13/10/2025
সকলোৰে উপস্থিতি, সহযোগিতা আৰু দিহা- পৰামৰ্শ আন্তৰিকতাৰে কামনা কৰা হ'ল।
DDR College, Chabua is the only higher educational institution in the greater Chabua region.
It was established on 16th August, 1971 with only Arts stream and at present it is full- fledged institution with Arts, Commerce and Science stream.
13/10/2025
সকলোৰে উপস্থিতি, সহযোগিতা আৰু দিহা- পৰামৰ্শ আন্তৰিকতাৰে কামনা কৰা হ'ল।
12/10/2025
সকলোৰে উপস্থিতি আৰু সহযোগিতা আন্তৰিকতাৰে কামনা কৰা হ'ল।
27/09/2025
ডি. ডি. আৰ. কলেজৰ Red Ribbon Club ৰ উদ্যোগত যোৱা ইং ১৬.৯.২০২৫ তাৰিখে HIV/AIDS সম্পর্কে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সজাগতামূলক এখন সভা অনুষ্ঠিত হয়। অসম ৰাজ্যিক এইড্ছ নিয়ন্ত্ৰণ সমিতিৰ অনুৰোধমৰ্মে ছাত্ৰ– ছাত্ৰী আৰু যুৱ সমাজক এইড্ছ (HIV/AIDS) সম্পর্কে সজাগ কৰাৰ বাবে অনুষ্ঠানটি আয়োজন কৰা হয়। সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ত্ৰিবেণী হাজৰিকা মজুমদাৰ। তেখেত PPTCT counsellor তথা অসম চিকিৎসা মহাবিদ্যালয়ৰ Dept. of Obstetrics & Gynaecology বিভাগত কৰ্মৰত। প্ৰায় তিনিশ ছাত্ৰ -ছাত্ৰীৰ উপস্থিতিত সজাগতা মূলক সভাখনি অনুষ্ঠিত হয়। সভাখনিত উপাধ্যক্ষ ড° ননী ৰূপা চেতিয়া, লক্ষীনন্দন বৰগোহাঞি, চানচান য়ুগলীকে প্ৰমুখ্যে কেইবাগৰাকী অধ্যাপক- অধ্যাপিকা উপস্থিত থাকে। সমল ব্যক্তিৰ ভাষণৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকল যথেষ্ট উপকৃত হয়।
19/09/2025
ডি. ডি. আৰ. মহাবিদ্যালয়ত বৃহৎ স্বাস্থ্য শিবিৰ- শুশ্ৰূষা সেতু
অসম চৰকাৰৰ এক যুগান্তকাৰী কাৰ্যসূচীৰ অংশ হিচাপে ১৮ চেপ্টেম্বৰ, ২০২৫ তাৰিখে চাবুৱা- লাহোৱাল বিধানসভা সমষ্টিত 'শুশ্ৰূষা সেতু' কাৰ্যসূচী অনুষ্ঠিত হয়। বৃহত্তৰ চাবুৱাৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান ডি. ডি. আৰ. মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা ৰাজ্যজুৰি বিধানসভা সমষ্টিভিত্তিক বৃহৎ স্বাস্থ্য শিবিৰৰ এই কাৰ্যসূচীত চাবুৱা- লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত তিনি সহস্ৰাধিক লোকৰ স্বাস্থ্য পৰীক্ষা, ৰোগ নিৰ্ণয় আৰু চিকিৎসাৰ ব্যৱস্থা কৰা হয়। চাবুৱা আৰু লাহোৱাল বিধানসভা সমষ্টিৰ মাননীয় বিধায়কদ্বয় শ্ৰীযুত পোনাকণ বৰুৱা আৰু শ্ৰীযুত বিনোদ হাজৰিকাদেৱৰ তত্ত্বাৱধানত হোৱা অনুষ্ঠানটোত উপস্থিত থাকি ডিব্ৰুগড় লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল ডাঙৰীয়াই কয় যে, এই কাৰ্যসূচীয়ে সকলো লোকৰে, বিশেষকৈ মহিলা আৰু শিশুসকলৰ বিশেষ উপকাৰ সাধন কৰিব। ডিব্ৰুগড় জিলাৰ সন্মানীয় আয়ুক্ত, যুটীয়া স্বাস্থ্য সঞ্চালকালয়ৰ কাৰ্যালয়ৰ বিষয়াসকলৰ লগতে অসম চিকিৎসা মহাবিদ্যালয় আৰু চাবুৱা তথা ইয়াৰ উপকণ্ঠৰ চিকিৎসা কৰ্মীসকলে এই কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। মহাবিদ্যালয়ৰ শিক্ষক- কৰ্মচাৰী আৰু ছাত্ৰ- ছাত্ৰীসকলেও এই বৃহৎ স্বাস্থ্য শিবিৰৰ সফলতাৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা পালন কৰে।
06/09/2025
Celebration of International Orchid Day, 2025 at DDR College, organized by Department of Botany on 4th September, 2025
The program began with an insightful address by the Honorable Principal, Dr. Pradip Borah, setting the tone of the day. The chief purpose of the day was underlined by Ms. Suraiya Akhtar, Assistant Professor & Head, Department of Botany, DDR College, who highlighted the significance of the International Orchid Day, reason for its celebration and the importance of Orchid conservation.
As part of the observance, an essay competition on the theme- Orchids: Beauty with cultural, medicinal and ecological significance was conducted where students showcased their knowledge and creativity. Also, Orchid plantation drive was undertaken across the campus to promote awareness on orchid diversity and conservation.
The event concluded with a formal 'vote of thanks' marking the successful celebration of the day.
30/08/2025
যোৱা ২৯ আগষ্ট, ২০২৫ তাৰিখে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে ডি. ডি. আৰ. মহাবিদ্যালয়ৰ 'Sports Cell'ৰ উদ্যোগতো 'ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস' উদযাপন কৰা হয়। এই উপলক্ষে প্ৰখ্যাত ক্ৰীড়াবিদ ধ্যানচাঁদৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰদীপ বড়াদেৱে শিক্ষক- শিক্ষয়িত্ৰী, ছাত্ৰ- ছাত্ৰীসকলক উদ্দেশ্যি বক্তব্য প্ৰদান কৰে। মহাবিদ্যালয়ৰ টাইকোৱাণ্ডো একাডেমীৰ প্ৰশিক্ষাৰ্থীসকলে তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শন কৰে। উল্লেখ্য যে, এই দিৱস উদযাপনৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰীসকলৰ মাজত এখন কেৰম প্ৰতিযোগিতাৰো আয়োজন কৰা হয়।
30/08/2025
The Career Counselling and Placement Cell of DDR College organized a Career Development Program in collaboration with the Academy of Civil Services, Dibrugarh on 29th August, 2025.
The seminar began with Dr. Devashis Bose, Convenor of the Cell explaining the purpose of the program, followed by the inauguration by Hon'ble Principal of the College Dr. Pradip Borah. The keynote session was delivered by Mr. Banadeep Kumar Das, resource person, who shared an insightful and motivating talk with the students. He also guided them on effective strategies for preparing for the civil services examinations.
Mr. Ashif Rahman, Director of the Academy of Civil Services, also addressed the gathering and spoke on various competitive examinations and the opportunities they present.
The program was anchored by Dr. Sermily Terrangpi, member of the Career Counselling and Placement Cell. On this occasion, an MoU was signed between DDR College and the Academy of Civil Services to facilitate future academic collaborations and activities.
24/08/2025
৩০- ৩১ অক্টোবৰত ডি. ডি. আৰ. মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱৰ সামৰণি অনুষ্ঠান
উজনি অসমৰ চাহ শিল্পৰ প্ৰাণকেন্দ্ৰ চাবুৱাৰ উচ্চশিক্ষাৰ একমাত্ৰ অনুষ্ঠান দাখাদেৱী ৰাচিৱাচিয়া মহাবিদ্যালয়। ১৯৭১ চনত বৃহত্তৰ চাবুৱা অঞ্চলৰ শিক্ষানুৰাগী আৰু আলোকসন্ধানী লোকসকলৰ অশেষ ত্যাগৰ ফচল এই মহাবিদ্যালয়খন। অনেক ঘাত- প্ৰতিঘাতৰ মাজেৰে ২০২১ চনৰ ১৬ আগষ্টত চাবুৱাৰ ৰাইজৰ হেঁপাহৰ অনুষ্ঠান এই মহাবিদ্যালয়খনে সুদীৰ্ঘ ৫০টা বৰ্ষ অতিক্ৰম কৰিলে। ২০২৪ চনৰ ১৭ ফেব্ৰুৱাৰীত পাৰ হৈ যোৱা সুদীৰ্ঘ সময়ৰ সোঁৱৰণ আৰু উদযাপন তথা ভৱিষ্যতৰ বাবে সোণোৱালী দিন ৰচনাৰ উদ্দেশ্যে বৰ্ষজোৰা পৰিকল্পনাৰে আৰম্ভ কৰা হ'ল সোণালী জয়ন্তী উৎসৱৰ। ইয়াৰ লগত সংগতি ৰাখি বিগত বৰ্ষত মহাবিদ্যালয়ৰ ভিতৰে- বাহিৰে বহুসংখ্যক ভিন্নধৰ্মী অনুষ্ঠান আয়োজনৰ পাছত আমি উপনীত হৈছোহি সোণালী জয়ন্তী উৎসৱৰ সামৰণিৰ পৰত।
আজি ২৪ আগষ্ট, ২০২৫ তাৰিখে মহাবিদ্যালয়ৰ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা সোঁৱৰণী প্ৰেক্ষাগৃহত মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত আৰু বৰ্তমানৰ অধ্যক্ষ আৰু অধ্যাপক- কৰ্মচাৰীসকল, প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্ৰ- ছাত্ৰীসকল, চাবুৱাৰ বিভিন্ন দল- সংগঠনৰ বিষয়ববীয়া আৰু শুভাকাংক্ষী ৰাইজৰ উপস্থিতিত সোণালী জয়ন্তী অনুষ্ঠানৰ সামৰণি অনুষ্ঠানৰ সন্দৰ্ভত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি, প্ৰাক্তন ছাত্ৰ তথা চাবুৱা- লাহোৱাল বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰীযুত পোনাকণ বৰুৱাদেৱৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ উদ্দেশ্য ব্যাখা কৰে সম্পাদক তথা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰদীপ বড়াদেৱে। ইয়াৰ পাছতে সভাত উপস্থিত থকা ব্যক্তিসকলে নিজৰ নিজৰ মতামত প্ৰদানেৰে অনুষ্ঠানটিৰ সফল সমাপনত সহযোগিতা আগবঢ়োৱাৰ বিষয়ে অৱগত কৰে। সকলোৰে সন্মতি সাপেক্ষে অহা ২০২৫ চনৰ ৩০ আৰু ৩১ অক্টোবৰ, বৃহস্পতি আৰু শুক্ৰবাৰে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠানটি উদযাপনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়। সামৰণি অনুষ্ঠানটি উদযাপনৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ বাবে উদযাপন সমিতিক আজিৰ ৰাজহুৱা সভাই দায়িত্ব অৰ্পণ কৰে।
ডি. ডি. আৰ. মহাবিদ্যালয়ৰ গৌৰৱোজ্জ্বল সোণালী জয়ন্তী উৎসৱৰ সামৰণি অনুষ্ঠানটিলৈ উদযাপন সমিতিৰ সভাপতি শ্ৰীযুত পোনাকণ বৰুৱাদেৱ আৰু সম্পাদক তথা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰদীপ বড়াদেৱে অৱসৰপ্ৰাপ্ত অধ্যাপক- কৰ্মচাৰী, প্ৰাক্তন ছাত্ৰ- ছাত্ৰী তথা সমূহ ৰাইজকে সাদৰেৰে আমন্ত্ৰণ জনোৱাৰ লগতে অনুষ্ঠানটিৰ সফল সমাপনৰ বাবে সকলোৰে সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে। লগতে, অনুষ্ঠানটিৰ সন্দৰ্ভত শুভাকাংক্ষী ৰাইজে ৯৯৫৪৩৮০৫৩৬ (ড° প্ৰদীপ বড়া, অধ্যক্ষ, ডি. ডি. আৰ. মহাবিদ্যালয়, চাবুৱা) নম্বৰত যোগাযোগ কৰিব পাৰিব।
22/08/2025
উজনি অসমৰ অন্যতম উচ্চশিক্ষানুষ্ঠান দাখাদেৱী ৰাচিৱাচিয়া মহাবিদ্যালয়, চাবুৱাই যোৱা ২১ আগষ্ট, ২০২৫ তাৰিখে নৱাগতসকলক আদৰিবৰ উদ্দেশ্যে 'নৱাগত আদৰণি সভা'খনি অনুষ্ঠিত কৰে। মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত অনুষ্ঠিত হোৱা অনুষ্ঠানটি আৰম্ভ হয় মহাবিদ্যালয়ৰ পতাকা উত্তোলনেৰে। মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰদীপ বড়াদেৱে পতাকা উত্তোলন কৰাৰ পাছতে শ্বহীদ তৰ্পণ কৰে উপাধ্যক্ষা ড° ননীৰূপা চেতিয়াই।
মহাবিদ্যালয়ৰ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা মূল সভা আৰম্ভ হয় মহাবিদ্যালয়ৰ শীৰ্ষগীত পৰিৱেশনেৰে। অধ্যক্ষ ড° প্ৰদীপ বড়া ডাঙৰীয়াই আমন্ত্ৰিত অতিথি তথা নৱাগত ছাত্ৰ- ছাত্ৰীসকলক আদৰণী জনাই বক্তব্য প্ৰদান কৰে। ছাত্ৰ- ছাত্ৰীসকলক উদ্দেশ্যি মহাবিদ্যালয়ৰ সামগ্ৰিক দিশৰ ওপৰত তেখেতে আলোকপাত কৰে। মহাবিদ্যালয়ৰ উপাধ্যক্ষা ডাঙৰীয়ানীয়েও ছাত্ৰ- ছাত্ৰীসকলৰ প্ৰতি বক্তৃতা প্ৰদান কৰে। ইয়াৰ পাছতে নৱাগত আদৰণি সভাৰ মুখ্য অতিথি বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অমৰজিৎ শইকীয়াদেৱে অতি উৎসাহপূৰ্ণ বক্তৃতাৰে সকলোকে মুগ্ধ কৰে। মহাবিদ্যালয়ৰ পৰা ২০২৪- ২৫ বৰ্ষত ৭ পইন্টৰ অধিক CGPAসহ স্নাতক উত্তীৰ্ণ ছাত্ৰ- ছাত্ৰীসকলৰ আলোকচিত্ৰ সংলগ্ন এখন ফ্লেক্স মুখ্য অতিথি ডাঙৰীয়াই উন্মোচন কৰে।
এই অনুষ্ঠানতে ২০২৪- ২৫ বৰ্ষত মহাবিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ- ছাত্ৰীসকলক পুৰস্কৃত কৰা হয়। স্নাতক আৰু উচ্চতৰ মাধ্যমিক শ্ৰেণীত উত্তীৰ্ণ হোৱা পুৰস্কৃত ছাত্ৰ- ছাত্ৰীসকল-
১। শ্ৰেষ্ঠ স্নাতক বঁটা, ২০২৫- মানপত্ৰ আৰু ১০,০০০ টকা (দাতা- শ্ৰীযুত চন্দ্ৰ ভূঞা, অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ, ডি. ডি. আৰ. মহাবিদ্যালয়, চাবুৱা)- শ্ৰীমতী ঋত্বিকা ৰয়, প্ৰাণীবিজ্ঞান বিভাগ
২। স্বৰ্গীয় কেশধৰ বড়া সোঁৱৰণী শ্ৰেষ্ঠ কলা স্নাতক বঁটা, ২০২৫- মানপত্ৰ আৰু ৫,০০০ টকা (দাতা- ড° প্ৰদীপ বড়া, অধ্যক্ষ, ডি. ডি. আৰ. মহাবিদ্যালয়, চাবুৱা)- শ্ৰীমতী ডলী গগৈ, ৰাজনীতি বিজ্ঞান বিভাগ
৩। ডিম্বেশ্বৰ দলে শ্ৰেষ্ঠ বিজ্ঞান স্নাতক বঁটা, ২০২৫- মানপত্ৰ আৰু ৫,০০০ টকা (দাতা- বেবী দলে, সহকাৰী অধ্যাপিকা, উদ্ভিদ বিজ্ঞান বিভাগ, ডি. ডি. আৰ. মহাবিদ্যালয়, চাবুৱা)- শ্ৰীমতী ঋত্বিকা ৰয়, প্ৰাণীবিজ্ঞান বিভাগ
৪। স্বৰ্গীয় ইন্দিবৰ শইকীয়া আৰু স্বৰ্গীয়া যমুনা শইকীয়া সোঁৱৰণী শ্ৰেষ্ঠ বাণিজ্য স্নাতক বঁটা, ২০২৫- মানপত্ৰ আৰু ৫,০০০ টকা (দাতা- শ্ৰীযুত প্ৰশান্ত শইকীয়া, প্ৰাক্তন ভাৰপ্ৰাপ্ত অধ্যক্ষ, ডি. ডি. আৰ. মহাবিদ্যালয়, চাবুৱা)- শ্ৰী অংকুৰ বিশ্বাস, বাণিজ্য বিভাগ
৫। স্বৰ্গীয়া চম্পা গগৈ সোঁৱৰণী বঁটা- মানপত্ৰ আৰু ৫,০০০ টকা (উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ শ্ৰেষ্ঠ শিক্ষাৰ্থীগৰাকীৰ প্ৰতি, দাতা- শ্ৰীযুত অনিল গগৈ, প্ৰাক্তন ভাৰপ্ৰাপ্ত উপাধ্যক্ষ, ডি. ডি. আৰ. মহাবিদ্যালয়, চাবুৱা)- শ্ৰী অৰিন্দম গোহাঁই
৬। স্বৰ্গীয় ৰুহিণী বৰ্মন সোঁৱৰণী শ্ৰেষ্ঠ গ্ৰন্থাগাৰ ব্যৱহাৰকাৰী বঁটা, ২০২৫- মানপত্ৰ আৰু ২,০০০ টকা (দাতা- শ্ৰীযুতা নন্দিতা বৰ্মন, গ্ৰন্থাগাৰিক, দীনেশ চন্দ্ৰ দত্ত কেন্দ্ৰীয় গ্ৰন্থাগাৰ, ডি ডি আৰ মহাবিদ্যালয়, চাবুৱা) - শ্ৰী খনিন ৰঞ্জন বৰুৱা, স্নাতক তৃতীয় ষান্মাসিক, উদ্ভিদ বিজ্ঞান বিভাগ
৭। এইসকলৰ উপৰিও মহাবিদ্যালয়ৰ তৰফৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ দুগৰাকীকৈ শ্ৰেষ্ঠ শিক্ষাৰ্থীক মানপত্ৰ আৰু ১০০০ টকাকৈ আগবঢ়োৱা হয়। তেওঁলোক হ'ল-
কলা শাখা-
শ্যামলিকা গোহাঁই
গুঞ্জন হাজৰিকা
বিজ্ঞান শাখা-
অৰিন্দম গোহাঁই
স্নেহা গগৈ
বাণিজ্য শাখা-
আশা কানু
ভাৰ্গৱ ফুকন
সাবা পাৰবীন খাটুন
এইসকলৰ উপৰিও এই অনুষ্ঠানতে চলিত বৰ্ষত মহাবিদ্যালয়ৰ এন চি চি গোটত প্ৰশিক্ষণ লাভ কৰি 'চি চাৰ্টিফিকেট' লাভ কৰা শিক্ষাৰ্থীসকলক প্ৰমাণ পত্ৰসমুহ প্ৰদান কৰা হয়। আমেৰিকাস্থিত শিক্ষানুষ্ঠান 'উমা গ্লোবেল'ৰ অধীনত অনলাইন মাধ্যমেৰে পাঠ্যক্ৰম সম্পূৰ্ণ কৰা শিক্ষাৰ্থীসকলকো প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।
এই সভাতে মহাবিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক তথা প্ৰশাসনিক সহযোগী ড° মহেশ্বৰ ৰাজখোৱা আৰু আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সমন্বয়ক শ্ৰীযুত ৰণেন্দ্ৰ খাউণ্ডে ছাত্ৰ- ছাত্ৰীসকলৰ উদ্দেশ্যি বক্তব্য প্ৰদান কৰে।
মহাবিদ্যালয়ৰ ২০২৩- ২৪ বৰ্ষৰ ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকলক এই সভাতে আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়।
আনুষ্ঠানিক সভাৰ পাছতে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। মহাবিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীসকলে আটকধুনীয়া অনুষ্ঠান পৰিৱেশন কৰাৰ পাছতে আমন্ত্ৰিত শিল্পী ৰিতম বৰাই গীত পৰিৱেশন কৰি সকলোকে সন্মোহিত কৰে।
17/08/2025
অসমৰ চাহ- শিল্পৰ জন্মভূমি, সত্ৰনগৰীৰূপে খ্যাত বৃহত্তৰ চাবুৱা অঞ্চলৰ উচ্চশিক্ষাৰ একমাত্ৰ প্ৰাণকেন্দ্ৰ দাখাদেৱী ৰাচিৱাচিয়া মহাবিদ্যালয়ৰ ৫৫ সংখ্যক প্ৰতিষ্ঠা দিৱসটি ১৬ আগষ্ট, ২০২৫ তাৰিখে বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ড° প্ৰদীপ বড়াদেৱৰ দ্বাৰা অধ্যাপক- অধ্যাপিকা, ছাত্ৰ- ছাত্ৰী তথা কৰ্মচাৰীসকলৰ উপস্থিতিত হোৱা পতাকা উত্তোলন কাৰ্যসূচীৰে অনুষ্ঠানৰ শুভাৰম্ভণি হয়। ইয়াৰ পাছতে মহাবিদ্যালয়ৰ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা সোঁৱৰণী প্ৰেক্ষাগৃহত প্ৰতিষ্ঠাপক অধ্যক্ষ স্বৰ্গীয় দীনেশ চন্দ্ৰ দত্তদেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে তেখেতৰ সহধৰ্মিণী শ্ৰীযুতা শিখামণি দত্ত ডাঙৰীয়ানীয়ে। মহাবিদ্যালয় পৰিয়ালৰ যিসকলে ইতিমধ্যে ইহসংসাৰৰ পৰা মেলানি মাগিছে, তেখেতলোকৰ সোঁৱৰণত মৌন প্ৰাৰ্থনা কৰা হয়। মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ শ্ৰীযুত তৰুণ কুমাৰ গগৈদেৱৰ কথা আৰু বিশিষ্ট সংগীত শিল্পী শ্ৰীযুত হীৰেণ গোহাঁইদেৱৰ সুৰ তথা সুৰজিৎ বৰুৱাদেৱৰ সংগীতেৰে নকৈ প্ৰস্তুত কৰি তোলা মহাবিদ্যালয় সংগীতটিৰ অডিঅ'ৰ শুভ উন্মোচন কৰে অধ্যক্ষ ড° প্ৰদীপ বড়াদেৱে। অধ্যক্ষ ডাঙৰীয়াৰ আদৰণি বক্তব্যৰ পাছতে বক্তব্য প্ৰদান কৰে মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা চাবুৱা- লাহোৱাল বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত পোনাকণ বৰুৱা ডাঙৰীয়া আৰু সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ মাননীয় সভাপতি শ্ৰীযুত ৰঞ্জিত গোহাঁই ডাঙৰীয়াই। প্ৰতিষ্ঠা দিৱসৰ মূল বক্তৃতা প্ৰদান কৰে মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ শ্ৰীযুত তৰুণ কুমাৰ গগৈদেৱে। এই অনুষ্ঠানতে মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আৰু কৰ্মচাৰীসকলক সম্বৰ্ধনা জনোৱা হয়।
সভাৰ পাছতে ডি. ডি. আৰ. মহাবিদ্যালয় শিক্ষক গোট আৰু ডি. ডি. আৰ. পৰিয়ালৰ উদ্যোগত তথা সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলন আৰু চাবুৱা আঞ্চলিক মটক যুৱ-ছাত্ৰ সন্মিলনৰ সহযোগত 'প্ৰতিষ্ঠাপক অধ্যক্ষ স্বৰ্গীয় দীনেশ চন্দ্ৰ দত্ত সোঁৱৰণী প্ৰথম বাৰ্ষিক সদৌ অসম আন্তঃমহাবিদ্যালয় কুইজ প্ৰতিযোগিতা' অনুষ্ঠিত হয়। কুইজ পৰিচালক সায়ন্তন শইকীয়াৰ পৰিচালনা আৰু ৰাজিবুল আৱালৰ সহযোগিতাৰে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনিত অসমৰ বিভিন্ন প্ৰান্তৰ ১৬টা দলে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাৰ চূড়ান্ত পৰ্যায়ত ৬টা দলৰ মাজত হোৱা তীব্ৰ প্ৰতিদ্বন্দিতাৰ অন্তত ডায়েট, চাবুৱাই প্ৰথম শ্ৰেষ্ঠ দল, ভট্টদেৱ বিশ্ববিদ্যালয়ে দ্বিতীয় শ্ৰেষ্ঠ দল আৰু যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ে তৃতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়। দলকেইটালৈ প্ৰশস্তি পত্ৰ, স্মাৰক আৰু নগদ ক্ৰমে ১৫,০০০ টকা, ১০,০০০ টকা আৰু ৭,০০০ টকাকৈ প্ৰদান কৰা হয়। বঁটা প্ৰদান অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়কে প্ৰমুখ্যে কৰি শিক্ষক- শিক্ষয়িত্ৰী- কৰ্মচাৰী, ছাত্ৰ- ছাত্ৰী আৰু মটক যুৱ- ছাত্ৰ সন্মিলনৰ বিষয়ববীয়াসকল উপস্থিত থাকে।
দিনটোৰ সন্ধিয়ালৈ মহাবিদ্যালয় প্ৰাংগণত বন্তি প্ৰজ্বলন কৰা হয়। এই কাৰ্যসূচীতো সকলোৱে আন্তৰিকতাৰে সহযোগিতা আগবঢ়ায়।
15/08/2025
সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আজি ডি. ডি. আৰ. মহাবিদ্যালয়, চাবুৱাতো অতি উলহ- মালহেৰে ভাৰতবৰ্ষৰ ৭৯ তম স্বাধীনতা দিৱস পালন কৰা হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰদীপ বড়াদেৱে পতাকা উত্তোলন কৰাৰ পাছতেই এন চি চি কেডেটসকলে কুচকাৱাজ প্ৰদৰ্শন কৰে। অনুষ্ঠানটিত মহাবিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰী, কৰ্মচাৰী তথা ছাত্ৰ- ছাত্ৰীসকল উপস্থিত থাকে।
Triranga Rally at DDR College, Chabua
Date: 14th August, 2025.