Mousumi Phukan

Mousumi Phukan ||Child Mental Health Professional|| ||Parent & Child Counsellor||

26/05/2026

বিদ্যালয়সমূহলৈ জৰুৰী পৰামৰ্শ

চাইবাৰ অপৰাধী আৰু অনলাইন চিকাৰীয়ে সামাজিক মাধ্যমত উপলব্ধ শিশুৰ ফটো আৰু ব্যক্তিগত তথ্যসমূহ অনৈতিক কার্যকলাপ (যেনে- চাইবাৰ চিকিউৰিটি এচেট মেনেজমেন্ট (CSAM), এ আই মৰ্ফিং বা বিকৃতকৰণ , জালিয়াতি , ছেক্সটৰ্চন , চাইবাৰ বুলিং আৰু পৰিচয় চুৰি)ৰ বাবে ব্যৱহাৰ কৰে ।

সেয়ে বিদ্যালয়সমূহক পৰামৰ্শ দিয়া হৈছে যে শিশু এটিক চিনাক্ত কৰিব পৰা ফটো, নাম, শ্ৰেণীৰ তথ্য, অৱস্থিতি নাইবা প্ৰকৃত সময়ৰ আপডেট পোষ্ট কৰা আদি কাৰ্যৰ পৰা বিৰত থাকক । শিশু সংক্ৰান্তীয় বিষয় সামাজিক মাধ্যমত আপলোড কৰাৰ পূৰ্বে পুনৰীক্ষণ কৰক ।

আন এক নতুন সংযোজন
22/05/2026

আন এক নতুন সংযোজন

12/01/2026

জোৰ জৱৰদস্তি নকৰাকৈ কেনেকৈ ল'ৰা ছোৱালীৰ পঢ়াৰ অভ্যাস গঢ়ি তুলিব!
#অসম #অসমীয়া

05/01/2026

"মোৰ সন্তানটিয়ে সৰু সৰু কথাতেই কান্দে!" #অসম

29/12/2025

আপুনি সন্তানটিক এনেদৰে খাবলৈ দিয়ে নে? #অসম

শ্বেৰেণ্টিং: ডিজিটেল যুগত শিশুৰ গোপনীয়তা আৰু অভিভাৱকৰ দায়িত্ববর্তমান সময়ত সামাজিক মাধ্যম আমাৰ দৈনন্দিন জীৱনৰ এক অপৰিহাৰ...
26/12/2025

শ্বেৰেণ্টিং: ডিজিটেল যুগত শিশুৰ গোপনীয়তা আৰু অভিভাৱকৰ দায়িত্ব

বর্তমান সময়ত সামাজিক মাধ্যম আমাৰ দৈনন্দিন জীৱনৰ এক অপৰিহাৰ্য অঙ্গ হৈ পৰিছে। অভিভাৱকসকলৰ মাজত তেওঁলোকৰ সন্তানৰ ছবি, ভিডিঅ', জন্মদিনৰ ক্ষণ, স্কুলৰ সফলতা আদিৰ ছবি শ্বেয়াৰ কৰাৰ প্ৰৱণতা বাঢ়িছে। এই পৰিঘটনাটোকেই "Sharenting" বুলি কোৱা হয়, যি "Share" আৰু "Parenting" শব্দদ্বয়ৰ এক সংমিশ্ৰণ। কিন্তু বৰ্তমানৰ এই যুগত এই ডিজিটেল ভালপোৱা যে নিৰাপদ নহয় সেই কথাটো বহুতে গভীৰভাৱে নাভাৱে।

শ্বেৰেণ্টিং মানে কি?

Sharenting হৈছে অভিভাৱকে নিজৰ সন্তানৰ বিষয়ে সামাজিক মাধ্যমত নিয়মিতভাৱে বিভিন্ন তথ্য, ছবি, বা ভিডিঅ’ শ্বেয়াৰ কৰাৰ এক প্ৰক্ৰিয়া। বহুসময়ত যদিও এইবোৰ মৰম, ভালপোৱা,গৰ্ব তথা শৈশৱৰ ধুনীয়া মুহূৰ্তবোৰ ধৰি ৰখাৰ এক প্ৰয়াস হিচাপে প্ৰকাশ কৰা হয়, কিন্তু বহুক্ষেত্ৰত এইবোৰে শিশু এটিৰ জীৱনৰ গোপনীয়তাৰ ওপৰত আঁচ পেলাব পাৰে।

শ্বেৰেণ্টিংৰ পৰা হ'ব পৰা বিপদসমূহ:

১. ডিজিটেল পদচিহ্ন (Digital Footprint): সন্তানৰ ছবি, নাম, জন্মৰ তাৰিখ, বিদ্যালয়ৰ নাম আদি সামাজিক মাধ্যমত প্ৰকাশ কৰা মানে তেওঁলোকে এই ডিজিটেল পৃথিৱীৰ বিষয়ে জনাৰ আগতেই ডিজিটেল পদচিহ্ন অতি সৰু বয়সৰ পৰাই আৰম্ভ হৈ যায়। যিবোৰ তথ্য ইন্টাৰনেটত স্থায়ীভাৱে ৰৈ যায।

২. শিশুৰ পৰিচয় চুৰি (Child Identity Theft): অৰ্থাৎ শিশুৰ নাম, জন্মৰ তাৰিখ, ঠিকনা আদি অনলাইনত উপলব্ধ হ’লে সেয়া বহু সময়ত হেকাৰৰ লক্ষ্য হোৱা দেখিবলৈ পোৱ যায়। যি পৰিচয় হেকাৰে অবৈধ ভাৱে ব্যৱহাৰ কৰাৰ সম্ভাৱনা থাকে।

৩. শিশু নিৰ্যাতন (Child Exploitation): UNICEF আৰু Interpol ৰ মতে বহুতো Pe*****le গ্ৰুপে শিশুৰ অনলাইন ফটো Child po*******hy অথবা grooming ৰ বাবে ব্যৱহাৰ কৰে।

৪. মানসিক প্ৰভাৱ: কিছুমান শিশুৱে ডাঙৰ হোৱাৰ পিছত মাক দেউতাকে শ্বেয়াৰ কৰা তথ্যবোৰৰ বাবে লাজ পায় বা লগ সমনিয়াই জোকাবলৈ লোৱা ইত্যাদি সমস্যাৰ সন্মুখীন হয়। তেওঁলোকৰ মতামত অবিহনে তেওঁলোকৰ জীৱন সামাজিক মাধ্যমত আগতীয়াকৈ মুকলি কৰাটোৱে নভৱাকৈয়ে তেওঁলোকৰ মানসিক স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ'ব পাৰে।

University of Michigan (২০১৮) ৰ অনুসন্ধানত দেখা গৈছে যে ৭৫% অভিভাৱকে ৫ বছৰ বয়সৰ আগতেই সন্তানৰ ছবি ফেচবুক, ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে। UK Child Commissioner ৰ মতে ১৩ বছৰ বয়সৰ আগতে এটা শিশুৰ বিষয়ে প্ৰায় ১৩০০ ছবিৰ ডিজিটেল পদচিহ্ন সৃষ্টি হয়। এই ক্ষেত্ৰত American Academy of Pediatrics কৈছে যে অভিভাৱকে শিশু-সম্পৰ্কীয় বিষয় শ্বেয়াৰ কৰাৰ পূৰ্বে গম্ভীৰভাৱে তাৰ দীৰ্ঘকালীন প্ৰভাৱৰ কথা ভাবিব লাগে।

Sharenting কিয় হয়?

বিশেষজ্ঞসকলে মতপোষণ কৰা মতে সামাজিক স্বীকৃতি(Social validation) অৰ্থাৎ Likes, comments আৰু attention পোৱাৰ মনোভাৱত বহুতে শ্বেয়াৰ কৰে। তাৰ উপৰিও বহুতে শৈশৱৰ ধুনীয়া মুহূৰ্তবোৰ ধৰি ৰখাৰ বাবে সামাজিক মাধ্যম ব্যৱহাৰ কৰে। আনহাতেদি সন্তানৰ সফলতাৰ উল্লাসত বহুতে তথ্যসমূহ শ্বেয়াৰ কৰে। যিসকলে সন্তানৰ জীৱনৰ সকলোবোৰ মুহূৰ্তৰ কথা সৱিশেষ শ্বেয়াৰ কৰে তেওঁলোকে ডিজিটেল পৃথিৱীৰ সম্ভাৱ্য বিপদসমূহৰ বিষয়ে সজাগ নাথাকে।

অভিভাৱকৰ কৰিবলগীয়া

১) ল'ৰা- ছোৱালীৰ ফটো বা ভিডিঅ’ সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ আগত সন্তানৰ গোপনীয়তাৰ বিষয়ে চিন্তা কৰাৰ লগতে শিশুটিৰ জীৱনত ইয়াৰ
দীৰ্ঘকালীন প্ৰভাৱ কি হ'ব পাৰে সেই কথা এবাৰ চিন্তা কৰা দৰকাৰী!

২) শ্বেয়াৰ কৰাৰ আগত শিশুটিৰ বয়স অনুযায়ী সেই বিষয়ে জনাই অনুমতি লোৱাটো আন এক গুৰুত্বপূৰ্ণ দিশ। বয়স অনুযায়ী সেই বিষয়ক কথা পাতি আৰু তেওঁলোকৰ মতামতক আগত ৰাখিহে আগবঢ়া প্ৰয়োজন!

৩) ল'ৰা ছোৱালীৰ ডিজিটেল ভৱিষ্যতৰ বিষয়ে সাৱধান হোৱাটো অভিভাৱকৰ এক দায়িত্ব। কিয়নো
এবাৰ সামাজিক মাধ্যম বা অনলাইনত শ্বেয়াৰ হোৱা বিষয় সহজে আঁতৰাব নোৱাৰি।

৪) পোষ্টটো কোনে কোনে চাব পাৰে Privacy Settings ত গৈ নিৰ্বাচন কৰি লোৱাটো আন এক গুৰুত্বপূৰ্ণ দিশ!

৫) শিশুটিৰ ডিজিটেল পৃথিৱীৰ একো জ্ঞান নহওঁতেই ইন্টাৰনেটত আপুনি শিশুটিৰ ডিজিটেল পদচিহ্ন গঢ়ি দিছে। সেই কথা মনত ৰাখিব!

অভিভাৱকে কি কৰিব নালাগে:

১) শিশুৰ ব্যক্তিগত তথ্য (স্কুল, ঠিকনা, জন্মৰ তাৰিখ ইত্যাদি) অনলাইনত শ্বেয়াৰ কৰিব নালাগে। দুষ্ট চক্ৰই শিশুৰ Identity Theft ৰ বাবে সুযোগ ল'ব পাৰে।

২) ল'ৰা ছোৱালীৰ অৰ্ধ উলংগ বা গা ধুওৱাৰ সময়ৰ ফটো আপলোড কৰাৰ পৰা বিৰত থকা ভাল। দুষ্ট চক্ৰই এই ফটো Child Exploitation ৰ বাবে ব্যৱহাৰ কৰিব পাৰে।

৩) সামাজিক মাধ্যমত সন্তানৰ লগত জড়িত কিছুমান বিষয় যেনে- ব্যৱহাৰজনিত সমস্যা, শাস্তি পোৱা বা আন কিছুমান সংবেদনশীল বিষয় যি সৰু হৈ থাকোতে অভিভাৱকৰ বাবে মৰমলগা হ'ব পাৰে কিন্তু ইয়াৰ প্ৰভাৱ ভৱিষ্যতে শিশুৰ মানসিক জগতত কেনেদৰে পৰিব পাৰে সেই বিষয়ে আপূুনিও নাজানে সেয়ে শ্বেয়াৰ কৰাৰ পৰা বিৰত থাকিব লাগে।

৪) বৰ্তমানৰ Like বা Attention পৃথিৱীত সেইবোৰ পাবৰ বাবে সন্তানৰ Privacy লৈ যাতে ভৱিষ্যতে একো অসুবিধা নহয় সেই বিষয়ক কথাবোৰ সদায় মনত ৰাখি আগবঢ়া দৰকাৰী।

৫ যদি আবশ্যক হয়, তেতিয়াহে ফটো শ্বেয়াৰ কৰিব লাগে আৰু সেয়া কৰাৰ পূৰ্বে অভিভাৱক হিচাপে দায়িত্বশীল হোৱা দৰকাৰী।

এই ক্ষেত্ৰত Assam Police এ ২০২৩ চনত নামৰ এক সচেতনতামূলক অভিযান আৰম্ভ কৰে। এই অভিযানৰ অধীনত, AI-Generated ছবি ব্যৱহাৰ কৰি অভিভাৱকসকলক সতর্ক কৰা হয় যে সন্তানৰ ছবি সামাজিক মাধ্যমত শ্বেয়াৰ কৰাটো তেওঁলোকৰ গোপনীয়তা আৰু সুৰক্ষাৰ বাবে হানিকাৰক হ'ব পাৰে। সেই সময়ৰ Assam Police ৰ টুইটটোত উল্লেখ আছিল যে "Likes fade, but the digital scars remain. Shield your child from the perils of Sharenting. Be mindful of what you share about your child on Social Media".

আনহাতেদি Assam Police ৰ Sishu Mitra উদ্যোগৰ অধীনত, ২০২৫ চনৰ এপ্ৰিল মাহত "Infantia" নামৰ এক ৰাষ্ট্ৰীয় সংলাপ অনুষ্ঠিত হয়। এই সংলাপত শিশুৰ ডিজিটেল অধিকাৰ, অনলাইন সুৰক্ষা, আৰু অভিভাৱকৰ দায়িত্ব সম্পৰ্কে আলোচনা কৰা হয়। এই অনুষ্ঠানত Assam Police ৰ DGP Harmeet Singh কৈছিল যে "We must go beyond policing and policy—we must become protectors of childhood in all its evolving forms. The internet is now a fundamental part of that journey." এই সংলাপত অভিনেত্ৰী Neha Dhupia-এ অংশগ্ৰহণ কৰি ডিজিটেল যুগত অভিভাৱকৰ দায়িত্ব সম্পৰ্কে নিজৰ অভিজ্ঞতা শ্বেয়াৰ কৰে।

Sharenting ৰ ক্ষেত্ৰত অভিভাৱকসকল সজাগ আৰু সচেতন হ'ব লাগে। সন্তানৰ ফটো শ্বেয়াৰ কৰাৰ আগতে এজন অভিভাৱক হিচাপে নিজৰ দায়িত্ববোধ আৰু সন্তানৰ অধিকাৰৰ মাজত এক সমতা ৰাখি চিন্তাশীল হৈ আগবঢ়া দৰকাৰ।

✍️মৌচুমী ফুকন

বি:দ্ৰ: ডিচেম্বৰ ২০২৫ ৰ xahitya.org ত প্ৰকাশিত https://xahitya.org/?fbclid=IwdGRzaAO7etRjbGNrA7t6ynNydGMGYXBwX2lkDDM1MDY4NTUzMTcyOAABHrogdh7EIf4F8tFI0N5E2ZBu8aRj_buonVWvTKsIzvISJLRdeQYLnCIl5vH6&brid=G67HXEVKJapCwcp4KaizMQ

23/12/2025

"মোৰ সন্তানটিয়ে পঢ়াৰ মাজৰ ব্ৰেকৰ সময়ত ম'বাইল চাব বিচাৰে! কিমান সময় ম'বাইল দিয়া উচিত?"

#অসম #অসমীয়া

22/12/2025

শিশুক অনুশাসন কৰাৰ ক্ষেত্ৰত শাস্তি দিয়াৰ দৰকাৰ আছে নেকি?

অনুশাসন যাক ইংৰাজীত "Discipline" বুলি কোৱা হয়। যিটোৰ উৎপত্তি হৈছে লেটিন ভাষাৰ শব্দ
"Disciplina"ৰ পৰা। যাৰ অৰ্থ শিকোৱা, শিকা আৰু কোনো এক কাম কৰাৰ ক্ষেত্ৰত পৰামৰ্শ বা নিৰ্দেশনা আগবঢ়োৱা। এক কথাত ক'বলৈ গ'লে শিশু এটিক অনুশাসন বা শৃংখলাবদ্ধ কৰা মানে শিশুটিক শিকোৱা।

আমাৰ সমাজত শিশু এটিক অনুশাসন কৰাৰ কথা অহাৰ লগে লগেই আন এক বিষয় আহি পৰে সেইটো হৈছে "শাস্তি" ! প্ৰকৃতাৰ্থত অনুশাসনৰ নামত শাস্তি দিয়াৰ প্ৰয়োজন আছে জানো? শিশু এটিক অনুশাসন কৰোৱা মানেই অভিভাৱকে এইটো ভৱা অনুচিত যে শাস্তি দিবই লাগিব। তাৰ পৰিৱৰ্তে অভিভাৱকৰ উদ্দেশ্য হোৱা উচিত শিশুটিক শিকোৱা। কাৰণ " Discipline" শব্দটোৰ মূল গুৰিতেই হৈছে "Disciple" যাৰ অৰ্থ হৈছে ছাত্ৰ-ছাত্ৰী, শিষ্য বা শিকাৰু " A disciple, the one receiving discipline, is not a prisoner or recipient of punishment but one who is learning through instruction".

শিশুৰ জীৱনৰ প্ৰাক শৈশৱ কালীন সময়ছোৱা ভৱিষ্যতৰ ভেটি গঢ়াৰ এক উৎকৃষ্ট সময় হোৱাৰ লগতে ই শিশুৰ ব্যৱহাৰিক জীৱন গঢ়াৰো মূল সময়। কিন্তু এই সময়ছোৱাত যেতিয়া শিশু এটিয়ে নকৰিবলগীয়া কিছু কাম কৰে প্ৰায়ে অভিভাৱক সকল এক বিমোৰত পৰা পৰিলক্ষিত হয় যে শিশুটিক অনুশাসন কেনেকৈ শিকাব বা শৃংখলাবদ্ধ হোৱাৰ জ্ঞান কেনেকৈ দিব?এই ক্ষেত্ৰত শাস্তিয়েই জৰুৰী নেকি?

The American Academy of Pediatrics ৰ অনুমোদন মতে শাস্তিৰ পৰিৱৰ্তে শৃংখলাবদ্ধ হ'বলৈ শিকোৱাই হে শিশু এটিৰ ব্যৱহাৰিক জীৱনত প্ৰভাৱ পেলায়। শৃংখলাবদ্ধৰ জ্ঞানে শিশু এটিক নিজক নিয়ন্ত্ৰণ কৰাৰ লগতে দায়িত্বশীল হোৱাত সক্ৰিয় কৰি তোলে। তাৰ পৰিৱৰ্তে শৃংখলাবদ্ধ বা অনুশাসনৰ নামত দিয়া শাস্তিয়ে শিশু এটিক প্ৰতিক্ৰিয়াশীল কৰাৰ লগতে বহুখিনি নঞৰ্থক দিশ দেখিবলৈ পোৱা যায়। ই কেৱল ক্ষন্তেকীয়া সমাধান দিয়াতহে সহায় কৰে।

শিশু এটিক শৃংখলাবদ্ধ বা অনুশাসন কৰোৱা মানে সমাজত মানি চলা আচৰণ সমূহৰ বিষয়ে শিকোৱা। য'ত শিশুটিয়ে বুজিব পাৰে যে তেওঁ কৰা কামটোৰ পৰিণাম কি হ'ব পাৰে, কোনবোৰ আচৰণ সমাজ তথা ঘৰখনে মানি ল'ব পাৰে তাৰ পৰিৱৰ্তে কোনবোৰ নোৱাৰে। অনুশাসনৰ শিক্ষাই শিশু এটিৰ জীৱনত এনে এক পৰিৱেশৰ সূচনা কৰিব পাৰে য'ত তেওঁলোকে নিজক দায়িত্বশীল কৰি তোলাৰ লগতে বহু ক্ষেত্ৰত নিজক নিয়ন্ত্ৰণ কৰিবলৈ শিকে। যিটো ক্ষেত্ৰত
অভিভাৱক হিচাপে সন্তানটিৰ পৰা তেওঁলোকে কি বিচাৰে সেই বিষয়ে সঠিককৈ জনা আৰু জনোৱা লগতে যুক্তিগতভাৱে শিশুটিক এইটোও বুজাই দিয়া উচিত যে সেই কামটোৰ বিপৰীতে গ'লে কেনে ধৰণৰ ফলাফল লাভ কৰিব বা কেনে ধৰণৰ পৰিস্থিতিৰ মুখামুখি হ'ব পাৰে।

অনুশাসন কৰা বা শৃংখলাবদ্ধ কৰা মানে অকল এইটো নহয় যে শিশুটিক বেয়া বা নকৰিব লগীয়া আচৰণ কৰিবলৈ বন্ধ কৰা আৰু ভাল আচৰণৰ ক্ষেত্ৰত উংসাহিত কৰা। তাৰ লগতে তেনে সময়বোৰত নিজক কেনেকৈ চম্ভালিব পাৰে বা সঠিক সিদ্ধান্ত কেনেকৈ ল'ব পাৰে সেই বিষয়ক জ্ঞান দিয়া আৰু শিশুটিৰ আৱেগ অনুভূতিক বুজাত সহায় কৰা।

আনহাতে যদি শাস্তিৰ ক্ষেত্ৰত যদি চোৱা যায় ই সদায় প্ৰতিক্ৰিয়াশীল। শাস্তিৰ জৰিয়তে শিশুটিক কেনে আচৰণ গ্ৰহণযোগ্য বা কোনবোৰ আচৰণ ভাল বেয়া সেইবোৰ শিকোৱাৰ পৰিৱৰ্তে অনাকাংক্ষিত আচৰণৰ বাবে জগৰীয়াহে কৰা হয়। শাস্তিৰ জৰিয়তে তাৎক্ষণিক ফলাফল লাভ কৰিলেও ই মূল কাৰণটো জনাত লগতে দীঘলীয়া সময়ৰ বাবে আচৰণসমূহ সঠিক কৰাত সহায় নকৰে।

ইয়াৰ উপৰিও বিভিন্ন গৱেষণাৰ পৰা জানিব পৰা মতে গালি-গালাজ পাৰি হওক বা শাৰিৰীকভাৱে প্ৰদান কৰা শাস্তি শিশুটিৰ বাবে হানিকাৰক। যিয়ে শিশু এটিক খঙাল কৰা, নিজক তথা মাক দেউতাকক লৈ বিৰক্তিভাৱৰ জন্ম দিয়া লগতে মাক দেউতাক আৰু সন্তানৰ মাজৰ সম্পৰ্কত ব্যাঘাত জন্মা পৰিলক্ষিত হয়। তাৰ উপৰিও শাস্তি প্ৰদানৰ অভ্যাসে ঘৰুৱা ভাৱেও এক আক্ৰোশমূলক তথা শত্ৰুতাপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰে যি শিশুৰ সাৰ্বজনিক বিকাশত বহুখিনি প্ৰভাৱ পেলাই।

সেয়ে এই ক্ষেত্ৰত প্ৰতিজন অভিভাৱকে সৰুৰেপৰাই কিছুমান কৰিবলগীয়া লগতে কৰিব নলগীয়া কাম বা আচৰণৰ বিষয়ে শিশুটিক আগতীয়াকৈ বুজোৱা প্ৰয়োজন। যেনে ঘৰৰ বাহিৰত কেনেকৈ আচৰণ কৰিব লাগে, ডাঙৰে কথা সুধিলে কিদৰে উত্তৰ দিব লাগে বা খং উঠিলে বুলিয়েই যে কাকো মাৰিব বা বস্তু ভাঙিব, দলিয়াব নালাগে ইত্যাদি বিষয়ক জ্ঞান সৰুৰেপৰাই দিয়া উচিত। লগতে শিশুটিৰ বাবে বনোৱা নিয়ম নীতিবোৰ যাতে ঘৰৰ প্ৰতিজন লোকে মানিব পৰা হয় সেইক্ষেত্ৰত মন দিয়াটো গুৰুত্বপূৰ্ণ। যিখিনি ঘৰৰ প্ৰতিজন ব্যাক্তিয়ে সদায় মানি চলিলে শিশুটিয়েও লাহে লাহে বুজি উঠে যে কোনবোৰ আচৰণ গ্ৰহণযোগ্য আৰু কোনবোৰ আচৰণ গ্ৰহণযোগ্য নহয়।

শিশুটিয়ে কৰা প্ৰতিটো ভাল আচৰণৰ প্ৰশংসা কৰা লগতে মাজে মাজে পুৰস্কিত কৰাৰ অভ্যাসে শিশুটিক সজ ব্যৱহাৰৰ দিশত আগ্ৰহী কৰি তোলে। যিয়ে শিশু এটিৰ আত্মবিশ্বাস বঢ়োৱাৰ লগতে ভাল অভ্যাস গঢ়াত সহায় কৰে।

শিশুটিৰ বাবে বনোৱা নিয়মসমূহৰ আঁৰত যুক্তিগত কাৰণ থাকিব লাগে আৰু বয়স অনুপাতে সেই নিয়মসমূহৰ কাৰণসমূহ বুজাই দিয়া প্ৰয়োজন। শাস্তি দিয়াৰ ক্ষেত্ৰত এইকেইটা কথাই প্ৰযোজ্য। শাস্তি দিলেও শিশুটিয়ে জনা উচিত যে তেওঁ কিয় শাস্তি পাইছে। অৰ্থাৎ শাস্তিও যুক্তিসঙ্গত হোৱা দৰকাৰ।

শাস্তি দিয়াৰ আগতে শিশুটিয়ে কিয় তেনে কৰিলে তাৰ কাৰণ লগতে শিশুটিয়ে ক'ব বিচৰাখিনি শুনাটো প্ৰয়োজন। যিয়ে শিশুটিক বুজাত সহায় কৰে লগতে নকৰিবলগীয়া কামটো কৰাৰ কাৰণ জানিব পৰা হয়।

শাস্তিৰ পৰিৱৰ্তে শিশু এটিক যদি অনুশাসন শিকোৱা হয় যিয়ে শিশুটিক দীঘলীয়া সময়ৰ বাবে প্ৰভান্বিত কৰে। শিশুটিয়ে যেতিয়া নিজক সংযত কৰাৰ কথা আৰু তেওঁ কৰা কামৰ পৰিণতিৰ বিষয়ে জানিব পাৰে তেওঁলোক ভৱিষ্যতৰ প্ৰত্যাহ্বানৰ সময়ত কেনেকৈ সিদ্ধান্ত ল'ব লাগে সেই বিষয়ে সাজু হ'ব পাৰে। লগতে সন্তান আৰু মাক দেউতাকৰ মাজত বিশ্বাসৰ বান্ধোন অধিক মজবুত হৈ উঠে। ইজনে সিজনৰ লগত এক সন্মানপূৰ্বক সম্পৰ্ক গঢ় লৈ উঠে। তাৰ পৰিৱৰ্তে শাস্তি দিয়াৰ নিয়মে ক্ষন্তেকৰ বাবে সমাধান দিলেও কিন্তু ভৱিষ্যতে দীঘলীয়া সময়ৰ বাবে ব্যাৱহাৰিক দিশত প্ৰভাৱ পেলোৱা পৰিলক্ষিত হয়।

✍️মৌচুমী ফুকন

বি:দ্ৰ: "শিশুসকল অতুলনীয় অনুগ্ৰহ কৰি তুলনা নকৰিব" (২০২৪) শীৰ্ষক সংকলনখনত প্ৰকাশিত

19/12/2025

শিশুটিক খেলিবলৈ দিয়াৰ প্ৰয়োজনীয়তা

"Play-based Learning" এই ধাৰণা বৰ্তমান সময়ত বহুলভাৱে প্ৰচলিত যিটো "Child Centred" হোৱাটো দৰকাৰী। অৰ্থাৎ শিশুটিৰ প্ৰয়োজন, আগ্ৰহ তথা সক্ষমতাৰ ওপৰত ভিত্তি কৰি খেলৰ মাধ্যমেৰে শিকোৱা। খেলাধুলাৰ বিষয়টো প্ৰতিজন শিশুৰ এক জন্মগত কলা যিটো লৈ তেওঁলোকে চাৰিওফালৰ পৰিৱেশ, খেলপথাৰ, ঘৰ, বজাৰ ইত্যাদি সকলোতেই নিজক ব্যস্ত ৰাখিব পাৰে। খেলাধুলা কৰাটো শিশু এটিৰ এনে এক প্ৰবৃত্তি যাৰ বাবে তেওঁলোকে য'তেই যি পাই শিলগুটিয়েই হওঁক, গছৰ পাতয়েই হওঁক ইত্যাদি লৈয়েই আনন্দ মনেৰে সময় পাৰ কৰিব পাৰে।

বৰ্তমানৰ প্ৰতিযোগিতামূলক সময়ত কিছু অভিভাৱকে বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছে যে খেলাধূলাৰ সময়খিনিয়ে শিশুটিৰ পঢ়াশুনাত প্ৰভাব পেলাব। খেলাধূলাত সময় দিয়াতকৈ সেই সময়খিনি পঢ়া শুনাত দিয়াটোহে জৰুৰী। ফলত বহু শিশুৱে খেলিবলৈ সময় নোপোৱাৰ দৰে অৱস্থা হোৱা পৰিলক্ষিত হৈছে।

"খেলাধূলা কৰা ইমান নহয়! Homework, টিউচন, লগৰীয়াবোৰৰ ঘৰ দূৰত, কাষৰ ঘৰৰ লগ কেইজনৰ লগত ঘৰৰ মানুহে খেলিব নিদিয়ে"! শিশুসকলৰ মুখেৰেই বহুসময়ত এনে কিছু কথা শুনিবলৈ পোৱা যায়। যিটোৰ বাবে জগৰীয়া অকল অভিভাৱক নহয় বৰ্তমানৰ প্ৰতিযোগিতামূলক সময় ও সমানেই জগৰীয়া!

আনহাতেদি শিশু এটিৰ প্ৰাকৃ- শৈশৱকালীন সময়ছোৱাত শিকন আৰু শিক্ষণৰ এক উৎকৃষ্ট মাধ্যম হৈছে খেলাধূলা! খেলৰ জৰিয়তে শিশু এটিয়ে নিজৰ ভাল লগা বেয়া লগাবোৰক প্ৰকাশ কৰাৰ লগতে বিভিন্ন বিষয়ৰ পৰ্যবেক্ষণে চাৰিওফালৰ পৃথিৱীখনক জনাত সহায় কৰে। খেল ধেমালিৰ জৰিয়তে শিশু এটিয়ে সামাজিক সম্পৰ্ক গঢ়ি তোলাৰ লগতে স্বাস্থ্যকৰ অভ্যাস কিছুমানও গঢ়ি তোলে।

ইয়াৰ উপৰিও খেল ধেমালিয়ে শিশু এটিৰ পঞ্চ ইন্দ্ৰিয়ৰ বিকাশত ভালেখিনি সহায় কৰে। খেলাধূলাই শিশু এটিৰ পঞ্চ ইন্দ্ৰিয়ক সজাগ কৰি ৰখাৰ লগতে ই মাংসপেশীবোৰক শক্তিশালী, বুজাপৰাৰ ক্ষমতা বৃদ্ধি লগতে আত্মবিশ্বাসী কৰি তোলাত অৰিহণা যোগায়। খেল ধেমালিৰ জৰিয়তে শিশু এটিয়ে " Learning by Doing" অৰ্থাৎ নিজে কৰি শিকাৰ অভিজ্ঞতা খিনি লাভ কৰিব পাৰে। যিয়ে শিশু এটিৰ পৰ্যবেক্ষণৰ ধাৰণা, কোনো এক বিষয়ক চালি জাৰি চোৱা, কৌতুহল বঢ়োৱাৰ লগতে Problem-solving আৰু creativity ৰ বিকাশ হোৱাত সহায় কৰে। অৰ্থাৎ খেলাধূলাই শিশু এটিক শাৰিৰীক আৰু মানসিকভাৱে সুস্থ সবল কৰি তোলাৰ লগে লগে সামগ্ৰিক বিকাশক প্ৰভাৱিত কৰে।

বি:দ্ৰ: Lets Spread knowledge (A platform for sharing & gaining Knowledge) (SKET) ৰ পৰা প্ৰকাশিত মাহেকীয়া শিশু আলোচনী " প্ৰেৰণা: The Inspiration" ৰ আগষ্ট ২০২৪ ত প্ৰকাশিত

18/12/2025

Autism আৰু কিছু নতুন কথা:

Autism মানেই হৈছে সামাজিক ভাব বিনিময় বা সামাজিক সংযোগ স্থাপন কৰিবলৈ অসমৰ্থ হোৱা লগতে কিছু Stereotypical আচৰণৰএক সমষ্টি। এই সকলোবোৰ আচৰণৰ মূলতেই হৈছে নিজৰ প্ৰয়োজনবোৰ প্ৰকাশ কৰাৰ লগতে motor planning ৰ কঠিনতা আৰু অতিমাত্ৰা সংবেদনশীলতা। এই সকলোবোৰৰ মাজত অ'টিজিমক লৈ সমাজৰ মাজত থকা এক ভুল ধাৰণা হৈছে " The inability to Love" (তেওঁলোকে ভাল পাব নোৱাৰে)।

অ'টিজিমৰ পিতৃস্বৰূপ " Leo Kanner" ৰ Theory ৰ এক ধাৰণামতে অ'টিজিমৰ সমস্যা থকা শিশুসকলে বেলেগৰ লগত সংযোগ স্থাপন কৰিব নোৱাৰে, বেলেগক মৰম কৰিব নিদিয়ে আৰু নিজেও মৰম দেখুৱাব নোৱাৰে। তেতিয়াৰ পৰাই সমাজৰ সকলোৱে এই কথা বিশ্বাস কৰি আহিছে যে সেইসকল শিশুৱে তুলনামূলকভাৱে মানুহতকৈ বস্তুৰ লগতহে থাকি ভাল পাই।

যিসকলে এনে শিশু দেখিছে তেওঁলোকে হয়টো নিশ্চয় এটা কথা মন কৰিছে যে সেই সকল শিশুৱে অকলে খেলি বা নিজৰ পৃথিৱীখনত থাকি ভাল পাই। ই এই কথা নুসূচায় যে তেওঁলোকে অকলশৰীয়াকৈ থকাতহে গুৰুত্ব দিয়ে। বিভিন্ন গৱেষণাৰ পৰা পোৱা গৈছে যে অ'টিজিম থকা শিশুসকলৰ মাজত Stress ৰ পৰিমাণ বাঢ়ি যোৱাৰ এক কাৰণ হৈছে সামাজিক সংযোগ স্থাপন কৰিবলৈ অপাৰগ হোৱা।

শিশু মনোৰোগ বিশেষজ্ঞ তথা গৱেষক Dr. Stanley Greenspan আৰু তেওঁৰ দলৰ বিশেষজ্ঞ সকলৰ মতে intervention ৰ পিছত এইসকল শিশুৰ ব্যাক্তিগতভাৱে ভালপোৱাৰ অনুভৱ গঢ় লয় সেইসকলৰ বাবে যিসকলে তেওঁক যত্ন কৰে, সেয়া মাক দেউতাকয়েই হওক বা প্ৰাথমিক পৰ্য্যায়ত চোৱাচিতা কৰাসকলেই হওক আৰু অকলে থাকিবলৈ ভাল নোপোৱা হয়।

সচৰাচৰ দেখা পোৱা আন শিশুসকলৰ ভাষাৰ বিকাশৰ আগত গঢ় লয় আত্মীয়তা আৰু এইটোৱেই সত্য অ'টিজিম থকা শিশুসকলৰ ক্ষেত্ৰতও। সমস্যাটো হৈছে শিশুটিয়ে দেখুওৱা আত্মীয়তাৰ প্ৰকাশভঙ্গী বুজি নোপোৱাটো। তাৰ ফলস্বৰূপে শিশুটিয়ে সামাজিক সম্বন্ধ গঢ়াত অসুবিধা পোৱাৰ লগতে নিজক ব্যস্ত ৰাখিবলৈ কৰা আচৰণে সৰ্বসাধাৰণৰ বাবে হৈ পৰে এক উত্তেজকস্বৰূপ। যিটো বুজি নোপোৱাৰ হেতু মানি ল'ব নোৱাৰা এক অৱস্থাৰ সৃষ্টি হয়। এই সকলোবোৰ বুজি শিশুটিক সহজ কৰি তোলাৰ ক্ষেত্ৰত অভিভাৱক সকলে কি কৰা উচিত!

১) শিশুটিৰ মনৰ ভাৱসমূহ পঢ়ুিবলৈ বুজিবলৈ শিকা উচিত। শিশুটিৰ মনৰ ভাৱসমূহ বুজি নোপোৱাৰ হেতু শিশুটিৰ ভাললগা বিষয়টো জনাত সমস্যাৰ সৃষ্টি হোৱা দেখা যায়। ফলত বয়স অনুপাতে শিশুটিক পৰিচালনা কৰাতও বাধাৰ সৃষ্টি হয় লগতে শিশুটিৰ মনৰ অনুভূতিখিনিক কমকৈ গুৰুত্ব দিয়া দেখা যায়। তাৰ উপৰিও এই সকল শিশুৰ ক্ষেত্ৰত বেছিভাগৰ সীমিত শব্দহে থাকে আৰু আধাসংখ্যাকৰ এই শব্দৰও অভাৱ। যাৰ কাৰণে শিশুটিক বুজাত আৰু বেছি সমস্যা হোৱা পৰিলক্ষিত হয়।

২) শিশুটিৰ কথা কোৱা বা মনৰ ভাব প্ৰকাশ কৰাৰ ভঙ্গিমা যেনে চকুৰ চাৱঁনি, শাৰিৰীক চল চালনাৰ ভাষা, শব্দ ইত্যাদি, যাৰ সহায়ত শিশুটিয়ে আন এজনৰ লগত ভাৱপূৰ্ণ সম্বন্ধ স্থাপন কৰিব বিচাৰিছে সেইখিনি বুজি উঠিলে সন্তানটিয়েও নিজক প্ৰকাশ কৰাত সুবিধা পাব।

৩) সন্তানটিৰ ভাল লগাখিনিক বিচাৰি উলিয়াব চেষ্টা কৰা উচিত। বেছিভাগ সময়তে অভিভাৱক সকলৰ পৰা এটা কথা শুনিবলৈ পোৱা যায় যে সন্তানটিয়ে একেটা খেলকেই বা এটা বস্তুৱেই লৈ খেলি থাকে। উদাহৰণস্বৰূপে- দৰ্জাখন এবাৰ খুলি দিয়ে এবাৰ বন্ধ কৰি দিয়ে, খেলিবলৈ লোৱা গাড়ীৰ চকাটো লৈয়েই গোটেই দিন খেলি থাকে ইত্যাদি। সেই ক্ষেত্ৰত অভিভাৱক সকলৰ উদ্দেশ্য এইটো হোৱাটো প্ৰয়োজন যে সেই পুনৰাই খেলি থকা খেলটোৱে বেলেগৰ লগত কেনেদৰে খেলাব পাৰে বা ভাৱ বিনিময় কৰিব পাৰে সেইটো বিচাৰি উলিওৱা।

৪) অভিভাৱকসকল সন্তানটিৰ বাবে এক পুতলা হোৱা উচিত। দিনটোৰ ২০মিনিট সময় সন্তানটি আৰু অভিভাৱক এনে এক পৰিৱেশত থকা ভাল য'ত সন্তানটিয়ে ভালপোৱা খেলা বস্তু তথা ম'বাইল, টিভি আতঁৰাই ৰাখি একেলগে সময় কটাবলৈ চেষ্টা কৰা। উদাহৰণস্বৰূপে শিশুটিয়ে হয়টো বিচাৰিব পাৰে মাক/ দেউতাকৰ পিঠিত উঠি ঘোঁৰা চলাব। সেই সময়ৰ বাবে মাক/দেউতাকজন ঘোঁৰা হ'ব লাগিব। যদি সন্তানটিয়ে ভাল পোৱাৰ দৰে সময়খিনি আমোদজনক বা নিজকে নিয়োজিত কৰিব পাৰে নিশ্চয় মাক/দেউতাকৰ বাহিৰে বস্তুৰ লগত খেলিব ভাল পোৱাৰ অভ্যাস কমি থাকিব।

এনে কিছু ভুল ধাৰণাই অভিভাৱক সকলক দুৰ্বল কৰি তোলাৰ লগতে শিশুটিৰ কোনো এক কাম কৰাৰ সামৰ্থ্যখিনিলৈই প্ৰশ্নবোধক চাৱনিৰেহে চোৱা দেখা যায়। তাৰ ফল বেছিকৈ ভূগিব লগা হয় শিশুটিয়ে যিটো সকলোৰে চকুত সচৰাচৰ নপৰে। এই সকলোবোৰ বাদ দি যদি এই neurodiversity ক সকলোৱে আকোঁৱালী লয় নিশ্চয় intervention ৰ দীঘলীয়া যাত্ৰা সহজ হৈ পৰিব।

✍️মৌচুমী ফুকন


বি:দ্ৰ: জানুৱাৰী ২০২৩ ৰ E-Kolomasom ৰ মাহেকীয়া ই আলোচনী "কথা- কাঞ্চন"ত প্ৰকাশিত।

15/12/2025

Speech Delay ৰ ক্ষেত্ৰত আমাৰ সমাজৰ কিছু ভুল ধাৰণা #অসম

Address

CRH, SMIMS Manipal University
Gangtok
737102

Opening Hours

Monday 9am - 5am
Tuesday 9am - 5am
Wednesday 9am - 5am
Thursday 9am - 5am
Friday 9am - 5am
Saturday 9am - 5am

Website

Alerts

Be the first to know and let us send you an email when Mousumi Phukan posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share