17/02/2026
#শুভ_বাৰ্তা
#প্ৰাচীৰ_পত্ৰিকা_উন্মোচন
#মন্থন_৩.o_ শিক্ষক- অভিভাৱক সভা।
আজি ১৭ ফেব্ৰুৱাৰী, ২০২৬ তাৰিখটো আমাৰ বিদ্যালয়ৰ বাবে এক অতি আনন্দৰ দিন আছিল। ছাত্ৰ-ছাত্ৰীসকলৰ বৌদ্ধিক বিকাশৰ উদ্দেশ্যে তেওঁলোকে স্বহস্তে প্ৰস্তুত কৰা 'শ্ৰেণীভিত্তিক প্ৰাচীৰ পত্ৰিকা'সমূহ ক্ৰমে ষষ্ঠ শ্ৰেণীৰ 'প্ৰকাশ', সপ্তম শ্ৰেণীৰ 'চানেকি', অষ্টম শ্ৰেণীৰ 'মহীৰূহ' আৰু নৱম শ্ৰেণীৰ 'পথিকৃৎ' কালি উন্মোচন কৰা হয়। ইয়াৰ সমান্তৰালকৈ #মন্থন_৩.o শীৰ্ষক এখন গুৰুত্বপূৰ্ণ শিক্ষক-অভিভাৱক সভাৰো (PTM) আয়োজন কৰা হয়।
এই শুভ ক্ষণত আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি উপস্থিত থাকি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাৰ বাবে তলত উল্লিখিত বিশিষ্ট ব্যক্তিসকললৈ আমাৰ আন্তৰিক কৃতজ্ঞতা:
🔹 শ্ৰদ্ধেয়া কবিতা ডেকা বাইদেউ (বিদ্যালয় সমূহৰ পৰিদৰ্শক, ধেমাজি জিলা সংমণ্ডল ) - তেখেতে প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা, ছাত্ৰ ছাত্ৰীৰ সতে মত বিনিময় কৰাৰ লগতে অভিভাৱকসকলক সন্তানৰ মানসিক উত্তৰণ আৰু অভিভাৱকৰ দায়িত্বৰ বিষয়ে অৱগত কৰে।
🔹 ড৹ জোনালী বৰুৱা বাইদেউ (সহযোগী অধ্যাপিকা, মৰিধল মহাবিদ্যালয়) - পৰিৱৰ্তিত সামাজিক পৰিৱেশত নৈতিক আৰু মূল্যবোধ শিক্ষাৰ গুৰুত্ব, সন্তানৰ যতন আৰু দায়িত্ববোধৰ ওপৰত সাৰুৱা বক্তব্য আগবঢ়ায় ।
🔹 মাননীয় গোবিন দত্তই (সম্পাদক, ধেমাজি জিলা অধিবিদ্যা পৰিষদ) - ছাত্ৰ-ছাত্ৰীক কঠোৰ পৰিশ্ৰমৰ মহত্ব আৰু অভিভাৱকক বন্ধুসুলভ আচৰণেৰে শাসন কৰাৰ পৰামৰ্শ দিয়ে।
📢 এক বিশেষ আৰু গুৰুত্বপূৰ্ণ ঘোষণা: সামাজিক দায়বদ্ধতাৰ নিদৰ্শন দাঙি ধৰি আমাৰ বিদ্যালয় প্ৰধানে এক গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা সদৰি কৰে। অহা শিক্ষাবৰ্ষৰ পৰা 'ছাত্ৰ কল্যাণ নিধি' গঠন কৰি বিদ্যালয়ৰ পিতৃ-মাতৃহীন নিথৰুৱা ছাত্ৰ-ছাত্ৰীৰ বিদ্যালয় শিক্ষাৰ সম্পূৰ্ণ দায়িত্ব নিলখ উচ্চ মাধ্যমিক বিদ্যালয়ে গ্ৰহণ কৰিব।
সকলোৰে আন্তৰিক সহযোগিতা আৰু অসম সংগীত পৰিৱেশনেৰে সভাখনৰ সফল সামৰণি হয়।