Ashim Gogoi MSc. BEd.

Ashim Gogoi MSc. BEd. Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Ashim Gogoi MSc. BEd., Tutor/Teacher, Dhemaji Town. Ward No. 6, Dhemaji.

03/09/2017

Good afternoon

মোৰ অতি মৰমৰ আৰু শ্ৰদ্ধাৰ বন্ধু - বান্ধৱী সকল । আগন্তুক ২০১৬ নব- বৰ্ষৰ হিয়া ভৰা ওলগ জনাইছো । আপোনালোকৰ মৰম আৰু আশীৰ্বাদ ...
14/11/2015

মোৰ অতি মৰমৰ আৰু শ্ৰদ্ধাৰ বন্ধু - বান্ধৱী সকল । আগন্তুক ২০১৬ নব- বৰ্ষৰ হিয়া ভৰা ওলগ জনাইছো । আপোনালোকৰ মৰম আৰু আশীৰ্বাদ ত আগন্তুক বৰ্ষত Mathematics & Science Tuition Centre এ নতুন শিক্ষা বৰ্ষৰ আৰম্ভ কৰিবলৈ সাজু হৈছে । গতিকে আপোনালোকৰ বহুমূলীয়া আশীৰ্বাদ আৰু সু দিহা পৰামৰ্শ আশা কৰিলোঁ । ধন্যবাদ

ফোন :- ৯৭০৬০ ৫৬৭৫৪

16/03/2015

It's hard to be a good teacher. It
means planning weeks' worth of
lessons in detail. It means covering
the needs of every student, whether
they're dyslexic, or don't speak
English as their first language, or
are high achievers and so on.
Being a good teacher means
uncovering themes which will
engage kids, trawling websites and
libraries for films and texts as
stimuli. It entails writing four
different intentionally-flawed
versions of a suspenseful story for
them to modify in their first lesson,
and five different tiers of riddles
about 3D shapes for them to tackle
in the second, all before 8am.
It means using outdated software to
create worksheets with seven
different cartoon characters to
motivate students with severe
learning difficulties, and spending
break times enlarging these for
students with visual impairments.

20/02/2015

Professional
responsibilities
To ensure students in the NSW public
education system are provided with
every opportunity for a quality
education in a safe environment, it is
essential that all teachers are aware of
and comply with their professional
responsibilities.
As a NSW public school teacher, you
have a responsibility to ensure that
students gain the knowledge and skills
they require to become effective
learners and ultimately effective and
responsible citizens and to understand
and appreciate the values and beliefs
supported by Australian society.
You also have a responsibility to meet
the high standards of professional and
ethical behaviour required by the
Department, the public, parents and the
profession itself.
Teachers undertake this responsibility
within the framework of the law and
lawful instructions from the employer.
The responsibilities listed below provide
guidance for teachers as members of
the teaching profession and will assist in
giving direction to your interaction with
teaching colleagues. They will also
guide you in meeting the needs of
students, in working with parents or
caregivers and other staff, in liaising
with the public and in being responsible
and committed employees of the
Department.
The following statement of professional
responsibilities must be adhered to by
all teachers. In carrying out your duties
and responsibilities you must:
1. be conscious of your special duty of
care to the students of the NSW public
education system in all educational
activities in and out of school;
2. demonstrate the highest standards of
professional behaviour, exercise
professional judgement and act in a
courteous and sensitive manner when
interacting with students, parents or
caregivers, staff and the public;
3. collaborate in the development of school
plans, policies, and programs;
4. devise and document teaching and
learning programs and develop and
implement appropriate evaluation
mechanisms;
5. be conscious of the need for equitable
treatment of all students, including
those with disabilities or other special
needs; meet the individual learning
needs of students and assist each
student to maximise his or her learning
outcomes;
effectively manage and implement
programs for child protection and
student welfare;
undertake appropriate ongoing
professional development to promote
competence in curriculum development,
delivery and evaluation, classroom
management and teaching skills;
comply with legislative and industrial
requirements and the Department's
Code of Conduct, policies and
procedures;
be familiar with the provisions of
legislation relevant to your official
responsibilities;
comply with reasonable directions given
by a supervisor/principal and adhere to
the official guidelines concerning the
performance of your duties;
implement the priorities of the
Department and the school and ensure
your professional actions reflect
Government policy and departmental
procedures and guidelines;
be fair in exercising delegated
responsibility and promote personal and
professional development of staff;
perform your duties efficiently and
effectively and with honesty, integrity
and fairness at all times;
ensure that decisions are made fairly
and conveyed promptly both within the
Department and to those students and
members of the public who have a right
to know;
use information gained in the course of
employment only for proper and
appropriate purpose;
use public resources economically;
except in the discharge of official duties
use no information gained by or
conveyed to you in the course of those
duties;
without the express direction or
permission of the Minister or the
Director-General, not disclose (whether
directly or indirectly) any such
information;
behave in such a manner as to protect
and enhance the esteem and standing
of public education. In particular:
you must not, under any circumstances,
have sexual relationships with students.
It is irrelevant whether the relationship
is homosexual or heterosexual,
consensual or non consensual or
condoned by parents or caregivers. The
age of the students or staff member
involved is also irrelevant;
you must not, under any circumstances,
engage in conduct of a sexual nature
with a student. Improper conduct of a
sexual nature by a teacher against a
student includes sexual in*******se and
any other form of child sexual abuse
(which must be notified) as well as but
not limited to: inappropriate
conversations of a sexual nature;
obscene language of a sexual nature;
suggestive remarks or actions; jokes of
a sexual nature; obscene gestures;
unwarranted and inappropriate
touching; sexual exhibitionism; personal
correspondence with students in
respect of the teacher's sexual feelings
for the student; and deliberate exposure
of students to sexual behaviour of
others, other than in the case of
prescribed curriculum material in which
sexual themes are contextual;
prescribed medications and non
prescribed medications (such as
analgesics) should only be administered
in accordance with departmental
guidelines. You must not give students
alcohol or other drugs, or encourage or
condone the use of alcohol or other
drugs by students;
teachers must not, under any
circumstances, use any form of
discipline that includes any threat of
physical violence or harm, corporal
punishment or engage in any form of
behaviour which could cause physical,
emotional or psychological harm of any
kind to students.

16/02/2015

পৰ্যালোচনা
বিদেশী বহিস্কাৰৰ
অলীক কল্পনা বনাম
অসম চুক্তি
( অসমৰ এটি জলন্ত
সমস্যা হিচাপে অনুগ্ৰহ
কৰি সসকলোৱে পঢ়ক আৰু নিজৰ
মতামত জনাওক )
( সংগৃহিত )
১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ অসমৰ
পৰা অবৈধ
বিদেশী নাগৰিকৰ বহিষ্কৰণৰ
দাবীত হোৱা ব্যাপক গণ
জাগৰণ তথা অসম আন্দোলনৰ
ফচল হ’ল ১৯৮৫ চনত কেন্দ্ৰীয়
চৰকাৰ আৰু আন্দোলনৰ নেতৃবৰ্গৰ
মাজত সম্পাদিত
হোৱা ঐতিহাসিক অসম
চুক্তি। শত সহস্ৰ জনতাৰ
ছবছৰীয়া সংগ্ৰাম আৰু ৮৫৫ জন
শ্বহীদৰ জীৱন দানৰ বিনিময়ত
লাভ কৰা অসম
চুক্তি নি:সন্দেহে অসমৰ
জনতাৰ বাবে এক গুৰুত্বপূৰ্ণ
দলিল। অসমৰ
সংগ্ৰামী জনগণে আশা
কৰিছিল যে এই অসম চুক্তিৰ
আধাৰত অবৈধ ভাৱে বসবাস
কৰি থকা সকলো বিদেশীকে
অসমৰ পৰা বহিষ্কাৰ কৰা হ’ব
আৰু
খিলঞ্জীয়া মানুহে নিজৰ
মাটিতে অস্তিত্ব হেৰুওৱাৰ
আশংকা নিৰ্মূল হ’ব।
অসম চুক্তি স্বাক্ষৰ হোৱাৰ
প্ৰায় ৩০ বছৰ পাৰ হৈ গ’ল। এইখন
চুক্তিৰ আধাৰত
এতিয়ালৈ অসমৰ পৰা কিমান
জন বিদেশী চিনাক্ত কৰিব
পৰা গ’ল, কিমান জনক
বহিষ্কাৰ কৰিব পৰা গ’ল সেই
বিষয়ে অসমৰ ৰাইজক
নতুনকৈ কোৱাৰ প্ৰয়োজন নাই।
তিনি দশক
জুৰি নোহোৱা অসাধ্য সাধন
কৰিবলৈ অসম
চুক্তি ভৱিষ্যতে সমৰ্থ হয়
নে নহয় সেই বিষয়েও
এতিয়া প্ৰশ্ন উত্থাপিত
হৈছে। অসমীয়াত এষাৰ
কথা আছে “যি মূলা বাঢ়িব,
তাৰ দুপাততে চিন”।
শুনিবলৈ বেয়া যদিও এই
কথা সত্য যে, অসমৰ
পৰা বিদেশী নাগৰিক
বহিষ্কাৰ কৰাৰ
লক্ষ্যৰে সম্পাদিত হোৱা অসম
চুক্তিয়ে এতিয়ালৈকে
ইপ্সিত ফলাফল লাভ কৰা নাই।
অলপতে ভাৰতীয়
জনতা পাৰ্টীৰ
নেতা সুব্ৰমনিয়াম
স্বামীয়ে অসম চুক্তি যথেষ্ট
পুৰণি আৰু অসম চুক্তিৰ
পৰ্যালোচনাৰ প্ৰয়োজন
বুলি কৰা মন্তব্যই ৰাজ্যখনত
আলোড়নৰো সৃষ্টি কৰিছিল।
ৰাইজেও কথাবোৰ
নিশ্চয়কৈ নকৈ বিশ্লেষণ
কৰা প্ৰয়োজন আছে।
১৯৮৫ চনৰ ১৫ আগষ্ট
তাৰিখে পুৱতি নিশা
তদানীন্তন প্ৰধান
মন্ত্ৰী ৰাজীৱ গান্ধীৰ
উপস্থিতিত এইখন
চুক্তি স্বাক্ষৰিত হৈছিল।
সেইদিনা পুৱতি নিশা
তন্দ্ৰালস অৱস্থাত
নেতা সকলে জৰুৰী ভাৱে
অসম চুক্তি স্বাক্ষৰ কৰিছিল
কাৰণ ৰাজীৱ গান্ধীয়ে অসম
চুক্তিক ১৯৮৫ চনৰ
স্বাধীনতা দিৱসত
প্ৰধানমন্ত্ৰীৰ
দেশবাসীলৈ উপহাৰ
স্বৰূপে আগবঢ়াব
বিচাৰিছিল।
কি পৰিস্থিতিত,
কেনে মানসিক চাপৰ
বাবে আন্দোলনৰ
নেতা সকলে দীৰ্ঘ সময়
জুৰি বিৰোধিতা কৰি অহা
অথচ ১৯৮০
চনতে ইন্দিৰা গান্ধীয়ে
প্ৰস্তাৱ কৰা ১৯৭১ চনৰ ২৪ মাৰ্চ
তাৰিখটো বিদেশী
নাগৰিক বহিষ্কৰণৰ
ভিত্তি দিৱস হিচাপে গ্ৰহণ
কৰিলে সেয়া আজিও সাঁথৰ
হৈয়েই থাকিল। অপ্ৰিয়
হ’লেও এই কথা সত্য যে ১৯৮০
চনতে ইন্দিৰা গান্ধীয়ে
আগবঢ়োৱা ১৯৭১ চন
ভিত্তিবৰ্ষৰ
প্ৰস্তাৱটো মানি লোৱা হ’
লে ৮৫৫ জন শ্বহীদৰ বলিদান
আৰু দীৰ্ঘ সময় জুৰি অসমৰ
অৰ্থনীতি আৰু জনজীৱন
প্ৰভাৱিত কৰা আবেগ সৰ্বস্ব
অসম আন্দোলনটোৰ প্ৰয়োজন
নহ’ল হেতেন। এয়া অসম
আন্দোলনৰ পোষ্টমৰ্টেমত
উজলি উঠা অপ্ৰিয় সত্য কথা!
যিকোনো দেশতে বিদেশী
নাগৰিকৰ উপস্থিতি আৰু
তেনে নাগৰিকৰ
সংখ্যা বৃদ্ধি এক গুৰুতৰ সমস্যা।
তেনে নাগৰিকৰ বহিষ্কৰণৰ
বাবে প্ৰতিখন
দেশতে আইনী ব্যৱস্থা থাকে।
ভাৰতীয় সংবিধানৰ ষষ্ঠ
অনুচ্ছেদ অনুসৰি ১৯৪৮ চনৰ ১৯
জুলাইৰ পিছত
ভাৰতলৈ অহা ব্যক্তি সকল
বিদেশী। ১৯৫০ চনত সম্পাদিত
নেহেৰু লিয়াকৎ
চুক্তি অনুসৰি ১৯৫০ চনৰ ৩১
ডিছেম্বৰলৈ পাকিস্তানৰ
পৰা অহা লোকসকলক ভাৰতত
সংস্থাপিত কৰিবলৈ ভাৰত
চৰকাৰ সন্মত হৈছিল।
সেয়েহে ১৯৫১ চনক
ভিত্তিবৰ্ষ
হিচাপে ধৰি ৰাষ্ট্ৰীয়
নাগৰিক পঞ্জী প্ৰস্তুত
কৰা হৈছিল।
এনে ব্যৱস্থা সমগ্ৰ
দেশজুৰি প্ৰযোজ্য থকাৰ
পিছতো অসম
চুক্তিয়ে সুকীয়াকৈ কেৱল
অসমৰ বাবে প্ৰযোজ্য
হোৱাকৈ বিদেশী
নাগৰিকৰ নতুন
সংজ্ঞা নিৰ্ধাৰণ কৰিলে।
আমোদজনক কথা যে,
বিদেশী বহিষ্কাৰ কৰাৰ
বাবে হোৱা আন্দোলনটোৰ
পৰিণতিত হোৱা অসম
চুক্তিয়ে সংবিধান বহিৰ্ভূত
ভাৱে ১৯৫১ চনৰ পৰা ১৯৭১
চনলৈ প্ৰায় কুৰি বছৰৰ ভিতৰত
অসমত প্ৰৱেশ
কৰা সকলো বিদেশী
নাগৰিককে অসমত
স্থায়ীভাৱে বসবাস
কৰিবলৈ অনুজ্ঞা প্ৰদান
কৰিলে। ইয়াৰ ফলস্বৰূপে ১৯৭১
চনৰ ২৪ মাৰ্চলৈ অবৈধ
ভাৱে আহি অসমত
থাকিবলৈ লোৱা লাখ লাখ
মানুহ ৰাতিটোৰ
ভিতৰতে স্বদেশী হৈ পৰিল।
উল্লেখ্য যে ১৯৭১ চনত
ভাৰতে বাংলাদেশ যুদ্ধত
জড়িত হৈ পৰিছিল আৰু
পাকিস্তানৰ হাতৰ পৰা পূব
পাকিস্তান
আজুৰি আনি বাংলাদেশ
নামৰ এখন নতুন ৰাষ্ট্ৰ
প্ৰতিস্থা কৰাত মুখ্য
ভূমিকা লৈছিল।
বাংলাদেশ গঠন হোৱাৰ
পিছতে ভাৰতৰ প্ৰধান
মন্ত্ৰী ইন্দিৰা গান্ধী আৰু
স্বাধীন বাংলাদেশৰ জনক
শ্বেখ মুজিবুৰ ৰহমানে ২৫ বছৰৰ
বাবে এখন বন্ধুত্বৰ
চুক্তি কৰিছিল। এই
চুক্তি অনুসৰি ১৯৭১ চনৰ ২৫
মাৰ্চ তাৰিখৰ আগতে ভাৰতত
অবৈধ ভাৱে প্ৰৱেশ
কৰা লোক সকলক
বাংলাদেশে ওভতাই
লবলৈ অস্বীকাৰ কৰিলে।
শ্বেখ মুজিবুৰ ৰহমানৰ
যুক্তি আছিল যে উক্ত
তাৰিখৰ আগতে সেই ভূখণ্ড পূব-
পাকিস্তান
বুলিহে জনাজাত আছিল।
ভাৰতীয় সংবিধান আৰু
নাগৰিকত্ব আইনৰ পৰিপন্থী এই
ইন্দিৰা মুজিব চুক্তিৰ পিছত
১৯৭১ চনৰ আগতে পূব-
পাকিস্তানৰ
পৰা আহি ভাৰতত
থিতাপি লোৱা অবৈধ
নাগৰিক সকলক ওভতাই
পঠিওৱাৰ বাট বন্ধ হৈ পৰিল।
আচলতে ইন্দিৰা মুজিব চুক্তিৰ
মৰ্যাদা অক্ষুন্ন
ৰাখিবলৈ ১৯৭১ চনক
ভিত্তিবৰ্ষ
হিচাপে লৈ নাগৰিকত্ব
আইনৰ সংশোধন
কৰাটো জৰুৰী হৈ পৰিছিল।
অসম চুক্তিৰ সুবিধা লৈ আৰু
সংসদত পূৰ্ণ সংখ্যাগৰিষ্ঠতাৰ
সুযোগ গ্ৰহণ কৰি ৰাজীৱ
গান্ধী চৰকাৰে ১৯৮৬ চনত
নাগৰিকত্ব আইনৰ সংশোধন
কৰি নতুন দফা সন্নিৱিষ্ট
কৰিলে যাতে ১৯৭১ চনলৈ পূব
পাকিস্তানৰ
পৰা অসমলৈ অহা লোক সকল এই
দেশৰ বৈধ নাগৰিক হৈ পৰে।
১৯৭১ চনক ভিত্তিবৰ্ষ
হিচাপে লৈ অবৈধ
বিদেশী নাগৰিকৰ ভোটাৰ
তালিকাৰ পৰা নাম কৰ্তন আৰু
বহিষ্কৰণ অসম চুক্তিৰ মূল
বিষয়বস্তু। কিন্তু
বিদেশী চিনাক্তকৰণ আৰু
বহিষ্কৰণৰ বাবে কেনে ধৰণৰ
সুপৰিকল্পিত আৰু ফলপ্ৰসূ
ব্যৱস্থা গ্ৰহণ কৰা হ’ব,
বিদেশী বুলি চিনাক্ত
হোৱা সকলৰ ভাৰতত জন্ম
হোৱা সতি সন্ততি সকলৰ
কি হ’ব, ভাৰতীয়ৰ
সৈতে বিবাহ পাশত আৱদ্ধ
হোৱা সকলক কি কৰা হ’ব
আদি জটিল সমস্যা সমুহৰ
বিষয়ে চুক্তিখনত উল্লেখ
নাই। অবৈধ নাগৰিক
প্ৰত্যাৰ্পণৰ
বাবে বাংলাদেশৰ লগত এখন
দ্বিপাক্ষিক চুক্তিৰ
প্ৰয়োজনীয়তাৰ কথাও অসম
চুক্তিত উল্লেখ নাই।
অসম চুক্তি স্বাক্ষৰিত হোৱাৰ
আগতে ১৯৮৩ চনত কেন্দ্ৰীয়
চৰকাৰে অতি কৌশলগত
ভাৱে সমগ্ৰ দেশৰ ভিতৰত
কেৱল অসমত প্ৰযোজ্য
হোৱাকৈ আই.এম.ডি.টি
আইনখন জাপি দিছিল। এই
আইনখনে বিদেশী নাগৰিকৰ
চিনাক্তকৰণ
প্ৰক্ৰিয়াটোকে অতি জটিল
কৰি পেলাইছিল। ২০০৫ চনত
উচ্চতম
ন্যায়ালয়েঅসাংবিধানিক
বুলি নাকচ
কৰা বিদেশী নাগৰিকৰ
সুৰক্ষা কবচ বুলি বিবেচিত
হোৱা এই আইনখন সুদীৰ্ঘ ২২ বছৰ
কাল অসমত বলবৎ হৈ আছিল। এই
ক’লা আইনখন বাতিল
কৰাটো অসম চুক্তি স্বাক্ষৰ
কৰাৰ পূৰ্বচৰ্ত হোৱাটো উচিত
আছিল। কিন্তু পৰিতাপৰ
কথা যে এই আইনখনে আনিব
পৰা অসুবিধাবোৰ কেন্দ্ৰীয়
চৰকাৰে বিবেচনা কৰি চাব
বুলি অসম চুক্তিত
থকা এটা বাক্যতে আন্দোলনৰ
নেতৃত্ব সন্তুষ্ট থাকিল।
কোৱা বাহুল্য যে, আই এম
ডি টি আইন
খনে সৃষ্টি কৰা সমস্যাৰ
বাবেই অসম চুক্তিৰ
পিছতে আন্দোলনৰ নেতৃত্ব বহন
কৰা সকলেই অসম গণ পৰিষদ
চৰকাৰ গঠন কৰিলে যদিও
বিদেশী চিনাক্তকৰণ আৰু
ভোটাৰ তালিকাৰ পৰা নাম
কৰ্তনৰ প্ৰক্ৰিয়াটো জটিল
হৈ পৰিল। অৱশেষত উচ্চতম
ন্যায়ালয়ে এই বিতৰ্কিত
আইনখন বাতিল কৰাত পুনৰ
বিদেশী বহিস্কাৰক
লৈ অসমবাসীয়ে আশাৰ
ৰেঙণি দেখিবলৈ পাইছে।
অসম চুক্তিৰ অন্যতম গুৰুত্বপূৰ্ণ
দফা হ’ল ছয় নং দফা। এই
দফাটোত অসমীয়া মানুহৰ
ভাষিক, সাংস্কৃতিক আৰু
সামাজিক বৈশিষ্ট অক্ষুন্ন
ৰাখিবলৈ তেওঁলোকক
সাংবিধানিক, ন্যায়িক আৰু
প্ৰশাসনিক ৰক্ষাকবচ প্ৰদান
কৰাৰ কথা কোৱা হৈছে। মন
কৰিবলগীয়া কথা এয়ে যে
অসম চুক্তিত আজিৰ সময়ত বহুল
ভাৱে ব্যৱহৃত "খিলঞ্জীয়া"
শব্দটো ব্যৱহাৰ
কৰা হোৱা নাই,
খিলঞ্জীয়া মানুহৰ
ৰাজনৈতিক ৰক্ষাকবচৰ কথাও
কোৱা হোৱা নাই।
অসমীয়া বুলি অসম
চুক্তিয়ে কেৱল
অসমীয়া ভাষা কোৱা
মানুহখিনি বুজাইছে নে অসমত
থকা বিভিন্ন
ভাষা সংস্কৃতিৰ
খিলঞ্জীয়া লোক সকলক
বুজাইছে সেয়াও স্পষ্ট নহয়।
অতি কৌশলগত ভাৱে প্ৰস্তুত
কৰা এই দফাটোত সন্নিবিষ্ট
ৰক্ষাকবচৰ
বিষয়টো আজিপৰ্যন্ত কেন্দ্ৰ
বা ৰাজ্য
চৰকাৰে কেতিয়াও গুৰুত্ব
সহকাৰে লোৱা নাই।
উল্লেখ্য যে ভাৰতীয়
সংবিধানৰ অনুচ্ছেদ ১৪ ৰ
পৰা ১৮ লৈকে ভাৰতৰ
যিকোনো ঠাইত বাস
কৰা প্ৰতিজন ভাৰতীয়
নাগৰিককে জাতি, ধৰ্ম, বৰ্ণ
নিৰ্বিশেষে সমান
সুবিধা আৰু অধিকাৰ প্ৰদান
কৰা হৈছে। ভাৰতীয়
সংবিধান অনুসৰি এজন
ভাৰতীয় নাগৰিকে ভাৰতৰ
যিকোনো অঞ্চলতে বাস
কৰিব পাৰে আৰু আন এজন
ভাৰতীয়ৰ দৰে সমান
সুবিধা দাবী কৰিব পাৰে।
তেনে স্থলত অসম চুক্তিত
উল্লেখ থাকিলেও ভাৰতৰ
সংবিধানৰ মূল ধাৰণাৰ
বিপৰীতে গৈ অসমত বাস
কৰা অসমীয়া মানুহক
সাংবিধানিক ৰক্ষাকৱচ
প্ৰদান কৰাটো বা এখন
ৰাজ্যত বাস
কৰা এটা জনগোষ্ঠীলৈ
বিশেষ
সুবিধা আগবঢ়োৱাটো সৰ্ব-
ভাৰতীয়
দৃষ্টিভংগীৰে কিমান
গ্ৰহণযোগ্য হব, সেয়া এক
সন্দেহৰ বিষয়। এনে ৰক্ষাকৱচৰ
বাবে সংবিধান সংশোধন
কৰাৰ প্ৰয়োজন হ’ব। কেৱল
অসমীয়া ভাষীক
এনে সুবিধা প্ৰদান
কৰিলে অসমতে বাস কৰা অন্য
জনগোষ্ঠী সমুহ জাঙুৰ খাই
নুঠিবনে? অসমীয়াক
এনে ৰক্ষাকৱচ দিলে বিভিন্ন
ৰাজ্যতো বিভিন্ন
জনগোষ্ঠীয়ে একে ধৰণৰ
ৰক্ষাকৱচ দাবী নকৰিবনে? কৰ্ম
সূত্ৰে অন্যান্য ৰাজ্যৰ বাস
কৰা অথচ অসমত ৰক্ষাকৱচ লাভ
কৰা অসমীয়া সকল সেইবোৰ
ৰাজ্যত বৈষম্যৰ বলি নহবনে?
অসম চুক্তি অনুসৰি অসমত আই আই
টি স্থাপন হ’ল, কেন্দ্ৰীয়
বিশ্ববিদ্যালয় স্থাপন হ’ল,
নুমলীগড় শোধনাগাৰ স্থাপন
হ’ল, গেছ ক্ৰেকাৰ স্থাপন
হ’বলৈ গৈ আছে।
কোৱা বাহুল্য যে অসমৰ
শিক্ষা আৰু অৰ্থনীতিত অসম
চুক্তিৰ এই ফচল সমুহে যথেষ্ট
ইতিবাচক প্ৰভাৱ পেলাইছে।
কিন্তু এটা কথা মনত ৰাখিব
লাগিব যে অসমৰ
ৰাইজে কেতিয়াও
বিশ্ববিদ্যালয়
বা শোধনাগাৰ বিচাৰি অসম
আন্দোলন কৰা নাছিল।
বিদেশী বিতাড়নৰ মুল
প্ৰসংগটোকে তৰলীকৃত
কৰিবলৈ হয়তো এনেবোৰ
উপঢৌকনৰ
ব্যৱস্থা কৰা হৈছিল।
চৰকাৰে অসম চুক্তিৰ এই
আভুৱা ভৰা তৰল দফা সমুহ
আংশিক ভাৱে ৰূপায়িত
কৰিয়েই অসম চুক্তি ৰূপায়নৰ
সন্তুষ্টি লাভ কৰিছে।
মন কৰিলে দেখা যায়
যে বাংলাদেশ সীমান্ত
ছীল কৰিবলৈ আৰু সীমান্তত
চোকা পহৰাৰ ব্যৱস্থা কৰাৰ
বাবে অসম চুক্তিৰ ৯ নং দফাত
থকা নিৰ্দেশাৱলী পালন
কৰিবলৈ চৰকাৰে কেতিয়াও
আন্তৰিকতা প্ৰদৰ্শন কৰা নাই।
সেয়ে মাত্ৰ ২৬৮ কিল’মিটাৰ
দৈৰ্ঘ্যৰ ভাৰত বাংলাদেশ
সীমান্তৰে আজিও অবৈধ
ভাৱে মানুহ আৰু পশুৰ সৰবৰাহ
হৈ আছে। পঞ্জাৱত ভাৰত
পাকিস্তান সীমান্ত মাত্ৰ
তিনি বছৰতে ছীল
কৰিবলৈ সক্ষম হোৱা ভাৰত
চৰকাৰে ভাৰত বাংলাদেশ
সীমান্ত অসম চুক্তিৰ
তিনি দশক পাৰ হৈ যোৱাৰ
পিছতো ছীল কৰিবলৈ সমৰ্থ
হোৱা নাই। এয়া চৰকাৰৰ
চূড়ান্ত সদিচ্ছা হীনতাৰ
পৰিচায়ক। ভাৰত
বাংলাদেশ সীমান্তত
থকা ঘন বসতি আৰু অনেক নদী,
জলাশয় আৰু পাহাৰৰ জটিল
ভৌগলিক পৰিস্থিতিৰ
বাবে কাঁইটীয়া তাৰৰ বেৰ
দি সীমান্ত সম্পূৰ্ণ ছীল
কৰাটো বা সীমান্তত পথ
নিৰ্মাণ
কৰাটো প্ৰত্যাহ্বানপূৰ্ণ হ’ব
পাৰে, কিন্তু অসম্ভৱ নিশ্চয়
নহয়।
অত্যাধিক বৰষুণ হোৱা এই
অঞ্চলটোত পৰম্পৰাগত
কাঁইটীয়া বেৰ সুবিধাজনক
নহ’ব পাৰে। প্ৰয়োজন
হ’লে সীমান্ত ছীল
কৰিবলৈ আধুনিক প্ৰযুক্তি আৰু
মজবুত বেৰ নিৰ্মান
শৈলী ব্যৱহাৰ কৰাৰ অৱকাশ
আছে। পহৰাৰ বাবেও অধিক
সংখ্যক
সীমা সুৰক্ষা বাহিনীৰ
লোকক মকৰল কৰাৰ প্ৰয়োজন
আছে। এনেবোৰ কাম
হ’বলৈ হ’লে কেন্দ্ৰীয়
বাজেটত
সীমা সুৰক্ষা ব্যৱস্থাৰ
বাবে এক টনকিয়াল পৰিমানৰ
ধনৰ আৱণ্টন হ’ব লাগিব। কিন্তু
আজিকোপতি এই বিষয়ত
ৰাজ্য কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব
আৰোপ কৰা নাই।
অসমৰ বিদেশী নাগৰিকৰ
সমস্যাটো মুলত: বাংলাদেশৰ
পৰা হোৱা প্ৰৱজনৰ সমস্যা।
চুবুৰীয়া ৰাষ্ট্ৰ নেপাল
বা ভূটানৰ পৰাও প্ৰৱজন
হৈছে যদিও সেই প্ৰৱজনক
লৈ সমস্যাৰ
সৃষ্টি হোৱা বুলি সাধাৰণ
মানুহে অনুভৱ কৰা নাই। অসমৰ
পৰা বাংলাদেশী
নাগৰিকক বহিষ্কাৰ
কৰিবলৈ আটাইতকৈ
প্ৰয়োজনীয় কথা হ’ল,
অনতিপলমে বাংলাদেশ
চৰকাৰৰ লগত ভাৰত
চৰকাৰে অবৈধ নাগৰিক
প্ৰত্যাৰ্পনৰ চুক্তি সম্পাদিত
কৰিব লাগে। এনে এখন চুক্তিৰ
অভাৱত
বাংলাদেশে ভাৰতৰ
পৰা অবৈধ
বাংলাদেশী বুলি বহিষ্কাৰ
কৰা লোক সকলক পুনৰ গ্ৰহণ
কৰিব বুলি আশা কৰিব
নোৱাৰি। অসমত
এতিয়ালৈকে এক
দীঘলীয়া চিনাক্তকৰণ
প্ৰক্ৰিয়াৰে যিসকল লোক
বিদেশী বুলি চিহ্নিত
হৈছে, তেওঁলোকক
সীমান্তলৈ লৈ গৈ সীমা
পাৰ কৰি থৈ অহা হয় যদিও
বাংলাদেশ
ৰাইফলছে তেওঁলোকৰ
একাংশক পুনৰ
ভাৰতলৈ খেদি পঠিয়ায়।
ফলত বিদেশী বহিষ্কৰনৰ এই
সমগ্ৰ প্ৰক্ৰিয়াটোৱেই এক
ভেকোভাওনাত পৰিনত
হৈছে।
তদুপৰি জনবহুলতাৰ
সমস্যাৰে জৰ্জৰিত
বাংলাদেশে কোনো চুক্তি
নোহোৱাকৈ ভাৰতৰ
পৰা বহিষ্কাৰ কৰা মানুহৰ
বোজা গ্ৰহণ কৰিবলৈ সন্মত হ’ব
বুলি আশা কৰা অনুচিত।
ম্যানমাৰৰ পৰা বিতাড়িত
কৰা ৰহিঙ্গীয়া মুছলমান
সকলক বাংলাদেশে গ্ৰহণ
কৰিবলৈ অস্বীকাৰ
কৰি আহিছে।
এনে পৰিস্থিতিত
এতিয়ালৈ অসম চুক্তিৰ
আধাৰত বিদেশী চিনাক্তকৰন
আৰু বহিষ্কৰণ
প্ৰক্ৰিয়াটো কেৱল এখন
নাটকৰ বাহিৰে আন
একো হোৱা নাই আৰু অদূৰ
ভৱিষ্যতেও কোনো পৰিবৰ্তন
হোৱাৰ আশা নাই।
অসমৰ পৰা বিদেশী নাগৰিকৰ
বহিষ্কৰণৰ বিষয়টোৰ
ৰাজনৈতিক পাক -ঘূৰণিত
পৰি এতিয়া নাজল নাথল
অৱস্থা হৈছে। ১৯৭১ চনৰ ২৪
মাৰ্চৰ পৰা এতিয়ালৈ চাৰি
দশকৰো অধিক সময় পাৰ হৈ গ’ল।
এই দীঘলীয়া সময়চোৱাত
কিমান মানুহ অসমত প্ৰৱেশ
কৰিলে, কিমান অবৈধ
অনুপ্ৰৱেশকাৰীয়ে চৰকাৰী
ৰেচন কাৰ্ড লাভ কৰিলে,
কিমানে ভোটাধিকাৰ
পালে, কিমানে ইয়াতেই
বৈবাহিক সম্বন্ধ কৰিলে,
কিমানৰ
ল’ৰা ছোৱালী হৈ চৰকাৰী
চাকৰিয়াল হ’ল, তাৰ
কোনো হিচাপ নাই। ভাৰত
চৰকাৰে সংশোধন
কৰা নাগৰিকত্ব আইন
অনুসৰি অনুপ্ৰৱেশকাৰীৰ ২০০৩
চনলৈ ভাৰতত জন্ম
হোৱা সতি সন্ততি সকল
ভাৰতীয় নাগৰিক।
গতিকে ল’ৰা ছোৱালীহঁতক
ভাৰতত থাকিবলৈ দি মাক
দেউতাকক বহিষ্কাৰ কৰাৰ
দৰে অবান্তৰ ঘটনা সম্ভৱ
হ’বনে? অবৈধ অনুপ্ৰৱেশ
কাৰী হ’লেও ইমান দিনে এক
সামাজিক বান্ধোনত বান্ধ
খাই পৰা,
চৰকাৰী অনুগ্ৰহতে স্থাৱৰ
বা অস্থাৱৰ সম্পত্তি আহৰন
কৰা লোক সকলক কেৱল এখন
চুক্তিৰ আলমত জোৰ জুলুম
নকৰাকৈ বা মানৱ অধিকাৰ
খৰ্ব নকৰাকৈ অসমৰ
পৰা বাহিৰ কৰি দিব
পৰা যাবনে? এচাম মানুহক বল
প্ৰয়োগ কৰি বহিষ্কাৰ
কৰা কাৰ্যই তীব্ৰ গণৰোষ আৰু
যুদ্ধ সদৃশ পৰিৱেশৰ
সৃষ্টি নকৰিবনে?
বাংলাদেশী মুছলমান সকল
আক্ৰমণৰ বলি হোৱা বুলি সমগ্ৰ
ইছলাম বিশ্ব খড়্গহস্ত
হৈ পৰাৰো আশংকা আছে।
অসম চুক্তিৰ আধাৰত অসমৰ
পৰা বিদেশী বহিষ্কাৰ
এতিয়া এক অলীক সপোন স্বৰূপ
হৈ পৰিছে। এই অলীক
সপোনকে বাৰে বাৰে
দেখুৱাই অসমৰ কেইটামান
তথাকথিত
জাতীয়তাবাদী সংগঠনে
মানুহক বিভ্ৰান্ত কৰি নিজৰ
স্বাৰ্থ সিদ্ধি কৰি আহিছে।
অসম চুক্তিক সাৰোগত কৰিয়ই
এচামে জাতীয়তাবাদী
ৰাজনীতি কৰিছে,
এচামে সংখ্যালঘুৰ
ৰাজনীতি কৰিছে আৰু
এচামে সাম্প্ৰদায়িকতাৰ
ৰাজনীতি কৰিছে। কিন্তু
অসমৰ ৰাইজৰ
দীৰ্ঘদিনীয়া সংগ্ৰামৰ
ফলশ্ৰুতিত জন্ম হোৱা অসম
চুক্তিৰ অন্তৰ্নিহিত
অনুভূতি হৃদয়ঙ্গম কৰি ব্যাপক
বাংলাদেশী প্ৰৱজনৰ ফলত
অসমত বাস কৰা থলুৱা,
খিলঞ্জীয়া মানুহৰ অস্তিত্ব
হেৰুওৱাৰ আশংকা কোনেও
যেন অনুধাৱন কৰা নাই। অসম
চুক্তিয়ে অসমৰ সংগ্ৰামী,
খিলঞ্জীয়া মানুহৰ মনত
এনে আশাৰ সঞ্চাৰ কৰিছিল
যে এই চুক্তিখনে তেওঁলোকক
নিজৰ ভূমিতে নিজৰ অধিকাৰ
হেৰুওৱাৰ আশংকা নিৰ্মূল
কৰিব। কিন্তু প্ৰায় তিনি দশক
পাৰ হৈ যোৱাৰ পিছতো অসম
চুক্তিয়ে এই আশংকা নিৰ্মুল
কৰিব পাৰিব বুলি মানুহক
আশ্বস্ত কৰিব পৰা নাই। অসম
আন্দোলনত জড়িত
হৈ বহুতো ত্যাগ আৰু বলিদান
দিয়া মানুহৰ মনতো অসম
চুক্তিৰ প্ৰাসংগিকতাৰ
বিষয়ে প্ৰশ্ন উত্থাপিত
হৈছে। অকল সুব্ৰমনিয়াম
স্বামীয়ে কোৱাৰ বাবেই
নহয়, স্ব-অৱলোকনৰ বাবেও
অসমৰ মানুহে প্ৰায় ত্ৰিশ বছৰ
পুৰণি অসম চুক্তিখন
মুকলি মনেৰে আকৌ এবাৰ
পৰ্যালোচনা কৰি চোৱাটো
আৱশ্যকীয় হৈ পৰিছে।
----------------------------------

15/01/2015

Qualities, Roles, and Responsibilities
of a Good Teacher

A positive learning
environment allows
students to learn to
their full potential.
Students must feel safe,
secure, and supported
before they can be
receptive to new
learning. Moreover,
students' attitudes
toward an overall
learning situation have
a powerful influence on
their attitudes toward
the learning episode.
Meaning, if students
feel positive about their
learning environment,
they are more likely to
regard the learning
episode as something
important, worthwhile,
and rewarding.
2. Good teachers
empower their students
and get them to think
beyond themselves with
the goal that they will
serve others in a
positive manner in their
own lives today and as
adults. They inspire
students that they can
make an impact in the
classroom, in their
school, in their town,
and even in the world.

19/12/2014

Good Morning Friends

Address

Dhemaji Town. Ward No. 6
Dhemaji
787057

Alerts

Be the first to know and let us send you an email when Ashim Gogoi MSc. BEd. posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category