28/04/2026
PM SHRI Rahmaria Higher Secondary School
স্থাপিত : ১৯৫৪ চন
UDISE Code: 18150400404 অধ্যক্ষ: শ্ৰীহিৰণ্য দত্ত
28/04/2026
26/04/2026
আমাৰ বিদ্যালয়ৰ চৈধ্যজন কেডেট ৰাজ্যিক পৰ্যায়ৰ গুলিচালনাৰ২০২৬ৰ প্ৰতিযোগিতাত নিৰ্বাচিত হৈ শ্বিলং কেম্পত অংশগ্ৰহণ কৰিবলৈ যায়।
পি এম শ্ৰী ৰহমৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে আজি শ্বিলঙলৈ গৈছে।
কাৰণ!!
ভিডিঅটো চাওক।।
Video credit- Samar Gohain New
24/04/2026
শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱৰ পৱিত্ৰ আৱিৰ্ভাৱ তিথিত তেৰাৰ শ্ৰীচৰণত প্ৰণিপাত জনাইছোঁ। অসমৰ বৈষ্ণৱ ধৰ্ম-আন্দোলনৰ এক প্ৰসিদ্ধ ধৰ্মপ্ৰচাৰক, কবি শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱে মায়ামৰা সত্ৰ সম্প্ৰদায় প্ৰতিষ্ঠা কৰি সমাজত ভক্তি, সমতা আৰু মানৱতাৰ বাণী প্ৰচাৰ কৰিছিল। উদাৰ ধৰ্মনীতিৰে সকলো জাতি-জনগোষ্ঠীক একত্ৰিত কৰাৰ লগতে আধ্যাত্মিক জাগৰণৰ এক নতুন অধ্যায় সূচনা কৰা তেখেতৰ অৱদান জাতীয় জীৱনত সদায়ে স্মৰণীয় হৈ ৰ’ব।
21/04/2026
আজি পবিত্ৰ স্মৃতি দিৱসত চুতীয়া ৰাজ্যৰ ৰাণী বীৰাঙ্গনা সতী সাধনীৰ প্ৰতি আমাৰ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। বীৰাঙ্গনা সতী সাধনী হৈছে এনে এগৰাকী মহিয়সী নাৰী, যিগৰাকী কেৱল নাৰী জাতিৰ বাবেই নহয়,সমগ্ৰ সমাজৰ বাবেই সাহস আৰু প্ৰেৰণাৰ এক মূৰ্তমান প্ৰতীক।সতী সাধনীৰ জীৱন হৈছে নিঃস্বাৰ্থ দেশপ্ৰেম আৰু ত্যাগৰ অপূৰ্ব নিদৰ্শন। বীৰাঙ্গনা সাধনীৰ দেশপ্ৰেম আৰু মহত্বৰ কথা ইতিহাসৰ পাতত যুগমীয়া হৈ থাকিব।
20/04/2026
আমাৰ বিদ্যালয়ত এইবাৰ ২০২৬ বৰ্ষ এন চি চি (আৰ্মি শাখাৰ) নতুন ভৰ্তি আৰম্ভ কৰা হয়।
13/04/2026
DDR মহাবিদ্যালয়ৰ Higher secondary zone ত English বিষয়ৰ দায়িত্ব সামৰি আজি বিষয় শিক্ষয়িত্ৰী বিউটি লেখাৰু শইকীয়াই বিদ্যালয়ত নতুনকৈ আৰম্ভ কৰা বিহু বিষয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ ব্যৱহাৰিক পৰীক্ষা অনুষ্ঠিত কৰে । লগতে বিদ্যালয়তো উৰুকাৰ পৰিৱেশ..... দুমাহজোৰা অতি কৰ্মব্যস্ততাৰ পিছত ছাত্ৰ ছাত্ৰীৰ লগত আজি একাত্মভাবে উৰুকাৰ কিছু মুহূৰ্ত অতিবাহিত কৰাত সকলোৰে মন উৎফুল্লিত হৈ আছে।
12/04/2026
ধন্যবাদ সাংবাদিক বন্ধু ।
10/04/2026
আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত আমাৰ বিদ্যালয়ৰ ছাত্ৰী জেচমী গগৈয়ে আটাইকেইটা বিষয়ত লেটাৰ নম্বৰেৰে ৯১.৫% লাভ কৰি ডিষ্টিংচন সহ বিদ্যালয়ৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰি বিদ্যালয়ৰ লগতে সমগ্ৰ ৰহমৰীয়ালৈ গৌৰৱ কঢ়িয়াই আনে।
10/04/2026
আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত আমাৰ বিদ্যালয়ৰ ছাত্ৰী লাকী দাসে Elective 49 - Retail Trade NSQF বিষয়ত অসমৰ ভিতৰত সৰ্বোচ্চ ১০০ নম্বৰ লাভ কৰাৰ লগতে দুটা বিষয়ত লেটাৰ নম্বৰসহ প্ৰথম স্থান অধিকাৰ কৰি বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনে ।
10/04/2026
আমাৰ গৌৰৱ । হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ।
10/04/2026
Proud of you all. Heartiest congratulations to everyone.🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉
Click here to claim your Sponsored Listing.
Location
Category
Contact the school
Address
Tamuli Ali
Dibrugarh
786101
Opening Hours
| Monday | 9am - 3pm |
| Tuesday | 9am - 3pm |
| Wednesday | 9am - 3pm |
| Thursday | 9am - 3pm |
| Friday | 9am - 3pm |
| Saturday | 9am - 12:15pm |