Vidya Bharati Shiksha Sanskriti Trust

Vidya Bharati Shiksha Sanskriti Trust Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Vidya Bharati Shiksha Sanskriti Trust, Education Website, Gauhati.

বিদ্যা ভাৰতী শিক্ষা সংস্কৃতি ন্যাসৰ বাৰ্ষিক সাধাৰণ সভা সম্পন্নবিদ্যা ভাৰতী শিক্ষা সংস্কৃতি ন্যাসৰ বাৰ্ষিক সাধাৰণ সভা ৯ আ...
10/08/2026

বিদ্যা ভাৰতী শিক্ষা সংস্কৃতি ন্যাসৰ বাৰ্ষিক সাধাৰণ সভা সম্পন্ন
বিদ্যা ভাৰতী শিক্ষা সংস্কৃতি ন্যাসৰ বাৰ্ষিক সাধাৰণ সভা ৯ আগষ্ট,২৬ ইং তাৰিখে অসম প্ৰকাশন ভাৰতীৰ সভা কক্ষত ন্যাসৰ সভাপতি শ্ৰীচাঞ্চিৰাম পায়েংদেৱে সভাপতিত্ত সম্পন্ন হয়। সভাত যোৱা সাধাৰণ সভাৰ কৰ্যবিৱৰণী ফাঠ কৰে শ্ৰীপ্ৰণৱ গোস্বামী, ২০২৫-২৬ বৰ্ষৰ বাৰ্ষিক প্ৰতিৱেদন পাঠ কৰে সম্পাদক শ্ৰী দীপক দাসে আৰু ২০২৫-২৬ বৰ্ষৰ আয় ব্যয়ৰ হিচাপৰ লগতে ২০২৬-২৭ বৰ্ষৰ বাজেট দাখিল কৰে কোষাধক্ষ্য শ্ৰীঅৰুন চৌধুৰীদেৱে। বিদ্যা ভাৰতী পূৰ্বোত্তৰ সংগঠন মন্ত্ৰী ড৹ পৱন তিৱাৰী দেৱে ন্যাসৰ ভবিষ্যৰ পৰিকল্পানা সম্পৰ্কে মাৰ্গদৰ্শন কৰে। সভাত উপস্থিত থাকে শিশু শিক্ষা সমিতি, অসমৰ সভাপতি মাননীয় শ্ৰীযুত কুলেন্দ্ৰ কুমাৰ ভাগৱতী, বিদ্যা ভাৰতী পূৰ্বোত্তৰ কাৰ্ষকাৰিনী সদস্য শ্ৰীযোগেন্দ্ৰ সিং চিচোদিয়া, শংকৰদেৱ শিশু নিকেতন, হাজোংবৰীৰ পাৰধানাচাৰ্য শ্ৰীতপন কুমাৰ শৰ্মাৰ লগতে ন্যাস সমূহ সদস্য-সদস্যা।
বিদ্যা ভাৰতী শিক্ষা সংস্কৃতি ন্যাসৰ বাৰ্ষিক সাধাৰণ সভা সম্পন্ন
বিদ্যা ভাৰতী শিক্ষা সংস্কৃতি ন্যাসৰ বাৰ্ষিক সাধাৰণ সভা ৯ আগষ্ট,২৬ ইং তাৰিখে অসম প্ৰকাশন ভাৰতীৰ সভা কক্ষত ন্যাসৰ সভাপতি শ্ৰীচাঞ্চিৰাম পায়েংদেৱে সভাপতিত্ত সম্পন্ন হয়। সভাত যোৱা সাধাৰণ সভাৰ কৰ্যবিৱৰণী ফাঠ কৰে শ্ৰীপ্ৰণৱ গোস্বামী, ২০২৫-২৬ বৰ্ষৰ বাৰ্ষিক প্ৰতিৱেদন পাঠ কৰে সম্পাদক শ্ৰী দীপক দাসে আৰু ২০২৫-২৬ বৰ্ষৰ আয় ব্যয়ৰ হিচাপৰ লগতে ২০২৬-২৭ বৰ্ষৰ বাজেট দাখিল কৰে কোষাধক্ষ্য শ্ৰীঅৰুন চৌধুৰীদেৱে। বিদ্যা ভাৰতী পূৰ্বোত্তৰ সংগঠন মন্ত্ৰী ড৹ পৱন তিৱাৰী দেৱে ন্যাসৰ ভবিষ্যৰ পৰিকল্পানা সম্পৰ্কে মাৰ্গদৰ্শন কৰে। সভাত উপস্থিত থাকে শিশু শিক্ষা সমিতি, অসমৰ সভাপতি মাননীয় শ্ৰীযুত কুলেন্দ্ৰ কুমাৰ ভাগৱতী, বিদ্যা ভাৰতী পূৰ্বোত্তৰ কাৰ্ষকাৰিনী সদস্য শ্ৰীযোগেন্দ্ৰ সিং চিচোদিয়া, শংকৰদেৱ শিশু নিকেতন, হাজোংবৰীৰ পাৰধানাচাৰ্য শ্ৰীতপন কুমাৰ শৰ্মাৰ লগতে ন্যাস সমূহ সদস্য-সদস্যা।

জনজাতি গাহৰি পালকলৈ বিনীমূলীয়াকৈ উন্নতজাতৰ গাহৰি পোৱালী বিতৰণগুৱাহাটী,১২জুন-বিদ্যা ভাৰতী শিক্ষা সংস্কৃতি ন্যাসৰ দ্বাৰা ব...
23/06/2026

জনজাতি গাহৰি পালকলৈ বিনীমূলীয়াকৈ উন্নতজাতৰ গাহৰি পোৱালী বিতৰণ
গুৱাহাটী,১২জুন-বিদ্যা ভাৰতী শিক্ষা সংস্কৃতি ন্যাসৰ দ্বাৰা বোন্দাত বোন্দা আঞ্চলিক জনজাতি ক্ৰিড়া ও সংস্কৃতিক বিকাশ কেন্দ্ৰৰ সহোগত “আই,চি,এ,আৰ – ৰাষ্ট্ৰীয় গাহৰি গবেষণা কেন্দ্ৰ, ৰাণীৰ” পৰা অনুদান হিচাপে লাভ কৰা ২৮ টা উন্নত জাতৰ গাহৰি পোৱালী বৃহত্তৰ বোন্দা, বীৰকুছী, আমগাওঁ, ঘূলীগাওঁ, ছপাইদং আৰু কেন্দুগুৰী অঞ্চলৰ পৰা নিৰ্বাচিত ২৮ গৰাকী জনজাতি গাহৰি পালকলৈ বিনামূলীয়াকৈ বিতৰণ কৰে । ন্যাসৰ সভাপতি শ্ৰীচাঞ্চিৰাম পায়েঙৰ উদ্যোগত,বিদ্যাভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ মাননীয় সংগঠন মন্ত্ৰী ড৹ পৱন তিৱাৰীৰ মাৰ্গদৰ্শনত লাভ কৰা গাহৰি পোৱালী বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে বোন্দা আঞ্চলিক জনজাতি বিকাশ কেন্দ্ৰৰ সকলো বিষয় ববীয়া, বোন্দা লাটৰ গ্ৰাম প্ৰধান শ্ৰীভানাৰাম লালুং, বিদ্যা ভাৰতী শিক্ষা সংস্কৃতি ন্যাসৰ বিষয় ববীয়া, চন্দ্ৰপুৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী শ্ৰীমতী ৰুনুমী বড়ো ৰংপী তথা বহু কেইগৰাকী সেই অঞ্চলৰ শুভাকাংক্ষীয়ে । গাহৰি বিতৰণ কাৰ্যসূচীত ন্যাসৰ সভাপতি শ্ৰী পায়েঙে হিতীধিকাৰী গাহৰি পালক সকলক অভিনন্দন জ্ঞাপন কৰে আৰু গাহৰি পালনৰ যোগেদি তেওঁলোকক আৰ্থিক ভৱে সবল হোৱাৰ আহৱান জনায় । ন্যাসৰ সক্ৰিয় সদস্য শ্ৰীভুষণ গোস্বামীয়ে ৰাণীৰ গাহৰি গৱ্ষণা কেন্দ্ৰ, বোন্দা আঞ্চলিক জনজাতি বিকাশ কেন্দ্ৰ তথা সমবেত স্থানীয় ৰাইজৰ লগতে গাহৰি পালক সকলক শলাগ জ্ঞাপন কৰে।

বিদ্যা ভাৰতী শিক্ষা সংস্কৃতি ন্যাসৰ পঞ্চম সংখ্যক প্ৰতিষ্ঠা দিবসৰ লগত সংগতি ৰাখি যোৱা ২০ জুন, ২০২৬ তাৰিখে মৰোৱাৰী যুৱ মঞ্...
23/06/2026

বিদ্যা ভাৰতী শিক্ষা সংস্কৃতি ন্যাসৰ পঞ্চম সংখ্যক প্ৰতিষ্ঠা দিবসৰ লগত সংগতি ৰাখি যোৱা ২০ জুন, ২০২৬ তাৰিখে মৰোৱাৰী যুৱ মঞ্চ আৰু লায়ঞ্চ ক্লাব গুৱাহাটীৰ সহযোগত শংকৰদেৱ শিশু নিকেতন, হাজোংবৰীত বিনামূলীকৈ চকু, দাত আৰু ব্লাড চুগাৰ, ব্লাড প্ৰেচাৰ চোৱা হয়।প্ৰায় ১০০ গৰাকী ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু আচাৰ্য- আচাৰ্যাৰ স্বাস্থ পৰাক্ষা কৰা হয়।অুনস্থানটোৰ আগ ভাগ লয় ন্যাৰ সভাপতি শ্ৰীচাঞ্চিৰাম পায়োং, কোষাধক্ষ্য শ্ৰীঅৰুন চৌধুৰীদেৱ আৰু সম্পাদক শ্ৰীদীপক দাসদেৱে।ব্লাড চুগাৰ ৰোগি সকলক বিনামুলীয়াকৈ চুগাৰ টেষ্ট কৰা মেচিন যোগান ধৰাহয়।অুনষ্ঠানত মৰোৱাৰী যুৱ মঞ্চ সভাপতি কে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

বিদ্যা ভাৰতী শিক্ষা সংস্কৃতি ন্যাসৰ উদ্যোগত বিনামূলীয়া চিকিৎসা শিবিৰআজি ২৯ জুন ২০২৫ তাৰিখে বিদ্যা ভাৰতী শিক্ষা সংস্কৃতি ...
29/06/2025

বিদ্যা ভাৰতী শিক্ষা সংস্কৃতি ন্যাসৰ উদ্যোগত বিনামূলীয়া চিকিৎসা শিবিৰ
আজি ২৯ জুন ২০২৫ তাৰিখে বিদ্যা ভাৰতী শিক্ষা সংস্কৃতি ন্যাসৰ আৰু প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ উদ্যোগত শংকৰদেৱ শিশু নিকেতন, হাজোংবৰী, চন্দ্ৰপুৰত এটি বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰা হয়। ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ নাৰেঙ্গী শাখাই বিশেষ ভাবে সহযোগিতা আগবঢ়োৱা এই শিবিৰত সোনাপুৰ জিলা চিকিৎসালয়ৰ স্বাস্থ্য বিষয়া ডা. শৈখট শৰ্মা, বৰপেটা চিকিৎসালয়ৰ স্বাস্থ্য বিষয়া ডা.শুভম যোশী, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক যথাক্ৰমে ডা.আদৰ্শ মিশ্ৰ আৰু ডা.স্মৃতি চেতিয়াই এশৰো অধিক স্থানীয় বাসিন্দাক সোৱা আৰু ঔষধৰ বিতৰন কৰে।
চিকিৎসা শিবিৰৰ উদ্ধোধনী অনুষ্ঠানত শ্ৰীভূষণ গোস্বামীৰ আত ধৰে । ইয়াৰ পিচতে চিকিৎসক সকলে বন্তি প্ৰজ্বলন কৰাৰ পাচতে প্ৰতি গৰাকী চিকিৎসকক একোখনকৈ ৰাভা মাফলাৰেৰে আদৰণি জনোৱা হয়। শিবিৰত ন্যাসৰ সভাপতি শ্ৰীচাঞ্চিৰাম পায়োং, সম্পাদক শ্ৰীদীপক দাস, নিকোতনৰ প্ৰধানাচাৰ্য শ্ৰীমঞ্জুমোহন চক্ৰৱৰ্তী, ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ কাৰ্যকৰ্তা শ্ৰীকনক ডেকা, প্ৰমুখ্যে বিভিন্ন কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰে।শিবিৰ আয়োজনৰ ক্ষেত্ৰত শ্ৰীধীৰেন বসুমতাৰী আৰু শ্ৰীউপেন ৰাহাংদেৱে বিশেষ ভাবে সহযোগিতা আগবঢ়াই৷

প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয় আৰু বিদ্যা ভাৰতী শিক্ষা সাংস্কৃতিক ন্যাসে দ্বাৰা পশুধনৰ খাদ্য বিতৰণচন্দ্ৰপুৰ, গুৱাহাটী | ...
16/06/2025

প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয় আৰু বিদ্যা ভাৰতী শিক্ষা সাংস্কৃতিক ন্যাসে দ্বাৰা পশুধনৰ খাদ্য বিতৰণ
চন্দ্ৰপুৰ, গুৱাহাটী | ১৬ জুন ২০২৫: প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয় আৰু বিদ্যা ভাৰতী শিক্ষা সাংস্কৃতিক ন্যাসৰ সহযোগত, প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ চৌহদত ৰাষ্ট্ৰীয় গাহৰি গৱেষণা কেন্দ্ৰ (এন আৰ চি), ৰাণী, সহযোগত গ্ৰাম্য সবলীকৰণ আৰু বহনক্ষম গাহৰিৰ প্ৰথাক প্ৰসাৰিত কৰাৰ বাবে গাহৰিৰ খাদ্য বিতৰণ কাৰ্যসূচী অনুষ্ঠিত কৰে।
সতেজ গাহৰিৰ সামগ্ৰী আৰু পৰিষ্কাৰ-পৰিচ্ছন্ন পশুপালনৰ ওপৰত প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰা লগতে, এন আৰ চিৰ বিশেষজ্ঞসকলে দুৰ্ভগীয়া গ্ৰাম্য পৰিয়ালৰ বাবে গাহৰি পালনৰ পুষ্টি আৰু অৰ্থনৈতিক সুবিধাসমূহৰ ওপৰত আলোকপাত কৰে।
বিশিষ্ট অতিথি হিচাপে গৱেষণা, শিক্ষা, আৰু সম্প্ৰদায় উন্নয়নৰ একত্ৰীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি মাৰ্গদৰ্শন কৰে শ্ৰী অবনীশ ভাটনগৰ (উপ সভাপতি, বিদ্যা ভাৰতী), ড° বিবেক কুমাৰ গুপ্ত (সঞ্চালক, এন আৰ চি), আৰু ড° প্ৰণৱ জ্যোতি দাস (প্ৰধান বিজ্ঞানী, এন আৰ চি)।
প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক ড০ যোগেশ কাকতিয়ে আদৰণি ভাষনত জ্ঞানক কৰ্মলৈ অনুবাদ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ বিপৰীতে বিদ্যা ভাৰতীৰ প্ৰতিনিধিয়ে তৃণমূল পৰ্যায়ৰ ৰূপান্তৰত শিক্ষা আৰু সমাজ সেৱাৰ ভূমিকাক আলোকপাত কৰে।
অনুষ্ঠানৰ সামৰণিত শলাগৰ শৰাই জ্ঞাপন কৰে বিদ্যা ভাৰতী শিক্ষা সাংস্কৃতিক ন্যাসৰ, সভাপতি শ্ৰী চাঞ্চি ৰাম পায়েঙদেৱে। সভাত বিদ্যা ভাৰতী পূৰ্বোত্ত ক্ষেত্ৰৰ সংগঠন মন্ত্ৰী ড০ পৱন তিৱাৰী, বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ মন্ত্ৰী ড০ জগদীন্দ্ৰৰায় চৌধুৰী, শিশু শিক্ষা সমিতি, অসমৰ সভাপতি শ্ৰীকুলেন্দ্ৰ কুমাৰ ভাগৱতী, বিদ্যা ভাৰতী শিক্ষা সাংস্কৃতিক ন্যাসৰ সম্পাদৰ শ্ৰীদীপক দাসকে ধৰি কেইবাগৰাকী অধিকাৰী উপস্থিত থাকে। আয়োজকসকলে আশা প্ৰকাশ কৰে যে এনে পদক্ষেপে শৈক্ষিক আৰু গ্ৰাম্য উন্নয়নক সংযোগ কৰি থাকিব।

বিদ্যা ভাৰতী শিক্ষা সংস্কৃতি ন্যাসৰ উদ্যোগত বিশ্ব পৰিবেশ দিৱস উদযাপন৫ জুন,২০২৫ বৃহস্পতিবাৰে বিদ্যা ভাৰতী শিক্ষা সংস্কৃতি...
05/06/2025

বিদ্যা ভাৰতী শিক্ষা সংস্কৃতি ন্যাসৰ উদ্যোগত বিশ্ব পৰিবেশ দিৱস উদযাপন
৫ জুন,২০২৫ বৃহস্পতিবাৰে বিদ্যা ভাৰতী শিক্ষা সংস্কৃতি ন্যাসৰ উদ্যোগত চন্দ্ৰপুৰ স্থিত শংকৰদেৱ শিশু নিকেতন, হাজোংবৰীত পৰিবেশ প্ৰদুষণ মুক্ত কৰাৰ সম্পৰ্কত এখন সজাগতা সভা অনুষ্ঠিত হয়। বিদ্যা ভাৰতী শিক্ষা সংস্কৃতি ন্যাসৰ সভাপতি শ্ৰীযুত চাঞ্চিৰাম পায়েংদেৱৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত মুখ্য অতিথি হিচাবে অংশ গ্ৰহণ কৰি শিশু শিক্ষা সমিতি, অসমৰ সাধাৰণ সম্পাদক শ্ৰীযুত জগন্নাথ ৰাজবংশীদেৱে বায়ু, পানী, মাটি সকলোকে প্ৰদুষণ মুক্ত কৰাৰ লগতে প্লাষ্টিক মুক্ত পৰিবেশ নিৰ্মানৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ বাবে সকলোকে অহবান জনাই। সভাত শংকৰদেৱ শিশু নিকেতন, হাজোংবৰীৰ পৰিচালনা সমিতিৰ সভাপতি শ্ৰীযুত নৰেশ্বৰ বসুমতাৰীদেৱ, শিশু শিক্ষা সমিতি, অসমৰ পূৰ্ণকালিন কাৰ্যকৰ্তা শ্ৰীযুত ভূষণ গোস্বামী, নিকেতনৰ উপ-প্ৰধানাচাৰ্য শ্ৰীযুতা জুৰী গোস্বামীৰ সমন্নিতে নিকেতনৰ সমুহ আচাৰ্য-আচাৰ্যা, ছাত্ৰ-ছাত্ৰী আৰু প্ৰায় ২০ জনৰো অধিক অভিভাবকে অংশ গ্ৰহন কৰাৰ লগতে নিকেতন খনৰ চৌহদত বিভিন্ন গছ পুলি ৰোপন কৰে। অনুষ্ঠানৰ সুচাৰু ভাৱে পৰিচালনা সহায় কৰে ন্যাস সম্পাদক শ্ৰীযুত দীপক দাসদেৱে।

*Annual General Meeting of Vidya Bharati Shiksha Sanskriti Trust Concludes Successfully*Guwahati, September 29, 2024 – T...
29/09/2024

*Annual General Meeting of Vidya Bharati Shiksha Sanskriti Trust Concludes Successfully*

Guwahati, September 29, 2024 –
The Annual General Meeting of Vidya Bharati Shiksha Sanskriti Trust took place on Sunday at the Amrit Bhawan Auditorium of Pragjyotishpur University. The meeting was chaired by Trust Chairman Sanchiram Payeng.

During the session, Secretary Deepak Das presented the Annual Report, while Treasurer Arun Chaudhary shared the audit report for the year 2023-24 and outlined the budget for the upcoming year.
Dr. Pawan Tiwari, Organizing Secretary of Vidya Bharati Purvottar Kshetra, highlighted the Trust's future initiatives, focusing on advancements in technical education, environmental protection efforts, civic awareness campaigns and the establishment of Sanskar Kendras.
The meeting also saw the participation of several dignitaries, including Dr. Jagdindra Roy Choudhary, Secretary of Vidya Bharati Purvottar Kshetra; Kulendra Kumar Bhagwati, President of Shishu Shiksha Samiti Assam; Nirav Ghelani, Organizing Secretary of Vidya Bharati Uttar Assam and Jagannath Rajbanshi, General Secretary of Shishu Shiksha Samiti Assam, among others.
The event underscored the commitment of the Trust to enhancing education and social responsibility in the region.

বিদ্যা ভাৰতী শিক্ষা সংস্কৃতি ন্যাসৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিতগুৱাহাটী, ২৯ ছেপ্তেম্বৰ,২০২৪ দেওবাৰে বিদ্যা ভাৰতী শিক্ষা ...
29/09/2024

বিদ্যা ভাৰতী শিক্ষা সংস্কৃতি ন্যাসৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
গুৱাহাটী, ২৯ ছেপ্তেম্বৰ,২০২৪
দেওবাৰে বিদ্যা ভাৰতী শিক্ষা সংস্কৃতি ন্যাসৰ বাৰ্ষিক সাধাৰণ সভা প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ অমৃত ভৱন সভাগৃহত অনুষ্ঠিত হয়। ন্যাসৰ সভাপতি চাঞ্চিৰাম পায়েঙৰ সভাপতিত্ব অনুষ্ঠিত হোৱা সভাৰ বাৰ্ষিক প্ৰতিবেদন পাঠ কৰে সম্পাদক দীপক দাসে আৰু ২০২৩-২৪ বৰ্ষৰ হিচাপ পৰীক্ষকৰ প্ৰতিবেদন তথা আগন্তুক বৰ্ষৰ বাজেট পাঠ কৰে ন্যাসৰ কোষাধ্যক্ষ অৰুণ চৌধুৰীয়ে। ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে বক্তব্য ৰাখি বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সংগঠন মন্ত্ৰী ড° পৱন তিৱাৰীয়ে ন্যাসৰ দ্বাৰা কাৰিকৰী শিক্ষাৰ প্ৰগতি, পৰিৱেশৰ সংৰক্ষণৰ দিশত কাম, নাগৰিকৰ কৰ্তব্য সম্পৰ্কে জাগৰণ সৃষ্টি, সংস্কাৰ কেন্দ্ৰ স্থাপন আদি কথাৰ উল্লেখ কৰে। বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ মন্ত্ৰী ড° জগদীন্দ্ৰ ৰায় চৌধুৰী, শিশু শিক্ষা সমিতিৰ সভাপতি কুলেন্দ্ৰ কুমাৰ ভাগৱতী, বিদ্যা ভাৰতী উত্তৰ অসম প্ৰান্তৰ সংগঠন মন্ত্ৰী নীৰৱ ঘেলানী, শিশু শিক্ষা সমিতিৰ সাধাৰণ সম্পাদক জগন্নাথ ৰাজবংশী প্ৰমুখ্যে কেইবাগৰাকী প্ৰমুখ ব্য়ক্তি সভাত উপস্থিত থাকে।

৭জুলাই ২০২৪ইং তাৰিখ ৰবিবাৰে বিদ্যা ভাৰতী শিক্ষা সংস্কৃতি ন্যাস হাজোংবৰীৰ উদ্যোগত আৰু Rotary Club  Guwahati ৰ সহযোগত প্ৰা...
07/07/2024

৭জুলাই ২০২৪ইং তাৰিখ ৰবিবাৰে বিদ্যা ভাৰতী শিক্ষা সংস্কৃতি ন্যাস হাজোংবৰীৰ উদ্যোগত আৰু Rotary Club Guwahati ৰ সহযোগত প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ অমৃত ভৱনত দাঁত, শিশু,প্ৰসুতি আৰু মেডিচিন বিভাগৰ বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা হাজোংবৰী, ঠাকুৰকুছি, চন্দ্ৰপুৰৰ ৰাইজৰ বাবে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰৰ অনুষ্ঠিত কৰা হয়৷ চিকিৎসা শিৱিৰৰ ব্যৱস্থা কৰে ন্যাসৰ , সভাপতি শ্ৰীযুত চাঞ্চিৰাম পায়েং আৰু সম্পাদক শ্ৰীযুত দীপক দাস,সদস্য শ্ৰীযুত সঞ্জয় পোদ্দাৰ৷
শিবিৰত চিকিৎসক হিচাপে উপস্থিত থাকে ডা°মৌচুমী কৃষ্ণত্ৰয়, ডা°পাৰ্থপ্ৰতিম বৰা,ডা°চন্দন নাগ,ডা°চাৰু নাগ,ডা°চোনম নাগৰি,ডা°প্ৰনয়া,ডা°চাহিন ৰহমান,ডা°কিশোৰ দাস,ডা°চোনম নাগৰী,শ্ৰীপংকজ কোঠাৰী Rotary ClubCA,শ্ৰীসুনিতা ডেকা অধ্যক্ষা Rotary Club,লগতে sister হিচাপে উপস্থিত থাকে শ্ৰীকৰিস্মা কলিতা আৰু শ্ৰীভীতালী কলিতা
ইয়াত প্ৰায় ১৫০ গৰাকী লোকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামুলীয়াকৈ ঔষধ প্ৰদান কৰা হয়৷

আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস পালন।গুৱাহাটী: ২১ জুন, ২০২৪চন্দ্ৰপুৰ হাজোংবৰীস্থিত বিদ্যা ভাৰতী বহুমুখী শৈক্ষিক প্ৰকল্পত বিদ্যা ...
21/06/2024

আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস পালন।
গুৱাহাটী: ২১ জুন, ২০২৪
চন্দ্ৰপুৰ হাজোংবৰীস্থিত বিদ্যা ভাৰতী বহুমুখী শৈক্ষিক প্ৰকল্পত বিদ্যা ভাৰতী শিক্ষা সংস্কৃতি ন্যাসৰ উদ্যোগত আজি আন্ত:ৰাষ্ট্ৰীয় যোগ পালন কৰা হয় ।
উক্ত কাৰ্য্যক্ৰমত বিদ্যা ভাৰতী পূৰ্বোওৰ ক্ষেএৰ সংগঠন মন্ত্ৰী মাননীয় ড০ পৱন তিৱাৰী , বিদ্যা ভাৰতী উত্তৰ অসম প্ৰান্তৰ সংগঠন মন্ত্ৰী মাননীয় নীৰৱ ঘেলানী, বিদ্যা ভাৰতী শিক্ষা সংস্কৃতি ন্যাসৰ মাননীয় সভাপতি চাঞ্চিৰাম পায়েং, সম্পাদক দীপক দাস, শিশু শিক্ষা সমিতি অসমৰ যুটীয়া সম্পাদক জগনাথ ৰাজবংশী দেৱ, প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ ফাৰ্মাচী বিভাগৰ মাননীয় অধ্যক্ষ সুৰেশ কুমাৰ দেৱ, হাজোংবৰী নিকেতনৰ ছাত্ৰ-ছাত্ৰী, আচাৰ্য-আচৰ্যা উক্ত আন্ত ৰাষ্ট্ৰীয় যোগ দিৱস কাৰ্য্যক্ৰমত ভাগ লয়। উক্ত কাৰ্য্যক্ৰমত যোগ পৰিচালনা কৰে শিশু শিক্ষা সমিতি অসমৰ অভিলেখাগাৰ প্ৰমুখ ভূষণ গোস্বামী দেৱে।
উক্ত কাৰ্য্যক্ৰমত মাননীয় ড০ পৱন তিৱাৰীয়ে যোগৰ বিষয়ে কয় যে আমি যোগ কৰিলে আমাৰ স্বাস্থ্য ভালে থাকিব লগতে কয় যে আমি সকলোৱে দৈনিক কমেই এক ঘন্টা যোগ কৰিৱ লাগে। তেখেতে লগতে এই কাৰ্যক্ৰমত উপস্থিত থকা সকলো কাৰ্যকৰ্তাক নিতৌ কমেওঁ আধাঘন্টা যোগ কৰিবলৈ অনুৰোধ জনায়।

Address

Gauhati

Website

Alerts

Be the first to know and let us send you an email when Vidya Bharati Shiksha Sanskriti Trust posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share