Doom Dooma College Student's Union

Call Directions Website Contact the school

Doom Dooma College Student's Union Doom Dooma College Student's Union

সকলোৰে সহযোগিতা কামনা কৰিছো
27/08/2026

সকলোৰে সহযোগিতা কামনা কৰিছো

03/08/2026

সকলোৰে সহায় সহযোগিতা কামনা কৰিছো, কমেণ্ট বক্সত QR code Pin 📌 কৰি দিয়া হৈছে 🙏

সুখবৰ সুখবৰ.........দুলীয়াজান মহাবিদ্যালয়ৰ আতিথ্যত অনুষ্ঠিত হোৱা ২০২৫-২৬ বৰ্ষৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্তঃমহাবিদ্যালয়...
31/01/2026

সুখবৰ সুখবৰ.........
দুলীয়াজান মহাবিদ্যালয়ৰ আতিথ্যত অনুষ্ঠিত হোৱা ২০২৫-২৬ বৰ্ষৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্তঃমহাবিদ্যালয় যুৱমহোৎসৱত CARTOONING প্ৰতিযোগিতাত দ্বিতীয় স্থান পাবলৈ সক্ষম হৈছে প্ৰিয়া সূত্ৰধাৰ আৰু ON THE SPOT PAINTING প্ৰতিযোগিতাত তৃতীয় স্থান পাবলৈ সক্ষম হৈছে সদিপ সোণোৱালে।
ইয়াৰ জৰিয়তেই দুয়োগৰাকীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ লগতে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ💐💐💐

31/01/2026

ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱ ২০২৫-২৬ বৰ্ষৰ একাংকিকা নাট প্রতিযগিতাৰ নাট: টোপ
নাট্যদল: ডুমডুমা মহাবিদ্যালয়
স্থান: দুলীয়াজান মহাবিদ্যালয়

৭৭ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে ডুমডুমা সমজিলাই অনুষ্ঠিত কৰা ড্ৰিল প্ৰতিযোগিতাত ডুমডুমা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা বাহি...
26/01/2026

৭৭ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে ডুমডুমা সমজিলাই অনুষ্ঠিত কৰা ড্ৰিল প্ৰতিযোগিতাত ডুমডুমা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা বাহিনী(NCC) দলটি শ্ৰেষ্ঠ দল হিচাপে বিবেচিত হয়, অংশগ্ৰহণ কৰা দলটিৰ প্ৰতিগৰাকীলৈ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো।

ডুমডুমা মহাবিদ্যালয় ২০২৫-২৬ বৰ্ষৰ ছাত্ৰ একতা সভাৰ উদ্যোগত বিগত বৰ্ষৰ দৰেই এইবাৰো মহাবিদ্যালয়ৰ ৫৫ সংখ্যক "মহাবিদ্যালয় সপ্...
22/01/2026

ডুমডুমা মহাবিদ্যালয় ২০২৫-২৬ বৰ্ষৰ ছাত্ৰ একতা সভাৰ উদ্যোগত বিগত বৰ্ষৰ দৰেই এইবাৰো মহাবিদ্যালয়ৰ ৫৫ সংখ্যক "মহাবিদ্যালয় সপ্তাহ" খনি ইং- ১৯জানুৱাৰী ২০২৬ তাৰিখৰ পৰা ২২জানুৱাৰী ২০২৬ তাৰিখলৈকে আয়োজন কৰা হৈছিল আৰু এই ৫৫ সংখ্যক মহাবিদ্যালয় সপ্তাহত শ্ৰেষ্ঠ বিভাগ হিচাপে নিৰ্বাচিত হৈছে.....অসমীয়া বিভাগ..... , বিভাগটোৰ প্ৰতিগৰাকী অধ্যাপক-অধ্যাপিকা,ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰিছোঁ🎉
লগতে মহাবিদ্যালয় সপ্তাহ খনি সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত সহায় সহযোগ কৰা মহাবিদ্যালয়ৰ বিভিন্ন বিভাগ সমূহৰ প্ৰতিগৰাকী অধ্যাপক-অধ্যাপিকা,ছাত্ৰ-ছাত্ৰীক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ

ডুমডুমা মহাবিদ্যালয়ৰ  ২০২৪-২৫ বৰ্ষৰ ছাত্ৰ একতা সভাৰ উদ্যোগত আয়োজন কৰা নৱাগত আদৰণি আৰু বিদায় সম্ভাষণ অনুষ্ঠানৰ শ্ৰেষ্ঠ...
01/09/2025

ডুমডুমা মহাবিদ্যালয়ৰ ২০২৪-২৫ বৰ্ষৰ ছাত্ৰ একতা সভাৰ উদ্যোগত আয়োজন কৰা নৱাগত আদৰণি আৰু বিদায় সম্ভাষণ অনুষ্ঠানৰ শ্ৰেষ্ঠ নৱাগত শ্ৰী কপিল সোণোৱাল আৰু শ্ৰেষ্ঠা নৱাগতা অসমীয়া বিভাগৰ শ্ৰীমতী পৰিস্না হাজৰিকা
দুয়োগৰাকীলৈ ডুমডুমা মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।

*ঘোষণা**প্ৰয়াত উৎপল দেবৰয় গণিত মেধা বঁটা*আপোনালোকক অবগত কৰিব বিচাৰিছোঁ যে কভিড' ত আক্ৰান্ত হৈ বিগত ২০২১ চনত অকালতে আমা...
01/08/2025

*ঘোষণা*

*প্ৰয়াত উৎপল দেবৰয় গণিত মেধা বঁটা*

আপোনালোকক অবগত কৰিব বিচাৰিছোঁ যে কভিড' ত আক্ৰান্ত হৈ বিগত ২০২১ চনত অকালতে আমাৰ মাজৰ পৰা আতৰি যোৱা আমাৰ অতিকৈ শ্ৰদ্ধাৰ উৎপল দেবৰয় ছাৰৰ পবিত্ৰ স্মৃতিত প্ৰবৰ্তন কৰা প্ৰয়াত উৎপল দেবৰয় গণিত মেধা বঁটা চতুৰ্থ বৰ্ষৰ বাবে প্ৰদানৰ বাবে আবেদন গ্ৰহণ প্ৰক্ৰিয়া আজিৰে পৰা আৰম্ভণি কৰা হৈছে । ২০২৫ তথা চতুৰ্থ বৰ্ষৰ বাবে এই বঁটাৰ বাবে নিম্নোলেখিত চৰ্তাৱলী পূৰণ কৰিব পৰা ছাত্ৰ - ছাত্ৰীৰ পৰা আবেদন আহ্বান কৰা হ'ল।

চৰ্তাৱলী-
১) ছাত্ৰ/ ছাত্ৰী গৰাকী ২০২৫ বৰ্ষৰ স্নাতক উত্তীৰ্ণ হ'ব লাগিব।
২) ছাত্ৰ/ছাত্ৰী গৰাকীয়ে গণিত ( Mathematics) বিষয়ত উচ্চমান (MAJOR) সহ স্নাতক চূড়ান্ত ষান্মাষিক উত্তীৰ্ণ হ'ব লাগিব।
৩) ছাত্ৰ/ছাত্ৰী গৰাকীয়ে স্নাতক পৰ্যায়ত প্ৰথম শ্ৰেণী ( FIRST CLASS)/ CGPA- 6 Point বা ততোধিক/ A Grade অথবা A+ Grade লাভ কৰিব লাগিব।
৪) ছাত্ৰ/ছাত্ৰী গৰাকী যিকোনো মহাবিদ্যালয়ত অধ্যয়ন কৰিলেও তেখেত ডুমডুমা নগৰ আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ ( ৰূপাই, কাকপথাৰ, ডিৰাক, ধলা, তালাপ, ডাঙৰী, ফিলবাৰী, কাকজান, হাঁহচৰা ইত্যাদি) বাসিন্দা হোৱাটো বাঞ্ছনীয়।
৫) যদিহে ছাত্ৰ/ছাত্ৰী গৰাকীয়ে গণিত বিষয়ত স্নাতকোত্তৰ মহলাত(MSc in Mathematics) নামভৰ্তিৰ সুযোগ লাভ কৰিছে তেনে প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব।

আবেদনৰ প্ৰক্ৰিয়া -
১) ছাত্ৰ/ছাত্ৰী অথবা অভিভাৱকে পৰিস্কাৰ বগা কাগজত নাম ঠিকনা উল্লেখ কৰি এখন আবেদন লিখি তাৰ সৈতে স্নাতক চূড়ান্ত বৰ্ষৰ মূল্যায়ন পত্ৰ ( MARKSHEET) খন ফটো অথবা PDF ফৰ্মেটত " [email protected]" লৈ মেইল কৰি প্ৰেৰণ কৰিব পাৰিব।
২) অফলাইন মাধ্যম ত কোনো আবেদন গ্ৰহণ কৰা নহ'ব।
৩) আবেদন খনতে সক্ৰিয় ফোন নম্বৰ উল্লেখ কৰাটো অনিবাৰ্য।

বি:দ্ৰ:- আবেদন কৰোতে মেইলৰ Subject ত - APPLICATION FOR UDMMS-2025 শীৰ্ষক লিখিবলৈ অনুৰোধ থাকিল।

প্ৰয়াত উৎপল ছাৰৰ গণিত শিক্ষাক জনপ্ৰিয় কৰণ আৰু ছাত্ৰ -ছাত্ৰী সকলক সৰ্বোতপ্ৰকাৰে সহায় কৰাৰ মানসিকতা ক আগবঢ়ায় নিয়াৰ মানসেৰে এই বৰ্ষৰ এই বঁটাৰ বাবে এজন ছাত্ৰ বা এগৰাকী ছাত্ৰী ক -
১) নগদ ধনৰাশি
২) এখন মানপত্ৰ
৩)এটি স্মাৰক
৪) ছাত্ৰ/ছাত্ৰী গৰাকী ৰ প্ৰয়োজনীয় এখন কিতাপ

বঁটা হিচাপে আগবঢ়োৱা হ'ব। আগ্ৰহী ছাত্ৰ ছাত্ৰী সকলৰ পৰা ০১-০৮-২০২৫ ৰ পৰা ১৫-০৮-২০২৫ লৈ আবেদন আহ্বান কৰা হ'ল।

ফেচবুক ৰ বন্ধূমহল তথা বন্ধুতালিকা ত থকা অগ্ৰজ সকলক এই বাৰ্তা টো ছাত্ৰ ছাত্ৰী সকলে লাভ কৰিব পৰাকৈ উপলব্ধ কৰিবলৈ(SHARE) অনুৰোধ থাকিল।

13/03/2025

মহাবিদ্যালয়ৰ গৌৰৱ গৰিমা ভৰালীৰ কণ্ঠত এটি ভূপেন্দ্ৰ সংগীত
স্থান: শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয় ,নামতি,শিৱসাগৰ
Share কৰি দিব সকলোৱে🌷

24/01/2025

আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱ ২০২৫ ত জ্যোতিসংগীত প্ৰতিযোগিতাত বিচাৰক বিশেষ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰী গৰিমা ভৰালী

Address

Doom Dooma College
Doom-Dooma
786153

Alerts

Be the first to know and let us send you an email when Doom Dooma College Student's Union posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Doom Dooma College Student's Union:

Shortcuts

Share