Assam Jatiya Bidyalay

Assam Jatiya Bidyalay

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Assam Jatiya Bidyalay, School, Assam Jatiya Bidyalay, Noonmati, Gauhati.

21/03/2026

Seats are filling up fast!

Contact us for admission into our School Integrated Program for classes 11 & 12 for IIT-JEE & NEET, in collaboration with Physics Wallah.

The new batch starts on March 27, 2026.

☎️ 7577865541

03/03/2026

When vision meets opportunity. 🎓✨

Our Principal Ghanashyam Medhi shares insights on Assam Jatiya Bidyalay’s School Integrated Program for Classes 11 & 12 (IIT-JEE | NEET) in collaboration with 𝐏𝐡𝐲𝐬𝐢𝐜𝐬 𝐖𝐚𝐥𝐥𝐚𝐡 𝐕𝐢𝐝𝐲𝐚𝐩𝐞𝐞𝐭𝐡.

One campus. Structured preparation. Expert guidance.
A powerful step towards IIT & NEET success. 🚀

Admissions open for 2026–27.
📍 Noonmati, Guwahati
📞 7577865541

02/03/2026

Admissions open for class XI,2026-27 at Assam Jatiya Bidyalay

Photos from Assam Jatiya Bidyalay's post 01/03/2026

অভিজ্ঞান শিবিৰ

অসম জাতীয় বিদ্যালয়ত প্ৰতিবছৰে অনুষ্ঠিত কৰি অহা 'অভিজ্ঞান শিবিৰ‌'ৰ থাকে এক নিজস্ব আকৰ্ষণ। কাৰণ এই ব্যতিক্ৰমী অনুষ্ঠানটো হৈছে অসম জাতীয় বিদ্যালয়ৰ আদৰ্শগত বৈশিষ্ট্যৰ এক বিশেষ সংযোজন।হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী সকলে বিদ্যালয়খনত পাৰ কৰা সুদীৰ্ঘ দিনৰ স্মাৰক হিচাপে দুটা দিন আৰু এনিশা বিদ্যালয়ত কটোৱাৰ সুযোগ প্রদানেৰে ২৮ ফেব্ৰুৱাৰী আৰু ১ মাৰ্চ তাৰিখৰ দুদিনীয়া কাৰ্য্যসূচীৰে এইবছৰো অভিজ্ঞান শিবিৰ সফলভাৱে অনুষ্ঠিত হয়।

বিশিষ্ট মনোৰোগ বিশেষজ্ঞ ড° মৈথিলী হাজৰিকা আৰু বিশিষ্ট কেৰিয়াৰ পৰামৰ্শদাতা কংকন বৰদলৈয়ে শিক্ষার্থী সকলৰ লগত সুকীয়া সুকীয়াকৈ মত বিনিময় কৰি প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়ায়।শিক্ষাৰ্থীসকলৰ মাজত প্ৰীতি খেল -ধেমালি আৰু মনোৰঞ্জনমূলক অনুষ্ঠানো অনুষ্ঠিত কৰা হয়।

১ মাৰ্চ দেওবাৰে দুপৰীয়া অভিজ্ঞান শিবিৰৰ মুকলি সভা অনুষ্ঠিত হয়। এই সভাত আদৰণী ভাষণ দি বিদ্যালয়ৰ অধ্যক্ষ ঘনশ্যাম মেধিয়ে দেশৰ অগ্ৰণী কোচ্চিং প্রতিষ্ঠান ফিজিক্সৱালা(Physics Wallah)ৰ সহযোগত অসম জাতীয় বিদ্যালয়ত ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ'বলগীয়া School Integrated Program ৰ উদ্দেশ্যৰ বিষয়ে সকলোকে অৱগত কৰে। বিদ্যালয়ৰ উপাধ্যক্ষ ৰবীন্দ্ৰ বৰ্মনে School Integrated Programৰ পৰিকল্পনা আৰু সুবিধাসমূহৰ বিষয়ে শিক্ষাৰ্থী আৰু অভিভাৱকসকলক অৱগত কৰে। আজিৰ এই অনুষ্ঠানত Physics Wallah ৰ বিষয়ববীয়া সকলো উপস্থিত থাকি বক্তব্য প্ৰদান কৰে।

এই অনুষ্ঠানতে পৰিচালনা সমিতিৰ সচিব ডা° নাৰায়ণ শৰ্মাই নিজৰ বক্তব্য প্ৰদান কৰি শিক্ষাৰ্থীসকলক ‘কৰ্ম মোৰ সংস্কৃতি'ৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ জীৱনৰ বাটত আগুৱাই যাবলৈ আহ্বান জনায়। শেষত শিক্ষার্থী সকলক অভিজ্ঞান পত্ৰ আৰু সহ-পাঠ্যক্ৰম বিষয়ৰ প্ৰমাণপত্ৰ বিতৰণ কৰি বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি দিলীপ কুমাৰ দত্ত চৌধুৰীয়ে ভৱিষ্যতৰ বাবে তেওঁলোকক শুভকামনা জনায়।

Photos from Assam Jatiya Bidyalay's post 01/03/2026

কালি ২৮ ফেব্ৰুৱাৰী তাৰিখে অসম জাতীয় বিদ্যালয়ৰ প্ৰাক- বিদ্যালয়ৰ শিশুসকলৰ ক্ৰিয়া-কলাপৰ এখন প্ৰদৰ্শনী অনুষ্ঠিত কৰা হয়। কটন বিশ্ববিদ্যালয়ৰ নৃতত্ব বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা উপলা বৰুৱাই উন্মোচন কৰা এই প্ৰদৰ্শনীখনত প্ৰাক-বিদ্যালয়ৰ সকলো শিশুৱে অংশগ্ৰহণ কৰে ।

শিক্ষয়িত্ৰী সকলৰ সহযোগত অংকুৰ ,কুঁহি আৰু সোপান শ্ৰেণীৰ কণমাণিসকলৰ হাতৰ পৰশত উজ্জীৱিত হোৱা প্ৰদৰ্শনীখন অংকুৰ , কুঁহি আৰু সোপান শ্ৰেণীৰ শিশুসকলৰ লগতে তেওঁলোকৰ অভিভাৱকসকলেও উপভোগ কৰে। শিশুসকলৰ সৃষ্টিশীল কামবোৰে সকলোকে আপ্লুত কৰে।

The morning yesterday at Assam Jatiya Bidyalay was truly special.
Our pre-school tiny tots held their first exhibition, sharing colourful drawings full of their fresh view of the world: everyday sounds, small feelings, simple observations, and boundless imagination.

Such exhibitions are important for young children because creative activities help them express feelings freely, strengthen fine motor skills, encourage problem-solving, and build confidence in a safe and joyful way.

With caring teachers guiding them, proud parents present, and the school community together, moments like these remind us how much joy our children bring every day.

24/02/2026

Your IIT-JEE & NEET journey starts here! 🚀

𝐀𝐬𝐬𝐚𝐦 𝐉𝐚𝐭𝐢𝐲𝐚 𝐁𝐢𝐝𝐲𝐚𝐥𝐚𝐲 introduces the School Integrated Program for Classes 11 & 12, powered by 𝐏𝐡𝐲𝐬𝐢𝐜𝐬 𝐖𝐚𝐥𝐥𝐚𝐡 𝐕𝐢𝐝𝐲𝐚𝐩𝐞𝐞𝐭𝐡 for the 2026–27 session.

School education and competitive exam preparation — now under one roof.

✨ Smart classrooms & Audio-Visual rooms
✨ Regular schooling + expert coaching
✨ Board-focused learning with All-India test series
✨ Hostel & campus canteen facilities

📍 Noonmati, Guwahati
📞 7577865541
Admissions open now!

Photos from Assam Jatiya Bidyalay's post 21/02/2026

আজি আন্তৰ্জাতিক মাতৃভাষা দিৱস।

বিগত তিনিটা দশকতকৈও অধিক কাল ধৰি ৰাজ্যখনত মাতৃভাষা মাধ্যমৰ বিজ্ঞানসন্মত শিক্ষা প্ৰদানৰ বাবে অসম‌ জাতীয় বিদ্যালয় শিক্ষা সংসদে ব্যৱস্থা গ্ৰহণ কৰি আহিছে। এই ক্ষেত্ৰত আৰু অধিক চৰ্চা তথা সচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্যে সমগ্ৰ ৰাজ্যৰ প্রতিখন জিলাতেই থকা জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিসমূহৰ উদ্যোগত জিলা ভিত্তিত কৰা আয়োজনৰে ‌আজি এই দিনটো উদযাপন কৰা‌ হয় ।

অসম জাতীয় বিদ্যালয় চৌহদত কেন্দ্রীয়ভাৱে অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ উদ্যোগত এই দিৱস উদযাপন কৰা‌ হয়। এই দিৱসৰ কাৰ্য্যসূচীত সমল ব্যক্তি হিচাপে উপস্থিত থাকে বিশিষ্ট নাট্যকাৰ-পৰিচালক, নিবন্ধকাৰ, অধ্যাপক শ্ৰী নৰেন পাটগিৰি আৰু বঙাইগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড° তৰণী ডেকা। সমল ব্যক্তি শ্ৰীযুত নৰেন পাটগিৰিয়ে ‘অসমীয়া ভাষাৰ বিকাশ -বিৱৰ্তনৰ বাট' শীর্ষক বিষয়ত এটি সাৰগর্ভ বক্তৃতা প্ৰদান কৰে। আনগৰাকী বক্তা বঙাইগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড° তৰণী ডেকাই ‘একবিংশ শতিকাৰ মাতৃভাষা চর্চা : তাৎপৰ্য্য আৰু প্ৰত্যাহ্বান' শীৰ্ষক বিষয়ত আন এক গুৰুত্বপূৰ্ণ বক্তৃতা আগবঢ়ায়।

অসমীয়া ভাষাৰ বিশুদ্ধ চৰ্চা তথা অধ্যয়নৰ বাবে অক্লান্ত ভাবে কাম কৰি থকা শ্ৰীযুত প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যয়ো এক চমু তথা মনোগ্ৰাহী ভাষণ আগবঢ়ায়।

Today we came together at Assam Jatiya Bidyalay to honor International Mother Tongue Day. For an institution founded on the principle of elementary education in one’s first language, the significance of this day is immense.

Dr. Narayan Sharma, Secretary, AJBEC spoke of the persistent effort to teach the fundamentals of science and arts in our mother tongue. Learning feels natural and rooted that way, and we must continue building awareness around it.

Our chief guests brought the depth we needed. Eminent playwright, director, and essayist, Naren Patgiri and Dr.Taranee Deka, VC, Bangaigaon University spoke as one voice on what truly matters, how Assamese as a language has grown and developed since the time of Sankardeva and Madhavdeva, began to gain structure and respect through the efforts of various luminaries from Anandaram Dhekial Phukan to Miles Bronson . The mother tongue does more than communicate. It forges our thoughts, stirs our emotions, and shapes our imagination and discourse as a people.

Photos from Assam Jatiya Bidyalay's post 15/02/2026

অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক, গৱেষক, বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শ্ৰদ্ধাৰ তৰেণ বড়ো ডাঙৰীয়াৰ বিয়োগত অসম জাতীয় বিদ্যালয়ে গভীৰ শোক প্ৰকাশ কৰিছে। প্ৰয়াত বড়ো ডাঙৰীয়াই বড়ো ভাষাৰ লগতে অসমীয়া ভাষাতো ভালেমান গ্ৰন্থ ৰচনা কৰি বহুমূলীয়া বৰঙণি আগবঢ়াই থৈ গৈছে।

২০২২চনত চনত অসম জাতীয় বিদ্যালয়ৰ বাৰ্ষিক গীত- মাতৰ গধূলি অনুষ্ঠানলৈ তেখেতক আমি মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ কৰিছিলোঁ। উক্ত অনুষ্ঠানতেই তেখেতে আমাৰ বিদ্যালয়ৰ বাৰ্ষিক আলোচনী "বাখৰ" উন্মোচন কৰাৰ লগতে মাতৃভাষা সম্পৰ্কীয় এক তত্ত্বগধুৰ ভাষণেৰে সকলোকে আপ্লুত কৰিছিল। তৰেণ বড়ো ডাঙৰীয়াৰ বিয়োগ অসমৰ সাহিত্য-সাংস্কৃতিক জগতখনৰ কাৰণে এক অপূৰণীয় ক্ষতি। আমি তেখেতৰ স্মৃতিত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু পৰিয়ালৰ আটাইলৈ সমবেদনা জ্ঞাপন কৰিছোঁ।

Assam Jatiya Bidyalay 12/02/2026

📚 A new chapter begins at Assam Jatiya Bidyalay.

We’re excited to launch our School Integrated Program for Classes 11 & 12 (IIT-JEE | NEET) for the 2026–27 session, powered by 𝐏𝐡𝐲𝐬𝐢𝐜𝐬 𝐖𝐚𝐥𝐥𝐚𝐡 𝐕𝐢𝐝𝐲𝐚𝐩𝐞𝐞𝐭𝐡, bringing school education and competitive exam prep together under one roof.

✨ Comprehensive preparation
✨ Strong board focus
✨ All-India test series
✨ Expert faculty & guidance

Admissions are now open — take the first step towards your dream career today! 🚀

📍 Assam Jatiya Bidyalay, Noonmati, Guwahati
📞 7577865541

Assam Jatiya Bidyalay Education through vernacular medium is the essence of AJB established on 01 January 1994. It is scientifically established that the mother tongue is the best medium of instruction to develop the personality of the students in the school level. This conviction led to the establishment of the school.....

27/01/2026

বৰ্তমান ইংলেণ্ডৰ University College Londonৰ গৱেষক, অসম জাতীয় বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ডঃ প্ৰীতিশ কাকতিয়ে বিদ্যালয় পৰ্য্যায়ত শিক্ষাৰ মাধ্যম হিচাপে মাতৃভাষা মাধ্যমৰ গুৰুত্ব সম্পৰ্কে ব্যক্ত কৰা কিছু অনুভৱ...
( ৪ মিনিটৰ ভিডিও )

Photos from Assam Jatiya Bidyalay's post 26/01/2026

আজি দেশৰ ৭৭ সংখ্যক গণৰাজ্য দিৱস।
ৰাতিপুৱা ৭.৩০ বজাত আমাৰ বিদ‍্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি দিলীপ কুমাৰ দত্ত চৌধুৰীয়ে ৰাষ্ট্ৰীয় পতাকা উৰুওৱাৰ লগে লগে ৰাষ্ট্ৰীয় গীত পৰিবেশনেৰে অসম জাতীয় বিদ্যালয়ত গণৰাজ্য দিৱস উদযাপন আৰম্ভ হয়। শিক্ষাৰ্থীৰ ভায়'লিন‌ বাদন,গীত- নৃত্য পৰিবেশনৰ লগতে নৱম শ্ৰেণীৰ ছাত্ৰী দিশ্ৰু ৰুদ্ৰাণীৰ 'ভাৰতৰ সংবিধানৰ খচৰা সমিতিৰ সভাপতি ড° ভীমৰাও আম্বেদকাৰ', আৰু বিদ্যালয়ৰ শৈক্ষিক বিষয়া ৰোহিনী কুমাৰ গোস্বামীৰ 'ভাৰতীয় সংবিধানৰ প্রস্তুতিপর্ব আৰু ভাৰতবৰ্ষত গণতান্ত্রিক শাসন প্রতিষ্ঠা' শীর্ষক সুন্দৰ বক্তৃতাৰে আজিৰ অনুষ্ঠানটো উলহ-মালহেৰে পালন কৰা হয়।

Today, we marked India’s 77th Republic Day at Assam Jatiya Bidyalay with great fervour.

Beyond the unfurling of the Tricolor and the singing of the National Anthem, what stood out was our students' sincere engagement with the rich history of our republic. We listened to thoughtful speeches on the drafting of the Indian Constitution and on Dr. Ambedkar's pivotal role in this process.

The atmosphere was lifted by some incredible cultural displays - from violin recitals to the performances of patriotic songs and dances.

It was a morning filled with patriotism, a sense of community, and pride in the republican heritage of our country.

Photos from Assam Jatiya Bidyalay's post 17/01/2026

আজি ১৭ জানুৱাৰী, শিল্পী দিৱস। জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ পুণ্য তিথি।

শিল্পী মই তিনিও কালৰ বুলি আৰম্ভ কৰা শিল্পকৰ্মই তেওঁক জীয়াই ৰাখিছে অসমীয়াৰ বুকুত। অসমীয়া জাতিক বিশ্বসভাত চিনাকি দিব পৰাকৈ তেওঁ অসমী আইৰ বোকোচাত এৰি থৈ গৈছে - প্ৰথম অসমীয়া বোলছবি জয়মতী,লুইতৰ পাৰৰ অগ্নিসুৰৰ দৰে কবিতা পুথি, ৰূপালীম ,লভিতা আদিৰ দৰে নাটক; ৰূপহী,বগীতৰা আদিৰ দৰে গল্প আৰু অসমীয়াই নিজক বিচাৰি পোৱা বহুতো গীত আৰু আন যুগমীয়া সৃষ্টি। অসমীয়া সংগীত জগতত আধুনিক গীতৰ ধাৰা আৰম্ভ কৰা জ্যোতি প্ৰসাদ আগৰৱালাৰ পুণ্যতিথিটো বিগত বছৰ সমূহৰ দৰে এইবেলিও শিল্পী দিৱস হিচাপে অসম জাতীয় বিদ্যালয়ত অনুষ্ঠিত কৰা হয়।

এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল শিল্পী মনোজ কাশ্যপ।শিল্পীগৰাকীয়ে পৰিবেশন কৰা অনুষ্ঠানৰ সমান্তৰালকৈ ছাত্ৰ-ছাত্ৰী , শিক্ষক-শিক্ষয়িত্ৰী সকলৰ দ্বাৰা পৰিবেশিত জ্যোতি প্ৰসাদ আগৰৱালাৰ দ্বাৰা ৰচিত গীত, নাটক, কবিতা,নৃত্য আৰু কথাৰে শিল্পী দিৱসৰ এই পবিত্ৰ দিনটোত ৰূপকোঁৱৰক শ্ৰদ্ধাৰে সোঁৱৰা হয়।

Celebrating Shilpi Divas is easy. Understanding Jyoti Prasad Agarwala is the challenge. Today, at Assam Jatiya Bidyalay, we focused on the latter.

It was more than a ceremony. Our youngest students connected with the melody, while seniors tackled the complex themes of his life philosophy. By enacting powerful female characters and analyzing his literature, the students proved they are not just receiving this legacy. They are taking charge of it.

Today's chief guest Manoj Kashyap gave us the defining moment of the afternoon. It was not just entertainment. It was a history lesson set to music. He connected the Rupkonwar’s classics to Dr. Bhupen Hazarika and today’s rhythms. He showed us that the flame lit by Rupkonwar still burns bright in the contemporary era.

Want your school to be the top-listed School/college in Gauhati?

Click here to claim your Sponsored Listing.

Location

Category

Culinary Team

Attire

Address


Assam Jatiya Bidyalay, Noonmati
Gauhati
781020