Golden Jubilee Celebration Of Padmanath Gohain Baruah Chatra Nivas

Golden Jubilee Celebration Of Padmanath Gohain Baruah Chatra Nivas

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Golden Jubilee Celebration Of Padmanath Gohain Baruah Chatra Nivas, Education, Dibrugarh.

30/07/2024

ঐতিহ্যমণ্ডিত পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰ নিবাসক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ

সোণালী জয়ন্তীৰ গৌৰৱ গাথাৰে মহিয়ান আমাৰ সকলোৰে প্ৰাণৰ আপোন ঐতিহ্যমণ্ডিত পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰ নিবাসটি বৰ্তমান অপমৃত্যুৰ দিশে গতি কৰিছে৷ ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰশাসনে চলে বলে কৌশলে ঐতিহ্যমণ্ডিত ছাত্ৰ নিবাসটোৰ বৰ্তমানৰ আৱাসী সকলক এক বিশেষ নিৰ্দেশনাৰ জৰিয়তে অহা ০৪/০৮/২০২৪ তাৰিখৰ ভিতৰত দুটা বিশেষ ছাত্ৰ নিবাসলৈ প্ৰেৰণ কৰিব বিচাৰিছে আৰু পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰ নিবাসত কেৱল কনিষ্ঠ ছাত্ৰ সকলক থকাৰ নিৰ্দেশনা প্ৰদান কৰিছে৷ অৰ্থাৎ দুবছৰীয়া স্নাতকোত্তৰ পাঠ্যক্ৰমৰ সময়চোৱাত এবছৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰ নিবাসত থাকি পিছৰ বছৰ অন্য ছাত্ৰ নিবাসলৈ যাব লাগিব৷ যাৰ ফলত গৌৰবোজ্বল ৫০ টা বৰ্ষ অতিক্ৰমী ছাত্ৰ নিবাসটোৰ ঐতিহ্য, পৰম্পৰা সকলো অপমৃত্যুৰ দিশে গতি কৰিছে৷ UGC ৰ সকলো নীতি অমান্য কৰি বিশ্ববিদ্যালয় প্ৰশাসনে যি নিৰ্দেশনা জাৰি কৰিছে, সেয়া অবৈধ৷

উল্লেখযোগ্য যে দুটা বিশেষ ছাত্ৰ নিবাস, য’ত পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰ নিবাসৰ বৰ্তমানৰ আৱাসীসকলক স্থানান্তৰৰ ব্যৱস্থা কৰিছে, উক্ত ছাত্ৰ নিবাস দুটাৰ আৱাসীসকলক কিন্তু অন্য ছাত্ৰ নিবাসলৈ স্থানান্তৰ কৰা হোৱা নাই৷ যি এটা কথা নিশ্চিত কৰে যে বিশ্ববিদ্যালয় প্ৰশাসনে এটা বিশেষ ছাত্ৰ সংগঠনক ৰাজনৈতিকভাৱে সুৰক্ষা প্ৰদানৰ চেষ্টা কৰিছে৷

বিগত এটা বছৰ (২০২৩-২০২৪ বর্ষ) পদ্মনাথ গোহাঞিবৰুৱা ছাত্র নিবাসৰ সমূহ আৱাসীয়ে একেলগে, সমিল-মিলেৰে আৰু ঐক্যবদ্ধভাৱে অতিবাহিত কৰি আহিছোঁ। এই সময়ছোৱাত আমি আমাৰ নিবাসৰ অগ্রজসকলৰ পৰা ভয়- শংকাজনিত কোনো- ধৰণৰ প্রতিকূলতা বা অপ্রীতিকৰ প্রত্যাহ্বানৰ সম্মুখীন হোৱা নাছিলোঁ। অগ্রজ সকলৰ সৈতে প্রীতিভৰা ঐক্য-এনাজৰীৰে বান্ধ খাই আমি এক একক সভাহৈ পৰিছিলোঁ। কিন্তু বৰ্তমান আমাক অন্য ছাত্ৰ নিবাসলৈ প্ৰেৰণ কৰি পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰ নিবাসৰ কণ্ঠ ৰুদ্ধ কৰাৰ যি ষড়যন্ত্ৰ, সেই ষড়যন্ত্ৰই আমাৰ ছাত্ৰ নিবাসটোক শেষ কৰিছে৷ আপোনালোক সকলোৰে বুকুৰ আপোন ছাত্ৰ নিবাসটোক ধ্বংসৰ মুখৰ পৰা বচাবলৈ আমি পাৰ্যমানে প্ৰচেষ্টা চলাইছোঁ৷ কিন্তু এই মূহুৰ্তত আপোনালোকৰ সহায়ৰ অবিহনে আমি সফলতা লাভ কৰিব নোৱাৰিম৷ আপোন ছাত্ৰ নিবাসটোক আপোনালোকে সহায় কৰক৷

পদ্মনাথ গোহাঞিবৰুৱাক ছাত্র নিবাসৰ ২০২৩-২০২৪ বর্ষৰ আবাসীসকলক স্থানান্তৰণৰ বিষয়টোৱে নিম্নোক্ত নীতি সমূহ ভংগ কৰিছে—

১. হোষ্টেল নিয়ম ২০১৫ৰ উলংঘা:
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ হোষ্টেল নিয়ম ২০১৫ অনুসৰি, কোনো পঢ়া-শুনা Courseৰ এক বছৰৰ পিছত হোষ্টেল পৰিৱৰ্তন কৰাৰ নিৰ্দিষ্ট বিধান নাই। সেয়েহে এক বছৰৰ পাছত ছাত্ৰ-ছাত্ৰীৰ হোষ্টেল পৰিৱৰ্তনৰ সিদ্ধান্তটো এই প্ৰতিষ্ঠিত নিয়মৰ লগত অসংগতি আৰু কোনো নিয়ম তথা সাংবিধানিক ভিত্তি নাই।

(Violation of Hostel Rules 2015:
According to the Hostel Rules 2015 of Dibrugarh University, there is no provision that mandates the boarders of a particular hostel to change hostels after one year of any course. Therefore, the current decision to shift students after just one year directly contradicts these established rules and lacks any regulatory basis.)

২. UGC Guidline ৰ নিয়ম ভংগ:
উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানত ৰেগিং ৰ কুপ্ৰথাৰ ৰোধ কৰিবলৈ ইউ. জি. চি. ৰেগুলেশ্যন ২০০৯ অনুসৰি, বিশেষকৈ ধাৰা ৬.২, উপ-বিন্দু (e) অনুসৰি, প্ৰতিষ্ঠানে নতুন আৰু জ্যেষ্ঠ ছাত্ৰ-ছাত্ৰীসকলৰ লগত যৌথ সজাগতা কাৰ্যসূচী চলাব লাগে। নতুন ছাত্ৰ-ছাত্ৰীকহে হোষ্টেলত ৰখা সিদ্ধান্তই এই যৌথ কাৰ্যকলাপৰ সম্ভাৱনা নষ্ট কৰে, যাৰ ফলত ইউ. জি. চি. ৰেগুলেশ্যন ভংগ হয়।

(Non-Compliance with UGC Regulations on Ragging:
As per the UGC Regulations on Curbing the Menace of Ragging in Higher Educational Institutions, 2009, specifically under Section 6.2, Sub-point (e), it is clearly stated that institutions should conduct joint sensitization programmes and counselling sessions involving both freshers and senior students. The decision to house only junior boarders in the hostel disrupts the possibility of conducting these essential joint activities, thereby violating the UGC regulations.)

৩. Contradiction to Freshers' Accommodation Guidelines:
ইউ জি চি ৰেগুলেশ্যন ধাৰা ৬.২, উপ-বিন্দু (j) ত কোৱা হৈছে "নতুন ছাত্ৰ-ছাত্ৰীসকলক, সম্ভৱ হলে, এটা পৃথক হোষ্টেল ব্লকত থোৱা হ'ব।" কিন্তু ইয়াৰ অৰ্থ এই নহয় যে শিক্ষাৰ্থীৰ পঢ়ি থকা কালৰ মাজত ছাত্ৰ-ছাত্ৰীসকলক হঠাৎ আন হোষ্টেললৈ স্থানান্তৰ কৰিব পাৰে। বিশ্ববিদ্যালয়ৰ চলিত সিদ্ধান্তটো এই নির্দেশিকাৰ লগত মিলে নোহোৱাকৈ, স্থানান্তৰৰ পৰিৱৰ্তে একে হোষ্টেলৰ ভিতৰত পৃথক ব্লক বা অন্য মনিটৰিং প্ৰক্ৰিয়া সংস্থাপন কৰিবলৈহে জনোৱা হৈছে।

(Contradiction to Freshers' Accommodation Guidelines:
The UGC regulation also mentions in Section 6.2, Sub-point (j) that "Freshers shall be lodged, as far as may be, in a separate hostel block." However, this does not imply the authority to vacate or shift existing boarders mid-term or at the end of their course. The current decision fails to align with this guideline, as it unnecessarily mandates relocation rather than ensuring separate blocks within the same hostel or implementing other monitoring mechanisms.)

৪. হোষ্টেলত এক বছৰ কটাৰ পিছত, ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ বাসস্থান পৰিৱেশৰ লগত অভ্যস্ত হৈ পৰে, যি তেওঁলোকৰ মানসিক আৰু আৱেগিক সু-স্থতাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। ছাত্ৰ-ছাত্ৰীসকলক হঠাৎ অন্য হোষ্টেললৈ স্থানান্তৰ কৰাটো তেওঁলোকৰ স্থায়ী ৰুটিনক বিঘ্নিত কৰে আৰু পুনৰ সজাগ হ'বলৈ অতিৰিক্ত সময়ৰ প্ৰয়োজন হয়, যাৰ ফলত তেওঁলোকৰ একাডেমিক কার্যক্ষমতা আৰু মানসিক শান্তিৰ ওপৰত প্ৰতিকূল প্ৰভাৱ পৰিব পাৰে। বিশ্ববিদ্যালয় পৰিষদৰ প্ৰাথমিক দায়িত্ব হৈছে ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক আৰু আৱেগিক সুস্থতা নিশ্চিত কৰা, যি এই সিদ্ধান্তক উপেক্ষা কৰিছে।

৫. উল্লেখযোগ্য যে যোৱা বছৰত, প্ৰশাসনে নতুন ছাত্ৰ-ছাত্ৰীক একে হোষ্টেলৰ ভিতৰত পৃথক ব্লকত থাকি ৰেগিং ৰোধ কৰিবলৈ উল্লেখযোগ্য পদক্ষেপ লৈছিল। এই প্ৰক্ৰিয়াটো অত্যন্ত সফল হৈছিল, কিয়নো কোনো ৰেগিং ৰ অভিযোগ নাছিল। এই সফলতালৈ লক্ষ্য কৰি, ই স্পষ্ট যে এইবাৰো একে ধৰণৰ পদক্ষেপ কার্যকৰীভাৱে ৰূপায়ণ কৰিব পাৰি, যি সকলো ছাত্ৰ-ছাত্ৰীক সুৰক্ষা আৰু সুস্থতা নিশ্চিত কৰিব আৰু স্থানান্তৰৰ আৱশ্যকতা নাথাকিব।

৬. তদুপৰি ২০২৩ বৰ্ষৰ ছাত্ৰাবাসত নামভৰ্তিৰ সময়ত সম্পূৰ্ণ দুটা বছৰৰ বাবে security money হোষ্টেল কৰ্তৃপক্ষই লৈছিল। নামভৰ্তিৰ সময়ত এবছৰ পিছত হোষ্টেলৰ পৰা আন হোষ্টেললৈ প্ৰেৰণ কৰিব বুলি জনোৱা নাছিল। কিন্তু বৰ্তমান এটা বছৰতে হোষ্টেলৰ পৰা আন হোষ্টেললৈ স্থানান্তৰ কৰাতো সম্পূৰ্ণ ইয়াৰ পৰিপন্থী।

উল্লেখযোগ্য যে এনে এক অভিসন্ধিমূলক সিদ্ধান্ত লোৱাৰ উমান পাই আগতীয়াকৈ প্ৰশাসনৰ সৈতে বিভিন্ন পৰ্যায়ত এনে হঠকাৰী সিদ্ধান্ত ন’লবলৈ আহ্বান জনোৱা হৈছিল, কিন্তু প্ৰশাসনে সম্পূৰ্ণ উপেক্ষা কৰি পক্ষপাতমূলকভাৱে এনে সিদ্ধান্ত গ্ৰহণ কৰি ছাত্ৰসমাজৰ ভৱিষ্যত অন্ধকাৰলৈ ঠেলি দিয়াৰ ষড়যন্ত্ৰ কৰিছে৷

সদৌ শেষত, ঐতিহ্যমণ্ডিত পদ্মনাথ গোহাঞিবৰুৱা ছাত্ৰ নিবাসৰ এক নিজা পৰিচয়, নিজা সংস্কৃতি আৰু ইতিবাচক ভূমিকা আছে। দশকৰ পাছত দশক গৰকা ছাত্ৰ নিবাসটোৰ ৰক্ষাৰ ক্ষেত্ৰত সহায় কৰে যেন৷

তাৰে কামনাৰে,
সমূহ আৱাসী,
পদ্মনাথ গোহাঞিবৰুৱা ছাত্ৰ নিবাস

12/03/2024
21/03/2023

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত DU Haat এখন সকলোৰে চিনাকী দোকান মামীৰ দোকান। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পঢ়ি যোৱা সকলে বা বৰ্তমানেও পঢ়ি থকা কিছুসংখ্যক ছাত্ৰ ছাত্ৰীয়ে মামাকো লগ পাইছিল দোকানত, সকলোকে মৰম আদৰ কৰা মামাও অকালতে ঢুকাল তাৰ পাছৰ সময়ছোৱাত মামীয়ে পুত্ৰ ৰাজক (পোৱালি) লগত লৈ দোকানখন চলাই যেনে তেনে চলি থকাৰ লগতে পোৱালিকো পঢ়ুৱাই আছিল কিন্তু নেদেখাজনৰ অদৃষ্টিত আজি জটিল ৰোগ এটিত মামী আক্ৰান্ত হৈ গুৰুতৰভাৱে অসুস্থ হৈ আছে, যি ঘটনাই ইতিমধ্যে পোৱালিৰো জীৱনলৈ ধুমুহা নমাই আহিছে। গতিকে সি এতিয়া ডিব্ৰুগ়ড বিশ্ববিদ্যালয় পৰিয়াল তথা সুহৃদ ৰাইজৰ সহায় বিচাৰিছে। মামীৰ অস্ত্ৰোপচাৰৰ বাবে বহু সংখ্যক ধনৰ প্ৰয়োজন গতিকে আহকচোন আমি দুৰ্ভগীয়া ল'ৰাটোক কিছু আৰ্থিক সহযোগ কৰি তাৰ সাহস হিচাপে থিয় দিওঁ। Gpay and PhonePe no - 8474090241

Poban Gogoi
Mukrang Timung
Monjil Konwar
Monuranjan Das
Niranjan Yadav
Galab Deka
Ujjal Angkur Borah
Kalyan Dutta
শুভ্ৰজিৎ বৰুৱা
Dibya Jyoti Gogoi
Simanta Hazarika
Kamaleswar Chutia

07/02/2023

আমি সহায় কৰিব পৰা হ'লে ভাল আছিল ।

Photos from Golden Jubilee Celebration Of Padmanath Gohain Baruah Chatra Nivas's post 06/02/2023

সেই সোণালী সময়ৰ সুবাস বিচাৰি


Photos from Golden Jubilee Celebration Of Padmanath Gohain Baruah Chatra Nivas's post 13/09/2022

পদ্মনাথ গোহাঞিবৰুৱা ছাত্ৰ নিবাসৰ সোণালী জয়ন্তী অনুষ্ঠানৰ সাংস্কৃতিক সন্ধিয়াৰ দৃশ্য 💓💓

Golden Jubilee Celebration Of Padmanath Gohain Baruah Chatra Nivas
Zubin Garg
Deeplina Deka

10/09/2022

আহিব সকলো আমি একেলগে অনুষ্ঠান উপভোগ কৰিম।
Zubin Garg

08/09/2022

ৰাইজ আহিব আপোনালোক সকলোৱে লগে ভাগে .....
PNGBCN - Dibrugarh University
Zubin Garg

07/09/2022

আমি আদৰিবলৈ সাজু আপোনালোকক



Jubilee Celebration of Padmanath Gohain Baruah Chatra Nivas


Want your school to be the top-listed School/college in Dibrugarh?

Click here to claim your Sponsored Listing.

Location

Category

Telephone

Website

Address


Dibrugarh
786004