Nani G Mahanta

Nani G Mahanta Official Page of Prof. Nani Gopal Mahanta, Hon'ble Education Adviser to the Govt of Assam

Ram in Assam. অসমত ৰামচন্দ্ৰ আৰু ৰামচন্দ্ৰৰ প্ৰাসংগিকতাক লৈ এক তথ্য-চিত্ৰ বনোৱাৰ প্ৰয়াস
19/01/2024

Ram in Assam. অসমত ৰামচন্দ্ৰ আৰু ৰামচন্দ্ৰৰ প্ৰাসংগিকতাক লৈ এক তথ্য-চিত্ৰ বনোৱাৰ প্ৰয়াস

Ramchandra in Assam Mandir, # Ram in Assam

আজি গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই গৌৰৱান্বিত অ...
03/06/2023

আজি গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই গৌৰৱান্বিত অনুভৱ কৰিছো।

নতুন শিক্ষা নীতিৰ ৰূপায়ণৰ প্ৰক্ৰিয়াত ২০২১ চনৰ নৱেম্বৰ মাহৰ পৰাই সক্ৰিয় ভাৱে জড়িত হৈ পৰাৰ সুযোগ লাভ কৰো।

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাদেৱে উদ্ঘাটন কৰা অনুষ্ঠানত মাননীয় শিক্ষা মন্ত্ৰী ডা° ৰণোজ পেগু, গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য প্ৰতাপ জ্যোতি সন্দিকৈ, অতিৰিক্ত মুখ্য সচিব বিশ্বৰঞ্জন সামাল কে ধৰি বিভিন্ন বিশ্ববিদ্যালয় সমূহৰ মাননীয় উপাচাৰ্য সকল আৰু মহাবিদ্যালয় সমূহৰ মাননীয় অধ্যক্ষ সকল উপস্থিত থাকে।

অসমৰ Management Studiesৰ এক গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান হৈছে Assam Institute of Management । উক্ত প্ৰতিষ্ঠানৰ দ্বাৰা আজি দিন...
27/05/2023

অসমৰ Management Studiesৰ এক গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান হৈছে Assam Institute of Management । উক্ত প্ৰতিষ্ঠানৰ দ্বাৰা আজি দিন যোৰা কাৰ্যসুচীৰে Management শিক্ষাৰ লগত জড়িত হৈ থকা মাননীয় অধ্যাপক সকলৰ বাবে এক প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন কৰা হয় । উক্ত কৰ্মশালাখন উদ্বোধন কৰিবলৈ পাই আনন্দিত হওঁ । মোৰ উদ্বোধনী ভাষনত অসমৰ Management শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত Assam Institute of Managementএ লোৱা বিভিন্ন বিদ্যায়তনিক দিশৰ ওপৰত আলোকপাত কৰোঁ । লগতে নতুন শিক্ষানীতিৰ প্ৰেক্ষাপটত Management শিক্ষাৰ কেনেধৰণৰ পৰিৱৰ্তন হব, তাৰ এক আভাস দিয়া হয় । কিদৰে Interdisciplinary বা Multidisciplinary শিক্ষাই Management Studiesৰ উপৰত প্ৰভাৱ বিস্তাৰ কৰিব, তাৰ এক বিশ্লেষণ আগবঢ়াওঁ ।

উক্ত অনুষ্ঠানত যুক্তৰাজ্যৰ ক্ৰেনফিল্ড বিজনেছ স্কুল আৰু নৰ্থ ষ্টাফৰ্ডশ্বাইৰৰ এগৰাকী প্ৰাক্তন ছাত্ৰ প্ৰফ. আৰ. চি. ভট্টাচাৰ্য ডাঙৰীয়া, ভাৰতীয় পৰিচালনা বিদ্যালয়ৰ সংঘৰ দুবাৰকৈ নিৰ্বাচিত আঞ্চলিক উপ-সভাপতি (পূব) ড° ৰমাকান্ত পাত্ৰ ডাঙৰীয়া, অসম ব্যৱস্থাপনা প্ৰতিষ্ঠানৰ সঞ্চালক (ভাৰপ্ৰাপ্ত) ড° সঞ্জীব ৰাজ ডাঙৰীয়া, তেজপুৰ বিশ্ববিদ্যালয়ৰ ব্যৱসায় প্ৰশাসন বিভাগৰ অধ্যাপক আৰু পাঠদান শিক্ষণ কেন্দ্ৰৰ সঞ্চালক আৰু লগতে ব্যৱসায় প্ৰশাসনৰ স্নাতকোত্তৰ (কাৰ্যবাহী) কাৰ্যসূচীৰ সমন্বয়ক ড° সুভ্ৰংশু শেখৰ সৰকাৰ ডাঙৰীয়া, অসম ব্যৱস্থাপনা প্ৰতিষ্ঠানৰ সহকাৰী অধ্যাপক ড° কৰবী গোস্বামী ডাঙৰীয়ানী, অসম ইনষ্টিটিউট অৱ মেনেজমেণ্টৰ সহকাৰী অধ্যাপক তথা পি.এইচ.ডি. কাৰ্যসূচীৰ সমন্বয়ক ড° সিনময় গোস্বামী ডাঙৰীয়াʼকে ধৰি কেইবাগৰাকীও গণমান্য ব্যক্তি উপস্থিত থাকে ।🙏🏼

যোৱা ১৮ মে, ২০২৩ তাৰিখে উত্তৰ পূৰ্বাঞ্চল উন্নয়ন বিত্ত নিগম লিমিটেড (NEDFi) হলত অসম চৰকাৰ আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যা...
19/05/2023

যোৱা ১৮ মে, ২০২৩ তাৰিখে উত্তৰ পূৰ্বাঞ্চল উন্নয়ন বিত্ত নিগম লিমিটেড (NEDFi) হলত অসম চৰকাৰ আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (JNU)ৰ মাজত, JNUৰ সংস্কৃত আৰু ভাৰতীয় অধ্যয়ন বিদ্যালয়ত, শ্ৰীমন্ত শংকৰদেৱৰ আসন (Chair) প্ৰতিষ্ঠাৰ বাবে বুজাবুজি চুক্তি (MoU) স্বাক্ষৰ অনুষ্ঠানত অংশগ্ৰহণ কৰোঁ । এই আসন প্ৰতিস্থাৰ বাবে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ লগত যোৱা ৪ মাহ মান ধৰি কেইবালানিও প্ৰাৰম্ভিক আলোচনা কৰা হয় । এই আসনৰ মুল লক্ষ্যসমূহ হৈছে:

ক) ৰাষ্ট্ৰীয় তথা আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভক্তি আন্দোলনৰ চৰ্চা আৰু গৱেষণা ।

খ) সাম্প্ৰতিক ভাৰতীয় সমাজ ব্যৱস্থাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰাসংগিকতা আৰু তেখেতৰ ভক্তি আন্দোলনৰ অধ্যয়ন ।

গ) শ্ৰীশ্ৰীমাধৱদেৱ, শ্রীশ্রীদামোদৰদেৱ, শ্ৰীশ্ৰীহৰিদেৱ, শ্রীশ্রীঅনিৰুদ্ধদেৱ, আই পদ্মপ্রিয়া, আই কনকলতা প্রভৃতিসকলৰ জীৱন আৰু কৰ্মৰাজি অধ্যয়ন ।

ঘ) অসম তথা ভাৰতীয় ভক্তি আন্দোলন, ইয়াৰ ইতিহাস, সাংগঠনিক ৰূপ, সাহিত্য-সংস্কৃতিৰ বিভিন্ন দিশৰ লগতে ব্ৰজাৱলী ভাষা আদি বিষয়ত গৱেষণাৰ সন্মানীয় উপাধি আৰু গৱেষণাৰ ব্যৱস্থা ।

উক্ত অনুষ্ঠানত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু ডাঙৰীয়া, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফ৹ শান্তিশ্ৰী ধূলিপুডী পণ্ডিত, অসম চৰকাৰৰ শিক্ষা বিভাগৰ প্ৰধান সচিব শ্ৰীযুত বিশ্বৰঞ্জন চামাল, ভা৹প্ৰ৹সে৹, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ৰেক্টৰ-I প্ৰফ৹ সতীশ চন্দ্ৰ গৰকটি ডাঙৰীয়াʼকে ধৰি কেইবাগৰাকীও গণমান্য ব্যক্তি উপস্থিত থাকে ।🙏🏼

যোৱা ইংৰাজী ২৬ মাৰ্চ, ২০২৩ তাৰিখে গুৱাহাটীৰ পল্টন বজাৰ স্থিত শঙ্কৰ-মাধৱ ক্ষেত্ৰত শ্ৰীমন্ত শঙ্কৰ কৃষ্টি বিকাশ সমিতিৰ দ্বা...
27/03/2023

যোৱা ইংৰাজী ২৬ মাৰ্চ, ২০২৩ তাৰিখে গুৱাহাটীৰ পল্টন বজাৰ স্থিত শঙ্কৰ-মাধৱ ক্ষেত্ৰত শ্ৰীমন্ত শঙ্কৰ কৃষ্টি বিকাশ সমিতিৰ দ্বাৰা আয়োজিত ১৯০৮ খ্ৰীষ্টাব্দত স্থাপিত প্ৰাচীন কামৰূপ কায়স্থ সমাজৰ ৭০ʼতম অধিবেশনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰোঁ ।

অনুষ্ঠানটীত 'পৰোপকাৰৰ গুনাগুণ আৰু ইয়াৰ বৈশিষ্ট সমূহ'ৰ উপৰত এটি চমু ভাষন প্ৰদান কৰোঁ ।

উক্ত অনুষ্ঠানত সভাপতি ড৹ দিব্যজ্যোতি মহন্ত ডাঙৰীয়া, প্ৰফ৹ প্ৰদীপ জ্যোতি মহন্ত ডাঙৰীয়া, প্ৰফ৹ ভৱানী প্ৰসাদ অধিকাৰী ডাঙৰীয়া, পদ্মশ্ৰী হেমচদ্ৰ গোস্বামী ডাঙৰীয়া, প্ৰফ৹ ভূপেন্দ্ৰ ৰায় চৌধুৰী ডাঙৰীয়া, সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামী ডাঙৰীয়া, ডেকা সত্ৰাধিকাৰ ইন্দ্ৰ মহন্ত ডাঙৰীয়াʼকে ধৰি কেইবাগৰাকীও গণমান্য ব্যক্তি উপস্থিত থাকে ।🙏🏼

আজি মালিগাঁওৰ কৰ্মশ্ৰী হিতেশ্বৰ শ‍ইকীয়া প্ৰেক্ষাগৃহত অনুষ্ঠিত সুদর্শন গুপ্ত স্মৃতি-মঞ্চৰ উদ্যোগত বাংলা সাহিত্য-সভা, অসম...
25/03/2023

আজি মালিগাঁওৰ কৰ্মশ্ৰী হিতেশ্বৰ শ‍ইকীয়া প্ৰেক্ষাগৃহত অনুষ্ঠিত সুদর্শন গুপ্ত স্মৃতি-মঞ্চৰ উদ্যোগত বাংলা সাহিত্য-সভা, অসম (সত্তা ও সমন্বয়ৰ সাঁকো)ৰ সৌজন্যত, বাংলা সাহিত্য সভা, অসমৰ প্রথম ৰাজ্যিক প্রতিনিধি সন্মিলন ইংৰাজী ২৫ আৰু ২৬ মাৰ্চ, ২০২৩ (১০-১১ চৈত্র, ১৪২১ বঙ্গাব্দ)ʼত, শনি আৰু দেওবাৰে আয়োজিত "বাংলা সাহিত্য সভা, অসম"-ৰ প্ৰথম ৰাজ্যিক প্রতিনিধি সম্মিলনত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰোঁ ।

উক্ত অনুষ্ঠানত অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু ডাঙৰীয়া, অনুষ্ঠানটিৰ মুখ্য পৃষ্ঠপোষক শ্ৰীযুত শিলাদিত্য দেব, পৃষ্ঠপোষক শ্ৰীযুত কৃষ্ণাঞ্জন চন্দ, শ্ৰীযুত সুপ্রিয় ৰায়, শ্ৰীযুত সুবীৰ ঘোষ, শ্ৰীযুত কমল দে, শ্ৰীযুত অসিত দেব, উপদেষ্টা পদ্মশ্রী অজয় দত্ত, ড৹ অমলেন্দু চক্রবর্তী, ডা৹ নির্মলকান্তি ভট্টাচার্য, আহ্বায়ক শ্ৰীযুত খগেনচন্দ্র দাস, ড৹ প্রশান্ত চক্রবর্তী, সভাপতি শ্ৰীযুত বিজয়কৃষ্ণ নাথʼকে ধৰি কেইবাগৰাকীও গণমান্য ব্যক্তি উপস্থিত থাকে ।🙏🏼

Address

Janata Bhawan Block C 2nd Floor
Dispur
781006

Alerts

Be the first to know and let us send you an email when Nani G Mahanta posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Nani G Mahanta:

Shortcuts

Share