Hem's Academy Dibrugarh

Hem's Academy Dibrugarh

Share

An online night school for personal growth

Hem's Academy Dibrugarh is an online night school & it provides free & paid courses on Meditation, Ho'oponopono, Neuro-linguistic Programming, Emotional Freedom Technique etc.

19/06/2025

জীৱন তৰিবৰ উপায় !

14/01/2025
14/01/2025

আহি আছে

14/01/2025

দিন- কাল সলনি হ'ল। জীয়াই থাকিবলৈ হ'লে এতিয়া কেৱল শৈক্ষিক মান-পত্ৰ হাতত থাকিলেই নহ'ব, আমাক লাগিব Skill !
সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

14/01/2025

এক নতুন দৰ্শন
..
কল্পনা কৰকচোন, আপোনাৰ এজন দূৰ আত্মীয় আছে। মানুহজন সকলো দিশৰ পৰা সৱল, কিন্তু কাম কৰিব নোখোজে আৰু নিজৰ পৰিয়ালৰ দায়িত্ব নলয়।
আপুনি এই মানুহজনক শ্ৰদ্ধা কৰিব নে ? নিশ্চয় নকৰে।

প্ৰতিজন ব্যক্তিৰে এটা আভ্যন্তৰীণ চকু ( inner eye) থাকে, যি সেই ব্যক্তিজনৰ প্ৰাত্যহিক কৰ্ম, আচৰণ আৰু মনোভংগীক নীৰৱে কিন্তু নিৰন্তৰ মূল্যায়ন কৰি থাকে। এই আভ্যন্তৰীণ চকুৰ দৃষ্টিত নিজকে শ্ৰদ্ধাশীল কৰি তুলিবলৈ হ'লে এজন ব্যক্তিয়ে উদ্দেশ্যধৰ্মী কৰ্ম আৰু জীৱনৰ প্ৰতি ইতিবাচক দৃষ্টিভংগীৰে নিজকে শ্ৰদ্ধাৰ যোগ্য কৰিবলৈ চেষ্টা কৰিব লাগিব।

জীৱনে আমাৰ সন্মুখত দুটা পথ খোলা ৰাখিছে : ১) আৰামদায়ক যেন নলগা কামবোৰ কৰক আৰু নিজৰ উন্নতি ঘটাওক, ২) নিজকে ভগৱানৰ সন্তান বুলি ভাৱি একো কাম-কাজ নকৰাকৈ আৰামত বহি থাকক।

দ্বিতীয় পথটো মনোমোহা যেন লাগিলেও ই আপোনাৰ মনত গভীৰভাৱে ৰেখা পাত নকৰিব, কিয়নো মনে কৰ্মকহে গুৰুত্ব দিয়ে। সেয়ে, এক পৰিপূৰ্ণ আৰু অৰ্থবহ জীৱন কটাবলৈ হ'লে আমি প্ৰথমটো পথক আকোঁ‌ৱালি ল'ব লাগিব, আৰামদায়ক যেন নলগা কামবোৰ কৰিব লাগিব আৰু সেই প্ৰক্ৰিয়াৰ মাজেদি গৈ নিজৰ বিকাশ সাধন কৰিব লাগিব।

এটা তুলনাই আপোনাক সহায় কৰিব :

এই কথাখিনি ভাৱকচোন :
এটা সৰু ল'ৰাৰ হাতত এডাল তেনেই চুটি পেঞ্চিল আছে আৰু সেইডালেৰেই পৰীক্ষাত বহি তেওঁ হাঁ‌হিমুখেৰে ওলাই আহিছে।
অন্য এটা ল'ৰাৰ হাততো এডাল তেনেই চুটি পেঞ্চিল আছে আৰু পৰীক্ষাত নবহাকৈ তেওঁ ঘৰলৈ উভটিছে।

আপুনি এতিয়া কোনজন ল'ৰাক প্ৰশংসা কৰিব ? নিশ্চয় প্ৰথমজনক !

ঠিক সেইদৰে ভগৱানেও সেইজন সন্তানকে ভাল পায়, যি সাহস আৰু আশাবাদেৰে জীৱনৰ প্ৰত্যাহ্বানবোৰৰ সন্মুখীন হয়। সেই সন্তানজন হ'বলৈ চেষ্টা কৰক - আপোনাৰ 'পেঞ্চিল' ডাল যিমান চুটি নহওক কিয় , সেইডালেৰেই জীৱনৰ পৰীক্ষাত আপুনি দৃঢ়তাৰে বহক। মুখত এটা হাঁ‌হি লৈ জীৱন নামৰ যাত্ৰাটো শেষ কৰক, আৰু নিজৰ আন্তৰিক আত্মা আৰু ভগৱানৰ পৰা মৰম আৰু সন্মান আদায় কৰক।

হেমচন্দ্ৰ দত্ত
Hem's Academy
১৪/০১/ ২০২৫

13/01/2025

শিৱসাগৰৰ কলেজ শিক্ষক পংকজ দত্তৰ মন্তব্য

13/01/2025

ডিব্ৰুগড়ৰ শিক্ষাৰ্থী লেখনি দাস বৰুৱাৰ মন্তব্য

13/01/2025

গুৱাহাটীৰ অঞ্জনা তামুলীৰ Testimonial

13/01/2025

বিশ্বনাথ চাৰি আলিৰ শিক্ষাৰ্থী নিজৰা ৰাজকুমাৰীৰ Testimonial

13/01/2025

নগাঁওৰ শিক্ষাৰ্থী শেৱালি চক্ৰৱৰ্তী শৰ্মাৰ Testimonial !

13/01/2025

বজালীৰ শিক্ষাৰ্থী ৰঞ্জন কলিতাৰ মন্তব্য

Want your school to be the top-listed School/college in Dibrugarh?

Click here to claim your Sponsored Listing.

Location

Telephone

Website

Address


Duwarachuk
Dibrugarh
786004

Opening Hours

Monday 7pm - 10pm
Tuesday 7pm - 10pm
Wednesday 7pm - 10pm
Thursday 7pm - 10pm
Friday 7pm - 10pm
Saturday 8am - 10pm
Sunday 8am - 10pm