17/11/2023
যোগ্যতা আৰু পাৰদৰ্শিতা, এই দুটা শব্দ শুনিবলৈ সমাৰ্থক যেন লাগে যদিও সূক্ষ্মতাৰে চালে পাৰ্থক্য বুজিব পাৰি। যোগ্যতাৰ মাপকাঠি হৈছে আমি সততে পৰীক্ষাত পোৱা নম্বৰ বোৰ , আনহাতে পাৰদৰ্শিতাৰ পৰিচয় পোৱা যায় প্ৰকৃত কৰ্মক্ষেত্ৰত। কিন্তু আজিৰ পৃথিৱীত আমি কেৱল এখন গধূৰ নম্বৰ তালিকা কেনেকৈ পাব পাৰি তাৰেই প্ৰচেষ্টাত থাকো। লাগিলে কাৰিকৰী জ্ঞান শূণ্যই হওঁক।
জীৱনত এতিয়ালৈকে বহু ছাত্ৰ ছাত্ৰী , অভিভাৱক লগ পাইছো যাৰ জীৱন সম্পৰ্কে কোনো ধাৰণা নাই। এখন চলন্ত গাড়ীত ক'ত যাব নজনাকৈ উঠি দি গাড়ীখনে য'তেই ৰাখিব তাতেই নামিব ধৰণৰ মনোভাবেৰে জীৱনৰ গাড়ীখনত উদ্দেশ্য বিহীন ভাবে গৈ থাকে। তেওঁলোক কোনেওঁ নাজানে আচলতে তেওঁলোকৰ গন্তব্যস্থল কি। ৮০% নৱপ্ৰজন্মৰ আজিৰ অৱস্থা এইটো। স্মাৰ্ট ফোন সকলোৰে হাতে হাতে কিন্তু তেওঁলোক এতিয়াও স্মাৰ্ট হ'ব পৰা নাই।
We provide education solutions, career counseling and guidance and admissions to students.