰণি জনোৱা হয়৷ আমাৰ বিদ্যালয়ৰ পৰিয়ালৰ হৈ অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰীযুত তুলাৰাম ভূঞা ছাৰ আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি শ্ৰীযুত ৰূপন বৰুৱা ডাঙৰীয়াই৷ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি শ্ৰীমান গুণীন পেগুৱে পৰামৰ্শমূলক বক্তব্য আগবঢ়ায়৷ উল্লেখযোগ্য যে গুণীন পেগুৱে প্ৰাথমিক শিক্ষা আৰম্ভ কৰিছিল আউনীবাৰী প্ৰাথমিক বিদ্যালয়ত৷ অনুষ্ঠানটিত শকুৰা ৰিফিউজি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী পৰিস্মিতা হাজৰিকা বাইদেউ আৰু প্ৰগতি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দীননাথ বৰাছাৰ উপস্থিত থাকে৷ আমি বিদ্যালয়ৰ তৰফৰপৰা গুণীন পেগুৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ৷