30/12/2023
প্ৰতি বছৰৰ দৰে এইবাৰো জয়পুৰ শাখা সমিতি আমছু (AAMSU) ৰ তৰফৰ পৰা
আজি ইং ৩০/১২/২০২৩ তাৰিখে এটি সজাতি দলে নাঙলভাঙ্গা নৱউদয় হাইস্কুল ৰ পৰা আগন্তক হাইস্কুল শিক্ষান্ত পৰীক্ষা(HSLC) ২০২৩-২৪ বৰ্ষত অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ ছাত্ৰীৰ ঘৰে ঘৰে গৈ উৎসাহ প্ৰদান কৰাৰ লগতে পঢ়া-শুনাৰ বুজ লোৱা হয় তাৰে কিছু আলোকচিত্ৰ।
27/11/2023
*ৰাইজলৈ বিশেষ গোহাৰি!!*
------------------------------------
জয় জয়তে সংগ্ৰামী অভিনন্দন গ্ৰহণ কৰিব।
সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ নাঙল ভাঙা আঞ্চলিক সমিতিৰ অন্তৰ্গত জয়পুৰ শাখা সমিতিৰ পৰা নাঙল ভাঙা অঞ্চলৰ সমূহ ৰাইজ তথা যুব বন্ধুবৰ্গ লৈ অনুৰোধ কৰি জনোৱা হয় যে অহা 16/02/2024 তাৰিখৰ পৰা আৰাম্ভ হ'বলগীয়া মেট্ৰিক পৰীক্ষা আৰু 2024 চনৰ February মাহৰ শেষত আৰম্ভ হ'বলগীয়া উচ্চতৰ মাধ্যমিক শিক্ষাৰ বছৰীয়া পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বূহৎতৰ নাঙল ভাঙা অঞ্চলত ৰাতি উচ্চ সুৰে মাইক -
, বক্চ্ বা আন কোনো ধৰণৰ বাদ্যযন্ত্ৰ বজোৱাৰ পৰা বিৰত থাকে।
কিয়নো ৰাতি বজোৱা এই বাদ্যযন্ত্ৰৰ ফলত আমাৰ অঞ্চলৰ যি সকল HSLC আৰু HS পৰীক্ষাৰ পৰীক্ষাৰ্থী আছে তেওঁলোক যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়।
গতিকে জয়পুৰ শাখা সমিতি আমছুৰ পৰা সকলোকে অনুৰোধ কৰা হ'ল যাতে আমাৰ অঞ্চলৰ ছাত্ৰ - ছাত্ৰীৰ ভবিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ গোহাৰি সমূহ মানি চলে ।।
লগতে যদি নাঙল ভাঙা VCDC ৰ অন্তৰ্গত কোনো গাঁৱত এনেকুৱা উচ্চ শব্দত বৈদ্যুতিক যন্ত্ৰ বা বাদ্যযন্ত্ৰ বজোৱা দেখা পাই তেনেহলে তলত উল্লেখ কৰা নম্বৰ সমূহত যোগাযোগ কৰিব।
1. 70024 64726 2. 93659 64243
3. 7637847437 4. 91011 40538
ধন্যবাদৰে
সভাপতি/ সম্পাদক
জয়পুৰ ইউনিট কমিটি আমছু।
23/09/2023
আমি পাহৰা নাই!
অভিশপ্ত ২৩ ছেপ্টেম্বৰ,২০২১,
অভিশপ্ত ধলপুৰ!
22/09/2023
সকলোৰে সহায় সহযোগীতা কামনা কৰিছোঁ।
12/09/2023
ৰাজ্য মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আমছুৰ নেতৃত্ব যোৱাকালি আৰু আজি বৈঠক। তলত উল্লেখ কৰা সমস্যাসমূহ বিতংভাৱে আলোচনা কৰা হয়
উচ্ছেদিতক পুনৰ সংস্থাপন আৰু সংখ্যালঘু সকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত ৰাজ্য মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰা হয়।বিশেষকৈ বি টি আৰ প্ৰশাসনে উচ্ছেদ জাননী প্ৰেৰণ কৰা সন্দৰ্ভত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক সজোৰে কোৱাত, মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভাগীয় আৰু আইনী ভাৱে উচ্ছেদ নহবৰ কাৰণে প্ৰদক্ষেপ গ্ৰহণ কৰা আশ্বাস প্ৰদান কৰে। অন্যহাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই দৰং, নগাঁও মৰিগাঁও হোজাই শোনিতপুৰ লক্ষীমপুৰ আদি জিলাৰ উচ্ছেদিত ভূমিহীনক নবেম্বৰ মাহৰ ভিতৰত পুনৰ সংস্থাপন কৰা প্ৰতিশ্ৰুতি প্ৰদান কৰে। চলিত বৰ্ষৰ জুন মাহত বুঢ়া চাপৰিত বন বিভাগৰ ভূলৰ বাবে নিহতৰ পৰিয়াললৈ ৫ লাখ টকা আৰু আহতৰ পৰিয়ালক ১ লাখকৈ টকা আমছুৰ সভাপতি ডাঙৰীয়াৰ হাতত চেক প্ৰদান কৰে। নায়েৰ আলগা বাসী দীৰ্ঘদিনীয়া এক দাবী আছিল নায়েৰ আলগাত এখন আদৰ্শ মহাবিদ্যালয় প্ৰতিষ্ঠা হব লাগে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমছু নেতৃত্বক প্ৰতিশ্ৰুতি প্ৰদান কৰি আনুষ্ঠানিক ভাৱে ঘোষণা কৰে। দুদিনীয়া আলোচনা সৌহাদ্যপূৰ্ণ হয়। উক্ত আলোচনাত আমি ডাঙি
03/09/2023
আপোচ বিহীন সংগ্ৰাম ,অন্যায় বিৰোধে ন্যায়ৰ সপক্ষে,সংখ্যালঘুৰ জীয়া বলিষ্ঠ কন্ঠ,দিন ৰাতি একাকাৰ কৰি গণতান্ত্ৰিক আৰু ন্যায়িক আন্দোলৰ প্ৰধান আমাৰ সকলোৰে পৰিচিত আমছুৰ সন্মানীয় সভাপতি ডাঙৰীয়া শুভ জন্ম দিনৰ প্ৰাক খনত অক্ষেক অক্ষেক শুভেচ্ছা জ্ঞাপন কৰিছো।May Allah bless him thousand year.
30/08/2023
ইন্না লিল্লাহি ওয়া ইন্না ইলাইহি ৰাজিউন ।
চিৰাং জিলা আমছুৰ অন্তৰ্গত নাঙলভাঙা আঞ্চলিক সমিতি আমছুৰ সভাপতি আকবৰ আলী ডাঙৰীয়াৰ মাতৃ আৰু এই পৃথিৱীত নাই আকবৰ আলীৰ মাতৃ জনীৰ কাৰণে সকলোৱে দুৱা কৰিব আল্লাহ যাতে জান্নাত নচিব কৰে আমিন।🤲