28/10/2020
াৰ্থাক_শব্দ
১) অকথিত = অব্যক্ত , অনুক্ত
২) অঞ্জলি = আঁজলি, বদ্ধাঞ্জলি, কৰকোষ
৩) অতপালি = উদ্ভণ্ডালি
৪) অনাথ = গৰাকীহীন , অভিভাৱকবিহীন
৫) অনুমতি = অনুজ্ঞা , আজ্ঞা
৬) অপলক = অনিমিষ, নিৰ্নিমেষ, অনিমেষ
৭) অভিহত = আহত
৮) অহংকাৰী = গৰবী, মদগৰ্বী, মইবৰ, দাম্ভক, দম্ভী
৯) অশৌচ = চুৱা
১০) অসভ্য = অভদ্ৰ, অভব্য় ,অশিষ্ট, বৰ্বৰ
১১) অসহ্য় = অসহনীয় , দুৰ্বিসহ , দুঃসহ
১২) অক্সিজেন = অম্লজান
১৩) অঘৰী = ঘৰহীন, গৃহহীন, অনিকেত
১৪) অজাতি = অ-কুল, অকুলীন, অকুলীয়া , অকুলীয়ান
১৫) অধীৰ = অস্থিৰ , অথিৰ , অশান্ত, চঞ্চল,চপল
১৬) অমৰত্ব = অনশ্বৰতা,অবিনশ্বৰতা
১৭) অলংকাৰ = আভূষণ, কঞ্চুল, ভূষণ,ভূষা, গহনা
১৮) অবিশ্বাস = অপ্ৰত্যয় , অসঞ্জাত, অনাস্থা, বিশ্বাসহীনতা
১৯) অভাব = অকুলন, অনাটন, অপ্ৰতুল,নাটনি
২০) অভিশাপ = অকৰণি, অভিশাস্তি, শাও, শাপ
২১) অলপ = ন্যূন , অল্প, যৎসামান্য,তাকৰ, কিঞ্চিৎ,ঈষৎ
২২)অমৃত = সুধা , অমিয়, পীয়ুষ, অমিয়া
২৩) অধোগতি = অধঃপতন , নিম্নগমন,অধোগমন, অৱনতি
২৪) অজ্ঞতা = মূৰ্খতা, অজ্ঞানতা,মূঢ়তা
২৫) অস্তিত = বিদ্য়ামানতা, সত্তা, অৱস্থান, স্থিতি
২৬) অশ্লীল = ওভং, অশালীন, অশিষ্ট
২৭) অনুগমন = অনুসৰণ, অনুকৰণ
২৮) অন্তেষপুৰ = ভিতৰমহল , অন্তঃপুৰ , অন্দৰমহল
৩০) অথবা = অন্যথা , নতুবা , কিংবা , বা, কিম্বা , বা
৩১) অতীত = ভূত, অতীজ, গত, অতিক্ৰান্ত, বিগত
৩২) অকাম্য = অবাঞ্ছনীয় , অপ্ৰত্যাশিত.
৩৩) অগ্নিদেৱতা = হব্যবাহন
৩৪) অসীম = অশেষ, অনন্ত , অপৰিসীমা , সীমাশূন্য, অন্তহীন, সীমাহীন
৩৫) অৱৰোহন = অৱতৰণ
৩৬) অৰ্পণ = আহুতি , সমৰ্পণ , দা২ন , তৰ্পণ , নিৱেদন, উছৰ্গা
৩৮) অব্যৰ্থ = ব্যৰ্থহীন, অমোঘ
৩৯) অপৰাধ = দোষ, গুণাহ , জগৰ
৪০) অনুবাদ = ভাষান্তৰ, তৰ্জমা , ভাঙনি
৪১) অধিকাৰ = দখল, হক , দাবী
৪২) অটুট = অক্ষুণ্ণ , অক্ষয়
৪৩) অচিলা = চেলু , অজুহাত
৪৪)অকপট = সৰল , চিধা , অকুটিল , ভলভলীয়া , অকপটীয়া
অক্ৰূৰ ।
৪৫) অসুবিধা = আহুকাল , অসুচল , মুস্কিল , জঞ্জাল
৪৬) অশ্বাৰোহী = ঘোঁৰাচৱৰী ,চোৱাৰ , চোৱাৰী
৪৭) অমিল = বিভেদ, পাৰ্থক্য , ভেদ , অনৈক , গড়মিল, প্ৰভেদ
৪৮) অবাধ্য = উদ্ধত , আবৰ
৪৯) অপেক্ষা = বাটচোৱা, চবুৰ , প্ৰতীক্ষা
৫০) অনিদ্ৰা = নিদ্ৰাহীনতা
৫১) অত্যাচাৰ = উপদ্ৰৱ , উৎপীড়ন
৫২) অতিশয় = বহুত , অতি , অধিক , অত্যধিক, খুব , অত্যন্ত, যথেষ্ট
৫৩) অগ্নিহোত্ৰী = অগ্ন্যাহিত , অগ্নীধ
৫৪) অখ্যাত = খ্যাতিহীন, অপ্ৰসিদ্ধ
৫৫) অসম্ভাব্য = অসম্ভাৱিত , অসম্ভাৱনীয়
৫৬) অশ্ৰু = লো, নেত্ৰজল , অক্ষিজল , চকুলো , লোতক , চকুপাণী , নেত্ৰাম্বু, নয়নজল
৫৭)অমৰ = মূত্যুঞ্জয় , চিৰঞ্জীৱ , চিৰায়ু, চিৰজীৱী, চিৰজীৱী
৫৮) অন্ধতা = দৃষ্টিহীনতা , অন্ধত্ব
৫৯)অন্তিমকাল = ইন্তাকাল , মৰণকাল , মৃত্যুক্ষণ , ইন্তেকাল
৬০) অদহনীয় = অদাহ্য
৬১) অতিথিশাল = যাত্ৰীনিৱাস , অতিথিগৃহ
৬২) অজলা = অঁকৰা , আজলা,ভেদেঙা , হাৱাং, আব্ৰা , হোজা
৬৩) অংশীদাৰ = ভাগী, চৰিক , ভগিয়াৰ, ভাগীদাৰ
৬৪) অহংকাৰী = দম্ভী, গৰ্বী , দাম্ভিক , অবিনীত , মইবৰ , গৰবী
৬৫) অসন্ত্তষ্ট = বিতুষ্ট , অতুষ্ট , অপ্ৰসন্ন
৬৬) অভ্যাস = সাধনা, অনুশীলন , অধ্যৱসায় , চেষ্টা, পৰিশীলন , চেষ্টা
৬৭) অবতৰ = আবতৰ
৬৮) অপ্সৰা = সুৰসুন্দৰী , অপেচৰা, দিব্যনাৰী , সুৰকন্যা, অপেস্বৰী , সুৰধৰ , দিব্যাংগনা , সুৰবালা , ত্ৰিদশবনিতা , অপেস্বৰা
৬৯) অনুতাপ = অনুশোচনা , খেদ , পৰিতাপ
৭০) অনবৰত = একেৰাহে, অবিৰাম , নিৰন্তৰ , অবিশান্তৰূপে , ধাৰাসাৰে
৭১) অচিনাকী = অপৰিচিত , অচিন , অচিনা
৭২) অখণ্ড = অখণ্ডনীয় , অভগ্ন , অবিভক্ত , অখণ্ডিত
৭৩) অসাৰুৱা = কটুৰ , অনুৰ্বৰ , ঊষৰ , অনুৰ্বৰা
৭৪) অলৌকিক = লোকাতীত , অপাৰ্থিৱ
৭৫) অমংগল = অহিত , অকল্যাণ, অশুভ, অথন্তৰ , অনৰ্থ
৭৬) অভিজাত = সম্ভ্ৰমযুক্ত, সম্ভ্ৰান্ত
৭৭) অবিহনে = অনুপস্থিতিৰে, অবৰ্তমানে , অবিদ্য়মানে
৭৮) অপ্ৰকাশিত = অব্যক্ত, অপ্ৰকট
৭৯) অনুমাণ = আইদিয়া কৰা , আন্দাজ , ধাৰণা
৮০) অধোবদন = অধোমুখ
৮১) অতুলনীয় = নিৰুপম , অতুল , অপূৰ্ব , অন্যন , নিৰুপম , অতুল্য , অনুপম , অভিন্ন
৮১) অগণন = শ শ , লাখ লাখ ,অলেখ, লক্ষকোটি , শতকোটী, অসংখ্য , অজস্ৰ , ইত্যাদি
৮২) অকথ্য = অবাচ্য , অকথনীয়
৮৩) অস্ত্ৰ = হাথিয়াৰ , শস্ত্ৰ, হাতিয়াৰ , আহিলা
৮৪) অৱনত = অৱনতমস্তক , আনত , নতশিৰ , নত
৮৫) অলংকাৰ = অৱতংস , আভূষণ, ভূষণ, আকল্প , ভূষণ, ভূষা , বিভূষণ , গহনা
৮৬) অবাধ = মুকলি, অপ্ৰতিহত , বাধাশূন্য , আবতৰীয়া , মুক্ত, বাধাহীন , অপ্ৰতিহত , নিৰস্কুশ
৮৭) অফিচ = দফতৰ , কাৰ্যালয় , দোপদৰ , দপ্তৰ
৮৮) অনায়াসে = সহজে , হেলাৰঙে , বিনাকষ্টে
৮৯) অথবা = অন্যথা , কিম্বা , নতুবা , কিংবা , নাইবা
৯০) অৰ্জুন = সব্যসাচী , কৃষ্ণসখ , কপিধ্বজ , বিজয় , ধনঞ্জয় , শ্বেতবাহ , পাৰ্থ , কপিকেতন , ইত্যাদি