Silapathar Science College, silapathar

Silapathar Science College, silapathar Silapathar Science College was established in 1996 under the 114 No. Assam Legislative Assembly Constituency of Jonai.

PROUD MOMENT FOR SILAPATHAR SCIENCE COLLEGE :Heartiest Congratulations to Mr.Tulesh DoleyS/o Sri Tirthanath Doley , depa...
28/08/2026

PROUD MOMENT FOR SILAPATHAR SCIENCE COLLEGE :

Heartiest Congratulations to Mr.Tulesh Doley
S/o Sri Tirthanath Doley , department of Chemistry Silapathar Science College
on being selected as Customer Service Associate (CSA) at Central Bank of India.

The entire family of Silapathar Science College is proud of your achievement. Your success will inspire many students.

We wish you a bright and prosperous future ahead.
Congratulations!

Principal & All Staff
Silapathar Science College, Silapathar



Respected Sir,Heartiest congratulations to Shri Birinchi Borgohain on this remarkable achievement.It is a moment of imme...
25/08/2026

Respected Sir,

Heartiest congratulations to Shri Birinchi Borgohain on this remarkable achievement.

It is a moment of immense pride for Silapathar Science College family that an alumnus of our college has brought such glory by securing 2nd Rank among 553 officers from 19 NCC Directorates across India and being awarded the prestigious Commandant's Silver Medal at NCC Officers Training Academy, Kamptee.

His dedication and discipline will be a great inspiration for our present students.

We, the family of Silapathar Science College, wish him continued success.

Principal
Silapathar Science College

চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত নৱাগত আদৰণি সভা - ২০২৬ সফলভাৱে সম্পন্নআজি ইং ২৫/০৮/২০২৬ তাৰিখে চিলাপথাৰ বিজ্ঞান মহাবিদ্যা...
25/08/2026

চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত নৱাগত আদৰণি সভা - ২০২৬ সফলভাৱে সম্পন্ন

আজি ইং ২৫/০৮/২০২৬ তাৰিখে চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত নৱাগত আদৰণি সভা আৰু সাংস্কৃতিক অনুষ্ঠান উলহ-মালহেৰে অনুষ্ঠিত কৰা হয়।

অনুষ্ঠানৰ শুভাৰম্ভ : মহাবিদ্যালয় পৰিচালনা সমিতিৰ উপ-সভাপতি মাননীয় শ্ৰী গকুল চন্দ্ৰ শইকীয়া দেৱে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভ উদ্বোধন কৰে।

বিশিষ্ট অতিথি: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ DUIET ৰ সহকাৰী অধ্যাপিকা, বিশিষ্ট লেখিকা আৰু আকাশবাণীৰ স্বীকৃত লোক-শিল্পী শ্ৰীযুতা ডাৰমী পেগু ডাঙৰীয়ানীয়ে ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি অনুপ্ৰেৰণামূলক বক্তব্য ৰাখে।

অধ্যক্ষ্য হিচাপে মোৰ দুৱাষাৰ :
"বিজ্ঞান মানে কেৱল কিতাপ নহয়, বিজ্ঞান মানে জিজ্ঞাসা। তোমালোকে যি সপোন লৈ ইয়ালৈ আহিছা, সেই সপোন পূৰণ কৰাত আমাৰ সমূহ অধ্যাপক-অধ্যাপিকাই সদায় তোমালোকৰ কাষত থাকিব। নতুন শিক্ষা নীতি NEP 2020 ৰ লক্ষ্যৰে আমি তোমালোকক দক্ষ মানৱ সম্পদ হিচাপে গঢ়ি তুলিব বিচাৰো। এইখন তোমালোকৰ দ্বিতীয় ঘৰ।"

অনুষ্ঠানৰ শেষত সাংস্কৃতিক কাৰ্যসূচী সুচাৰুৰূপে পৰিচালনাৰ বাবে ড° পাৰ্থ নাথ দত্তক মুখ্য তত্ত্বাৱধায়ক হিচাপে আৰু শিক্ষক প্ৰতিনিধি হিচাপে ৰঞ্জিত বৰগোহাঁই, ড° পিংকু সাতনামী, নিশা তিৱাৰী, ত্ৰিনয়ন ভূঞা, সঞ্জয় মাহাতো, ড° অৰ্চনা শইকীয়া, ড° জয়শ্ৰী দত্ত, ড° জ্যোতিষ্মা নাথক দায়িত্ব অৰ্পণ কৰা হয়।

নৱাগত তথা মহাবিদ্যালয়ৰ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিলোঁ।

অধ্যক্ষ
চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়

24/08/2026

SILAPATHAR SCIENCE COLLEGE :
FRESHERS' SOCIAL-2026

The Students' Union, Silapathar Science College is delighted to welcome our freshers to the SSC family!

On this special occasion, we are extremely honoured to have with us as our Distinguished Guest,

Ms. Dermee Pegu
Assistant Professor of English, DUIET, Dibrugarh University
Author | AIR Dibrugarh Approved Folk Artist (Vocal) | Folk Dancer & Trainer

We cordially invite all our beloved students, respected teachers, staff and alumni to join us tomorrow and make the celebration a grand success.

Let's welcome our freshers with love, music and togetherness.

Venue: Silapathar Science College Campus
Date: Tomorrow 25/08/2026 Freshers' Social 2026
Organised by: Students' Union, Silapathar Science College

All are welcome!

(চিলাপাথাৰ বিজ্ঞান মহাবিদ্যালয় : নৱাগত আদৰণি সভা - ২০২৬

চিলাপাথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই আমাৰ নৱাগত ছাত্ৰ-ছাত্ৰী সকলক আন্তৰিকতাৰে আদৰণি জনাইছে!

এই বিশেষ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে আমাৰ মাজত উপস্থিত থাকিব -

শ্ৰীযুতা ডাৰমী পেগু
সহকাৰী অধ্যাপিকা, ইংৰাজী বিভাগ, DUIET, ডিব্ৰুগড় বিশ্ববিদ্যালয়
লেখিকা | আকাশবাণী ডিব্ৰুগড়ৰ স্বীকৃতিপ্ৰাপ্ত লোক-শিল্পী (কণ্ঠ) | লোক-নৃত্য শিল্পী আৰু প্ৰশিক্ষক

কাইলৈৰ এই আনন্দময় অনুষ্ঠানটিত আপোনালোক সকলো ছাত্ৰ-ছাত্ৰী, সন্মানীয় শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলোঁ।

আহক, আমি সকলোৱে মৰম, সংগীত আৰু একতাৰে আমাৰ নৱাগতসকলক আদৰি লওঁ।

স্থান: চিলাপাথাৰ বিজ্ঞান মহাবিদ্যালয় চৌহদ
তাৰিখ: কাইলৈ, ২৫/০৮/২০২৬ | নৱাগত আদৰণি সভা - ২০২৬
আয়োজক: ছাত্ৰ একতা সভা, চিলাপাথাৰ বিজ্ঞান মহাবিদ্যালয়

সকলোকে সাদৰেৰে নিমন্ত্ৰণ জনালোঁ!)




শোক দিৱস ২০২৬ পালন :স্থান: চিলাপাথাৰ বিজ্ঞান মহাবিদ্যালয়আজি পুৱা ৯:০১ বজাত চিলাপাথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ চৌহদত ৰাষ্ট্...
16/08/2026

শোক দিৱস ২০২৬ পালন :
স্থান: চিলাপাথাৰ বিজ্ঞান মহাবিদ্যালয়

আজি পুৱা ৯:০১ বজাত চিলাপাথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ চৌহদত ৰাষ্ট্ৰীয় সেৱা আঁচনি আৰু ছাত্ৰ একতা সভাৰ যৌথ উদ্যোগত শোক দিৱস ২০২৬ অতি গাম্ভীৰ্যপূৰ্ণভাৱে পালন কৰা হয়।

অনুষ্ঠানটো ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ সমন্বয়িকা Dr. Chandana Shyam বাইদেউৰ নেতৃত্বত আৰম্ভ হয়।
মূৰব্বী অধ্যাপিকা Dr. Debajani Baruah বাইদেউৱে *২০০৮ চনৰ ১৫ আগষ্টত ধেমাজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত বোমা বিস্ফোৰণত প্ৰাণ আহুতি দিয়া নিৰীহ শিশু আৰু নাগৰিকসকলক স্মৰণ কৰি শপত বাক্য পাঠ কৰে*।

শপতত সকলোৱে দেশৰ অহিংস আৰু সহনশীল পৰম্পৰাৰ ওপৰত আস্থা ৰাখি, সকলো প্ৰকাৰৰ সন্ত্ৰাসবাদ আৰু হিংসাৰ বিৰোধ কৰাৰ লগতে শান্তি, সামাজিক শৃংখলা আৰু বুজা-পৰা বৃদ্ধিৰ বাবে কাম কৰাৰ সংকল্প গ্ৰহণ কৰে।

অনুষ্ঠানত মহাবিদ্যালয়ৰ মাননীয় অধ্যক্ষ Dr. Ranjit Saikia ছাৰ, Academic In-charge Miss Lo**ta Doley সহকাৰী অধ্যাপিকাMrs. Rintumoni Paw, ছাত্ৰ নেতা Mr. Rajesh Kuli , Mr. Bhabesh Pegu
, Mr. Amir Doley আৰু ছাত্ৰীনিৱাসৰ ছাত্ৰীসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।

শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতিয়ে অনুষ্ঠানটোক আৰু অধিক তাৎপৰ্যপূৰ্ণ কৰি তোলে।

এই শোক দিৱসে আমাক ত্যাগ, সেৱা আৰু দেশপ্ৰেমৰ আদৰ্শ স্মৰণ কৰিবলৈ প্ৰেৰণা যোগালে।

ওঁম শান্তি_🙏



#শোকদিৱস২০২৬

14/08/2026

স্বাধীনতা দিৱসৰ পূৰ্ব প্ৰস্তুতি : ২০২৬
তাৰিখ -১৪/০৮/২০২৬
জয়তু - "চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয় ছাত্ৰ একতা সভা "

🇮🇳
দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱসৰ পূৰ্বসন্ধাত চিলাপাথাৰ বিজ্ঞান মহাবিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা সমূহ শিক্ষক-কৰ্মচাৰী, মৰমৰ ছাত্ৰ-ছাত্ৰী আৰু শ্ৰদ্ধাৰ অভিভাৱক-অভিভাৱিকালৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

জয় হিন্দ!
বন্দে মাতৰম!🇮🇳

জৰুৰী জাননী : চিলাপাথাৰ বিজ্ঞান মহাবিদ্যালয়ত স্নাতকোত্তৰ শ্ৰেণীৰ নামভৰ্তি প্ৰক্ৰিয়া চলি আছে।  যোগ্য প্ৰাৰ্থীসকলক মহাবি...
14/08/2026

জৰুৰী জাননী :
চিলাপাথাৰ বিজ্ঞান মহাবিদ্যালয়ত স্নাতকোত্তৰ শ্ৰেণীৰ নামভৰ্তি প্ৰক্ৰিয়া চলি আছে।
যোগ্য প্ৰাৰ্থীসকলক মহাবিদ্যালয়লৈ আহি নামভৰ্তি কৰি নিৰ্ধাৰিত তাৰিখৰ পৰা পাঠদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হ’ল।

অধ্যক্ষ
চিলাপাথাৰ বিজ্ঞান মহাবিদ্যালয়



" বৃক্ষ বন্ধু" অভিযানত চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয় : 🌳অসম চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ উদ্যোগত আৰম্ভ ...
11/08/2026

" বৃক্ষ বন্ধু" অভিযানত চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয় : 🌳

অসম চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ উদ্যোগত আৰম্ভ হোৱা "বৃক্ষ বন্ধু" অভিযানৰ অংশ হিচাপে আজি চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ নামত বন বিভাগৰ পৰা ৬টাকৈ গছপুলি গ্ৰহণ কৰা হয়।

আজি আৰু কাইলৈ এই গছপুলিসমূহ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিতৰণ কৰা হ'ব। আমাৰ লক্ষ্য - প্রতিজন ছাত্ৰ-ছাত্ৰীয়ে নিজৰ নামত ৬টা কৈ গছ ৰোপণ কৰি এখন সেউজ অসম গঢ়াত অৰিহণা যোগাব।

উল্লেখযোগ্য যে, ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহত অধ্যয়নৰত 20 লাখতকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে এই চাৰিদিনীয়া কাৰ্যসূচীত 1.50 কোটিৰো অধিক গছপুলি ৰোপণ কৰিব।

আহক, আমি সকলোৱে মিলি প্রকৃতিক সুৰক্ষা দিওঁ। 




Yesterday, Academic Council of Silapathar Science College organized an Orientation Programme for 1st Semester Students a...
11/08/2026

Yesterday, Academic Council of Silapathar Science College organized an Orientation Programme for 1st Semester Students as per Govt. guidelines to make students aware of FYUGP - Four Year Undergraduate Programme , semester system and other academic rules. The programme was inaugurated by our respected Principal Dr. Ranjit Saikia and supervised by Dr Pradeep Upadhayay ,IQAC
co-ordinator , Dr. Jaichandra Pegu, HOD, Dept. of Anthropology highlighted the programme through a detailed PPT presentation. The programme was initiated by Miss Lalita Doley, Academic co-ordinator and Mr. Hiron Doley, Member of Students’ Union warmly welcomed all the newcomers. Mr Ankush Chutia and Mrs Trishna Bhuyan Saikia were also present in the programme. We wish all our 1st semester students a bright academic journey ahead.

শ্ৰদ্ধাঞ্জলিগভীৰ শোক আৰু শ্ৰদ্ধাঞ্জলি 🙏😭ভৈৰৱপুৰ নেতাজী M.E. স্কুলৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক তথা বিশিষ্ট শিক্ষাবিদ  #শ্...
10/08/2026

শ্ৰদ্ধাঞ্জলি

গভীৰ শোক আৰু শ্ৰদ্ধাঞ্জলি 🙏😭

ভৈৰৱপুৰ নেতাজী M.E. স্কুলৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক তথা বিশিষ্ট শিক্ষাবিদ #শ্ৰীগোপালচন্দ্ৰদেৱ ছাৰ আজি আমাৰ মাজত নাই। তেখেতৰ বিয়োগৰ খবৰে আমাক গভীৰভাৱে মৰ্মাহত কৰিছে।

এগৰাকী আদৰ্শ শিক্ষক হিচাপে ছাৰে জ্ঞান, নিষ্ঠা আৰু শৃংখলাবোধেৰে বহু ছাত্ৰ-ছাত্ৰীৰ জীৱন গঢ়ি তুলিছিল। শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবেই তেখেতে অসম চৰকাৰ পৰা সন্মানীয় “অসম কৃতি বঁটা” লাভ কৰি চিলাপথাৰ তথা ধেমাজিৰ নাম উজলাই তুলিছিল। তেখেতৰ এই কৃতিত্ব সমগ্ৰ অঞ্চলবাসীৰ বাবে গৌৰৱৰ বিষয়।

তেখেতৰ আদৰ্শ, সৰলতা আৰু ছাত্ৰ-ছাত্ৰীৰ প্ৰতি থকা মৰম সদায় আমাৰ বাবে অনুপ্ৰেৰণা হৈ থাকিব। তেখেতৰ বিয়োগে শিক্ষাজগতত অপূৰণীয় শূন্যতাৰ সৃষ্টি কৰিলে।

এই দুখৰ সময়ত আমি তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।

ঈশ্বৰে তেখেতৰ আত্মাক সদগতি প্ৰদান কৰক। 🙏 ওঁম শান্তি

শ্ৰদ্ধাৰে,

অধ্যক্ষ
চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়
তাৰিখ: ১০/০৮/২০২৬

https://www.facebook.com/share/v/1aoYuC763g/

Address

Silapathar Likhabali Main Road To Amritpur Near Mosque
Dhemaji
787059

Alerts

Be the first to know and let us send you an email when Silapathar Science College, silapathar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Silapathar Science College, silapathar:

Shortcuts

Share

Category