Suren Memorial LPS

Suren Memorial LPS

Share

School education related verious activities

Photos from Suren Memorial LPS's post 14/11/2025

শিশু দিৱসৰ উপলক্ষে ছাত্ৰ - ছাত্ৰী সকলে পৰিৱেশন কৰা নৃত্য আৰু গীতৰ কিছু মূহুৰ্ত।


07/11/2025

🇮🇳
ৰাষ্ট্ৰীয় গীত (বন্দে মাতৰম ) ৰচনাৰ ১৫০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে বিদ্যালয়ৰ শিক্ষক গোট,অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা গীতটি একত্ৰিতভাৱে পৰিবেশন কৰা হয় । ছাত্ৰ-ছাত্ৰী সকলক গীতটিৰ গুৰুত্ব আৰু তাৎপৰ্য সম্পৰ্কে অৱগত কৰোৱাৰ লগতে বঙ্কিমচন্দ্র চট্টোপাধ্যায় দেৱক শ্ৰদ্ধাৰে স্মৰণ কৰা হয় ।


06/09/2025

শিক্ষক দিৱস উপলক্ষে ছাত্ৰ - ছাত্ৰী সকলে পৰিৱেশন কৰা নৃত্য, গীত আৰু কবিতা আবৃত্তিৰ কিছু দৃশ্য।

Photos from Suren Memorial LPS's post 06/09/2025

প্ৰতি বছৰৰ দৰে এই বছৰো ছাত্ৰ-ছাত্ৰী সকলে অতি উৎসাহেৰে শিক্ষক দিৱসৰ আয়োজন কৰে । আজিৰ এই অনুষ্ঠানটিৰ প্ৰথম কাৰ্যসূচী হিচাপে বিখ্যাত দাৰ্শনিক , পণ্ডিত , শিক্ষক , ভাৰতৰ প্ৰথম উপ ৰাষ্ট্ৰপতি তথা দ্বিতীয় ৰাষ্ট্ৰপতি ড° সৰ্ব্বপল্লী ৰাধাকৃষ্ণণ দেৱৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাসহকাৰে সেৱা জনোৱা হয় । ইয়াৰ পিছত বিদ্যালয় সংগীত পৰিবেশনেৰে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰা হয় । পৰৱৰ্তী পৰ্যায়ত শিক্ষাগুৰু সকলে শিক্ষক দিৱসৰ গুৰুত্ব আৰু তাৎপৰ্য সম্পৰ্কে বক্তব্য আগবঢ়ায় । উল্লেখযোগ্য যে উক্ত দিৱসৰ উপলক্ষে ছাত্ৰ-ছাত্ৰী সকলে কবিতা আবৃত্তি, নৃত্য-গীত আদি পৰিবেশন কৰি সকলোকে আপ্লুত কৰে । শেষত বিদ্যালয়ৰ শিক্ষক গোটে মিলিত হৈ ছাত্ৰ- ছাত্ৰী সকলে মৰমেৰে অনা কেকটি কাটি সমগ্ৰ শিক্ষক সমাজলৈ উৎসৰ্গা কৰে ।

23/08/2025

প্ৰবল ইচ্ছা শক্তি, একাগ্ৰতা আৰু নিৰ্দিষ্ট কাৰ্যটিত স্থিতপ্ৰজ্ঞ হ'লে দৰিদ্ৰতাই যে সফলতাত হেঙাৰ হব নোৱাৰে তাৰ উদাহৰণ হৈছে আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ মণ্টু ভূমিজ । ৰাংছালি ৩১৭ নং খোৱাং গ্ৰাণ্ট গাঁৱৰ নিবাসী শ্ৰীযুত ৰাজেশ ভূমিজৰ পুত্ৰ শ্ৰী মণ্টু ভূমিজে কোনো ধৰণৰ COACHING নোলোৱাকৈ সদ্যঘোষিত NEET পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ যোৰহাট মেডিকেল কলেজত MBBS পঢ়াৰ সুযোগ লাভ কৰে । এয়া গাঁও খনৰ লগতে আমাৰ বিদ্যালয়ৰ বাবেও অতি গৌৰৱৰ বিষয় । সেয়ে আজি বিদ্যালয়ৰ কৰ্তৃপক্ষ মণ্টু ভূমিজৰ বাসগৃহত উপস্থিত হৈ তেওঁক অভিনন্দন জনাই তেওঁৰ সপোনবোৰ যাতে বাস্তৱত পৰিণত হয় তাৰ কমনা কৰা হয় ।

Photos from Suren Memorial LPS's post 05/06/2025

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বিদ্যালয়ত গছপুলি ৰোপন কাৰ্যসূচী ( ০৫/০৬/২০২৫)

27/03/2025

আপোনালোকক জনাবলৈ পাই অত্যন্ত সুখী হৈছোঁ যে আজি ঘোষিত গুণোৎসৱ ২০২৫ ৰ ফলাফলত সুৰেণ মেম'ৰিয়েল প্ৰাথমিক বিদ্যালয়ে পূৰ্বৰ তুলনাত অধিক নম্বৰ সহ A+ গ্ৰেড লাভ কৰি এই সাফল্যৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হয় । ইয়াৰ মূল অংশীদাৰ হৈছে আমাৰ শিক্ষাৰ্থী সকল । তেওঁলোকে যাতে এইদৰে সফলতাৰে আগবাঢ়ি যায় তাৰে কামনা কৰিছোঁ । ইয়াৰোপৰি আমাৰ এই যাত্ৰাত সক্ৰিয়ভাৱে সহযোগিতা আগবঢ়োৱা SMC ৰ সদস্য- সদস্যা সকল, মাতৃগোটৰ সদস্যা সকল, অভিভাৱক সকল, প্ৰাক্তন ছাত্ৰ সকল , চুবুৰীয়া বিদ্যালয়ৰ শিক্ষাগুৰু সকলৰ লগতে বহিঃমূল্যায়ক সন্মানীয় ড° অনুপল বৰুৱা মহোদয়লৈও আন্তৰিক ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ ।


Photos from Suren Memorial LPS's post 27/03/2025

আজি ইং ২৭/০৩/২০২৫ তাৰিখ বৃহস্পতিবাৰে সুৰেণ মেম'ৰিয়েল প্ৰাথমিক বিদ্যালয়ত বাৰ্ষিক শৈক্ষিক মূল্যায়ন ও খেল-ধেমালিৰ ফলাফল ঘোষণা কৰা হয় । ফলাফল ঘোষণাৰ আৰম্ভণিতে প্ৰধান শিক্ষক মহোদয়ে ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি শুভেচ্ছামূলক ভাষণ প্ৰদান কৰে আৰু আগন্তুক দিনত যাতে তেওঁলোকে নিজকে অধিক পাৰদৰ্শী কৰি তুলিব পাৰে তাৰ বাবে কিছু গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায়। ইয়াৰ পিছত বিদ্যালয়ৰ সহকাৰী শিক্ষক শ্ৰীযুত দিৰেন বৰুৱা দেৱে বাৰ্ষিক খেল-ধেমালিত পাৰদৰ্শীতা দেখুৱা ছাত্ৰ-ছাত্ৰী সকলৰ নামসমূহ ঘোষণা কৰে আৰু তেওঁলোকে একাদিক্ৰমে আহি বিদ্যালয়ৰ শিক্ষক গোট আৰু পৰিচালনা সমিতিৰ সদস্য সকলৰ পৰা পুৰস্কাৰ সমূহ গ্ৰহণ কৰে। উক্ত কাৰ্যসূচীৰ অন্তত সহকাৰী শিক্ষক শ্ৰী শচীন দাসে ২০২৪-২৫ বৰ্ষৰ চূড়ান্ত শৈক্ষিক মূল্যায়নৰ ফলাফল সমূহ পৰ্যায়ক্ৰমে শ্ৰেণী অনুযায়ী ঘোষণা কৰে । উল্লেখযোগ্য যে উক্ত ফলাফলত প্ৰথম তিনিটা স্থান প্ৰাপ্তছাত্ৰ-ছাত্ৰী সকলৰ লগতে বিদ্যায়তনিক , সহ-বিদ্যায়তনিক আদি বিভিন্ন দিশৰ ওপৰত ভিত্তি কৰি পঞ্চম শ্ৰেণীৰ ছাত্ৰী স্বপ্না তামাংক ২০২৪-২৫ বৰ্ষৰ শ্ৰেষ্ঠ ছাত্ৰীৰ পুৰস্কাৰ প্ৰদান কৰা হয় ।
শেষত প্ৰধান শিক্ষক মহোদয়ে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকললৈ অভিনন্দন জ্ঞাপন কৰে আৰু আগন্তুক শৈক্ষিক বৰ্ষত নতুন সংকল্পৰে আগবাঢ়ি যোৱাৰ কামনাৰে আজিৰ কাৰ্যসূচী অন্ত পৰা বুলি ঘোষণা কৰে ।

26/03/2025

ৰাংছালি অঞ্চলৰ গৌৰৱময় শিক্ষানুষ্ঠান সুৰেণ মেম'ৰিয়েল প্ৰাথমিক বিদ্যালয়ত ২০২৫-২৬ বৰ্ষৰ বিনামূলীয়া নামভৰ্তি প্ৰক্ৰিয়া অব্যাহত আছে ।
" শীঘ্ৰে সন্তানৰ নামভৰ্তি কৰক
আকাংক্ষিত ফলাফলৰ বাবে আমি
দায়বদ্ধ " ।।

প্ৰয়োজনীয় নথি সমূহ ----
1. Passport size photo
2. Birth certificate Xerox copy
3. Aadhar card Xerox copy ( parents & student )

Photos from Suren Memorial LPS's post 19/03/2025

আজি ইং ১৯/০৩/২০২৫ তাৰিখে অনুষ্ঠিত পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ বিদায় সভাৰ কিছু দৃশ্য ।

07/02/2025

ছাত্ৰী সকলে পৰিবেশন কৰা নৃত্য-গীত সমূহ
#গুণোৎসৱ২০২৫

07/02/2025

বহিঃমূল্যায়ক মহোদয়ৰ উৎসাহমূলক বক্তব্য ।

Want your school to be the top-listed School/college in Dibrugarh?

Click here to claim your Sponsored Listing.

Location

Category

Website

Address


Vill/317 No Khowang Grant, P. O/Rangchali, Dist/Dibrugarh
Dibrugarh
785675