21/12/2021
অপৰাধপ্ৰৱণতা : বৰ্তমান সমাজৰ এক ভয়াৱহ ব্যাধি
-গংগোত্ৰী কাশ্যপ
'Juvenile Deliquency' অৰ্থাৎ অপৰাধপ্ৰৱণতা বৰ্তমান সমাজৰ লগতে গোটেই বিশ্বৰ বাবেও এক ভয়াৱহ সমস্যাৰূপে পৰিগণিত হৈছে৷ অকল ভাৰতবৰ্ষতে নহয়, সমগ্ৰ বিশ্বতে এই অপৰাধপ্ৰৱণতা দিনে দিনে ইমান দ্ৰুতগতিত বৃদ্ধি পাই আহিছে যে ই সমাজৰ সচেতন নাগৰিক, শিক্ষাবিদ, মনোবৈজ্ঞানিক, সমাজবিদ সকলোকে চিন্তিত কৰি তুলিছে৷ অপৰাধপ্ৰৱণ ব্যক্তিয়ে সমাজৰ সাধাৰণ আচৰণসমূহৰ পৰা নিজকে আঁতৰাই ৰাখে আৰু অসামাজিক কামত নিজকে লিপ্ত কৰায়৷ মনোবৈজ্ঞানিক হেড্ ফিল্ডে কৈছিল, "অপৰাধপ্ৰৱণতাক এক অসামাজিক আচৰণ বুলিব পাৰি (Deliquency may be defined as antisocial behaviour)৷”
মানুহ সামাজিক প্ৰাণী৷ এখন সুস্থ সমাজ অবিহনে কোনো মানুহেই ভালদৰে জীৱন নিৰ্বাহ কৰিব নোৱাৰে৷ কবি William Cowper-এ কৈছিল- “Society, Friendship and Love divinely bestowed upon man অৰ্থাৎ সমাজ, বন্ধুত্ব আৰু প্ৰেম ঐশ্বৰিক অৱদান৷” শান্তিপূৰ্ণ সমাজ এখন সকলোৰে কাম্য৷ সমাজপ্ৰিয় হোৱা বাবেই প্ৰত্যেকজন ব্যক্তিয়ে সমাজত কিছুমান অধিকাৰ ভোগ কৰে আৰু তাৰ বিনিময়ত তেওঁলোকে সমাজত প্ৰচলিত ব্যৱস্থাৰ লগত সংগতি ৰাখি কিছুমান কাৰ্য আৰু দায়িত্ব পালন কৰিব লাগে৷ এই প্ৰচলিত সমাজৰ নীতি-নিয়মসমূহ যদি কোনো ব্যক্তিয়ে ভংগ কৰে তেনে ব্যক্তিৰ আচৰণক আমি অসামাজিক আচৰণ অৰ্থাৎ অপৰাধপ্ৰৱণতা বুলি ক’ব পাৰোঁ৷
অপৰাধপ্ৰৱণতা সাধাৰণতে কৈশোৰকালৰ ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত বেছিকৈ পৰিলক্ষিত হয়৷ মনোবিদসকলে মানুহৰ জীৱনটো বিভিন্ন স্তৰত ভাগ কৰিছে৷ কৈশোৰ কালছোৱাত সাধাৰণতে ল’ৰা-ছোৱালীবোৰৰ দেহ মানসিক প্ৰয়োজনবোৰ সলনি হয় আৰু এই প্ৰয়োজনবোৰ পূৰণ কৰিবলৈ ব্যৰ্থ হ’লে তেওঁলোকে অসামাজিক কামত লিপ্ত হোৱা দেখা যায়৷ ১৮বছৰ বা তাতকৈ কম বয়সৰ ল’ৰা-ছোৱালীবোৰে কৰা এনে অপৰাধক কৈশোৰ অপৰাধপ্ৰৱণতা বুলি কোৱা হয়৷ অপৰাধপ্ৰৱণতা যে কৈশোৰকালতে সৃষ্টি হ’ব তেনে নহয়৷ শৈশৱকালৰ পৰা শিশুটোৱে কি পৰিৱেশত ডাঙৰ হৈছে সেইটো বিশেষকৈ মন কৰিবলগীয়া৷ কাৰণ এটা সুস্থ পৰিৱেশতহে শিশু এটিৰ সুস্থ মানসিকতা গঢ় লৈ উঠে৷ অপৰাধ প্ৰৱণতাৰ ক্ষেত্ৰত এটা কথা প্ৰায়ে কোৱা হয় যে “অপৰাধক ঘিণ কৰক, অপৰাধীক নহয়(We should hate the crime and not the criminals)৷”
সমগ্ৰ ভাৰতবৰ্ষৰ কথা মই নকওঁ, সাম্প্ৰতিক সময়ত দেখা গৈছে আমাৰ ৰাজ্যখনত উচ্ছৃংখল যুৱ-মানসিকতা তথা বিকৃত মানসিকতাই বাৰুকৈয়ে গা কৰি উঠিছে৷ কিশোৰ-কিশোৰীয়ে কৰা অপৰাধৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে৷ সৌ সিদিনা গুৱাহাটীৰ উজানবজাৰত এটা মোবাইলৰ বাবে ককায়েকে ভনীয়েকক কুকুাৰেৰে মৰিয়াই হত্যা কৰা ঘটনাটো এতিয়ালৈ পাহৰিব পৰা নাই৷ এয়াই জানো অসুস্থ মানসিকতা নহয়? কিছুদিন আগত কলিয়াবৰত ৬বছৰীয়া কন্যাশিশু এটিক ৮ আৰু ১১ বছৰীয়া দুটি শিশুয়ে অশ্লীল ভিডিঅ’ চাবলৈ অমান্তি হোৱাৰ বাবেই হত্যা কৰি শৌচালয়ত পেলাই থৈ যোৱা ঘটনাটো মনত পৰিলে এতিয়াও কঁপি উঠোঁ৷ চিন্তা হয়, আচলতে কোন ফালে গৈ আছে সমাজখন? ইমান কম বয়সতে কিদৰে সেই সৰু ল’ৰা দুটাই অশ্লীল ভিডিঅ’ৰ কথা গম পালে? ইয়াৰ বাবেই প্ৰথমতে আঙুলি উঠে পিতৃ-মাতৃৰ ফালে৷ কাৰণ পিতৃ-মাতৃৰ অমনোযোগিতাৰ ফলতেই তেনে এটা অপৰাধ সংঘটিত হৈছে৷ হত্যা, হিংসা, ধৰ্ষণ, অপহৰণ, চুৰি, ডকাইতিৰ ঘটনা টিভি খুলি চালে বা মোবাইলটো খুলি চালেই সঘনাই দেখিবলৈ পাওঁ৷ এটা সময়ত বলাৎকাৰ, অপহৰণ আদিবোৰ আচহুৱা ঘটনা যেন লাগিছিল, কিন্তু এতিয়া এইবোৰ এক নিত্য নৈমিত্তিক ঘটনা হৈ পৰিছে৷ বৰ্তমান সময়ত অপৰাধ তথা অপৰাধীৰ সংখ্যা ইমানে বৃদ্ধি পাইছে যে ঘৰৰ এজন সদস্য বাহিৰলৈ ওলাই গ’লে ঘূৰি নহা পৰ্যন্ত আন সদস্যকেইজনে চিন্তা কৰি থাকিবলগীয়া দিন আহি পৰিছে৷
কিছুসংখ্যক শিক্ষাবিদে কয় যে অপৰাধীৰ জন্ম হয়, গঢ়ি নুঠে আৰু আন কিছুমানে কয় যে অপৰাধী গঢ়ি তোলা হয়, কিন্তু নজন্মে৷ সেয়েহে অপৰাধপ্ৰৱণতা বৃদ্ধিৰ প্ৰধান কাৰণসমূহৰ বিষয়ে জনাটো নিতান্তই প্ৰয়োজনীয়৷ তলত ইয়াৰ অলপ আভাস দিবলৈ চেষ্টা কৰিছোঁ৷
* দৰিদ্ৰতা(Poverty) :- 'অভাৱে স্বভাৱ নষ্ট কৰে' বুলি এষাৰ কথা আছে৷ কেতিয়াবা কেতিয়াবা ঘৰুৱা দৰিদ্ৰতাই অপৰাধপ্ৰৱণতাত ইন্ধন যোগায়৷ অতি দৰিদ্ৰ ঘৰৰ ল’ৰা-ছোৱালীয়ে অভাৱৰ মাজত ডাঙৰ হৈ এসময়ত যেতিয়া নিজৰ আকাংক্ষাসমূহ পূৰণ কৰিব নোৱাৰি হতাশগ্ৰস্ত হৈ পৰে তেতিয়াই চৌৰ্য বৃত্তি অৱলম্বন কৰি নিজৰ অভাৱ পূৰণৰ চেষ্টা কৰে৷
* ভগ্ন পৰিয়াল(Broken Home) :- ভগ্ন পৰিয়ালে সেইসমূহ পৰিয়ালক বুজায় য’ত স্বামী আৰু স্ত্ৰীৰ মাজত কোনো ধৰণৰ সম্বন্ধ নাথাকে৷এনে পৰিয়ালৰ শিশুবোৰে বহুত মানসিক কষ্ট সহ্য কৰিবলগা হয়৷ 'হিলী’ আৰু ‘ব্ৰোনাৰ’ নামৰ শিক্ষা সমাজবিজ্ঞানী দুজনে তেওঁলোকৰ অমূল্য গ্ৰন্থ ‘New Light on Delinquence and its Treatment’-ত অপৰাধপ্ৰৱণ শিশুৰ বিস্তৃত বৰ্ণনা উল্লেখ কৰিছে। সেই অপৰাধপ্ৰৱণ শিশুবিলাকৰ বেছিভাগেই ভগ্ন পৰিয়ালত জন্মলাভ কৰি তাৰ মাধ্যমেৰে বিকাশ লাভ কৰিবলৈ সক্ষম হয়।
* ক্ৰটিপূৰ্ণ অনুশাসন (Defective Discipline):- অতি কঠোৰতা বা অতি বিনম্ৰতাৰে কৰা অনুশাসনেও শিশু এটিৰ আচৰণ অপৰাধমূলক কৰি তোলে৷
* বেয়া সংগ (Bad Companion) :- বেয়া সংগও হৈছে অপৰাধপ্ৰৱণতাৰ এটা কাৰণ৷ ঘৰৰ বাহিৰত ল’ৰা-ছোৱালীয়ে বন্ধু-বান্ধৱীৰ লগত মিলিত হয়৷ যদি সমনীয়াৰ লগত মিলিত হৈ জুৱাৰ আদ্দা, চিনেমা হল, ৰাস্তাত ঘূৰি-পকি নিজৰ মানসিক ক্ষতি সাধন কৰে তেন্তে ইয়ো ল’ৰা-ছোৱালীক অপৰাধপ্ৰৱণ কৰি তোলে৷
অপৰাধপ্ৰৱণতা ৰোধ কৰাৰ বাবে পৰিয়াল, শৈক্ষিক প্ৰতিষ্ঠান, সমাজ তথা ৰাষ্ট্ৰ এই সকলোবোৰেই দায়িত্ব লোৱা উচিত।
পৰিয়ালৰ সদস্যসকলে কিশোৰ-কিশোৰীসকলক এক সুস্হ পৰিৱেশ প্ৰদান কৰাটো খুবেই গুৰুত্বপূৰ্ণ। "আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যৎ", গতিকে পৰিয়ালৰ প্ৰতিজন সদস্যই এটা সুস্হ পৰিৱেশৰ মাজত ৰাখি ল'ৰা-ছোৱালীক আগুৱাই নিব লাগে। আজিকালি যিহেতু যৌথ পৰিয়াল খুব কমেই দেখা যায় তেনে ক্ষেত্ৰত পিতৃ-মাতৃয়ে নিজৰ সন্তানক ব্যক্তিগত মনোযোগ দিব পাৰে। অভিভাৱক হিচাপে ল'ৰা-ছোৱালীক উপযুক্ত নিৰ্দেশনা প্ৰদান কৰাৰ লগতে কাম-কাজবোৰ নিৰীক্ষণ কৰাটোৰ ওপৰতো গুৰুত্ব আৰোপ কৰাটো দৰকাৰী।
মানুহ সুযোগসন্ধানী৷ অসুস্হ মানসিকতাৰ লোকসকলে অপৰাধ সংঘটিত কৰিবলৈ সুযোগৰ অপেক্ষাত থাকে৷ যেতিয়াই সুযোগ পায় ভাল-বেয়া বিচাৰ নকৰাকৈ অপৰাধ সংঘটিত কৰে৷ কাৰণ তেওঁলোকৰ মানসিকতাই অপৰাধমূলক৷ গতিকে সমাজৰ একো একোজন দায়িত্বশীল ব্যক্তি তথা সচেতন নাগৰিক হিচাপে আমি এইবোৰৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰখাটো অতি প্ৰয়োজনীয়৷ কিয়নো সুস্থ সমাযোজনে সুস্থ ব্যক্তিত্ব আৰু এখন সুস্থ সমাজ গঢ়ি তোলাত সহায় কৰে৷