All Assam Secondary Graduate Teachers' Forum, Dibrugarh District

All Assam Secondary Graduate Teachers' Forum, Dibrugarh District This page is the part of All Assam Secondary Graduate Teachers' Forum.

17/05/2026

আজি ইং 17 মে ২০২৬ তাৰিখে, সদৌ অসম মাধ্যমিক স্নাতক শিক্ষক মঞ্চৰ ডিব্ৰুগড় জিলা সমিতিৰ তৰফৰ পৰা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী শ্ৰীযুত Rameswar Teli ডাঙৰীয়া আৰু ডিব্ৰুগড় সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত প্ৰশান্ত ফুকন ডাঙৰীয়াক লগ কৰি সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
লগতে সন্মানীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়াক আমাৰ দৰমহা বৈষম্যৰ বিষয়ক এখন স্মাৰক পত্ৰ অৰ্পণ কৰা হয় ।

Pranab
অৰূপ জ্যোতি গগৈ
IH Ujjwal
Abinash Baruah
Bhaskar Sarma
Bikash Kalita
Pankaj Sarmah
Kalpa Jyoti Das Kjd

12/03/2026
08/03/2026

আমাৰ দাবী, আমাৰ অধিকাৰ

25/02/2026

🌟 একেই কাম, কিন্তু দৰমহাত ডাঙৰ পাৰ্থক্য! 2015, 2016 আৰু 2017 ৰ Graduate Teacher সকলে কিমান বেলেগ পাইছে?
িব
Research & Analysis অনুসৰি তলৰ তথ্যসমূহ প্ৰকাশ পাইছে—

📌 তিনিজন শিক্ষক (Graduate Teacher):

🔹 Person A – নিযুক্তি: 01-03-2015
🔹 Person B – নিযুক্তি: 01-03-2016
🔹 Person C – নিযুক্তি: 02-04-2017

---

🔹 ROP 2017 অনুসৰি আৰম্ভণিৰ Basic Pay

- Person A = ₹28,800
- Person B = ₹27,960
- Person C = ₹22,700

👉 Person B এ Person A তকৈ ₹840 কম পাইছে।
👉 Person C এ Person A তকৈ ₹6,100 কম পাইছে।
👉 Person C এ Person B তকৈ ₹5,260 কম পাইছে।

অর্থাৎ আৰম্ভণিৰ পৰাই 2017 ত নিযুক্তি হোৱা শিক্ষকসকলৰ ক্ষতি হৈছে।

---

🔹 বছৰি Basic Pay বৃদ্ধি (2016–2025)

2016 চনৰ পৰা 2025 লৈকে বৃদ্ধি হোৱা Basic Pay —

📌 2025 চনত:

- Person A = ₹37,577
- Person B = ₹36,481
- Person C = ₹28,756

👉 A আৰু B ৰ মাজত পাৰ্থক্য = ₹1,064
👉 B আৰু C ৰ মাজত পাৰ্থক্য = ₹6,663

বছৰে বছৰে এই পাৰ্থক্য বাঢ়ি গৈছে।

---

🔹 ফেব্ৰুৱাৰী 2026 ত Approx Gross Pay (Allowance ধৰি)

- Person A = ₹62,902
- Person B = ₹61,093
- Person C = ₹48,347

👉 A আৰু B ৰ পাৰ্থক্য = ₹1,809
👉 B আৰু C ৰ পাৰ্থক্য = ₹12,746

অর্থাৎ 2017 ত নিযুক্তি হোৱা শিক্ষক এ মাহে প্ৰায় 12 হাজাৰ টকা কম পাইছে।

---

🔴 মূল বিষয়

✔️ একেই পদ
✔️ একেই দায়িত্ব
✔️ একেই কাম

তথাপিও নিযুক্তিৰ বছৰ বেলেগ হোৱাৰ বাবে দৰমহাত ডাঙৰ পাৰ্থক্য দেখা গৈছে।
সময় যিমান গৈছে, এই প্ৰাৰ্থক্য সিমান বাঢ়ি গৈছে।

সমান কামৰ বাবে সমান দৰমহা হোৱাটো অত্যন্ত জৰুৰী।

CMO Assam
Himanta Biswa Sarma
Ranoj Pegu

দহ বছৰত বহু পিছুৱাই থাকিলোঁ। আৰু নহব..
25/02/2026

দহ বছৰত বহু পিছুৱাই থাকিলোঁ। আৰু নহব..

09/02/2026
08/02/2026

নমস্কাৰ 🙏🙏🙏🙏 শ্ৰদ্ধাৰ শিক্ষক- শিক্ষয়িত্ৰীবৃন্দ ,

আপোনালোকে সকলোৱে অৱগত যে 2017 চনৰ 1 এপ্ৰিলৰ পিছত হাইস্কুলত নিযুক্তি পোৱা সকলোৱে দৰমহাৰ ক্ষেত্ৰত বৈষম্যতাৰ ভুক্তভোগী। কিন্তু আমাক এই নতুন সন্থা লগা হ'ল কিয়?
1) 2017 চনতে হোৱা ভূলটো শুদ্ধ কৰিবলৈ 10 বছৰে কোনো আগবাঢ়ি নাহিল। গতিকে আমি নিজেই ওলাই আহিব নালাগিব নে ?
2) শেষ মূহুৰ্তত আন সন্থাসমূহে ইয়াৰ বাবে মিডিয়াৰ আগতেই হওঁক বা অন্য ভাৱেই হওঁক কাম কৰি আছোঁ বুলি মুখেৰে ক'লে যদিও আজিৰ তাৰিখলৈ কোনো আনুষ্ঠানিক কাম আৰম্ভ নকৰিলে আৰু কাম কৰাৰ কোনো প্ৰমাণ নাই । গতিকে আপুনি কি বিশ্বাসত ৰৈ আছে এবাৰ ভাৱক ।
3) দৰমহাৰ খেলিমেলিৰ উপৰিও সঁচাকৈ কেৱল মাত্ৰ স্নাতক শিক্ষকৰ হৈ মাত মাতিবলৈ কোনটো সন্থা আগুৱাই আহিল ?

উচ্চতৰ মাধ্যমিক সন্থা , নিম্ন প্ৰাথমিক শিক্ষক সন্মিলনী আদিৰ দৰে অন্য কোনটো সন্থাই আমাৰ হৈ মাত মতাৰ নজিৰ দেখিছে ? এবাৰ ভাৱক ।
🤷‍♂️আপোনলোকৰ বহুতৰ মনত হয়তো এটা প্ৰশ্ন সঁঘনাই আহিছে ----
❓এটা সন্থা থাকোঁতেই আন এটা সন্থা কিয় লগা হ'ল বুলি প্ৰশ্ন উত্থাপন হৈছে।
📍ইয়াৰ উত্তৰ ----
আমাৰ অগ্ৰজ কোনটো সন্থা বা মঞ্চই আমাৰ স্নাতক শিক্ষকৰ বিষয়ে মাত মাতিছে বা মাতে সেই কথা ভাবি চাওঁকচোন।
সন্থা এটা খুলি মাত্ৰ বাৰ্ষিক সদস্য অনুদান লৈ বহি থাকিবলৈ আমাৰ এই সন্থা নহয় । শিক্ষকৰ সকলো সমস্যা জিলা অথবা ৰাজ্যিক পৰ্যায়ত সমাধান কৰিবলৈ আমি সদায় প্ৰস্তুত। আমি আমাৰ লগতে ভৱিষ্যত প্ৰজন্মৰ বাবে এক নজিৰ সৃষ্টি কৰিব লাগিব যাতে অনাগত প্ৰজন্মই স্নাতক শিক্ষকৰ হৈ মাত মাতিবলৈ কোনোবা আছে বুলি নিৰ্ভয়ে থাকে।
📌 আকৌ এটা কথা , আমি এই সন্থা গঠন কৰা মানে এইটো নুবুজাই যে আমি আনবোৰৰ বিৰুদ্ধে আছো।
কিন্তু বৰ্তমান সময়ৰ দাবী , যুগৰ দাবী যে আমি সু সংগঠিত ৰূপত , নতুন ৰূপত ওলাই অহা উচিত। আমাৰ বাবে আমাৰ দৰমহা বিসংগতি আৰু তাৰ সমাধান মূল বিষয়, যি আজি 10 বছৰে সমাধান কৰিবলৈ কোনো আগবাঢ়ি নাহিল আৰু ভৱিষ্যতলৈও আশা নাই।
2017 চনৰ পিছত নিযুক্তসকলে প্রতি মাহে 10,000(দহ হাজাৰ) টকাৰো অধিক লোকচান ভৰি আছে। অষ্টম দৰমহা আয়োগৰ গঠনৰ পিছত এই লোকচান কিমান হ'ব পাৰে আপোনালোকে অনুমান কৰক।
সেইবাবেই সকলোকে অনুৰোধ জনাইছো আপোনাক আমাৰ সৈতে একেলগে থিয় দি আমাক শক্তিশালী কৰক। যিসকলে এই বিষয়ে অৱগত নহয় তেখেতসকলক আমাৰ লগত যুক্ত কৰাওঁক ।

ধন‍্যবাদেৰে…..
সদৌ অসম মাধ্যমিক স্নাতক শিক্ষক মঞ্চ (AASGTF)

Address

Dibrugarh

Website

Alerts

Be the first to know and let us send you an email when All Assam Secondary Graduate Teachers' Forum, Dibrugarh District posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category