06/09/2026
শিক্ষকসকলৰ বাবে ছাত্ৰ-ছাত্ৰীৰ মৰম, সফলতা আৰু মুখৰ হাঁহিতকৈ আনন্দৰ কথা আৰু কি হ’ব পাৰে! 💖
শিক্ষক দিৱসৰ দিনা আমাৰ কণমানি ছাত্ৰী Saarrah-এ ধুনীয়াকৈ সাজি আহি এটি মৰমলগা নৃত্য পৰিৱেশন কৰি আমাক সঁচাকৈয়ে আপ্লুত কৰিলে। 🥰
আগতে অকণমানো practice নকৰাকৈ, গোটেই নৃত্যটোত Saarrah-ৰ স্কুলৰ আটাইতকৈ ভাল বন্ধু Yubhashana-ই তাইক সুন্দৰকৈ সহযোগ কৰি এই নৃত্য পৰিৱেশন আৰু বিশেষ কৰি তুলিলে। 🧚♀️🧚♀️
দুয়োৰে বন্ধুত্ব আৰু সহযোগিতাৰ নিদৰ্শন এইকণ বয়সতেই, নৃত্যৰ মাজেৰে সুন্দৰকৈ প্ৰকাশ পাইছে। আজিৰ দৰেই জীৱনৰ প্ৰতিটো খোজতে ইজনে-সিজনৰ ভাল বন্ধু হৈ, সদায় পৰস্পৰ সহযোগ কৰি যাওক- এয়াই আমাৰ আন্তৰিক শুভকামনা ! লগতে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। 🌟🌟🙏🏽
এনে সৰু সৰু মুহূৰ্তবোৰেই Origami School of Creative Arts-ৰ যাত্ৰাক মধুময়, আনন্দময় আৰু অৰ্থপূৰ্ণ কৰি তোলে। 🎨 😇