Guwahati Refinery Higher Secondary School

Guwahati Refinery Higher Secondary School

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Guwahati Refinery Higher Secondary School, High School, guwahatirefineryhss@gmail. com, Gauhati.

04/07/2026

ইং ০৪/০৭/২০২৬ তাৰিখ, শনিবাৰে গুৱাহাটী ৰিফাইনেৰী হায়াৰ ছেকেণ্ডাৰী স্কুল আৰু প্ৰাক্তন শিক্ষাৰ্থী সংস্থাৰ উদ্যোগত বিদ্যালয়ত আয়োজিত চাৰিদিনীয়া কৰ্মশালাৰ চতুৰ্থ দিনৰ কাৰ্যসূচী “কৃত্ৰিম বুদ্ধিমত্তা (Artificial Intelligence) ” সফলতাৰে সম্পন্ন হয়। কৰ্মশালাৰ মুখ্য সমল ব্যক্তি (Resource Person) হিচাপে উপস্থিত থাকে প্ৰাক্তন ছাত্ৰ জিয়াৰুল চৌধুৰী। তেওঁ কৃত্ৰিম বুদ্ধিমত্তা (AI) সম্পৰ্কে মৌলিক ধাৰণা, ইয়াৰ সঠিক ব্যৱহাৰ বা দায়িত্বশীল প্ৰয়োগ, বৰ্তমান যুগত ইয়াৰ প্ৰভাৱ, সীমাবদ্ধতা, ফলপ্ৰসূতা আদি বিষয়ে শিক্ষাৰ্থীসকলক অৱগত কৰায়৷ শিক্ষাৰ্থীসকলে অতি উৎসাহেৰে এই কৰ্মশালাত অংশগ্ৰহণ কৰা দেখা যায়৷ অন্তত শিক্ষাৰ্থীসকলৰ ডিজিটেল সাক্ষৰতা, সৃষ্টিশীল চিন্তাধাৰা আৰু প্ৰযুক্তি-ভিত্তিক শিক্ষণৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰাত এই কৰ্মশালাই উল্লেখযোগ্য ভূমিকা পালন কৰা বুলি আশা কৰিব পাৰি৷

ভাৰপ্ৰাপ্ত অধ্যক্ষ
গুৱাহাটী ৰিফাইনেৰী হায়াৰ ছেকেণ্ডাৰী স্কুল

04/07/2026

ইং ০২/০৭/২০২৬ তাৰিখে গুৱাহাটী ৰিফাইনেৰী হায়াৰ ছেকেণ্ডাৰী স্কুল আৰু প্ৰাক্তন শিক্ষাৰ্থী সংস্থাৰ উদ্যোগত বিদ্যালয়ত আয়োজিত চাৰিদিনীয়া কৰ্মশালাৰ দ্বিতীয় দিনৰ কাৰ্যসূচী "কথা কোৱা আৰু আবৃত্তিৰ কলা" সফলতাৰে সম্পন্ন হয়। কৰ্মশালাৰ মুখ্য সমল ব্যক্তি হিচাপে উপস্থিত থাকে বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী “জিণ্টী ৰাণী ডেকা”৷ তেওঁ শিক্ষাৰ্থীসকলক শুদ্ধ উচ্চাৰণ, স্পষ্ট আৰু আত্মবিশ্বাসেৰে কথা কোৱাৰ কৌশল, কণ্ঠস্বৰৰ উঠা-নমা (Voice Modulation), মঞ্চ উপস্থাপনা, শব্দৰ সঠিক ব্যৱহাৰ আৰু আবৃত্তিৰ মৌলিক কলা-কৌশলসমূহৰ বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰে। কৰ্মশালাত শিক্ষাৰ্থীসকলে উৎসাহেৰে অংশগ্ৰহণ কৰি ব্যৱহাৰিক অনুশীলনৰ জৰিয়তে নিজৰ বক্তব্য আৰু আবৃত্তি দক্ষতা বিকাশৰ সুযোগ লাভ কৰে। কৰ্মশালাৰ অন্তত শিক্ষাৰ্থীসকলৰ যোগাযোগ দক্ষতা, আত্মবিশ্বাস, স্ব-উপস্থাপনা আৰু আবৃত্তি কৰাৰ পাৰদৰ্শিতা বৃদ্ধি পায়।

ভাৰপ্ৰাপ্ত অধ্যক্ষ
গুৱাহাটী ৰিফাইনেৰী হায়াৰ ছেকেণ্ডাৰী স্কুল

04/07/2026

ইং ০১/০৭/২০২৬ তাৰিখ, বুধবাৰে গুৱাহাটী ৰিফাইনেৰী হায়াৰ ছেকেণ্ডাৰী স্কুল আৰু প্ৰাক্তন শিক্ষাৰ্থী সংস্থাৰ উদ্যোগত বিদ্যালয়ত আয়োজিত চাৰিদিনীয়া কৰ্মশালাৰ প্ৰথম দিনৰ কাৰ্যসূচী “কলা শিক্ষা ” সফলতাৰে সম্পন্ন হয়। অনুষ্ঠানটো উদ্বোধন কৰে বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক শ্ৰীযুত প্ৰদীপ ডেকাদেৱে৷ বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক ৰাষ্ট্ৰপতি পুৰষ্কাৰেৰে সন্মানিত শ্ৰীযুত প্ৰবীণ চন্দ্ৰ বৰ্মনদেৱে সাৰুৱা ভাষণেৰে ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰে ৷ কৰ্মশালাৰ মুখ্য সমল ব্যক্তি (Resource Person) হিচাপে উপস্থিত থাকে প্ৰাক্তন ছাত্ৰ শ্ৰী উদ্দীপ শইকীয়া। তেওঁ চিত্ৰকলাৰ মৌলিক ধাৰণা, বিভিন্ন অংকন কৌশল, ৰঙৰ ব্যৱহাৰ আৰু কলা শিক্ষাৰ গুৰুত্ব সম্পৰ্কে শিক্ষাৰ্থীসকলক অৱগত কৰে৷ কৰ্মশালাত অভিভাৱকসকলো উপস্থিত থাকি সমৰ্থন আগবঢ়ায়৷

ভাৰপ্ৰাপ্ত অধ্যক্ষ
গুৱাহাটী ৰিফাইনেৰী হায়াৰ ছেকেণ্ডাৰী স্কুল

01/07/2026
10/04/2026

HSLC Results 2025-2026

03/03/2026

গুৱাহাটী ৰিফাইনেৰী হায়াৰ ছেকেণ্ডাৰী স্কুলত প্ৰথম-ষষ্ঠ শ্ৰেণীলৈ নামভৰ্তিৰ বাবে শিক্ষাৰ্থীৰ হোৱা দীঘলীয়া শাৰী আৰু বিদ্যালয়ে ২০২৭ বৰ্ষৰ ১ মাৰ্চত সোণালী জয়ন্তী বৰ্ষত ভৰি দিবলগীয়াৰ বিষয়ে আজিৰ "নিয়মীয়া বাৰ্তা কাকতৰ ২ নং পৃষ্ঠাত" এক বাতৰি প্ৰকাশ কৰা হয়।

Photos from Guwahati Refinery Higher Secondary School's post 01/03/2026

আজি ইং 28/02/2026 তাৰিখে গুৱাহাটী ৰিফাইনেৰী হায়াৰ ছেকেণ্ডাৰী স্কুলত ২০২৬-২৭ শিক্ষা বৰ্ষৰ প্ৰথম শ্ৰেণীৰ বাবে অনুষ্ঠিত হোৱা বাচনি পৰীক্ষাৰ কিছু দৃশ‍্যাংশ। চৰকাৰী মাধ‍্যমৰ বিদ‍্যালয়ত নামভৰ্তিৰ বাবে এনে জনসমাগম হোৱাটো আমাৰ সকলোৰে বাবে গৌৰৱৰ কথা।

যিহেতু প্ৰতিটো শ্ৰেণীত আসনৰ বিপৰীতে অত‍্যাধিক আগ্ৰহী প্ৰাৰ্থী হোৱাৰ বাবে বিদ‍্যালয় কৰ্তৃপক্ষ তথা পৰিচালনা সমিতিৰ সিদ্ধান্ত মৰ্মে বাচনি পৰীক্ষা অনুষ্ঠিত কৰা হয়।

11/02/2026

Our school Teachers Leena Sharma & Dipimoni dutta were honoured by Assam Development Initiative(ADI)
Also school students & was awarded as most valued students.

24/12/2025

যোৱা ইং ২২/১২/২০২৫ তাৰিখে গুৱাহাটী ৰিফাইনেৰী হায়াৰ ছেকেণ্ডাৰী স্কুলত মহান গণিতজ্ঞ শ্ৰীনিৱাস ৰামানুজনৰ জন্মদিন উপলক্ষে “ৰাষ্ট্ৰীয় গণিত দিৱস” (National Mathematics Day) উদযাপন কৰা হয় ৷

PC : Biju Kalita Medhi

Want your school to be the top-listed School/college in Gauhati?

Click here to claim your Sponsored Listing.

Location

Category

Website

Address


Guwahatirefineryhss@gmail. Com
Gauhati
781020

Opening Hours

Monday 9am - 2:30pm
Tuesday 9am - 2:30pm
Wednesday 9am - 2:30pm
Thursday 9am - 2:30pm
Friday 9am - 2:30pm
Saturday 9am - 1:30pm