14/05/2026
*গুৱাহাটী বিভাগৰ ৭দিনীয়া প্ৰাথমিক আচাৰ্য প্ৰশিক্ষণবৰ্গৰ সফল সামৰণি*
বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতি অসমৰ অন্তৰ্গত গুৱাহাটী বিভাগৰ ৭ দিনীয়া প্ৰাথমিক আচাৰ্য প্ৰশিক্ষণবৰ্গ যোৱা ৬ মে ২০২৬ ইং তাৰিখৰ পৰা আৰম্ভ হৈ ১৩ মে ২০২৬ ইং তাৰিখে সামৰণি পৰে ৷ প্ৰশিক্ষণ অবিহনে এজন সফল আচাৰ্য হোৱাটো কঠিন ৷ সেই উদ্দেশ্য আগত ৰাখিয়ে প্ৰতি বছৰে বিদ্যা ভাৰতীয়ে সংকুল, বিভাগ ,প্ৰান্তীয় প্ৰশিক্ষণৰ ব্যৱস্থা কৰি আহিছে ৷ এইবেলি প্ৰাথমিক আচাৰ্য প্ৰশিক্ষণবৰ্গ শংকৰদেৱ শিশু নিকেতন , দলগোমাত অনুষ্ঠিত হয় ৷
শিশু শিক্ষা সমিতি অসমৰ গুৱাহাটী বিভাগৰ প্ৰচাৰ প্ৰমুখ জোনালী বৰুৱাই জানিবলৈ দিয়া মতে গুৱাহাটী বিভাগৰ প্ৰশিক্ষণ প্ৰমুখ শৈলেন্দ্ৰ অধিকাৰীৰ তত্ত্বাৱধানত উক্ত প্ৰশিক্ষণ NEP 2020 ৰ আধাৰত প্ৰস্তুত কৰা হয় ৷ প্ৰশিক্ষণৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে শিশু শিক্ষা সমিতি , অসমৰ সাধাৰণ সম্পাদক শ্ৰীযুত জগন্নাথ ৰাজবংশী , গুৱাহাটী বিভাগৰ বিভাগ প্ৰমুখ ডা° দণ্ডেশ্বৰ ডেকা , বিভাগ নিৰীক্ষক ভাস্কৰ দাস , সহ বিভাগ নিৰীক্ষক ৰাতুল ডেকা ৷ দলগোমা নিকেতনৰ সভাপতি নাৰায়ণ নাথে বন্তি প্ৰজ্বলনেৰে প্ৰশিক্ষণ বৰ্গৰ শুভাৰম্ভ কৰে ৷ প্ৰশিক্ষণত শিশু বাটিকা ,শিশু মনোবিজ্ঞান, পঞ্চপদী শিক্ষণ পদ্ধতি, সামৰ্থ আধাৰিত শিক্ষা, সৰস্বতী শিশু মন্দিৰ যোজনা, বাৰ্ষিক পাঠ যোজনা, বিদ্যা ভাৰতীৰ লক্ষ্য,উদ্দেশ্য, শিক্ষণ সামগ্ৰী নিৰ্মাণ আৰু ব্যৱহাৰ, বিদ্যা ভাৰতীৰ কেন্দ্ৰীয় আধাৰভূত বিষয় ,সংস্কৃতিবোধ পৰিযোজনা , ভাষা আৰু বিষয় শিক্ষণৰ পদ্ধতি , শ্ৰেণীকোঠাত পাঠদানৰ কৌশল আদি বিভিন্ন বিষয়ত আচাৰ্য আচাৰ্যাসকলক প্ৰশিক্ষণ দিয়া হয় ৷ ইয়াৰ উপৰিও আচাৰ্য আচাৰ্যাসকলৰ মাজত বিভিন্ন বিষয়ৰ ওপৰত চৰ্চা আৰু প্ৰবচন ৰখাৰ লগতে আচাৰ্য আচাৰ্যাসকলৰ প্ৰতিভা বিকাশৰ বাবে প্ৰতিভা বিকাশ কাৰ্যসূচীও ৰখা হৈছে ৷
এইবেলি প্ৰশিক্ষণ বৰ্গত গুৱাহাটী বিভাগৰ ৬টা সংকুলৰ পৰা মুঠ ৬৭ গৰাকী আচাৰ্য আচাৰ্যাই অংশগ্ৰহণ কৰে ৷ ইয়াৰ ভিতৰত ২২ গৰাকী আচাৰ্য আৰু ৪৫ গৰাকী আচাৰ্যা ৷
দলগোমা নিকেতনৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া, আচাৰ্য-আচাৰ্যা, সংকুলৰ প্ৰধান আচাৰ্যসকল, নিকেতনৰ অভিভাৱক অভিভাৱিকাসকলৰ সকলো প্ৰকাৰৰ সহায় সহযোগিতাত প্ৰশিক্ষণবৰ্গৰ সফল সামৰণি পৰে ৷
14/05/2026
📚 New Book Available for Order: Bharatiya Vision About Education 📚
We are pleased to announce the publication of our new book Bharatiya Vision About Education by Dr. Mohan Bhagwat.
This book is a collection of his important speeches (2010–2020) focusing on education from a Bharatiya perspective and its role in nation-building.
Key Highlights:
* Deep insights on education and society
* Divided into 8 comprehensive sections
* Covers Vidya Bharati and educational initiatives
* Relevant to National Education Policy 2020
Order Now:
🏢 Visit our showroom:
Suruchi Prakashan, Keshav Kunj, Jhandewalan, New Delhi
🌐 Order from our website:
https://www.suruchiprakashan.com/bharatiya-vision-about-education?search=bharatiya
🛒 Also available on Amazon:
https://www.amazon.in/dp/9391154603
📱 WhatsApp Order:
8851358634
👉 A must-read for educators, students, and anyone interested in Bharatiya education system.
13/05/2026
*প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ নতুন আচাৰ্য ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাক দায়িত্ব অৰ্পণ*
গুৱাহাটীৰ চন্দ্ৰপুৰস্থিত প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ে ইয়াৰ তিনিটা সফল শৈক্ষিক বৰ্ষ সম্পূৰ্ণ কৰি বিকাশ আৰু প্ৰাপ্তিৰ এক নতুন দিশত ভৰি দিছে। এই ক্ৰমতে বিশ্ববিদ্যালয়খনৰ নেতৃত্বত গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ কথা ঘোষণা কৰা হৈছে।
ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাক বিশ্ববিদ্যালয়খনৰ নতুন আচাৰ্য হিচাপে নিযুক্তি দিয়া হৈছে। আনহাতে অনুষ্ঠানৰ বিশিষ্ট অতিথি দেশৰ প্ৰতিষ্ঠিত শিক্ষাবিদ তথা পঞ্জাৱ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰাঘৱেন্দ্ৰ পি. তিৱাৰী উপস্থিত থাকে।
এই উপলক্ষে বিশ্ববিদ্যালয়খনৰ 'সমুৎকৰ্ষ ভৱন'ত এক গাম্ভীৰ্যপূৰ্ণ আদৰণি অনুষ্ঠান আয়োজন কৰা হয়, য’ত বিশ্ববিদ্যালয় প্ৰশাসন আৰু প্ৰতিষ্ঠাপক সংস্থা শংকৰদেৱ শিক্ষা আৰু গৱেষণা সংস্থা (SERF)-ৰ প্ৰতিনিধিসকলে নৱ-নিযুক্ত আচাৰ্যক অভিনন্দন জনায়। অনুষ্ঠানত বিদায়ী আচাৰ্য অধ্যাপক প্ৰদীপ কুমাৰ যোশীক সন্মানীয় বিদায় তথা সম্বৰ্ধনা জনোৱা হয়।
বিশিষ্ট অতিথিৰ ভাষণত অধ্যাপক ৰাঘৱেন্দ্ৰ পি. তিৱাৰীয়ে উত্তৰ-পূব ভাৰতৰ সৈতে থকা তেওঁৰ দীৰ্ঘদিনীয়া সম্পৰ্কৰ কথা উল্লেখ কৰি ভাৰতীয় জীৱন শৈলীৰ ওপৰত আধাৰিত এক উৎকৃষ্ট উচ্চ শিক্ষাৰ পৰিৱেশ গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰে। আনহাতে, লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই 'অন্তৰ্ভুক্তিমূলক শিক্ষা' (Inclusive Education)-ৰ প্ৰয়োজনীয়তাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি শিক্ষাক সমাজ গঠনৰ আটাইতকৈ কাৰ্যকৰী মাধ্যম হিচাপে অভিহিত কৰে।
বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক যোগেশ কাকতিয়ে শলাগৰ শৰাই আগবঢ়ায়।
উক্ত অনুষ্ঠানত বিদ্যা ভাৰতী উচ্চ শিক্ষা সংস্থানৰ অখিল ভাৰতীয় সংগঠন মন্ত্ৰী কে এন ৰঘুনন্দন, পদ্মশ্ৰী অজয় দত্ত, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম ক্ষেত্ৰৰ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱা, অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক দীপজ্যোতি ৰাজখোৱা,শংকৰদেৱ শিক্ষা আৰু গৱেষণা সংস্থাৰ অধ্যক্ষ গংগা প্ৰসাদ প্ৰসেইন, সম্পাদিকা অধ্যাপিকা সুদেষ্ণা ভট্টাচাৰ্য, বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সংগঠন মন্ত্ৰী ড০ পৱন তিৱাৰী আৰু সম্পাদক ড০ জগদীন্দ্ৰ ৰায় চৌধুৰী প্ৰমুখ্যে বহু বিশিষ্ট ব্যক্তি তথা বিশ্ববিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী আৰু শিক্ষাৰ্থীসকল উপস্থিত থাকে।
Pragjyotishpur University Shankardev Education And Research Foundation
09/05/2026
विद्या भारती पूर्वोत्तर क्षेत्र की वार्षिक साधारण सभा का उद्घाटन समारोह अगरतला में आयोजित
03/05/2026
নলবাৰী বিভাগৰ ৭ দিনীয়া প্ৰাথমিক আচাৰ্য প্ৰশিক্ষণ:
গুৱাহাটী, ৩ মে' : বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতি অসমৰ অন্তৰ্গত নলবাৰী বিভাগৰ ৭ দিনীয়া আচাৰ্য প্ৰশিক্ষণ শিবিৰ শংকৰদেৱ শিশু নিকেতন, চান্দুকুছিত অনুষ্ঠিত হয়। ৯ মে' ত অন্ত পৰিব লগীয়া অনুষ্ঠানৰ উদ্বোধন কৰে শিক্ষা শিক্ষা সমিতি অসমৰ সাধাৰণ সম্পাদক জগন্নাথ ৰাজবংশী। উদ্বোধনী ভাষণত কয় প্ৰশিক্ষণ অবিহনে এজন সফল আচাৰ্য হোৱাটো কঠিন।সেই উদ্দেশ্যে আগত ৰাখিয়েই বিদ্যা ভাৰতীয়ে সংকুল , বিভাগ, প্ৰান্তীয় প্ৰশিক্ষণৰ ব্যৱস্থা কৰি আহিছে । শিশু শিক্ষা সমিতি অসমৰ প্ৰচাৰ সংযোজক মুকুটেশ্বৰ গোস্বামীয়ে গুৱাহাটীত সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে নলবাৰী বিভাগৰ প্ৰশিক্ষণ প্ৰমুখ প্ৰাণেশ্বৰ ডেকাৰ তত্বাৱধানত উক্ত প্ৰশিক্ষণ এন ই পি ২০২০ ৰ আধাৰত প্ৰস্তুত কৰা হৈছে। উক্ত প্ৰশিক্ষণত নলবাৰী বিভাগৰ ৬ টা সংকুলৰ ৫১ খন নিকেতনৰ ৮০ জন আচাৰ্য ই অংশগ্ৰহণ কৰে।