Dibrugarh University Post Graduate Student's Union 2022-23

Dibrugarh University Post Graduate Student's Union 2022-23

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Dibrugarh University Post Graduate Student's Union 2022-23, College & University, Dibrugarh.

Photos from Dibrugarh University Post Graduate Student's Union 2022-23 's post 02/11/2023

ডিব্ৰুগড় বিশ্ববিদ্যালয় অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান অৰ্থাৎ DUIET ৰ ২০১৯ বৰ্ষৰ বেকলগ ছাত্ৰ -ছাত্ৰীসকলৰ কম্পাৰটমেন্টেল পৰীক্ষা অনুষ্ঠিত নকৰাত বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে সমস্যাৰ সন্মূখীন হৈছিল।এই সমস্যা বৰ্ণাই তথা পৰীক্ষাসমূহ অনুষ্ঠিত কৰি সমস্যা সমাধান কৰিবলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভা ২০২২-২৩ বৰ্ষৰ তৰফৰ পৰা ২৭/০৯/২০২৩ তাৰিখে এখন স্মাৰক পত্ৰ মাননীয় পঞ্জীয়ক মহোদয়লৈ প্ৰেৰণ কৰা হৈছিল। উক্ত স্মাৰক পত্ৰখনৰ উত্তৰ স্বৰূপে ৩১/১০/২০২৩ তাৰিখে এক জাননী যোগে পৰীক্ষাসমূহ ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ'ব বুলি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক ড° পি.কে কাকতিদেৱে জানিবলৈ দিয়ে।

Photos from Dibrugarh University Post Graduate Student's Union 2022-23 's post 16/10/2023

ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্র একতা সভা, ২০২২-২৩ ৰ কাৰ্যকালৰ অন্তিমটি দিনত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিশ্ববিদ্যালয় ভ্ৰমণ কৰি ছাত্র-ছাত্ৰী আৰু অধ্যাপক সকলৰ সৈতে মত বিনিময় কৰে। লগতে তেওঁ বিশ্ববিদ্যালয়ৰ সৰ্বাংগীন উন্নয়নৰ বাবে চৰকাৰে আগন্তুক দিনত কিছুমান উল্লেখযোগ্য পদক্ষেপ লোৱাৰ কথা উল্লেখ কৰে। তাৰ ভিতৰত দুটা মুখ্য ঘোষণা হ'ল-

১) বিশ্ববিদ্যালয়ৰ বিভিন্ন কেন্দ্ৰ সমূহৰ মাচুলৰ ৫০% চৰকাৰে প্ৰদান কৰিব অৰ্থাৎ বিভিন্ন কেন্দ্ৰসমূহত অধ্যয়নৰত ছাত্র-ছাত্ৰীসকলে যথেষ্ট সকাহ পাব।
২) শিক্ষা, স্বাস্থ্য, সুৰক্ষা, যাতায়ত, ক্ৰীড়া, সাহিত্য-সংস্কৃতি আদি বিভিন্ন আনুসংগিক দিশত ব্যয় কৰিবৰ বাবে ২০২৬ চনৰ ভিতৰত চৰকাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ ১০০ কোটি টকাৰ অনুদান আগবঢ়াব।

আমি ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভা, ২০২২-২৩য়ে বিগত কাৰ্যকালৰ সময়ছোৱাত বহুকেইবাৰ মুখ্যমন্ত্ৰী মহোদয়ক সাক্ষাৎ কৰি বিভিন্ন সমস্যাৰ বিষয়ে অৱগত কৰি স্মাৰক পত্ৰ প্ৰদান কৰিছিল। এই সমস্যাবোৰে কেন্দ্ৰসমূহৰ উচ্চ পৰ্যায়ৰ মাচুল, উন্নত গৱেষণাগাৰৰ সুবিধা আদিৰ পৰা আৰম্ভ কৰি ২৪×৭ স্বাস্থ্যসেৱা আদি বিভিন্ন দিশ সামৰি লৈছিল। পূৰ্বৰ বিভিন্ন ছাত্ৰ একতা সভায়ো অসম চৰকাৰক বিভিন্ন সমস্যাৰ বিষয়ে অৱগত কৰিছিল। আজি মাননীয় মুখ্যমন্ত্ৰীদেৱৰ এই ঘোষণাসমূহ শুনি বিগত সময়ছোৱাত ছাত্ৰ প্ৰতিনিধি হিচাপে ছাত্র-ছাত্ৰীৰ সমস্যাক চৰকাৰৰ আগত উপস্থাপন কৰাৰ চেষ্টাত আমি কিঞ্চিতমান হ'লেও সফল হ'লো যেন অনুভৱ হৈছে।

ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভা, ২০২২-২৩ৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী Himanta Biswa Sarma ডাঙৰীয়ালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি যিদৰে বিশ্ববিদ্যালয়ৰ দুটাকৈ কেন্দ্ৰক বিভাগলৈ উন্নিত কৰাৰ সিদ্ধান্ত লৈ তাক চলিত বিত্তীয় বৰ্ষত বাস্তৱায়িত কৰিব বুলি নাহৰবাসীক আশ্বাস প্ৰদান কৰিছে, তেনেকৈ আপুনি আজি বিশ্ববিদ্যালয়ৰ বাবে গ্ৰহণ কৰা উন্নয়নমূলক সিদ্ধান্তসমূহে নাহৰৰ দেশক আগন্তুক দিনত এক নতুন ৰূপ প্ৰদান কৰিব বুলি আমাৰ দৃঢ়বিশ্বাস।

28/09/2023

ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভা ২০২২-২৩ বৰ্ষৰ সমাজ সেৱা সম্পাদকৰ উদ্যোগত তথা "APUN" আৰু মাৰোৱাৰী আৰোগ্য ভৱন হস্পিতেল,ডিব্ৰুগড়ৰ সহযোগত অহা ১ অক্টোবৰ তাৰিখে ডিব্ৰুগড় বিশ্ববিদ্যালয় এটা ৰক্তদান শিবিৰৰ আয়োজন কৰা হৈছে।শিবিৰটোত বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ লগতে অন্যান্যসকলেও অংশগ্ৰহণ কৰিব পাৰি।

Photos from Dibrugarh University Post Graduate Student's Union 2022-23 's post 16/09/2023

"অনুপ্ৰাণন"বিশ্ববিদ্যালয় সপ্তাহ উপলক্ষ্যে আয়োজিত শ্ৰেষ্ঠ ব্যক্তিত্ব প্ৰতিযোগিতাৰ কেইটামান মূহূৰ্ত।

14/09/2023

ANUPRANAN 2023

আমি সাজু আৰু আপোনালোক?

13/09/2023

৫৪ সংখ্যক ডিব্ৰুগড় বিশ্ববিদ্যালয় সপ্তাহ
"অনুপ্ৰাণন"
প্ৰেৰণাৰ শক্তিসঞ্চাৰী যাত্ৰা....

Photos from Dibrugarh University Post Graduate Student's Union 2022-23 's post 08/09/2023

তোৰে মোৰে আলোকৰে যাত্ৰা,
অব্যৰ্থ অব্যৰ্থ
আমি পালোঁ জীৱনৰ অৰ্থ অভিনৱ,
স্বাগত স্বাগত সতীৰ্থ।।

নাহৰৰ দেশলৈ নৱাগতসকলক আনুষ্ঠানিকভাৱে আদৰণি জনোৱাৰ উদ্দেশ্যৰে যোৱা ইংৰাজী ২৭-০৮-২০২৩ তাৰিখে অনুষ্ঠিত হৈ যোৱা নৱাগত আদৰণি সভাখনৰ কিছু বিশেষ মূহূৰ্ত।

Photos from Dibrugarh University Post Graduate Student's Union 2022-23 's post 08/09/2023

"অসম আমাৰ ৰূপহী
গুণৰো নাই শেষ”
৮ ছেপ্তেম্বৰ গণশিল্পী ড° ভূপেন হাজৰিকাদেৱৰ ৯৭ সংখ্যক জন্মদিন।জন্ম দিৱসৰ এই পৱিত্ৰ দিনটোত ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ তৰফৰ পৰা সন্ধিয়া সুধাকণ্ঠৰ দেৱৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কাৰ্য্যসূচী হাতত লোৱা হয়

25/08/2023

ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভা ২০২২-২০২৩ ৰ উদ্যোগত আয়োজিত "নৱাগত আদৰণি সভা"ৰ বিশেষ আকৰ্ষণ।উত্তৰ-পূৰ্বাঞ্চল তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ আন্তঃ বিশ্ববিদ্যালয় যুৱ মহোৎসৱত শ্ৰেষ্ঠ দলৰ খিতাপ অৰ্জন কৰা তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠান প্ৰদৰ্শনৰ সুযোগ লাভ কৰা ডিব্ৰুগড় বিশ্ববিদ্যালয় "FOLK ORCHESTRA" দলৰ অনুষ্ঠান প্ৰদৰ্শন।

24/08/2023

সাদৰ সম্ভাষণ গ্ৰহণ কৰিব। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে, ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্র একতা সভা ২০২২-২৩ ৰ উদ্যোগত বিশ্ববিদ্যালয়ৰ নৱাগত শিক্ষাৰ্থী সকলক আদৰ সম্ভাষণ জনোৱাৰ উদ্দেশ্যে প্ৰত্যেক বছৰেই "নৱাগত আদৰণি সভা"খন অনুষ্ঠিত কৰি অহা হৈছে। এই বৰ্ষৰ "নৱাগত আদৰণি সভা"খন ২৭/০৮/২০২৩ তাৰিখে আয়োজন কৰিবলৈ আমি তৎপৰ হৈছোঁ।এই অনুষ্ঠানটোলৈ আপোনালোক সকলোকে সাদৰেৰে আমন্ত্রণ জনালোঁ।

ধন্যবাদেৰে,

ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্র একতা সভা ২০২২-২৩ বৰ্ষ

Want your school to be the top-listed School/college in Dibrugarh?

Click here to claim your Sponsored Listing.

Location

Telephone

Website

Address


Dibrugarh