18/10/2026
#কুঁহিয়াৰ_পথাৰৰ_পৰা_এটা_সপোনৰ_আৰম্ভণি :
আজি মহাবিদ্যালয়ৰ কুঁহিয়াবাৰীৰ পৰা ২০০ টা কুঁহিয়াৰৰ আগ সঁচ হিচাপে মাত্ৰ ৫ টকা দৰত বিক্ৰী কৰিলোঁ।
আজিৰ দিনটো মোৰ বাবে বিশেষ। কাৰণ আজিৰ ক্ৰেতাজন কোনো সাধাৰণ কৃষক নহয় - তেখেত হৈছে আমাৰ পৰা সঁচ নিয়া অসমৰ ৫ম জন আৰু আমাৰ চিলাপথাৰৰ প্ৰথমজন উদ্যোগী কৃষক।
আৰু এটা সুখৰ আৰু গৌৰৱৰ খবৰ হ'ল - মোৰ মৰমৰ ছাত্ৰ ইন্দ্ৰজিৎ কুলিয়েও আজি কুঁহিয়া খেতিৰ প্ৰতি আগ্ৰহ দেখুৱাই কুঁহিয়াৰৰ আগ সঁচ হিচাপে লৈ গৈছে।
এজন শিক্ষক হিচাপে ইয়াতকৈ ডাঙৰ প্ৰাপ্তি কি হ'ব পাৰে? কিতাপৰ জ্ঞান পথাৰলৈ নিয়াৰ যি সপোন দেখিছিলোঁ, সেয়া আজি লাহে লাহে বাস্তৱ হৈছে।
মই #কুঁহিয়া ৰোৱা নাই, মই #কৃষক ৰুইছোঁ।
এনেদৰেই এজন এজনকৈ নতুন কৃষক সৃষ্টি কৰি যাম।
সকলোৰে সহযোগিতা আৰু আশীৰ্বাদ বিচাৰিলোঁ। 🙏
Himanta Biswa Sarma
Pijush Hazarika
Ranoj Pegu
M L A Sissiborgaon
DrRanjit Saikia