14/10/2024
ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ #প্ৰাক্তন_ছাত্ৰ_ছাত্ৰী( সতীৰ্থ) সকলৰ মাজত
"চিঠি লিখা প্ৰতিযোগিতা"
,ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়
===============================
ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ মহাৰজত জয়ন্তী ২০২৪ উপলক্ষে মহাৰজত জয়ন্তী উদযাপন সমিতিৰ " আলোচনাচক্ৰ আৰু সাহিত্য উৎসৱ উপসমিতিৰ" উদ্যোগত বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰি যোৱা #প্ৰাক্তন_ছাত্ৰ_ছাত্ৰী_তথা_সতীৰ্থৰ সদস্য সকলৰ মাজত #চিঠি_লিখা_প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে।
● #বিষয়ঃ ছাত্ৰ জীৱনৰ মধুৰতম সময়
■ #যোগদানৰ_অন্তিম_তাৰিখঃ ৩১ অক্টোৱৰ ২০২৪
■ প্ৰতিযোগিতাৰ নিয়মাৱলী
===================
¤ এই চিঠি লিখা প্ৰতিযোগিতাত ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা শিক্ষা গ্ৰহণ কৰি যোৱা যিকোনো বৰ্ষৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে (সতীৰ্থ) অংশগ্ৰহণ কৰিব পাৰিব।
¤চিঠিৰ লগত ধেমাজি উঃ মাঃ বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত অৱৰ্তীণ হোৱা প্ৰৱেশ পত্ৰ নতুবা উত্তীৰ্ণৰ প্ৰমাণ পত্ৰৰ স্ব প্ৰত্যায়িত নকল লগত গাঁঠি দিব লাগিব।
¤চিঠি সমূহ এখন ইনলেণ্ড কাৰ্ডত নাইবা বগা কাগজত স্পষ্ট হাতৰ আখৰেৰে প্ৰায় ৫০০ শব্দ(এখন ইনলেণ্ড কাৰ্ডত ধৰিব পৰা শব্দৰ সংখ্যা)ৰে লিখি নিৰ্দিষ্ট ঠিকনালৈ প্ৰেৰণ কৰিব পাৰিব।
¤চিঠিসমূহ নিজৰ প্ৰিয় যিকোনো ব্যক্তিলৈ সম্বোধন কৰি লিখিব পাৰিব।
¤ চিঠিসমূহ অসমীয়া বা ইংৰাজীত লিখিব পাৰিব।
¤ চিঠি সমূহ স্পষ্ট হাতৰ আখৰেৰে লিখি ডাকযোগে নতুবা স্পষ্টকৈ ফটো মাৰি pdf ৰূপলৈ ৰূপান্তৰ কৰি ইমেইল যোগেও প্ৰেৰণ কৰিব পাৰিব।
¤ প্ৰথম তিনিটা স্থান প্ৰাপ্ত বিজয়ী সকলক নগদ ধন,কিতাপৰ টোপোলা আৰু মানপত্ৰৰে পুৰস্কৃত কৰা হব।
●আমাৰ ঠিকনা●
==============================
সভাপতি/সম্পাদক,আলোচনাচক্ৰ আৰু সাহিত্য উৎসৱ উপসমিতি,মহাৰজত জয়ন্তী উদযাপন সমিতি ,মাৰফৎঃঅধ্যক্ষা,ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়,বৰপাটৰীয়া,ধেমাজি (অসম) ৭৮৭০৫৭
Email : [email protected]
■সৱিশেষ জানিবলৈ যোগাযোগ■
==============================
দিগন্ত কাকতি (+91 84860 25266),সভাপতি
নয়নদীপ দত্ত. (+91 60007 83161),সম্পাদক
#আলোচনাচক্ৰ_আৰু_সাহিত্য_উৎসৱ_উপসমিতি
সত্যব্ৰত গগৈ (+91 70020 66476) কাৰ্য্যালয় সম্পাদক
বিঃদ্ৰঃ অনুগ্ৰহ কৰি সকলোৱে শ্বেয়াৰ কৰে যেন।