04/05/2026
কালি ২ নং গুটুং গাঁও হৰিমন্দিৰ আৰু ২ নং চিলাগাঁও যুৱক সংঘৰ উদ্যোগত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱা হয়৷ বিশেষ কাৰণ বশতঃ দ্বিতীয়টো কাৰ্য্যসূচীত আমাৰ পুত্ৰ মস্কোৱে অংশ ল'ব নোৱাৰিলে ৷ এই আপাহতে দুয়োটা অনুষ্ঠানৰ উদ্যোক্তা সকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ৷ আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব যাতে আমাৰ পোনাটিয়ে এনেকৈয়ে ঘাট-প্ৰতিঘাট,বাধা-বিঘিণি অতিক্ৰম কৰি জীৱনৰ বাটত হেলাৰঙে আগুৱাই যাব পাৰে৷