Pmshri Gogamukh Higher Secondary School

Pmshri Gogamukh Higher Secondary School গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয় (Official Page)
অতীত বৰ্তমান আৰু প্ৰতিজন অনুৰাগীৰ বাবে

22/04/2026

বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ প্ৰাক্তন সভাপতি শ্ৰীযুত জিতু বৰাদেৱব ৫০ সংখ্যক জন্মজয়ন্তী উদযাপনত বিদ্যালয়ৰ বিহু নৃত্য দল ।।

22/04/2026
20/04/2026

কপৌ ফুলৰ পাহিটিয়ে ক’ব বিচাৰে বহুত কথা,
ৰঙালীৰ ৰঙে মচি নিয়ক জীৱনৰ সকলো বাধা।

নাহৰৰ কোঁহিপাতত বসন্তৰ পৰশ আৰু কুলিৰ মিঠা মাতত প্ৰাণ পাই উঠা আমাৰ এই আপোন বহাগ। কৰ্মব্যস্ততাৰ মাজতো বিহুৱানখন লৈ ৰঙালীক আদৰাৰ যি হেঁপাহ, সেয়াই যেন আমি অসমীয়াৰ পৰিচয়।

পিএমশ্ৰী গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই জয়যাত্ৰা আৰু ঐতিহ্য সদায় অক্ষুণ্ণ থাকক। শিক্ষা আৰু সংস্কৃতিৰ মহা মিলনভূমিত বহাগৰ এই মাদকতাই প্ৰতিগৰাকী শিক্ষক-ছাত্ৰ আৰু শুভাকাংক্ষীৰ মনবোৰ নতুন উছাহেৰে ভৰাই তোলক।

06/04/2026

অভিৰোচন দিৱসৰ শপত। পিএমশ্ৰী গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়।।

06/04/2026

বিদ্যাৰম্ভ ২০২৬

31/03/2026

"হাঁহি হাঁহিয়েই আগমন, হাঁহি হাঁহিয়েই বিদায়— চকুপানী হয়তো ঘৰতহে টুকিব।" পিএমশ্ৰী গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয় এনে এক অনুষ্ঠান য'ত বিদায়ক সদায়েই ইতিবাচক দৃষ্টিভঙ্গী মাজেৰে আনন্দ উল্লাসেৰে উদযাপিত কৰা হয়।
আজি আমাৰ মাজৰ পৰা আনুষ্ঠানিকভাৱে বিদায় গ্ৰহণ কৰিবলৈ ওলাইছে আমাৰ সকলোৰে অতি মৰমৰ কম্পিউটাৰ শিক্ষয়িত্ৰী পবিত্ৰা নেবাৰ ডাঙৰীয়াণী। এগৰাকী দক্ষ, নিষ্ঠাবান আৰু হৃদয়বান শিক্ষয়িত্ৰী হিচাপে তেখেতে বিদ্যালয়খনৰ প্ৰযুক্তিগত শিক্ষাৰ ক্ষেত্ৰত যি অনবদ্য অৱদান আগবঢ়ালে, সেয়া সদায় সজীৱ হৈ ৰ’ব।
তেখেতৰ শিক্ষাদান কেৱল পাঠ্যপুথিৰ মাজতে সীমাবদ্ধ নাছিল; জীৱনৰ প্ৰতি ইতিবাচক দৃষ্টিভংগী, শৃংখলা আৰু আত্মবিশ্বাসৰ পাঠো তেখেতে আমাৰ মাজত সুমুৱাই গৈছে। তেখেতৰ কোমল ব্যৱহাৰ, মৰম আৰু সহানুভূতিয়ে প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ হৃদয়ত এক বিশেষ স্থান দখল কৰি ৰাখিছে।
আজিৰ এই বিদায়ৰ মুহূৰ্তত আমাৰ হৃদয়ত আনন্দ আৰু বেদনা দুয়ো একেলগে জাগ্ৰত হৈছে— আনন্দ এইবাবে যে তেখেত নতুন পথত আগবাঢ়িবলৈ ওলাইছে, আৰু বেদনা এইবাবে যে তেখেতৰ উপস্থিতি আমি বহুত মিছ কৰিম।
পবিত্ৰা মেম, আপোনাৰ আগন্তুক জীৱন সুখ, সফলতা আৰু শান্তিৰে পূৰ্ণ হওক— এইয়াই আমাৰ আন্তৰিক কামনা। আপোনাৰ শিক্ষা, মৰম আৰু স্মৃতিবোৰ সদায় আমাৰ সৈতে থাকিব।
ধন্যবাদ। 🙏

Address

Gogamukh Tajik
787034

Website

Alerts

Be the first to know and let us send you an email when Pmshri Gogamukh Higher Secondary School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category