28/12/2025
collect followers
Today Class Note is a popular school student portal in Assam, India.
28/12/2025
collect followers
15/01/2024
আপোনাৰ লগতে পৰিয়ালৰ প্ৰতিজন সদস্যলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনালো । আগন্তুক দিন বোৰ যাতে সুখ-শান্তি কঢিয়াই আনক। তাৰে কামনা কৰিলো।
মেজিৰ জুইয়ে যেন সকলো অমংগল,হিংসা-বিদ্বেষ পুৰি শেষ কৰে। তাৰেই কামনা কৰিছো।
Regards
TODAY CLASS NOTE
Happy New Year 2024
01/10/2023
http://todayclassnote.blogspot.com/2023/08/lesson-2-class-9-assamese-question.html
মানৱ বন্দনা | Lesson 2 | Class 9 Assamese | Question Answer Assam E-learning, Online courses, Online degrees, Virtual classrooms, Educational technology, Online tutoring, Study resources, Study tips, etc
23/08/2023
চন্দ্ৰৰ দক্ষিণ মেৰুত সফলতাৰে অৱতৰণ চন্দ্ৰযান-৩ ।
আজি প্ৰতিজন ভাৰতবাসীৰ বাবে এক গৌৰৱময় দিন, চন্দ্ৰৰ দক্ষিণ মেৰুত সফলতাৰে অৱতৰণ কৰা বিশ্বৰ প্ৰথমখন দেশৰূপে ইতিহাস ৰচিলে ভাৰতবৰ্ষই ।
ভাৰত মাত কি জয় ।
সন্মান ( হেমচন্দ্ৰ বৰুৱা ) | Class 9 Assamese | Lesson 16 | নৱম শ্ৰেনীৰ অসমীয়া
সন্মান
১। অতি চমু উত্তৰ দিয়াঃ
(ক) অধিকাৰ আৰু শাসনকৰ্তা নথকা দেশ এখনে কেনেকুৱা আচৰণ কৰে ।
উঃ অধিকাৰ আৰু শাসনকৰ্তা নথকা দেশ এখনত মানুহে স্বপ্ৰধান হৈ আপোনাৰ ইচ্ছাৰ দৰে আচৰণ কৰে ।
বা
যি দেশৰ অধিকাৰ আৰু শাসনকৰ্তা নাই, সেই দেশ অৰাজক আৰু ধুমুহা বতাহত গুৰিয়াল নথকা নাৱৰ দৰে আস্থিৰ।
খ) ছাতৰে শিক্ষকৰ ধাৰ গুজিব পাৰেনে ?
উঃ ছাতৰে শিক্ষকৰ ধাৰ গুজিব নোৱাৰে ।
বা
নোৱাৰে।পৃথিৱীত এনে বস্তুনাই, যাক দি ছাতৰে সেই শিক্ষকৰ ধাৰ শুজিব পাৰে।
গ) তেওঁ দেৱতাৰো দেৱতা , বিধাতাৰো বিধাতা , ৰজাৰো ৰজা - তেওঁ কোন ?
উঃ ৰজা তেওঁ দেৱতাৰো দেৱতা , বিধাতাৰো বিধাতা , ৰজাৰো ৰজা - ইয়াত তেওঁ বুলি ইশ্বৰক বুজোৱা হৈছে ।
বা
তেওঁ হ'ল জগতখন ধাৰণ কৰোতা, ভগৱান ঈশ্বৰ। তেওঁই হ'ল সকলোৰে উৰ্ধত।
ঘ) হেমচন্দ্ৰ বৰুৱা কোনজন কাকতৰ সম্পাদক আছিল ?
উঃ হেমচন্দ্ৰ বৰুৱা আসাম নিউজ কাকতৰ সম্পাদক আছিল ।
বা
তেওঁ 'আসাম নিউজ' কাকতৰ সম্পাদনা আছিল।
ঙ) হেমকোষ কি ?
উঃ হেমকোষ হৈছে অসমীয়া ভাষাৰ প্ৰথম বৃতপত্তিগত অভিধান ।
বা
হোমকোষ হ'ল বৃহৎ কলেবৰৰ অসমীয়া অভিধান। ইয়াৰ ৰচক 'হেমচন্দৰ বৰুৱা।
চ) কানীয়াৰ কীৰ্তন'ৰ ৰচক কোন ?
উঃ কানীয়াৰ কীৰ্তন ৰচক হল - হেমচন্দ্ৰ বৰুৱা ।
২) ঈশ্ৱৰৰ পাচতে পিতৃ - মাতৃ আমাৰ মাননীয় - কথাষাৰ বুজাই লিখা ?
উঃ আমাৰ এই সমাজত এজনে আনজনৰ প্ৰতি দেখুওৱা আদন বা শ্ৰদ্ধাই হৈছে সন্মান । কোনো এজন লোকে তেওঁৰ নিজৰ গুন , পদমযাৰ্দা আদিৰ ভিক্তিত সমাজ এখনত সন্মান লাভ
আমাৰ পাঠ্য়পুথিত অন্তগৰ্ত সন্মান পাঠটিৰ প্ৰকৃত সন্মানৰ ৰাত্ৰ কোন , কাক আমি সন্মান প্ৰদান কৰিব লাগে আৰু কেনেকৈ সন্মান কৰিব লাগে সেই কথাৰ বিষয়ে এটি আভাস দিয়াৰ বাবে যত্ন কৰা হৈছে । সন্মান পাঠটিত লিখকে সকলোকে পোন প্ৰথমে ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধা আৰু ভক্তি ৰাখিবলৈ অনুৰোধ কৰিছে । ইয়াত কোৱা হৈছে যে আমি এই পৃথিৱী মনত পোহৰ দেখাৰ মূলতে যি কাৰণ , সেই কাৰণৰ নাম হৈছে ঈশ্ৱৰ । তেওঁ এই বিশ্ৱব্ৰহ্মাণ্ডখনৰ সৃষ্টিকৰ্তা । তেওঁ সকলোৰে আদি, কিন্তু তেওঁৰ কোনো আদি - অন্ত নাই । তেওঁ সকলোকে সৃষ্টিকৰ্তা আৰু পালনকৰ্তা । গতিকে আমি সকলোৱে ঈশ্বৰক শ্ৰদ্ধা ভক্তি কৰিব লাগে ।
ঈশ্বৰৰ পিছতে দ্ৱিতীয় শ্ৰেষ্ঠজন হৈছে আমাৰ পিতৃ - মাতৃ । কাৰণ তেওঁলোকে আমাক জন্ম দিছে , লালন - পালন কৰি ডাঙৰ - দীঘল কৰিছে , জ্ঞান - বিদ্যা শিক্ষা আদি দি এজন ভাল মানুহ কৰি তুলিবলৈ যত্ন কৰিছে । আমাৰ দুখত দুখী আৰু সুখত সুখী হবলৈ পিতৃ - মাতৃ অহৰহ সাজু হৈ থাকে সদাই । আমাৰ প্ৰতিটো সুনামে তেওঁলোকক নতুন জীৱন দিয়ে আৰু দুযৰ্শে তেওঁলোকক মনোকষ্ট দিয়ে । তেওঁলোকে আমাৰ বাবে বহুত দুখ - কষ্ট সহিও আমাক জীৱন যাত্ৰাৰ সফল সৈনিক ৰূপে গঢ়ি তুলিবলৈ চেষ্ট কৰে আৰু তেওঁলোকৰ সেই কষ্টৰ বাবে আজি তেওঁলোক আমাৰ সকলোতকৈ মান্য় বা সন্মানীয় ।
৩) শিক্ষকৰ প্ৰতি ছাত্ৰই মান - সতকাৰ কিয় ৰাখিব লাগে ?
উঃ আমি সদায় শিক্ষকসকলৰ প্ৰতি মান সতকাৰ ৰাখিব লাগে । কাৰণ পিতৃ - মাতৃয়ে আমাক জন্ম দিয়ে , লালন পালন কৰে , জ্ঞান -বিদ্যা শিকাই সত লোক এঝন কৰিবলৈ চেষ্টা কৰে । শিক্ষকসকলে আমাক জ্ঞান দিয়ে । আমাৰ জীৱনত এনে কিছুমান কথা যাক আমি সহজে বুজিব নোৱাৰো । শিক্ষকসকলে আমাক জ্ঞান দি সাধাৰণ চকুৰে নেদেখা , নুৱুজা কথাবোৰ বুজি পোৱাত সহায় কৰে । শিক্ষক সকলে আমাক জীৱনৰ সঠিক বাটৰ নিৰ্দেশনা দিয়ে । শিক্ষকৰ ঋন কোনো ছাত্ৰ - ছাত্ৰীয়ে কেতিয়াও পূৰ কৰিব নোৱাৰে । আমাৰ শাস্ত্ৰত লিখা আছে যে অধ্য়াপকে যদি মাত্ৰ এটি আখৰো ছাত্ৰক সিকাই , তেন্তে ছাত্ৰজনে পৃথিৱীৰ একোবস্তোৰেই অধ্যাপকজনৰ ধাৰ পৰিশোধ কৰিব নোৱাৰে কেতিয়াও । গতিকে আমি সকলোৱে শিক্ষকৰ প্ৰতি মান - সতকাৰ সদাই ৰাখিব লাগে ।
৪) সন্মান পাঠটোৰ পৰা কি কি শিকিলা , চমুকৈ লিখা ।
উঃ উত্তৰৰ বাবে ২ নং আৰু ৩ নং প্ৰশ্নউত্তৰ গৈ চোৱা ।
ভাষা - বিষয়ক ঃ
১) তলৰ শব্দবোৰৰ সমাৰ্থক শব্দ লিখা ?
নৰিয়া , জগত, লোতক , চকু , হেতু , মান ।
উঃ নৰিয়া - ৰোগ , বেমাৰ , অসুখ ।
জগত - ধৰিত্ৰী , বখুমতী , কৃথিৱী ।
লোতক - অশ্ৰু , চকুপানী , চকুলো ।
চকু - নেত্ৰ , নয়ন , অক্ষি ।
হেতু - কাৰণ ।
মান - শ্ৰদ্ধা , সন্মান ।
২) বিপৰীত শব্দ লিখা ।
শ্ৰদ্ধা , শলাগ , আদি , দুষ্ট , জ্যেষ্ঠ , ন্যায় ।
উঃ শ্ৰদ্ধা - ঘৃনা , অশ্ৰদ্ধা ।
শলাগ - অশলাগ ।
আদি - অন্ত ।
দুষ্ট - সান্ত , সত ।
জ্যেষ্ঠ - কনিষ্ঠ ।
ন্যায় - অন্যায় ।
অতিৰিক্ত প্ৰশ্নোত্তৰ ।
১) সন্মান পাঠটি হেমচন্দ্ৰ বৰুৱাৰ কোনখন পুথিৰ পৰা লোৱা হৈছে ।
উঃ সন্মান পাঠটি হেমচন্দ্ৰ বৰুৱাৰ পাঠমালা থিৰ পৰা লোৱা হৈছে ।
২) হেমচন্দ্ৰ বৰুৱাৰই ৰচনা কৰা এখন ব্যাকৰণৰ পুথিৰ নাম লিখা ।
উঃ হেমচন্দ্ৰ বৰুৱাৰই ৰচনা কৰা এখন ব্যাকৰণৰ পুথিৰ নাম হল - অসমীয়া ব্যাকৰণ ।
৩) কোনসকল লোকক কবিয়ে সন্মানৰ পাত্ৰ বুলি কৈছে ।
উঃ ঈশ্বৰ , পিতৃ - মাতৃ , শিক্ষক , দেশৰ অধিকাৰ আৰু বুঢ়া লোক - এইসকলক লোকক কবিয়ে সন্মানৰ পাত্ৰ বুলি কৈছে ।
৪) ঈশ্বৰৰ আদি অন্ত আছেনে ।
উঃ ঈশ্বৰৰ আদি অন্ত নাই ।
৫) সকলোৱে কাক ভক্তি কৰা উচিত ।
উঃ সকলোৱে ভগৱানক ভক্তি কৰা উচিত ।
৬) কাৰ অনুগ্ৰহত ছাত্ৰৰ জ্ঞানৰ চকু মুকলি হয় ?
উঃ শিক্ষকৰ অনুগ্ৰহত ছাত্ৰৰ জ্ঞানৰ চকু মুকলি হয় ।
৭) কবিয়ে আমি ধনী , মানী আৰু যশস্ৱী হলে কাৰ আনন্দৰ সীসা নথকাৰ কথা কৈছে ?
উঃ কবিয়ে আমি ধনী , মানী আৰু যশস্ৱী হলে আমাৰ পিতৃ - মাতৃৰ আনন্দৰ সীসা নথাকে বুলি কৈছে।
৮) অধিকাৰ নথকা দেশৰ অস্থিৰতাক কিহৰ লগত তুলনা কৰিব পাৰি ।
উঃ ধুমুহা বতাহত গুৰিয়াল নথকা নাৱৰ অস্থিৰতাৰ লগত অধিকাৰ নথকা দেশৰ অস্থিৰতাক লগত তুলনা কৰিব পাৰি ।
চোৰধৰা। Lesson 15। Class 9 Assamese Question Answer Assam 2023 | Class ix Assamese Question & Answer 2023 |
চোৰধৰা
ভাৱ বিষয়ক :
অতি চমুকৈ উত্তৰ লিখা
ক) কানাই বুলি কাৰ কথা কোৱা হৈছে ?
উত্তৰ: কানাই বুলি ভগৱান শ্ৰী কৃষ্ণৰ কথা কোৱা হৈছে ।
বা
কানাই বুলি কৃষ্ণৰ কথা কোৱা হৈছে।
খ) লৱণু- চোৰ কৃষ্ণই গোপীৰ মুখত কি সানি দিছিল ?
উত্তৰ: লৱণু- চোৰ কৃষ্ণই গোপীৰ মুখত মাখন সানি দিছিল।
গ) মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি ?
উত্তৰ: নামঘোষা।
বা
নামঘোষা' মাধৱদেৱৰ সাহিত্যাক জীৱনৰ কীৰ্তিস্তম্ভ।
ঘ)''ওহি বান্দীসৱক থানে আৱৰ নাহি ''।
'আৱৰ নাহি 'বুলি কোনে কাক কৈছিল
উত্তৰ: যশোদাই বালক কৃষ্ণক কৈছিল ।
বা
মাখন চোৰ কৃষ্ণক মিছা অপবাদ দিয়াত মাক যশোদাই কৃষ্ণক গোপীসকলৰ ওচৰলৈ পুনৰ নাহিবলৈ কৈছিল।
২। ক) হে মাই যশোদে তোহো তাপ তেজহ ।
যশোদাৰ মনৰ তাপ গুচাবলৈ গোপীয়ে কিয় কব লগা হৈছিল ?
উত্তৰ: যশোদাই কৃষ্ণক নেদেখি মন মাৰি আছিল আৰু সেইবাবে গোপীয়ে কৈছিল যে মই তোমাৰ কৃষ্ণক দেখি আহিছোঁ গতিকে তুমি মনৰ তাপ এৰা ।
খ) শ্ৰী কৃষ্ণই গোপীৰ মুখত কিয় লৱণু সানি দিছিল ?
উত্তৰ: শ্ৰী কৃষ্ণক লৱণু খাই থকা অৱস্থাত দেখা পাই লৱণু চোৰ বুলি নাম দিয়াৰ বাবে গোপীৰ মুখত লৱণু সানি দিছিল ।
৩। ইহা শুনি চিন্তা শোক তেজিৱে পৰম হৰষিত ভেল
কোনে কাৰ আৰু কি কথা শুনি হৰষিত হৈছিল ?
উত্তৰ: মাতৃ যশোদাই গোপীৰ মুখে পুত্ৰ কৃষ্ণৰ শুভ বাতৰি পাই হৰষিত হৈছিল । গোপী এগৰাকীয়ে আহি যশোদাক কৈছিল যে শ্ৰী কৃষ্ণই এগৰাকী গোপীৰ ঘৰত গৈ লৱণু খাই থাকোতে ধৰা পৰাত এতিয়া গোপীক আগত লৈ নানা কৌতুক নৃত্য কৰি আছে । এই কথা শুনি যশোদা হৰষিত হৈছিল ।
৪। মাক যশোদাই কানাইক লগ পাই কি কি কথা কৈছিল আৰু কিদৰে চেনেহ প্ৰকাশ কৰিছিল ?
উত্তৰ: মাক যশোদাই কৃষ্ণক লগ পাই কৈছিল যে এই বান্দী সকলৰ ঠাইলৈ আৰু নাহিবা, আমাৰ ঘৰত দৈ, গাখীৰ লৱণুৰ কথা সোধোতা কোন ? যিমান খাব পৰা সিমান মই দিম । তোমাৰ পদধূলা মূৰত লওঁ, তুমি আমাৰ কোটি কোটি পুৰুষৰ পৰম দেৱতা, মূৰৰ মুকুট, গলৰ সাতসৰী, বুকুৰ শীতল চন্দন ।
এইবুলি যশোদাই কৃষ্ণৰ গাৰ ধূলা জোকাৰি, বুকুত বান্ধি কোলাত লৈ চুমা দিলে আৰু পৰম আনন্দেৰে ঘৰলৈ আনি শীতল জলেৰে স্নান কৰাই, পঞ্চামৃত ভোজন কৰালে আৰু দিব্য বস্ত্ৰ, অলংকাৰেৰে ভূষিত কৰাই কৃষ্ণৰ সৌন্দৰ্য চাই চাই পৰম সন্তোষ লভিলে ।
ভাষা- বিষয়ক
৫। তলৰ শব্দবোৰ আধুনিক ৰূপত লিখা
তেজহ - ত্যাগ কৰা
তোহাৰি - তোমাৰ
হামু - মই
থিক - আছে
মাখিয়ে- সানি
উনিকৰ- এওঁৰ
ফিৰত- ঘূৰি ফুৰা
গাৰি - গালি
৬। বিপৰীত শব্দ লিখা:
চোৰ- পুলিচ
উত্তৰ- প্ৰশ্ন
কাতৰ- ধৈৰ্যৱান
পূণ্য- পাপ
শোক- আনন্দ
হৰ্ষ- বিষাদ
শীতল-তপত
সুখ | Lesson 14 | Class 9 Assamese | নৱম শ্ৰেণীৰ অসমীয়া উত্তৰ | Question Answer Assam | SEBA Assamese Solutions
সুখ
প্ৰশ্নাৱলীঃ
ভাব- বিষয়কঃ
১। চমু উত্তৰ দিয়া।
ক) মানুহৰ সুখ দুখৰ আচল কথা কি?
উত্তৰঃ মানুহৰ সুখ দুখৰ আচল কথা হ'ল মন।
বা
সুখ-দুখৰ মানেই কাৰণ
মানত ৰখিবা থিত, - অৰ্থাৎ সুখ- দুখৰ কাৰণ স্থিৰ মন।
খ) কেনেকুৱা ধৰণৰ ভাবে মানুহক তললৈ বুৰায় বুলি কবিয়ে কৈছে?
উত্তৰঃ 'মই' বা 'মোৰ' ভাবে মানুহক তললৈ বুৰায় বুলি কবিয়ে কৈছে ।
বা
মই মোৰ' ভাৱে তললৈ বুৰাৰ নাপাব ৰক্ষাৰ তীৰ। অৰ্থাৎ মানুহৰ অধঃপতনৰ দিশে লৈ যায়।
গ) নি:স্বাৰ্থৰ বাট কেনেকুৱা ?
উত্তৰঃ নি:স্বাৰ্থৰ বাট সেন্দুৰীয়া।
বা
নিঃস্বাৰ্থৰ বাট, সেন্দুৰীয়া আলি, সুগন্ধি কুসুম ফুলে- অৰ্থাৎ নি-স্বাৰ্থবান মানুহৰ পথ যাত্ৰা সদায় মসৃন আৰু আনন্দ মুখৰ হয়।
ঘ) কবি আনন্দ চন্দ্ৰ আগৰৱালাক কিয় ভাঙনি কোঁৱৰ বুলি কোৱা হয় ?
উত্তৰঃ আগৰৱালাই কেইবাটাও ইংৰাজী কবিতা অসমীয়ালৈ সুৱলাকৈ ভাঙনি কৰে ।সেইবাবে তেওঁক ভাঙনি কোঁৱৰ বুলি কোৱা হয় ।
বা
আগৰৱালাই কেইবাটিও ইংৰাজী কবিতা অসমীয়ালৈ সুৱালকৈ ভাঙনি কৰা বাবে তেওঁ ভাঙনি কোঁৱৰ' আখ্যা দিয়া হৈছে।
ঙ) কাক আপোন কৰিব পাৰিলে সংসাৰত দুখ নাই বুলি কবিয়ে ব্যক্ত কৰিছে ?
উত্তৰঃ পৰক আপোন কৰিব পাৰিলে সংসাৰত দুখ নাই বুলি কবিয়ে ব্যক্ত কৰিছে।
বা
ধৰ্মত থাকি, নিস্বাৰ্থভাৱে সকলোকে আপোন কৰি ল'ব পাৰিলে প্ৰকৃত সুখ পোৱা যায়।
চ) কবিৰ মতে প্ৰকৃত সুখ কেনেকৈ পাব পাৰি ?
উত্তৰঃ কবিৰ মতে প্ৰকৃত সুখ পোৱাৰ উপায় নিজৰ হাততে থাকে। আনৰ দুখত দুখী আৰু আনৰ সুখত সুখী হ'ব জানিলে প্ৰকৃত সুখ পোৱা যায়। নিজৰ স্বাৰ্থ ত্যাগ কৰি আনৰ হিতৰ হকে কাম কৰিলে প্ৰকৃত সুখ পাব পাৰি।
২। কবিতাটোৰ মূল কথাখিনি নিজৰ ভাষাত লিখা
উত্তৰঃ কবি আনন্দচন্দ্ৰ আগৰৱালা দেবে সুখ নামৰ কবিতাটোত এই পৃথিৱীত জীৱশ্ৰেষ্ঠ মানুহে কেনেদৰে সুখ সুখ বুলি হাবাথুৰি খাই ফুৰে অথচ সুখৰ মুখ দেখা নাপাই সেই কথাটোকে প্ৰতিফলিত কৰি তুলিছে । মানুহে সুখ সুখ বুলি গোটেই জীৱনটো সুখৰেই সন্ধানত বলিয়াৰ দৰে ব্যস্ত থাকে। কিন্তু হাতৰ মুঠিতেই থকা সুখৰ সন্ধান উলিওৱাত তেওঁলোক ব্যৰ্থ হয়। সেইবাবে কবিয়ে কৈছে যে যিসকলে নিজৰ ন্যস্ত স্বাৰ্থক বলিদান দি আনৰ হকে চিন্তা কৰিব পাৰে তেওঁলোকৰ পিছে পিছে সুখ ঘূৰি ফুৰে। তেনেলোকৰ বাবে এই পৃথিৱী হৈছে পৰম সুখৰ ঠাই। যিসকল লোকে আনৰ সুখত সুখী হব পাৰে, আনৰ হাঁহিত নিজকে বিলীন কৰি দিব পাৰে তেনে লোকে সদায় সুখী হব পাৰে।আনকি আনৰ দুখত কান্দিব জনা মানুহে কান্দোনতো সুখ বিচাৰি পায় বুলি কবিয়ে কৈছে। কবিয়ে কৈছে যে এই পৃথিৱীত বাস কৰা সকলো মানুহেই আমাৰ আপোন, সকলো নৰ- নাৰীয়েই এজন পৰম পিতাৰেই সন্তান বুলি কবিয়ে কৈছে। সেইবাবে কবিয়ে গাই- গোটা পেটে ভঁৰাল অৰ্থাত কেৱল নিজৰ পেটটোৰ চিন্তা নকৰি লোকৰ দুখলৈ মন দিব কৈছে। মানুহৰ সেৱা আৰু মানুহৰ পূজাক মুখ্য ব্ৰত হিচাপে গ্ৰহণ কৰিলে আমি সুখী হব পাৰিম বুলি কবিয়ে কৈছে। কবিতাটোৰ জৰিয়তে কবিয়ে পুনৰ কৈছে যে মই মই বুলি কেৱল আমি মোহ - মায়াৰ জালত বন্দী হৈ থাকিব নালাগে। এই মই, মই বা সকলোখিনি কেৱল মোৰ এনে ধৰণৰ মনোভাৱে মানুহক তললৈ হে নিয়ে। সেইবাবে আমি মনটোক থিৰ কৰি ৰাখি ত্যাগৰ যোগেদি সন্তোষ লাভ কৰিবলৈ শিকিব লাগে। সুখ আৰু দুখৰ একমাত্ৰ কাৰণ হৈছে আমাৰ মনটো, সেইবাবে যিমান পাৰো আমি মনক নিয়ন্ত্ৰণ কৰিবলৈ শিকিব লাগে। স্বাৰ্থৰ বাটত কেৱল দুখৰ কাঁইট আৰু হূল পোতা থাকে বুলি কবিয়ে কৈছে তাৰ বিপৰীতে নিঃস্বার্থৰ বাট হৈছে সেন্দুৰীয়া আলি আৰু এই বাটত কুসুম ফুলে। সেইবাবে আমি যিমান পাৰো নিঃস্বাৰ্থভাবে লোকৰ হিত সাধনত মন দিব লাগে। এই পৃথিৱীৰ সকলো মানুহকেই আমি নিজৰ ভাই ভনী বুলি নিঃস্বাৰ্থ মৰম যাচিব পাৰিলে এই বিশ্ব প্ৰেম তথা সুখেৰে পৰিপূৰ্ণ হৈ পৰিব বুলি কবিয়ে কবিতাটোত উল্লেখ কৰিছে ।
এয়েই কবিতাটোৰ মূলভাব ।
৩। ব্যাখ্যা কৰাঃ
ক) অকল নিজৰ নিমিত্তে নহয়
আমাৰ জীৱন ভাই
লোকৰ কাৰণে খাটিব পাৰিলে
সংসাৰ সুখৰ ঠাই
উত্তৰঃ
উক্ত কথাফাঁকি আমাৰ পাঠ্যপুথি ' সাহিত্য চয়নিকা' (নতুন)ৰ অন্তৰ্গত আনন্দ চন্দ্ৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত 'সুখ' নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে ।
মানুহে সুখ কেনেদৰে আহৰণ কৰিব পাৰে সেই প্ৰসংগতে উক্ত কথাফাঁকিৰ ব্যৱহাৰ কৰা হৈছে ।।
কবিয়ে 'সুখ ' নামৰ কবিতাটোত ব্যক্ত কৰিছে যে মানুহে কেৱল নিজৰ কথাকেই চিন্তা কৰিব নালাগে। আমাৰ এই বহুমূলীয়া জীৱন কেৱল নিজৰ বাবেই নহয় তাৰ পৰিবৰ্তে লোকৰ কামত লগাব পাৰিলেহে মানৱ জীৱন সাৰ্থক হব। সেয়েহে মানুহে যিমানেই আনৰ বাবে চিন্তা কৰিব পাৰে বা আনৰ হিতসাধন কৰিব পাৰে সিমানেই সংসাৰখন তেওঁৰ বাবে সুখময় হৈ পৰে।
খ) গাই- গোটা পেটে ভঁৰাল নহবা
লোকৰ দুখলৈ চোৱা
মানুহৰ সেৱা মানুহৰ পূজা
পৱিত্ৰ বৰত লোৱা
উত্তৰঃ
উক্ত কথাফাঁকি আমাৰ পাঠ্যপুথি 'সাহিত্য চয়নিকা' (নতুন)ৰ অন্তৰ্গত আনন্দ চন্দ্ৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত 'সুখ' নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।
মানুহ যে স্বাৰ্থপৰ হ'ব নালাগে সেই প্ৰসংগতে উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰা হৈছে।
কবিয়ে মানুহক গাই-গোটা পেটে ভঁৰাল অৰ্থাৎ স্বাৰ্থপৰ নহৈ দেশ তথা দহৰ হিতাৰ্থে চিন্তা কৰিবলৈ কৈছে। মানুহে সকলো সময়তে কেৱল নিজৰ কথা নাভাবি লোকৰ সুখ- দুখলৈও ধ্যান দিয়া উচিত। লোকৰ দুখ বুজি সাধ্যনুসাৰে সহায় কৰিবলৈ প্ৰয়াস কৰা উচিত। কেৱল নিজৰ পেটটো কেনেদৰে ভৰাই ৰাখিব পাৰি তাৰে চিন্তা নকৰি আনৰ অৱস্থাৰ কথা ভাবিবলৈও আমি যত্ন কৰিব লাগে। মানৱ পূজনৰ দৰে পূণ্যৰ কাম আন একো নাই। গতিকে আমি এনে পৱিত্ৰ কামৰ দ্বাৰা বৰ লাভ কৰিব পাৰো বুলি কবিয়ে কবিতাফাঁকিৰ জৰিয়তে উল্লেখ কৰিছে।
গ) স্বাৰ্থৰ বাটত দুখৰ কাঁইট
খোজেপতি বিন্ধে হুলে,
নিস্বাৰ্থৰ বাট সেন্দুৰীয়া আলি
... সুগন্ধি কুসুম ফুলে ।
উত্তৰঃ
ওপৰোক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি ' সাহিত্য চয়নিকা' (নতুন)ৰ অন্তৰ্গত 'সুখ' নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।
স্বাৰ্থপৰ মানুহে যে জীৱনত পদে পদে দুখ পাবলগীয়া হয় সেই প্ৰসংগতে উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰা হৈছে।
স্বাৰ্থপৰ হৈ মানুহে ক্ষণিকৰ বাবে সুখ লভিলেও সেই সুখ চিৰস্থায়ী নহয়। আনক দুখ কষ্ট দি কেৱল নিজৰ ভাল সাধন কৰিবলৈ যত্ন কৰা মানুহ জীৱনত কেতিয়াও সুখী হব নোৱাৰে। তেনেকুৱা মানুহৰ জীৱনৰ প্ৰতিটো খোজত হূল অথবা কাঁইট পুতি থোৱা থাকে বুলি কবিয়ে ব্যক্ত কৰিছে। অন্যহাতে নিঃস্বাৰ্থ ভাবে জীৱন কটোৱা বা মানৱ সেৱা কৰা ব্যক্তি সকলৰ জীৱনৰ পথ খুব মসৃণ হয়, সেন্দুৰীয়া আলিদিয়েই তেওঁলোকৰ জীৱন আগুৱাই গৈ থাকে বুলি কবিয়ে উল্লেখ কৰিছে।
ভাষা বিষয়কঃ
১। আপোন - পৰ
দুখ- সুখ
স্বাৰ্থ- নিঃস্বাৰ্থ
অভাৱ- উভৈনদী
সন্তোষ- বেজাৰ
হাঁহি- কান্দোন
২। সামৰথ - সামৰ্থ্য
ধৰম- ধৰ্ম
কৰম - কৰ্ম
বিৰিখ- বৃক্ষ
যতন - যত্ন
লোকসংস্কৃতি । Chapter 12 | Class 9 Assamese Question & Answer 2023 | Class ix Assamese Question & Answer 2023 |
লোকসংস্কৃতি
ভাব - বিষয়ক
১। তলৰ প্ৰশ্নসমূহৰ অতি চমুকৈ উত্তৰ লিখা :
ক) লোককৃষ্টিৰ সাধাৰণ উত্তৰণক কি বোলা হয় ?
উত্তৰঃ লোককৃষ্টিৰ সাধাৰণ উত্তৰণক লোকসংস্কৃতি বোলা হয়।
খ) লোকসমাজত কোন সময়ৰ কথাৰ অধিক সমাদৰ ?
উত্তৰঃ লোকসমাজত পুৰণি দিনৰ কথাৰ অধিক সমাদৰ।
গ) লোককৃষ্টি কাক বোলা হয় ?
উত্তৰঃ গঞা সমাজে নিজৰ বিভিন্ন কৰ্মৰ মাজতে ঋতু , মাহ , পষ অনুসৰি বিবিধ উৎসৱ - সভা আদিৰ সম্পাদন কৰে । সেই সভা- উৎসৱত গীত- নাচ, অভিনয় কৰা হয় ।এই কামবোৰৰ সমষ্টিকে লোককৃষ্টি বোলে।
ঘ) লোকসংস্কৃতিৰ দৃশ্যমান দিশক কি বোলা হয় ?
উত্তৰ: লোকসংস্কৃতিৰ দৃশ্যমান দিশক ভৌতিক বা বস্তুসংস্কৃতি বোলা হয়।
ঙ) পাঠত উল্লিখিত লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰা সাধুকথাৰ পুথিখনৰ নাম কি ?
উত্তৰ: বুঢ়ী আইৰ সাধু।
বা
লক্ষ্মীনাথ বেছবৰুৱাই সম্পাদনা কৰা সাধুকথাৰ পুথিখনৰ নাম হ'ল বুঢ়ী আইৰ সাধু।
২। লোকসমাজ সম্পৰ্কে কিছুমান লোকতত্ত্ববিদে দিয়া কি ধাৰণা গ্ৰহণ কৰিব নোৱাৰি বুলি লিখকে কৈছে ? এই ধাৰণা গ্ৰহণ কৰিব নোৱাৰাৰ কাৰণ কি ?
উত্তৰ: লোকসমাজক কোনো কোনো লোকতত্ত্ববিদে সমাজৰ নিম্নস্তৰৰ বুলি কব খোজে । এনে ধাৰণা গ্ৰহণ কৰিব নোৱাৰি ।
এই ধাৰণা গ্ৰহণ কৰিব নোৱাৰাৰ কাৰণ হল বিজ্ঞানসন্মত দৃষ্টিভংগী হ'লেই যে কোনো এখন সমাজ উচ্চতৰ হ'ব আৰু তাৰ বিপৰীতে লোক বা গঞাসমাজ নিম্নতৰ হ'ব লাগিব তেনে কোনো কথা নাই।লোকসমাজৰ অংগীভূত মানুহে প্ৰায়ে গাঁৱে- ভূঞে বাস কৰে আৰু অভিজাত শ্ৰেণীৰ লোকসকল নগৰ চহৰ আদিত বাস কৰে এই ধাৰণা সদা- সর্বদাই গ্ৰহণযোগ্য হ'ব নোৱাৰে । কাৰণ গাঁওটো শিক্ষিত মানুহে বাস কৰে ।
৩। চমু টোকা লিখা :
নিচুকনি গীত , মালিতা বা কাহিনী গীত , সাঁথৰ , জনশ্ৰুতি , জিকিৰ , দেহবিচাৰৰ গীত, হুঁচৰি গীত ।
নিচুকনি গীত: নিচুকনি গীতসমূহ অসমীয়া লোক- সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ ।অতীজৰে পৰা এই গীতসমূহে অসমৰ জন -জীৱনত এক প্ৰভাৱ পেলাই আহিছে । সাধাৰণতে কেঁচুৱাক নিচুকাবলৈ বা টোপনি নিয়াবলৈ এই গীতসমূহৰ ব্যৱহাৰ কৰা হৈছিল বাবে ইয়াক নিচুকনি গীত বোলা হয় । অসমীয়া সমাজত বহুলভাৱে প্ৰচলিত কেইটামান নিচুকনি গীত হ'ল ' শিয়ালী এ নাহিবি ৰাতি' , ' আমাৰে মইনা শুব এ ' আদি ।
মালিতা বা কাহিনী গীত : ইও অসমীয়া লোক- সংস্কৃতিৰ আন এক অবিচ্ছেদ্য অংগ ।মালিতা বা কাহিনী গীত সমূহৰ মাজেদি যিকোনো এটা কাহিনী বা কথাৰ অৱতাৰণা কৰা হয় আৰু সুৰ লগাই পদ্য হিচাপেই সেই কাহিনীৰ শেষ কৰা হয়। শুনিবলৈ ৰস লগা আৰু শুৱলা হোৱাৰ বাবে মালিতা বা কাহিনী গীতসমূহ আমাৰ আদৰৰ আপুৰুগীয়া সম্পদ হৈ আছে । যেনে : হা- অ - হা -অ -হা - এ- হা- হা
হা- ইয়হ - নমো- নাৰায়ণ
সাঁথৰ: মূলতঃ মানুহৰ মুখে মুখে চলি অহা প্ৰবাদ সমূহকেই সাঁথৰ বোলা হয়। ই কেৱল অসমীয়া লোক- সংস্কৃতিৰ একক বৈশিষ্ট্য, আন কোনো সংস্কৃতিত ইয়াৰ ব্যৱহাৰ পাবলৈ নাই। ধেমালি আৰু ৰসৰ চলেৰে বুদ্ধিমত্তা পৰীক্ষা কৰা আৰু বৃদ্ধি কৰাৰ কৌশল হিচাপে এই সাঁথৰ সমূহ অসম বিখ্যাত । উদাহৰণ - একডাল খেৰে ঘৰটো বেৰে
উত্তৰ: চাকি
সাঁথৰ- ঘৰৰ ওপৰত ঘৰ তাতে পৰি মৰ
উত্তৰ- আঁঠুৱা
জনশ্ৰুতি: মানুহৰ মুখে মুখে যুগৰ পিছত যুগ ধৰি প্ৰচলিত হৈ অহা শ্লোক বা প্ৰবাদ সমূহক জনশ্ৰুতি বোলা হয় । ই গদ্যধৰ্মী লোককথাৰ অন্তৰ্গত ।
জিকিৰ: জিকিৰ সমূহ অসমীয়া সাহিত্যৰ অমূল্য সম্পদ । আজান পীৰে ৰচনা কৰা গীতসমূহক জিকিৰ বোলা হয় । ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে এই গীতসমূহ ৰচনা কৰা হৈছিল ।এই গীতসমূহত সম্প্ৰীতিৰ নিদৰ্শন পোৱা যায় ।
যেনে: মোৰ মনত ভেদ ভাব নাই ও আল্লা
মোৰ মনত হীন পৰ নাই ও আল্লা
হিন্দু কি মুছলমান একে আল্লাৰ সন্তান
মোৰ মনত একেটি ভাই
দেহবিচাৰৰ গীত :
হুঁচৰি গীত: হুঁচৰি গীত অসমীয়াৰ অন্যতম আপুৰুগীয়া সম্পদ যাৰ লগত জড়িত হৈ আছে অসম তথা অসমীয়াৰ আৱেগ আৰু সন্মান । হুঁচৰি বিশেষকৈ বহাগ বিহুৰ লগত জড়িত । আঁহতৰ তলত বা পথাৰৰ মাজত নৃত্য কৰোঁতে ডেকা- গাভৰু সকলে হুঁচৰি গীতৰ তালত কঁকাল ভাঙে । হুঁচৰি পৰিৱেশন কৰাৰ কেতবোৰ নিয়ম- নীতি থাকে ।
উদাহৰণ: দেউতাৰ বৰে ঘৰ । দেখোতে ভয়ংকৰ ।শৰণ- খেৰ মেলিয়ে চায় ; মুগাৰে বটীয়া । ন-শ গাঁথনি , সৰিয়হ বাগৰি যায় ।
৪। লোকজীৱন তিনিটা ভাগত বিভক্ত - লোকজীৱন কি কি তিনিটা ভাগত বিভক্ত ? প্ৰত্যেকটি ভাগৰে চমু আভাস দিয়া
উত্তৰ: লোকজীৱন সামাজিক আচাৰ অনুষ্ঠান , ভৌতিক বা বস্তুসংস্কৃতি আৰু পৰিৱেশ্য কলা এই তিনিটা ভাগত বিভক্ত ।
সামাজিক আচাৰ অনুষ্ঠান : মৌখিক সাহিত্য আৰু ভৌতিক সংস্কৃতিৰ মাজতে পৰম্পৰাগত জীৱন। পৰম্পৰাগত জীৱন ভৌতিক সংস্কৃতি আৰু মৌখিক সাহিত্যৰ মাজৰ সংযোগ সেঁতু। সমাজ আৰু পৰিয়ালৰ মাজত অনুষ্ঠিত কৃষি বা খেতি বাতি , জন্ম- বিবাহ - মৃত্যু বিষয়ক ৰীতি নীতি , আচাৰ ব্যৱস্থা আদিয়েই সামাজিক আচাৰ অনুষ্ঠান । এইবোৰ লোকবিশ্বাসৰ সৈতে প্ৰধানভাৱে জড়িত। সামাজিক আচাৰ অনুষ্ঠান চাৰিটা ভাগত বিভক্ত - উৎসৱ- অনুষ্ঠান, অৱসৰ- বিনোদন আৰু খেল- ধেমালি, লোকধৰ্ম আৰু লোকঔষধ ।
ভৌতিক বা বস্তু সংস্কৃতি: ভৌতিক বা বস্তুসংস্কৃতি হল লোকসংস্কৃতিৰ দৃশ্যমান দিশ। জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সমল নিৰ্মান, নাইবা খোৱা লোৱা বস্তু সামগ্ৰী আদিৰ ৰন্ধা- বঢ়া ,প্ৰস্তুতি আদিয়েই বস্তুসংস্কৃতিৰ অধ্যয়নৰ সামগ্ৰী। ভৌতিক সংস্কৃতিৰ উপ বিভাগ কেইটা হৈছে - লোককলা, লোকশিল্প, লোক স্থপতিকলা , লোক আভৰণ আৰু লোকৰন্ধন প্ৰণালী ।
লোক পৰিৱেশ্য কলা: লোক জীৱনৰ শেষভাগটো হৈছে লোক পৰিৱেশ্য কলা । পৰম্পৰাগত গীত, নৃত্য-নাচ, নাট আদিয়েই পৰিৱেশ্য কলাৰ উপাদান ।কোনো এটা সাধুকথা কোৱা বা লোকগীত এটি গোৱাকে পৰিৱেশন কৰা বোলে ।পৰিৱেশ্য কলাৰ পৰিসৰে নৃত্য গীত, নাট, বাদ্যযন্ত্ৰ আদিক সামৰে। লোকনাট হ'ল গীত আৰু নৃত্যৰ সমষ্টি । সংলাপৰ তুলনাত লোকনাটত গীত আৰু নৃত্যৰ গুৰুত্ব বেছি ।
৫। বহলাই লিখা ঃ
সামাজিক আচাৰ অনুষ্ঠান : মৌখিক সাহিত্য আৰু ভৌতিক সংস্কৃতিৰ মাজতে পৰম্পৰাগত জীৱন ।পৰম্পৰাগত জীৱন ভৌতিক সংস্কৃতি আৰু মৌখিক সাহিত্যৰ মাজৰ সংযোগ সেঁতু । সমাজ আৰু পৰিয়ালৰ মাজত অনুষ্ঠিত কৃষি বা খেতি বাতি , জন্ম- বিবাহ - মৃত্যু বিষয়ক ৰীতি নীতি , আচাৰ ব্যৱস্থা আদিয়েই সামাজিক আচাৰ অনুষ্ঠান । এইবোৰ লোকবিশ্বাসৰ সৈতে প্ৰধানভাৱে জড়িত ।
সামাজিক আচাৰ অনুষ্ঠান চাৰিটা ভাগত বিভক্ত - উৎসৱ- অনুষ্ঠান, অৱসৰ- বিনোদন আৰু
খেল- ধেমালি , লোকধৰ্ম আৰু লোকঔষধ ।
ভৌতিক বা বস্তু সংস্কৃতি : ভৌতিক বা বস্তুসংস্কৃতি হল লোকসংস্কৃতিৰ দৃশ্যমান দিশ । জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সমল নিৰ্মান ,নাইবা খোৱা লোৱা
বস্তু সামগ্ৰী আদিৰ ৰন্ধা- বঢ়া ,প্ৰস্তুতি আদিয়েই বস্তুসংস্কৃতিৰ অধ্যয়নৰ সামগ্ৰী ।ভৌতিক সংস্কৃতিৰ উপ বিভাগ কেইটা হৈছে - লোককলা, লোকশিল্প, লোক স্থপতিকলা , লোক আভৰণ আৰু লোকৰন্ধন প্ৰণালী ।
লোক পৰিৱেশ্য কলা: লোক জীৱনৰ শেষভাগটো হৈছে লোক পৰিৱেশ্য কলা । পৰম্পৰাগত গীত , নৃত্য - নাচ , নাট আদিয়েই পৰিৱেশ্য কলাৰ উপাদান ।কোনো এটা সাধুকথা কোৱা বা লোকগীত এটি গোৱাকে পৰিৱেশন কৰা বোলে ।পৰিৱেশ্য কলাৰ পৰিসৰে নৃত্য গীত , নাট , বাদ্যযন্ত্ৰ আদিক সামৰে ।লোকনাট হ'ল গীত আৰু নৃত্যৰ সমষ্টি ।
(খ)লোক পৰিৱেশ্য় কলা
(গ) ভৌতিক বা বস্তু-সংস্কৃতি
৬। লোকনাট কিহৰ সমষ্টি বুলি লেখকে কৈছে ? এই শ্ৰেণীৰ নাটত সংলাপৰ ওপৰত গুৰুত্ব দিয়া হয়নে? তোমাৰ নিজৰ ভাষাত লিখা
উত্তৰ: লোকনাট নৃত্য আৰু গীতৰ সমষ্টি বুলি লেখকে কৈছে । লোকনাটত সংলাপৰ গুৰুত্ব কম তাৰ পৰিবৰ্তে ইয়াত নৃত্য আৰু গীতৰহে গুৰুত্ব আছে বুলি লেখকে কৈছে । গীত আৰু নৃত্যৰ দ্বাৰাই লোকনাটৰ কাহিনী দেখুওৱা হয় ।
৭। লোক সাহিত্যক কেইটা আৰু কি কি উপভাগত ভগাব পাৰি । ভাগবোৰৰ নাম লিখা
উত্তৰ: লোক সাহিত্যিক ৫ টা উপভাগত ভগাব পাৰি ।
১/ লোক বা মৌখিক কবিতা বা বাচিক কবিতা বা লোকগীত
২/ গদ্যধৰ্মী লোককথা
৩/ প্ৰবচন, বচন , লোকোক্তি, যোজনা , পটন্তৰ
৪/ সাঁথৰ
৫/ লোকভাষা
৮। ভৌতিক বা বস্তুসংস্কৃতিৰ অধ্যয়নৰ বিষয়বস্তু কি ? ইয়াৰ উপ- বিভাগ কি কি ?
উত্তৰ: জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সমল নিৰ্মান ,নাইবা খোৱা লোৱা
বস্তু সামগ্ৰী আদিৰ ৰন্ধা- বঢ়া ,প্ৰস্তুতি আদিয়েই বস্তুসংস্কৃতিৰ অধ্যয়নৰ সামগ্ৰী ।ভৌতিক সংস্কৃতিৰউপ বিভাগ কেইটা হৈছে - লোককলা, লোকশিল্প, লোক স্থপতিকলা , লোক আভৰণ আৰু লোকৰন্ধন প্ৰণালী ।
৯। ' অ মাই যশোৱা হে...মাই হে যশোৱা গীতটি কোনে লিখিত ৰূপ দিয়ে ?
উত্তৰ: ডঃ ভূপেন হাজৰিকাই।
১০। তাৎপৰ্য লিখা ঃ
(ক) লোক সংস্কৃতি পুৰণি হৈও নতুন , নতুন হৈও পুৰণি
উত্তৰ: লোকসংস্কৃতিৰ উপাদান সমূহ প্ৰধানত:মানুহৰ মুখে মুখে যুগে যুগে পৰম্পৰাগত ভাবে চলি অহা। লোক সংস্কৃতিৰ অন্তৰ্গত আহিলাসমূহ যেনে লোকগীত , হুঁচৰি, বিহুগীত, বিয়ানাম, লোকনাট, লোকসহিত্য, জিকিৰ- জাৰি, মালিতা আদি বহুযুগৰ পৰাই মানুহৰ মুখে মুখে চলি আহিছে আৰু চলি যাব। কেৱল মাত্ৰ এটা পিৰীৰ পৰা আন এটা পিৰীলৈ ই সম্প্ৰসাৰিত হৈছে। এনে হওঁতে কৰবাত ই হয়তো ৰূপ সলাই নতুন ৰূপ লৈছে। শিক্ষিত লোকৰ হাতত পৰি আধুনিক বা সম্পাদিত ৰূপ পাইছে। উদাহৰন স্বৰূপে লক্ষ্মীনাথ বেজবৰুৱা দেৱে বুঢ়ী আইৰ সাধুখন সম্পাদিত কৰি নতুন ৰূপত প্ৰকাশ কৰি উলিয়াইছিল অথচ ইয়াত থকা সাধুসমূহ কিন্তু যুগে যুগে আইতা সকলৰ মুখে মুখে চলি অহা সাধুৱেই। একেদৰে অ' মাই যশোৱা হে শীৰ্ষক গীতটিও ডঃ ভূপেন হাজৰিকা দেৱে নতুনকৈ লিখি গাইছিল। গতিকে দেখা যায় যে লোক সংস্কৃতিৰ বস্তু সমূহ কালৰ পিছত কাল ধৰি এনেদৰে চলি অহা । সেইবাবে আমি কব পাৰো যে লোকসংস্কৃতি পুৰণি হৈও নতুন আৰু নতুন হৈও পুৰণি ।
খ) সমাজৰ পৰিৱৰ্তনৰ লগে লগে লোকসংস্কৃতিৰ পৰিৱৰ্তন ঘটে ।
উত্তৰ: লোকসংস্কৃতিৰ উপাদান সমূহ মানুহে সমাজ তথা সময় সাপেক্ষে নিজৰ মতে গঢ় দিয়ে । কালৰ বিৱৰ্তনত এই উপাদানসমূহৰো ৰূপান্তৰ ঘটে । শিক্ষিত মানুহৰ হাতত পৰি এই উপাদান সমূহে আধুনিক ৰূপ পায় সেইবাবে কব পাৰি যে সমাজ পৰিৱৰ্তনৰ লগে লগে লোকসংস্কৃতিৰ পৰিৱৰ্তন ঘটে ।
ভাষা বিষয়কঃ
১১। তলৰ শব্দবোৰত মূৰ্দ্ধন্য 'ণ' আৰু 'ষ'হোৱাৰ কাৰণ দৰ্শোৱা।
কৃষি - ক বা ৰ- ৰ পাছত থকা প্ৰত্যয়ৰ স মূৰ্দ্ধন্য ষ হয় ।
অনুষ্ঠান- ই কাৰান্ত উপসৰ্গৰ পাছত থকা স্থা ধাতুৰ দন্ত্য স মূর্দ্ধণ্য ষ হয় ।
ধাৰণ- একেটা পদতে থকা ঋ, ৰ , ষ আৰু ন ৰ মাজত স্বৰবৰ্ণ , ক- বৰ্গ বা প- বৰ্গৰ কোনো বৰ্ণ বা য, ৱ , হ ব্যৱধান থাকিলেও দন্ত্য ন মূৰ্দ্ধন্য ণ হয় ।
আহৰণ-একেটা পদতে থকা ঋ, ৰ , ষ আৰু ন ৰ মাজত স্বৰবৰ্ণ , ক- বৰ্গ বা প- বৰ্গৰ কোনো বৰ্ণ বা য, ৱ , হ ব্যৱধান থাকিলেও দন্ত্য ন মূৰ্দ্ধন্য ণ হয় ।
১২। বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা।
বিশ্বাস- অবিশ্বাস
মৌখিক- লিখিত
সংযোগ- বিচ্ছেদ
প্ৰয়োজনীয়- অলাগতিয়াল
জন্ম- মৃত্যু
উচিত- অনুচিত
১৩। সমাৰ্থক শব্দ লিখা।
গঞা- গাঁৱলীয়া
পিতা - দেউতা, পিতাই , পিতৃ
বেমাৰ- ৰোগ, অসুখ
চহৰ- নগৰ
লোক- জন, মানুহ
যুঁজ | অসমীয়া নৱম শ্ৰেণী পাঠ | Lesson 11 | Class 9 Assamese | Question Answer Assam |
যুঁজ
প্ৰশ্ন নং : ১ ) অতি চমুকৈ উত্তৰ দিয়াঃ
ক) কাৰ বেগৰ পৰা টকা চুৰ হৈছিল ?
উঃ- প্ৰশান্তৰ বেগৰ পৰা টকা চুৰ হৈছিল ।
বা
প্ৰশান্তৰ বেগৰ পৰা।
খ) সিদ্ধাৰ্থহঁতৰ শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি আছিল ?
উঃ- সিদ্ধাৰ্থহঁতৰ শ্ৰেণী শিক্ষকগৰাকীৰ নাম হ’ল – মহেন্দ্ৰ মাষ্টৰ ।
বা
মহেন্দ্ৰ
গ) নিৰ্মলে কাক বিচাৰি দোকানলৈ গৈছিল ?
উঃ- নিৰ্মলে সিদ্ধাৰ্থক বিচাৰি দোকানলৈ গৈছিল ।
বা
সিদ্ধাৰ্থক বিচাৰি।
ঘ) সিদ্ধাৰ্থই পেঞ্চিল বক্সত কি সাচি থৈছিল ?
উঃ- সিদ্ধাৰ্থই পেঞ্চিল বক্সত দেউতাই দিয়া চকলেটৰ কাগজবোৰ সাচি থৈছিল ।
বা
বাপেকে দিয়া চকলেটৰ কাগজ।
ঙ) নিৰ্মলে কিয় বহুদিনৰ বাবে বাহিৰলৈ যাব লগা হৈছিল ?
উঃ- নিৰ্মলৰ দেহত এটা জটিল ৰোগ থকা বাবে বাহিৰলৈ যাব লগা হৈছিল ।
বা
তেওঁৰ হেহত হোৱা জটিল ৰোগৰ চিকিৎসাৰ বাবে।
প্ৰশ্ন নং ২) তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া :
ক) সিদ্ধাৰ্থই কিয় প্ৰশান্তৰ বেগৰ পৰা পইচা চুৰ কৰিছিল ?
উঃ- সিদ্ধাৰ্থই নিচা জাতীয় বস্তু সেৱনত ধৰিছিল । যাৰ বাবে পইচাৰ প্ৰয়োজন হোৱাত তেওঁ প্ৰশান্তৰ বেগৰ পৰা পইচা চুৰ কৰিছিল ।
খ) কি কি কাৰণত সিদ্ধাৰ্থ নিচাসক্ত হৈ পৰিছিল ?
উঃ- মাক দেউতাকৰ বিচ্ছেদ, একাকীত্ব আদিৰ বাবে সিদ্ধাৰ্থ নিচাসক্ত হৈ পৰিছিল ।
গ) নিৰ্মলে সিদ্ধাৰ্থক বিচাৰি কিয় পাণদোকান খনলৈ গৈছিল?
উঃ- নিৰ্মলে সিদ্ধাৰ্থক কেইবাদিনো পাণদোকান খনত দেখা পাইছিল । দুই এদিন দোকানৰ আঁৰত লুকাই সিদ্ধাৰ্থক চিগাৰেট টানি থকাও দেখা পাইছিল । সি এক কৌতূহল আৰু সন্দেহৰ বশৱৰ্তী হৈ সিদ্ধাৰ্থক বিচাৰি পাণদোকানলৈ গৈছিল ।
ঘ) সিদ্ধাৰ্থই প্ৰথমতে কিয় নিৰ্মলৰ মূখামুখি হ’ব খোজা নাছিল?
উঃ- সিদ্ধাৰ্থই প্ৰথমতে নিৰ্মলৰ মূখামুখি হ’ব খোজা নাছিল কাৰণ – সিদ্ধাৰ্থই নিজৰ পৰাই পলাই ফুৰিছিল । তাৰ দুখ, যন্ত্ৰণা, একাকীত্ব, চকুপানী এইবোৰ সি আনক দেখুৱাব খোজা নাছিল ।
ঙ) নিৰ্মলৰ জটিল ৰোগৰ কথা জানি সিদ্ধাৰ্থই কি কৈছিল?
উঃ- নিৰ্মলৰ জটিল ৰোগৰ কথা জানি সিদ্ধাৰ্থই কৈছিল যে – সি ড্ৰাগচ লোৱা এৰিব চেষ্টা কৰিব । চকুৰ সন্মুখত নাথাকিলেও সিদ্ধাৰ্থৰ বুকুৰ ভিতৰৰ পৰাই নিৰ্মলে তাক বাধা দিব ।
প্ৰশ্ন নং ৩) ‘তোৰ কি হৈছে, মোক কবই লাগিব সিদ্ধাৰ্থ' – নিৰ্মলৰ এই কথাখিনিয়ে সিদ্ধাৰ্থক কেনেদৰে প্ৰভাৱিত কৰিছিল?
উঃ- 'তোৰ কি হৈছে, মোক কবই লাগিব সিদ্ধাৰ্থ' - নিৰ্মলৰ এই কথাখিনিয়ে সিদ্ধাৰ্থৰ মনত আপনত্বৰ ভাৱ জগাই তুলিছিল । নিজ পিতৃ – মাতৃৰ বিচ্ছেদৰ পিছত সিদ্ধাৰ্থই একাকীত্বত ভূগিছিলি । মাকেও সিদ্ধাৰ্থৰ প্ৰতি দিবলগীয়া গুৰুত্বত অনীহা দেখুৱাইছিল । নিঃসংগতা আৰু হতাশাত ভূগি সিদ্ধাৰ্থই ড্ৰাগছৰ আশ্ৰয় লৈছিল । আৰু সিদ্ধাৰ্থক এই অবাটৰ পৰা ঘূৰাই আনিবলৈ কোনোৱে চেষ্টা কৰা নাছিল । সেয়েহে নিৰ্মলৰ উক্ত কথাষাৰত সিদ্ধাৰ্থই এক আপনত্বৰ সুৰ শুনা পাইছিল ।
৪) সিদ্ধাৰ্থই কিয় নিঃসংগতাত ভূগিছিল বুজাই লিখা?
উঃ- সিদ্ধাৰ্থৰ মা আৰু দেউতাকৰ প্ৰায়ে কাজিয়া হৈছিল । তেওঁলোকৰ কাজিয়াৰ মাজত সিদ্ধাৰ্থ সদায় অকলশৰীয়া হৈছিল । তাৰ অন্তৰত হোৱা দুখবোৰৰ খবৰ লবলৈ মাক দেউতাক দুয়োজনৰে আহৰি নাছিল। অৱশেষত মাক দেউতাকৰ বিচ্ছেদ হয় । মাকৰ লগত থকা সিদ্ধাৰ্থৰ মনোজগতৰ খবৰ লবলৈ মাকে কোনোদিনে যত্ন কৰা নাছিল । সেয়েহে সিদ্ধাৰ্থই লাহে লাহে নিঃসংগতাত ভূগিছিল।
৫) নিৰ্মলে সিদ্ধাৰ্থক কেনেদৰে ভুল বাটৰ পৰা আঁতৰাই আনিছিল বিৱৰি লিখা ?
উঃ- পাৰিবাৰিক অশান্তিৰ বাবে সিদ্ধাৰ্থই নিঃসংগতাত ভূগিছিল আৰু ড্ৰাগছ আসক্ত হৈ পৰিছিল । ড্ৰাগছৰ বাবে পইচা গোটাবলৈ সিদ্ধাৰ্থই স্কুলৰ লগৰ ল’ৰাৰ বেগতো হাত দিবলৈ আৰম্ভ কৰিছিল । নিৰ্মলে সিদ্ধাৰ্থক লগ কৰি তাৰনো কি হৈছে সুধিছিল আৰু বন্ধুত্বৰ উমাল পৰশেৰে ভুল বাটৰ পৰা তাক আঁতৰাই আনিবলৈ যত্ন কৰিছিল । নিৰ্মলৰ বন্ধুত্ব আৰু দায়িত্ববোধে সিদ্ধাৰ্থক ভুল বাটৰ পৰা আঁতৰাই আনিছিল ।
৬) ' তোৰ দৰে ল’ৰাৰ কথাৰ উত্তৰ দিব নোৱাৰি ; অস্বস্তিকৰ মৌনতাৰ মাজত কেৱল ছটফটাব হে পাৰি ' – কথাষাৰৰ অন্তঃনিহিত ভাৱ বিশ্লেষণ কৰা ।
উঃ- সিদ্ধাৰ্থৰ স্বভাৱ চৰিত্ৰ সলনি হোৱা দেখি বন্ধু নিৰ্মলে সিদ্ধাৰ্থক লগ কৰি তাৰনো কি হৈছে তাক সুধিলে । কিন্তু সিদ্ধাৰ্থই নিৰ্মলক একো উত্তৰ নিদিয়াকৈ গুচি গ’ল । সিদ্ধাৰ্থই মহেন্দ্ৰ মাষ্টৰৰ কৰ্কশ কঠোৰ বাক্যবানৰো উত্তৰ দিবলৈ সংকচ নকৰে , কিন্তু নিৰ্মলৰ নিচিনা সহজ – সৰল, সৎ, নিৰ্ভীক ল’ৰাজনৰ প্ৰশ্নৰ উত্তৰ দিব পৰা নাই । কাৰণ নিৰ্মল এজন সৎ - সাহসী নিভাজ মনৰ ল’ৰা । সি সিদ্ধাৰ্থক ভুল বাটৰ পৰা আঁতৰাই আনিবলৈহে যে সিদ্ধাৰ্থক প্ৰশ্ন কৰিছিল সেয়া সিদ্ধাৰ্থই বুজি পাইছিল । সেয়ে সিদ্ধাৰ্থই ভাবিছিল যে – নিৰ্মলৰ দৰে ল’ৰাৰ কথাৰ উত্তৰ দিব নোৱাৰি ; অস্বস্তিকৰ মৌনতাৰ মাজত কেৱল ছটফটাইহে ৰ'ব পাৰি ।
৭) ‘হাঁহিব নোৱাৰি, খেলিব নোৱাৰি, শুৱ নোৱাৰি– ইমানেই তীব্ৰতা এই শূণ্যতাৰ ভাৰ – দুখৰ দাহন' কথাষাৰৰ কাৰ বিষয়ে আৰু কিয় কোৱা হৈছে বুজাই লিখা ।
উঃ- কথাষাৰ সিদ্ধাৰ্থৰ বিষয়ে কোৱা হৈছে ।
সিদ্ধাৰ্থৰ মাক - দেউতাকৰ মাজত প্ৰায়ে কাজিয়া হৈছিল । তেওঁলোক নিজৰ মাজত এনেদৰে সোমাই পৰিছিল যে সিদ্ধাৰ্থৰ মনত পৰা বিৰূপ প্ৰতিক্ৰিয়াৰ বিষয়ে সমূলি মন দিয়া নাছিল। এদিন মাক – দেউতাকৰ মাজত বিচ্ছেদ হৈছিল । সিদ্ধাৰ্থক কোনোৱে ইয়াৰ কাৰণ জনোৱা নাছিল আৰু সিদ্ধাৰ্থও নিজে কাকো একো সোধা নাছিল । মাক বাপেকৰ কি হৈছে, সেই অমীমাংসিত প্ৰশ্ন, যি আছিল তাৰ চকুপানী বোৰতকৈও গধুৰ। সিদ্ধাৰ্থ নামৰ সংবেদনশীল কিশোৰজনে নিঃসংগতা আৰু হতাশাত ভুগিছিল ; চাৰিওফালে শূণ্যতা দেখিছিল । য'ত হাঁহিব নোৱাৰি, খেলিব নোৱাৰি, শুব নোৱাৰি ইমানেই তীব্ৰতা এই শূণ্যতাৰ ভাৰ, দুখৰ দাহন ।
৮) সিদ্ধাৰ্থই কিহৰ তাড়নাত মাকৰ খাৰুযোৰ চুৰি কৰিছিল আৰু পিছত তাৰ কিয় অন্তদ্বন্দ হৈছিল লিখা ?
উঃ- সিদ্ধাৰ্থই ড্ৰাগছ আসক্ত হৈছিল । ড্ৰাগছ কিনিবলৈ পইচাৰ প্ৰয়োজন হোৱাত তেওঁ খাৰুযোৰ চুৰি কৰিছিল ।
সিদ্ধাৰ্থই যেতিয়া মাকৰ খাৰুযোৰ পাণদোকানীজনৰ হাতত তুলি দিছিল, সেই সময়ত পুলিচে সিহঁতৰ ঘৰৰ কাম কৰা ছোৱালীজনীক বান্ধি নি লকআপত ভৰাইছিল, সেইবাবে তাৰ অন্তদ্বন্দ হৈছিল ।
প্ৰশ্ন নং ৯) ' আচলতে মন গলেই সুখী হ’ব পাৰি জানি ' - নিৰ্মলে কি প্ৰসগংত সিদ্ধাৰ্থক এনেদৰে কৈছিল ? বুজাই লিখা।
উঃ- সিদ্ধাৰ্থই ড্ৰাগছৰ প্ৰতি কেনেদৰে আসক্ত হৈ পৰিছিল, সেই সকলোবোৰ কথা নিৰ্মলক ক’লে আৰু নিৰ্মলে সিদ্ধাৰ্থক ড্ৰাগছৰ কবলৰ পৰা মুক্ত কৰাৰ প্ৰসংগতে এনেদৰে কৈছিল । নিৰ্মলে সিদ্ধাৰ্থক বুজাইছিল যে - আচল কথা হৈছে মনটো । জীৱনটোক ভাল পালে জীৱনটোৱে কেতিয়াও প্ৰবঞ্চনা নকৰে । এই নদী, পাহাৰ, মূৰৰ ওপৰত আকাশ, জোনটো, তৰাবোৰ মন গলেই ভাল পাব পাৰি, আপোন কৰি ল’ব পাৰি । এইবোৰ ভালপোৱা নিঃস্ব নহয়, শূণ্য নহয় । আচলতে মন গলেই সুখী হ’ব পাৰি ।
প্ৰশ্ন নং ১০) ব্যাখ্যা কৰা ।
ক) নোপোৱা মৰম পোৱাৰ আশাই যেন মোক দুৰ্বল আৰু অভিমানী কৰে ।
উঃ- বাখ্যেয় বাক্যফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ডঃ মৃণাল কলিতা দেৱৰ দ্বাৰা ৰচিত ‘যুঁজ’ নামৰ চুটিগল্পটিৰ পৰা তুলি দিয়া হৈছে ।
মাক – দেউতাকৰ কাজিয়া আৰু শেষত বিচ্ছেদ । এই সকলোবোৰৰ মাজত সিদ্ধাৰ্থই যেন নিঃসংগ আৰু অকলশৰীয়া হৈ পৰিল । তাৰ মনোজগতৰ খবৰ ৰাঁখোতা, তাক এশাৰী মৰমৰ মাত দিওঁতা, তাৰ ভুলবোৰ আঙুলিয়াই দিওঁতা কোনো নোহোৱা হ’ল । ফলস্বৰূপে সিদ্ধাৰ্থই আশ্ৰয় ল’লে ড্ৰাগছৰ । ড্ৰাগছ কিনিবলৈ পইচাৰ যোগাৰ কৰিবলৈ মাকৰ সোণৰ খাৰু চুৰ কৰাৰ পৰা স্কুলৰ লগৰ ল’ৰাৰ বেগতো হাত দিলে । স্কুলত পইচা চোৰ বুলি ধৰা পৰাৰ পিছত বন্ধু নিৰ্মলে তাক সৎ পথলৈ উভতি অনাৰ চেষ্টা কৰে আৰু সিদ্ধাৰ্থক তাৰ কি হৈছে কবলৈ জোৰ কৰে । নিৰ্মলৰ আন্তৰিকতাপূৰ্ণ মৰমৰ দাবীত সিদ্ধাৰ্থৰ মনত পৰিবৰ্তনৰ লহৰ উঠে । এনেদৰে মৰমৰ দাবী কৰিব পৰা মানুহবোৰেই সিদ্ধাৰ্থৰ জীৱনৰ পৰা বহুদূৰলৈ গুচি গ’ল । নোপোৱা মৰম পোৱাৰ আশাই যেন তাক দুৰ্বল আৰু অভিমানী কৰে । কাৰ ওপৰত এই অভিমান, সিদ্ধাৰ্থই যেন নিজেও বুজি নাপায়।
খ) মানুহে দেখা ঘৃণনীয় সত্যৰ আঁৰতো হয়তো কেতিয়াবা লুকাই থাকে আন কিছুমান কৰুণ সত্য ।
উঃ- বাখ্যেয় বাক্যফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ডঃ মৃণাল কলিতা দেৱৰ দ্বাৰা ৰচিত ‘যুঁজ’ নামৰ চুটিগল্পটিৰ পৰা তুলি দিয়া হৈছে ।
কেতিয়াবা দেখা পোৱা সত্য ঘটনাবোৰৰ আঁৰত কিছুমান কৰুণ কাহিনী লুকাই থকা দেখা পোৱাৰ প্ৰসংগতে লিখকে উক্ত কথাষাৰি অৱতাৰণা কৰিছে ।
সিদ্ধাৰ্থ এজন সংবেদনশীল ল’ৰা । সিও লগৰ ল’ৰাৰ লগত হাঁহি – ধেমালি কৰি খেলিছিল । কিন্তু কেইমাহমানৰ পৰা সি গহীন, খিংখিঙীয়া আৰু বেপৰোৱা হৈ পৰিছে । বন্ধুসকলৰ পৰা আতঁৰি শ্ৰেণীত পিছফালে অকলে বহিবলৈ লৈছে, শিক্ষকে কৰিব দিয়া ঘৰৰ কাম প্ৰায়েই নকৰে, আনহাতে মাজে মাজে স্কুলো খতি কৰিবলৈ লৈছে । এদিন স্কুলত লগৰ ল’ৰাৰ বেগৰ পৰা পইচা চুৰ কৰিলে আৰু মাষ্টৰৰ মূখে মূখে কথা কৈ এসপ্তাহমান স্কুললৈও অহা নাছিল। সিদ্ধাৰ্থৰ এনে পৰিবৰ্তন নিৰ্মলে সহজে মানি ল’ব পৰা নাছিল। সি ভাবিছিল যে কেতিয়াবা মানু্হে দেখা ঘৃণনীয় সত্যৰ আঁৰতো লুকাই থাকে আন কিছুমান কৰুণ সত্য । আৰু সেইবোৰ সি বিচাৰি উলিয়াবই ।
গ) পাবলগীয়া মৰমবোৰ হেৰুৱাই এখন ভাঙি যোৱা সংসাৰৰ সি হৈ পৰিছিল এটা বিদ্ৰোহী অথচ কৰুণ চৰিত্ৰ ।
উঃ- ব্যাখ্যেয় বাক্যফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ডঃ মৃণাল কলিতা দেৱৰ দ্বাৰা ৰচিত ‘যুঁজ’ নামৰ চুটিগল্পটিৰ পৰা তুলি দিয়া হৈছে ।
সিদ্ধাৰ্থৰ মাক – দেউতাকৰ মাজত কাজিয়া আৰু শেষত বিচ্ছেদ – এই সকলোবোৰৰ মাজত সিদ্ধাৰ্থৰ কুমলীয়া মনটো ভাগি – চিঙি থানবান হৈ গ’ল । তেওঁলোকৰ কাজিয়া ইমানেই তীব্ৰতৰ আছিল যে সিদ্ধাৰ্থৰ চকুপানীবোৰ তেওঁলোকে দেখাই নাপালে । সিদ্ধাৰ্থক মৰমৰ মাত এষাৰ দিয়া, মাৰ্গদৰ্শন কৰোৱা মানুহৰ অভাৱ হ’ল । ফলস্বৰূপে সিদ্ধাৰ্থ হৈ পৰিল নিঃসংগ আৰু হতাশাগ্ৰস্ত । পাবলগীয়া মৰমবোৰ হেৰুৱাই এখন ভাঙি যোৱা সংসাৰৰ সি হৈ পৰিছিল এটা বিদ্ৰোহী অথচ কৰুণ চৰিত্ৰ ।
ঘ) সকলো মানুহৰেই জীৱনবোৰ একো একোখন যুঁজ ।
উঃ- বাখ্যেয় বাক্যফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ডঃ মৃণাল কলিতা দেৱৰ দ্বাৰা ৰচিত 'যুঁজ' নামৰ চুটিগল্পটিৰ পৰা তুলি দিয়া হৈছে ।
লিখকে ক’ব বিছাৰিছে যে – জীৱনবোৰ একো একোখন যুঁজ । সেই যুঁজখনতেই হয়তো জীৱনৰ আমেজ – হয়তো যুঁজখনেই জীৱনটো । নিয়মৰ মাজেৰেই জীৱনৰ যুঁজখন যুঁজি যাব লাগিব । নিয়মৰ বাহিৰ হৈ খেলিলে নিজেই বচাব লাগিব, ৰেফাৰীৰ হুউছেলটো । প্ৰত্যেক মানুহৰে সমস্যাবোৰক লিখকে ‘যুঁজ’ বুলি কৈছে। সি শাৰীৰিক কিম্বা মানসিক হওঁক। আৰু প্ৰত্যেকেই নিজৰ নিজৰ জীৱনত এজন যুঁজাৰু ।
প্ৰশ্ন নং ১১) ‘যুঁজ’ গল্পটোৰ শিৰোনামাৰ তাৎপৰ্য বুজাই লিখা ।
উঃ- ডঃ মৃণাল কলিতা দেৱৰ ‘যুঁজ' হৈছে এটা চুটিগল্প । গল্পটোত লিখকে দুজন কিশোৰৰ মনোজগতৰ সুন্দৰভাৱে বৰ্ণনা দিছে । তেওঁ গল্পটোত সিদ্ধাৰ্থ নামৰ লৰাজনে নিঃসংগতাত ভূগি কেনেদৰে ড্ৰাগছ আসক্ত হৈ পৰিছে আৰু নিৰ্মল নামৰ লৰাজনে দুৰাৰোগ্য ৰোগত ভুগিছে । আৰু নিৰ্মলে কেনেদৰে সিদ্ধাৰ্থক ড্ৰাগছৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ আগবাঢ়ি আহিছে তাৰে সুন্দৰ বৰ্ণনা দাঙি ধৰিছে । দুয়োজনৰে এই প্ৰচেষ্টাক লিখকে 'যুঁজ’ বুলি কৈছে । সিদ্ধাৰ্থৰ যুঁজ মনৰ লগত আনহাতে নিৰ্মলৰ যুঁজ শৰীৰৰ লগত । এই ‘যুঁজ’খন প্ৰত্যেক মানুহেই যুঁজিব লাগিব । হৰা – জিকা পিছৰ কথা, কিন্তু যুঁজ কৰি যাবই লাগিব – সহজ – সৰল কথনভংগীৰে গল্পকাৰে বাৰ্তা দিছে ।
ভাষা বিষয়কঃ
১২) ব্যাসবাক্যসহ সমাসৰ নাম লিখা :
ব্যাসবাক্য
সমাস মৃত্যুশীতল : মৃত্যুৰ দৰে শীতল যি = কৰ্মধাৰয়
অসহনীয় : যিটো সহন কৰিব নোৱাৰি = অব্যয়ভাৱ
অতল : যাৰ কোনো তলি নাই = অব্যয়ভাৱ
অমীমাংসিত : মীমাংসাৰ অতীত = অব্যয়ভাৱ
বেপৰোৱা : পৰোৱাৰ অতীত = অব্যয়ভাৱ
অচিনাকী : যাক চিনি পোৱা নাযায় = অব্যয়ভাৱ
১৩) বাক্য ৰচনা কৰাঃ
উজাগৰ : সি ৰাতি ৰাতি উজাগৰে থাকিয়েই পঢ়াশুনা কৰিছিল ।
অবাধ্য : নয়ন একেবাৰে অবাধ্য ল’ৰা ।
অৱলম্বন : কৰোণা মহামাৰীৰ পৰা নিজকে তথা নিজৰ ঘৰখনক বচাই ৰাখিবলৈ আমি উপযুক্ত সাৱধানতা অৱলম্বন কৰা উচিত ।
খেৰকুটা : বিপদত পৰিলে মানুহে খেৰকুটা ডালকে বাচিবলৈ খামুচি ধৰে ।
১৪) সমাৰ্থক শব্দ লিখাঃ
নীৰৱতা – নিঃশব্দ
বিষাদ - শোক
প্ৰস্তৰ - শিলৰ
এককীত্ব – অকলশৰীয়া
আন্ধাৰ – তিমিৰ
পদ্যংশ
অতিৰিক্ত প্ৰশ্নঃ
১৫। ডঃ মৃণাল কলিতাৰ 'যুঁজ' গল্পটোৰ ড্ৰাগছ আসক্ত মানুহৰ প্ৰতি কেনেধৰণৰ মানৱীয় সঁহাৰি দেখুওৱা হৈছে বুজাই লিখা।
উত্তৰঃ
১৬। নিচাসক্ত মানুহৰ প্ৰতি থকা মানৱীয় সঁহাৰি কেনেধৰণৰ হ'ব লাগে নিজৰ কথাৰে লিখা।
উত্তৰঃ
-------------------------------