24/08/2026
আজি আমাৰ বিদ্যা: দ্য লিভিং স্কুলত উপস্থিত হয় মুম্বাই/ছান ফ্ৰান্সিস্কোৰ বিশিষ্ট উদ্যোগী তথা 'Joules By Jigs', 'Meethapan' আৰু 'Yummy Munchy'ৰ স্বত্বাধিকাৰী জিগনা ফাৰিয়া (Jigna Faria)। বিদ্যালয়ৰ তৰফৰ পৰা তেওঁক আদৰণি জনোৱা হয়। তেওঁ আমাৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু মৰমৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগত সুন্দৰকৈ কথা-বাৰ্তা পাতে। তেওঁৰ উপদেশ আৰু অভিজ্ঞতাৰ কথাবোৰে আমাৰ ছাত্ৰ-ছাত্ৰীসকলক বহুত উৎসাহিত কৰিলে।
আমাৰ লগত এনেদৰে সুন্দৰ সময় অতিবাহিত কৰাৰ বাবে তেওঁলৈ বিদ্যা পৰিয়ালৰ ফালৰ পৰা অশেষ ধন্যবাদ! 💐🌸