02/02/2025
প্ৰত্যেকটো বিদায়েই হৃদয়ত গভীৰ অনুভূতি এৰি যায়। আজি আমি সকলোয়ে বিদায় জনাইছোঁ আমাৰ আদৰণীয় শিক্ষক "বিপ্লৱ দাস" দেৱক, যাৰ অমূল্য শিক্ষাৰে, মৰমেৰে, আৰু প্ৰেৰণাৰে বিদ্যালয়খন আলোকিত হৈ উঠিছিল। আপুনি কেৱল এজন শিক্ষক নহয়, আপুনি আছিল আমাৰ বাবে অনুপ্ৰেৰণা, আমাৰ দিকনিৰ্ধাৰক। আপোনাৰ অৱদান আমাৰ হৃদয়ত সদায় সজীৱ হৈ থাকিব। আপোনাৰ নতুন কৰ্ম জীৱনলৈ অসংখ্য শুভকামনা জনাইছোঁ! আপোনাৰ জ্ঞান আৰু মৰমে আগলৈও বহুজনৰ জীৱন সজাব।