Educational Islam

Educational Islam Seek knowledge from the cradle to the grave.

11/06/2024

ফেচবুকক কেইদিনমান ধৰি এটা বাক্য ঘূৰি আছে
"ক্বোৰবানী কৰা ৱাজিব,
আৰু ঋণ পৰিশোধ কৰা ফৰজ, গতিকে ঋণ পৰিশোধ কৰক"।
সমাধানঃ এয়া শ্বয়তানৰ ডাঙৰ ধোকা। বাক্যটো বাহ্যিকভাৱে ভাল লাগিলেও ইয়াৰ অন্তৰ্নিহিত অৰ্থ বেয়া। ক্বোৰবানীৰ গুৰুত্ব শেষ কৰাৰ শ্বয়তানী পদ্ধতি এয়া।
👉ঋণ বছৰৰ যিকোনো দিন আদায় কৰিব পাৰি, কিন্তু ক্বুৰবানী কেৱল নিৰ্দিষ্ট দিনতহে আদায় কৰিব পৰা যায়।
👉কম-বেছি ঋণ কাৰ নাই? সেইবুলি ইয়াৰ অজুহাত লৈ ক্বুৰবানী পৰিত্যাগ কৰিব লাগিবনে?
👉যাৰ ওপৰত ইমান বেছি ঋণ আছে যে, সেয়া পৰিশোধ কৰিলে হাতত নেছাব পৰিমাণ সম্পদ অৱশিষ্ট নাথাকে, তেনে ব্যক্তিৰ ওপৰত ক্বোৰবানী ৱাজিবেই নহয়।
👉 বহুতো মানুহক দেখা যায় যে, ঋণ-ধাৰ কৰি কাপোৰ কানি ক্ৰয় কৰে, ম'বাইল, ফ্ৰিজ ইত্যাদি ক্ৰয় কৰে আৰু পৰৱৰ্তী সময়ত হাতত পইচা আহিলে সেয়া পৰিশোধ কৰি দিয়ে।
আল্লাহৰ ৰাছুল ছাল্লাল্লাহু আ'লাইহি ওৱাছাল্লামে ইৰ্শ্বাদ ফৰ্মাইছে - ক্বোৰবানীৰ সময়ত ক্বুৰবানীৰ আমলতকৈ উত্তম আমল আৰু নাই। সেয়েহে ক্বুৰবানীৰ সময়ত প্ৰয়োজন হ'লে পইচা ধাৰ কৰি ক্বুৰবানী আদায় কৰি পৰৱৰ্তী সময়ত সেয়া পৰিশোধ কৰি দিয়ক। তথাপিও এই গুৰুত্বপূৰ্ণ আমল পৰিত্যাগ নকৰিব।
বছৰৰ গোটেই দিন মাছ,গৰুৰ মাংস, ছাগলীৰ মাংস, ব্ৰয়লাৰ, আদি টেটুৰ গুৰিলৈকে ভক্ষণ কৰি ক্বুৰবানীৰ সময়ত জীৱপ্ৰেম দেখুৱা বুদ্ধিজীৱি নামৰ ধূৰ্ত শিয়ালৰ লেঙেৰা যুক্তিৰ পৰা সাৱধানে থাকিব।

Abdullah Sadik ভাইৰ ৱালৰ পৰা........

12/12/2023

ইছলামী শিক্ষা (পৰ্ব- ১)

ইছলামৰ সৰ্বশেষ সংস্কৰণ অৰ্থাৎ অন্তিমগৰাকী ৰছূল হজৰত মুহাম্মদ ছঃৰ দ্বাৰা স্থাপিত ইছলামী শ্বৰীয়তৰ আৰম্ভণিৰে পৰাই শিক্ষাই কেন্দ্ৰীয় ভূমিকা পালন কৰি আহিছে৷ শ্বৰীয়তে মুহাম্মদীৰ মূলভিত্তি কোৰআন আৰু হাদীছ শাস্ত্ৰৰ কেন্দ্ৰীয়তা আৰু ইছলামিক পৰম্পৰাত ইয়াৰ অধ্যয়ন। প্ৰথম কেইটামান শতিকাত শিক্ষাৰ পৰিৱেশ সম্পূৰ্ণ অনানুষ্ঠানিক আছিল যদিও একাদশ আৰু দ্বাদশ শতিকাৰ পৰাই শাসকীয় শ্ৰেণীয়ে উলেমা সকলৰ সমৰ্থন আৰু সহযোগিতাত মাদ্ৰাছা (স্কুল) আৰু জামিয়া (বিশ্ববিদ্যালয়) নামেৰে জনাজাত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান স্থাপন কৰিবলৈ আৰম্ভ কৰিছিল। মাদ্ৰাছা অতি সোনকালেই সমগ্ৰ ইছলামিক বিশ্বতে বৃদ্ধি পায়, যিবোৰে ইছলামিক শিক্ষা তথা দৰ্শন বিয়পাই দিয়াত সহায় কৰিছিল। মাদ্ৰাছাসমূহ মূলতঃ কোৰআন আৰু হাদীছ আৰু ইয়াৰ ওপৰত ভিত্তি কৰি বিভিন্ন বিষয়ত গৱেষণা কৰা আৰু ইছলামিক আইন অধ্যয়নৰ বাবে নিয়োজিত আছিল যদিও ইয়াত সাহিত্য, দৰ্শন, ধৰ্মতত্ত্ব, বিজ্ঞান, চিকিৎসা বিজ্ঞান, গণিত আৰু কাৰিকৰী শিক্ষাৰ উপৰিও কলা-সংস্কৃতি আদি অন্যান্য বিষয়ৰো শিক্ষা আগবঢ়োৱা হৈছিল।

28/12/2020

বিশ্বনবী মুহাম্মদ ছঃ ৰ সময়ত গাওঁৰ খেতিয়ক সকলে নিজৰ শস্য ইত্যাদি মদীনা (চহৰ) লৈ বিক্ৰীৰ বাবে আনিছিল। কিছুমান চহৰীয়া ব্যৱসায়ীয়ে আধা-বাটত তেওঁলোকৰ পৰা উৎপাদিত সামগ্ৰীবোৰ ক্ৰয় কৰি ৰাখিছিল, যাতে বজাৰত কৃত্ৰিম চাহিদাৰ সৃষ্টি কৰি যথাসময়ত অধিক মূল্যত বিক্ৰী কৰি অধিক মুনাফা অৰ্জন কৰিব পৰা যায়। আল্লাহৰ ৰছুল মুহাম্মদ ছঃ য়ে তেওঁলোক এনে কাৰ্য সংগঠিত কৰাৰ পৰা বিৰত থাকিবলৈ কঠোৰভাৱে কৈছিলঃ
لَا يَبِعْ حَاضِرٌ لِبَادٍ، دَعُوا النَّاسَ يَرْزُقِ اللهُ بَعْضَهُمْ مِنْ بَعْضٍ
অৰ্থঃ কোনো চহৰৰ (মধ্যভোগী) লোকে কোনো গাওঁৰ (খেতিয়ক) লোকৰ পৰা সামগ্ৰী ক্ৰয় কৰি (মধ্যস্থতাকাৰীৰ ভূমিকা পালন) নকৰিবা। মানুহক (স্বাধীনভাৱে ব্যৱসায় কৰিবলৈ) এৰি দিয়া, আল্লাহ তা’আলাই মানুহক পৰস্পৰৰ মাধ্যমেৰে ৰিজিক (খোৰাক) দিয়ে"। (চহীহ মুছলিমঃ ৩৮২৬)

ইছলামী অৰ্থনৈতিক দৰ্শনৰ অধ্যয়নত আমি সহজে বুজিব পাৰোঁ যে, ইছলামে ক্ৰেতা আৰু বিক্ৰেতাৰ মাজত কোনো তৃতীয় পক্ষৰ হস্তক্ষেপ বা কৃত্ৰিম বজাৰ সৃষ্টিৰ পক্ষে নহয়, বৰঞ্চ ইয়াক নিষিদ্ধ কৰিছে। বস্তু আদিৰ মূল্যও ন্যায় আৰু প্ৰাকৃতিক ৰূপে নিৰ্দ্ধাৰণ হোৱাৰ ব্যৱস্থা কৰি দিছে। যাতে বজাৰৰ প্ৰয়োজনীয় ৰচদ অযথা জমা কৰি কোনোৱে একাধিপত্য বা বজাৰ নিয়ন্ত্ৰণৰ সুৰুঙা লাভ কৰিব নোৱাৰে।
আজি সমগ্ৰ দেশজুৰি কৃষকসকলে আন্দোলন কৰিছে। বিষয়টো বুজি উঠিবলৈ আজি আল্লাহৰ ৰছুল ছঃ ৰ সেই ১৪ শতিকা পূৰ্বে ঘোষণা কৰা কথাবোৰ অতিকৈ প্ৰাসঙ্গিক৷৷

24/06/2020

হাদীছে কুদছীত বৰ্ণিত আছে যে, এবাৰ হজৰত মুছা আঃ য়ে আল্লাহক সুধিলে- আটাইতকৈ উচ্চ মৰ্যদাৰ জান্নাতী ব্যক্তি কোন ?
আল্লাহে কলে- সিহঁত সেইসকল ব্যক্তি যিসকলক মই নিজে বাচনি কৰিছোঁ, তেওঁলোকৰ মৰ্যদা আৰু সন্মান (ইহজগতত) প্ৰতিষ্ঠা কৰিছোঁ, তাৰ ওপৰত মই (স্বয়ং) মোহৰ মাৰি দিছোঁ ৷ তেওঁলোক যিবোৰ নিয়ামত প্ৰাপ্তি হ'ব সেইবোৰ কোনো চকুৱে চাব পৰা নাই, কোনো কাণে শুনা নাই, কাৰোৱে অন্তৰত কোনোদিনে ভাৱনাও অহা নাই ৷
আল্লাহে যিবোৰ লোকক বাচনি কৰে, তেওঁলোক কেনে হয়, সেইটো আল্লাহে ভাল জানে ৷ কিন্তু যিসকলৰ হৃদয়ত আল্লাহে ঈমান প্ৰতিষ্ঠা কৰি দিয়ে, তেওঁলোকৰ কদম দৃঢ় কৰি দিয়ে, তেওঁলোকক ফিৰআউনৰ দৰে মহা শক্তিশালী ৰজাও নিজৰ স্থানৰ পৰা এক ইঞ্চি লৰ-চৰ কৰাব নোৱাৰে ৷ হজৰত মুছা আঃ য়ে যাদুকৰ সকলক আল্লাহে দিয়া অলৌকিক শক্তি প্ৰদৰ্শন কৰি তেওঁলোকৰ যাদুক নস্যাৎ কৰিছিল আৰু যাদুকৰ সকলে অৱশেষত মুগ্ধ হৈ আল্লাহৰ ওপৰত ঈমান আনিছিল তেওঁলোকক ফিৰআউনে ধমক দি কৈছিল- তোমালোকৰ হাত-ভৰি বিপৰীত দিশৰ পৰা কাটি দিয়াম আৰু খেজুৰৰ গছত ফাঁচী দিয়াম ৷ তেতিয়া তোমালোকে বুজিবা (আল্লাহৰ আৰু মোৰ মাজৰ) কাৰ শাস্তি কঠিন আৰু দীৰ্ঘম্যাদী৷
উত্তৰত তেওঁলোকে কৈছিল-
" قا قض ما أنت قاض إنما تقضي هذي الحيوة الدنيا
“তুমি যিহকে বিচৰা কৰা, তুমি বেছিতকৈ বেছি এইখন পৃথিৱীতে সিদ্ধান্ত ল'ব পাৰিবা ৷ (পৰজগতত তোমাৰ শক্তিয়ে কাম নিদিব)"
হাজাৰোধিক বৰ্ষ পিছতো ছহীদ মহম্মদ মুৰচীয়ে নিজৰ ওপৰত আদালতৰ মকৰ্দ্দমা চলাকালীন বিচাৰকৰ সন্মুখত সেইষাৰ বাক্যকে আওৰাইছিল- " قا قض ما أنت قاض إنما تقضي هذي الحيوة الدنيا"
মহম্মদ মুৰচী চহীদ হোৱাৰ এবছৰ পাৰ হল, আল্লাহে হৃদয়ত ঈমান দৃঢ়তা স্থাপিত কৰি দিয়া সকলৰ কথা সদায় একে স্তৰৰ হৈ থাকে ৷ হজৰত মুছা আঃ ৰ পৰা মহম্মদ মুৰচী পৰ্যন্ত ৷ পাৰ্থক্য থাকে কেৱল সময়ৰ ৷

Address

Gauhati

Telephone

+919864516662

Website

Alerts

Be the first to know and let us send you an email when Educational Islam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Educational Islam:

Shortcuts

Share

Category