আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয় স্বায়ত্তশাসিত,অসমীয়া বিভাগ

  • Home
  • India
  • Gauhati
  • আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয় স্বায়ত্তশাসিত,অসমীয়া বিভাগ

আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয় স্বায়ত্তশাসিত,অসমীয়া বিভাগ স্হাপিত ১৯৫৮, শিক্ষা, বিভাগৰ কাৰ্যসূচী

05/07/2026
আৰ্য্য  বিদ্যাপীঠ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত অসমৰ বিভিন্ন বিশ্ববিদ্যালয়ত অসমীয়া বিভাগৰ স্নাতকোত্তৰ শ্ৰেণীৰ ন...
02/07/2026

আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত অসমৰ বিভিন্ন বিশ্ববিদ্যালয়ত অসমীয়া বিভাগৰ স্নাতকোত্তৰ শ্ৰেণীৰ নামভৰ্তিৰ বাবে অনুষ্ঠিত হোৱা পৰীক্ষাসমূহৰ বাবে সাতদিনীয়া পৰামৰ্শদান কাৰ্যসূচী ২৪/০৬/২০২৬ ৰ পৰা ৩০/০৬/২০২৬ লৈ , অনলাইন মাধ্যম গুগল মিট যোগে অনুষ্ঠিত হৈ যায়। এই অনুষ্ঠানত মহাবিদ্যালয়ৰ শিক্ষকৰ লগতে বিভিন্ন বিশ্ববিদ্যালয়ৰ শিক্ষক আৰু গৱেষক ছাত্ৰয়ো সমল ব্যক্তি হিচাপে পাঠদান কৰে । এই পৰামৰ্শদান কাৰ্যসূচীত আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয় স্বায়ত্তশাসিতৰ ছাত্ৰৰ লগতে আন মহাবিদ্যালয়ৰ ছাত্ৰয়ো যোগদান কৰি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলে।

সতীৰ্থ সন্মিলন ২৭/৬/২৬
29/06/2026

সতীৰ্থ সন্মিলন
২৭/৬/২৬

আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ত ২৬/০৬/২০২৬ তাৰিখে  নিচামুক্ত ভাৰত অভিযানৰ অন্তৰ্গত, অসমীয়া বিভাগৰ উদ্যোগত মাদকদ্ৰব্য নিব...
29/06/2026

আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ত ২৬/০৬/২০২৬ তাৰিখে নিচামুক্ত ভাৰত অভিযানৰ অন্তৰ্গত, অসমীয়া বিভাগৰ উদ্যোগত মাদকদ্ৰব্য নিবাৰণৰ ব্যৱস্থা সম্পৰ্কে এটি বক্তৃতা প্ৰতিযোগিতা বিভাগৰ ছাত্ৰ -ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰা হয়। অনুষ্ঠানটিৰ আঁত ধৰে সহকাৰী অধ্যাপক ক্ৰমে মানসী দেৱীয়ে। অনুষ্ঠানটোত মাদক দ্ৰব্যৰ বিভিন্ন কুফল আৰু ইয়াক নিৱাৰণৰ উপায় সম্পৰ্কে বক্তব্য প্ৰদান কৰে বিভাগীয় প্ৰধান ড: গীতাঞ্জলি হাজৰিকায় । অনুষ্ঠানটিত বিভাগীয় শিক্ষক ড: প্ৰণীতা বৰ্মন আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকি সাফল্যমণ্ডিত কৰি তোলে

প্ৰথম পাঠদান 🙏
25/06/2026

প্ৰথম পাঠদান 🙏

যোৱা ২০/০৬/২০২৬ তাৰিখ, শনিবাৰে আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ অসমীয়া বিভাগৰ উদ্যোগত আৰু সাংস্কৃতিক আৰু...
25/06/2026

যোৱা ২০/০৬/২০২৬ তাৰিখ, শনিবাৰে আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ অসমীয়া বিভাগৰ উদ্যোগত আৰু সাংস্কৃতিক আৰু উদযাপন সমিতিৰ সহযোগত ৰাভা দিৱস উপলক্ষে মহাবিদ্যালয়ৰ আলোচনা কক্ষ:১ত 'কলাগুৰু চর্চা' শীর্ষক অনুষ্ঠানটিৰ আয়োজন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে ভূগোল বিভাগৰ মুৰব্বী অধ্যাপিকা ড০ দিপালী নেওগ মহোদয়াই বন্তি প্রজ্বলন কৰি বিষ্ণু ৰাভাদেৱৰ প্রতিচ্ছবিত পুষ্পাঞ্জলি দিয়ে আৰু ৰাভাদেৱৰ বিশাল প্রতিভাশালী ব্যক্তিত্ব সম্পৰ্কে ছাত্র-ছাত্রীসকলক উদ্দেশ্যি চমু বক্তব্য আগবঢ়ায়। মহাবিদ্যালয়ৰ বহু সংখ্যক ছাত্র-ছাত্রী, শিক্ষকমণ্ডলী আৰু কর্মচাৰীবৃন্দৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই দিৱসটি ৰাভাদেৱৰ দ্বাৰা ৰচিত কবিতা, গীত, নৃত্য, নাট্য, চিত্রকর্ম ইত্যাদি সমুদায় দিশৰ চৰ্চাৰে মুখৰিত হৈ পৰে।

22/06/2026
আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয় স্বায়ত্তশাসিতৰ অসমীয়া বিভাগৰ স্নাতকোত্তৰ শ্ৰেণীৰ পাঠ্যক্ৰম নিৰ্ণয়ৰ বাবে অনুষ্ঠিত হোৱা অ...
16/06/2026

আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয় স্বায়ত্তশাসিতৰ অসমীয়া বিভাগৰ স্নাতকোত্তৰ শ্ৰেণীৰ পাঠ্যক্ৰম নিৰ্ণয়ৰ বাবে অনুষ্ঠিত হোৱা অধ্যয়ন সমিতিৰ বৈঠক
তাৰিখ: ১২/০৬/২৬
স্হান: আলোচনা কক্ষ নং ২
সময়: দিনৰ ২ বজা

আজি ১৫/০৫/২০২৬ তাৰিখে সাম্প্ৰতিক সময়ৰ প্ৰতি লক্ষ্য ৰাখি ডিজিটেল মাধ্যমযোগে আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয় স্বায়ত্তশাসিত...
15/05/2026

আজি ১৫/০৫/২০২৬ তাৰিখে সাম্প্ৰতিক সময়ৰ প্ৰতি লক্ষ্য ৰাখি ডিজিটেল মাধ্যমযোগে আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয় স্বায়ত্তশাসিতৰ অসমীয়া বিভাগৰ "উদ্যোগৰ সৈতে বিদ্যায়তনিক সহযোগিতাৰ চুক্তি"ৰ শিতানৰ অন্তৰ্গত নলবাৰীৰ " আকৃতি" নামৰ হস্তনিৰ্মিত অলংকাৰ উদ্যোগটোৰ সৈতে চুক্তি স্বাক্ষৰিত হোৱাৰ লগতে হস্তনিৰ্মিত অলংকাৰৰ বিষয়ে বক্তৃতানুষ্ঠান এটি অনুষ্ঠিত হৈ যায়। এই অনুষ্ঠানত সমল ব্যক্তি হিচাপে বক্তৃতা প্ৰদান কৰে 'আকৃতি'ৰ প্ৰতিষ্ঠাপক গৰিস্মা কলিতাই। তেওঁৰ বক্তৃতাই ছাত্ৰক স্বনিৰ্ভৰশীল হোৱাত যথেষ্ট সহায় কৰিব বুলি আশা কৰা হৈছে।

🙏
15/05/2026

🙏

Address

Arya Vidyapeeth College Autonomous, Arya Nagar,Guwahati 16
Gauhati

Website

Alerts

Be the first to know and let us send you an email when আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয় স্বায়ত্তশাসিত,অসমীয়া বিভাগ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category