PMShri Phillobari High School

PMShri Phillobari High School A LEADING HIGH SCHOOL In the heart of greater PHILLOBARI area with high academic and co-scholastic records. A COMPOSITE HIGH SCHOOL

 # # অভিনন্দন আৰু গৌৰৱৰ খবৰঅত্যন্ত আনন্দ আৰু গৌৰৱেৰে জনাবলৈ পাইছোঁ যে অলপতে তিনিচুকীয়া জিলা শিক্ষণ আৰু প্ৰশিক্ষণ প্ৰতিষ...
05/06/2026

# # অভিনন্দন আৰু গৌৰৱৰ খবৰ

অত্যন্ত আনন্দ আৰু গৌৰৱেৰে জনাবলৈ পাইছোঁ যে অলপতে তিনিচুকীয়া জিলা শিক্ষণ আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (DIET)-ত অনুষ্ঠিত **জিলা পৰ্যায়ৰ শিশু বৈজ্ঞানিক প্ৰদৰ্শনী ২০২৬**-ত আমাৰ বিদ্যালয়ে এক উল্লেখনীয় সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে।

উক্ত প্ৰদৰ্শনীত আমাৰ বিদ্যালয়ৰ মেধাৱী ছাত্ৰ **সমীৰ দ্বীপ মৰাণ** আৰু **ৰিয়ান বৰুৱা**ৰ দলে প্ৰস্তুত কৰা **'Seismograph' (ভূমিকম্প লিখন যন্ত্ৰ)** শীৰ্ষক বিজ্ঞানৰ আৰ্হিটোৱে বিচাৰকসকলৰ উচ্চ প্ৰশংসা বুটলি **ৰাজ্যিক পৰ্যায়লৈ নিৰ্বাচিত** হৈছে।

আমাৰ ছাত্ৰদ্বয়ৰ এই উদ্ভাৱনীমূলক প্ৰয়াস, কঠোৰ পৰিশ্ৰম আৰু সুন্দৰ প্ৰদৰ্শনে সমগ্ৰ বিদ্যালয়খনলৈ কঢ়িয়াই আনিছে অপাৰ গৌৰৱ আৰু মৰ্যাদা। তেওঁলোকৰ এই সফলতাই বিদ্যালয়ৰ আন ছাত্ৰ-ছাত্ৰীসকলকো বিজ্ঞান মানসিকতাৰে অনুপ্ৰাণিত কৰিব বুলি আমাৰ দৃঢ় বিশ্বাস।

বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা সমীৰ আৰু ৰিয়ানক এই সুখ্যাতিৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ আগন্তুক ৰাজ্যিক পৰ্যায়ৰ যাত্ৰাৰ বাবে অহেতুক শুভেচ্ছা আৰু শুভকামনা জনালোঁ। লগতে তেওঁলোকক ইয়াৰ বাবে প্ৰস্তুত কৰি তোলা শিক্ষক-শিক্ষয়িত্ৰীসকলকো ধন্যবাদ জ্ঞাপন কৰিলোঁ।
PMShri Phillobari High School
Mondip Kalita
@শীৰ্ষৰ অনুৰাগীসকলBorun KhanikarMonuranjan Sonowal

🌿 বিশ্ব পৰিৱেশ দিৱস উদযাপন 🌿আজি আমাৰ বিদ্যালয়ৰ "ই'কো ক্লাব ফ'ৰ মিছন লাইফৰ" (Eco Club for Mission LiFE) উদ্যোগত বিশ্ব পৰ...
05/06/2026

🌿 বিশ্ব পৰিৱেশ দিৱস উদযাপন 🌿

আজি আমাৰ বিদ্যালয়ৰ "ই'কো ক্লাব ফ'ৰ মিছন লাইফৰ" (Eco Club for Mission LiFE) উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে এক বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

দিনটোৰ আৰম্ভণিতে প্ৰাতঃ সভাত বিদ্যালয়ৰ সন্মানীয় শিক্ষক-শিক্ষয়িত্ৰী আৰু মৰমৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশ সুৰক্ষাৰ সংকল্পৰে এক গুৰুত্বপূৰ্ণ শপত গ্ৰহণ কৰে। ইয়াৰ পিছতেই পৰিৱেশ সম্পৰ্কীয় সজাগতা বৃদ্ধিৰ উদ্দেশ্যে এখনি সজাগতা সভাৰ আয়োজন কৰা হয়।

বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰা বিভিন্ন প্ৰতিযোগিতাসমূহৰ ফলাফল আজি ঘোষণা কৰা হয় আৰু বিজয়ী প্ৰতিযোগীসকলক বঁটা বিতৰণ কৰি উৎসাহিত কৰা হয়। কাৰ্যসূচীৰ শেষত বিদ্যালয় চৌহদত গছপুলি ৰোপণ কৰি সেউজ ধৰিত্ৰী গঢ়াৰ সংকল্প লোৱা হয়।

আহক, আমি সকলোৱে মিলি আমাৰ পৰিৱেশ সুৰক্ষিত কৰোঁ। 🌍🌱


PMShri Phillobari High School
Ranjit Thakur
@শীৰ্ষৰ অনুৰাগীসকল

😭😭😭
04/06/2026

😭😭😭

🚨 ফিল'বাৰীত বিদ্যুৎস্পৃষ্ট হৈ অষ্টম শ্ৰেণীৰ ছাত্ৰৰ কৰুণ মৃত্যু, অঞ্চলজুৰি শোকৰ ছাঁ।

📌​ যোৱা ৩ জুন ২০২৬ তাৰিখে পিএমশ্ৰী ফিল'বাৰী হাইস্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ অয়নজ্যোতি মৰাণৰ নাজিৰাটিং গাঁ‌ৱৰ নিজ গৃহত বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু ঘটে। এই মৰ্মান্তিক দুৰ্ঘটনাটোৰ পিছতে সমগ্ৰ অঞ্চলটোৰ লগতে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত গভীৰ শোকৰ ছাঁ পৰিছে। বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰজনৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালটোলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আজি বিদ্যালয় অৰ্ধচুটী ঘোষণা কৰিছে।

🎉 পিএমশ্ৰী (PMSHRI) ফিলবাৰী হাইস্কুলৰ বাবে এক গৌৰৱৰ মুহূৰ্ত! 🎉ডিব্ৰুগড় JNV -ত অনুষ্ঠিত CATC-31 শিবিৰত আমাৰ এন.চি.চি. (N...
03/06/2026

🎉 পিএমশ্ৰী (PMSHRI) ফিলবাৰী হাইস্কুলৰ বাবে এক গৌৰৱৰ মুহূৰ্ত! 🎉

ডিব্ৰুগড় JNV -ত অনুষ্ঠিত CATC-31 শিবিৰত আমাৰ এন.চি.চি. (NCC) জুনিয়ৰ উইং কেডেটসকলৰ দুৰ্দান্ত প্ৰদৰ্শনৰ বাবে তেওঁলোকলৈ আন্তৰিক অভিনন্দন! তেওঁলোকে তলত দিয়া শিতানসমূহত বিজয়ী হৈ আমাক গৌৰৱান্বিত কৰিছে:
🏆 ড্ৰিলত ১ম পুৰস্কাৰ
🏆 দলীয় নৃত্য প্ৰতিযোগিতাত ২য় পুৰস্কাৰ
🏆শ্ৰেষ্ঠ গাৰ্ড অধিনায়ক: বিশাল ছেত্ৰী

আগুৱাই যোৱা, কেডেটসকল! 👏✨
Ranjit Thakur
Keshab Sharma
@শীৰ্ষৰ অনুৰাগীসকল
Borun Khanikar
PMShri Phillobari High SchoolSewali NeogMonuranjan Sonowal

ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে অনুষ্ঠিত কৰা   "প্ৰাজ্ঞান" প্ৰতিভা সন্ধনী প্ৰতিযোগীতা - ২০২৬ ত তিনিচুকীয়া মহকুমাৰ ভ...
31/05/2026

ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে অনুষ্ঠিত কৰা "প্ৰাজ্ঞান" প্ৰতিভা সন্ধনী প্ৰতিযোগীতা - ২০২৬ ত তিনিচুকীয়া মহকুমাৰ ভিতৰত পঞ্চম শ্ৰেণীত 'তুনাভ সৌব গোস্বামীয়ে "প্ৰথম" আৰু চতুৰ্থ শ্ৰেণীত 'অনুৰাগ উপাধ্যায়ে' "দ্বিতীয়" স্থান প্ৰাপ্ত কৰিবলৈ সক্ষম হয়। দুয়োলৈ বিদ্যালয় পৰিয়ালৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ।
PMShri Phillobari High School

আজি প্ৰাতঃ সভাPMShri Phillobari High SchoolRanjit Thakur@শীৰ্ষৰ অনুৰাগীসকল
25/05/2026

আজি প্ৰাতঃ সভা
PMShri Phillobari High School
Ranjit Thakur@শীৰ্ষৰ অনুৰাগীসকল

আজি তিনিচুকীয়া জিলা দবা সন্থাৰ তত্বাৱধানত অনুষ্ঠিত জিলা দবা খেলুৱৈ বাছনি প্ৰতিযোগিতাত পি. এম. শ্ৰী ফিল’বাৰী হাইস্কুলৰ নৱ...
24/05/2026

আজি তিনিচুকীয়া জিলা দবা সন্থাৰ তত্বাৱধানত অনুষ্ঠিত জিলা দবা খেলুৱৈ বাছনি প্ৰতিযোগিতাত পি. এম. শ্ৰী ফিল’বাৰী হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ উদয়ন শইকীয়াই ১৫ বছৰ অনুৰ্ধ শাখাত চতুৰ্থ স্থান লাভ কৰে ।
PMShri Phillobari High School
@শীৰ্ষৰ অনুৰাগীসকল
Ranjit ThakurBorun Khanikar

19/05/2026
আজি পি. এম. শ্ৰী  ফিল'বাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচন সম্পূৰ্ণ গণতান্ত্ৰিক পদ্ধতিৰে 🗳️ বেল'টৰ সহা...
19/05/2026

আজি পি. এম. শ্ৰী ফিল'বাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচন সম্পূৰ্ণ গণতান্ত্ৰিক পদ্ধতিৰে 🗳️ বেল'টৰ সহায়ত অনুষ্ঠিত কৰি ভোটগণনাৰ জৰিয়তে বিজয়ী প্ৰতিনিধি ঘোষণা কৰা হয়। যোৱা ইং ১২/০৫/২০২৬ তাৰিখে অধিসূচনা জাৰি হোৱাৰ পাছত মনোনয়ন পত্ৰ বিতৰণ, সংগ্ৰহ, জমা, প্ৰত্যাহাৰ , চূড়ান্ত প্ৰাৰ্থী তালিকা প্ৰকাশৰ পাছত নিৰ্বাচনী প্ৰচাৰ সভাত অনুষ্ঠিত কৰি ছাত্ৰ ছাত্ৰীৰ মাজত গণতান্ত্ৰিক পদ্ধতিৰ মূল্যবোধ ও নিজৰ মত প্ৰকাশৰ অধিকাৰৰ বিষয়ে অৱগত কৰা হয়।
PMShri Phillobari High SchoolRanjit Thakur@শীৰ্ষৰ অনুৰাগীসকলBorun KhanikarMonuranjan SonowalKeshab SharmaSewali NeogLeeza BorahPhillobari Time

19/05/2026

ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বানৰ ভোট গণনা
PMShri Phillobari High School
Ranjit Thakur Borun Khanikar

Address

BORGAON, PHILLOBARI
Doom-Dooma
786160

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm

Website

Alerts

Be the first to know and let us send you an email when PMShri Phillobari High School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to PMShri Phillobari High School:

Shortcuts

Share

Category