19/05/2026
আজি সদৌ অসম ছাত্ৰ সন্থাই গুৱাহাটীৰ মাছখোৱা সাংস্কৃতিক প্ৰকল্প প্ৰেক্ষাগৃহত আয়োজন কৰা বিশেষ অভিনন্দন অনুষ্ঠানত সদ্যঘোষিত উচ্চতৰ মাধ্যমিক,২০২৬ কলা শাখাত ৪৭৪ নম্বৰৰ উৰ্দ্ধৰ ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনোৱা অনুপ্ৰেৰণামূলক অনুষ্ঠানভাগিত উপস্থিত হ’ব পৰাৰ সৌভাগ্যবান গৰাকীৰ বাবেহে সম্ভৱ। আমাৰ লক্ষ্মীনাথ বেজবৰুৱা একাডেমী, ঢেকিয়াজুলিৰ ছাত্ৰ-ছাত্ৰীয়ে এনে সৌভাগ্যৰ অধিকাৰী হৈ ঢেকিয়াজুলি তথা জিলাখনলৈ গৌৰৱ কঢ়িয়াই আহিছে। এইবৰ্ষত আমাৰ এগৰাকী মেধাবী ছাত্ৰী প্ৰীয়া পালে ৯৪.৮০ শতাংশ লাভ কৰি সম্বৰ্দ্ধিত হৈ ঢেকিয়াজুলিলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে প্ৰীয়া আৰু তেওঁৰ পিতৃ-মাতৃক যাচিলোঁ শুভকামনা। উক্ত অনুষ্ঠানতে মানপত্ৰ,স্মাৰক আৰু গামোচাৰে এই অভাজনকো সন্মান যাঁচে। এইয়া আমাৰ একাডেমী পৰিয়ালৰ বিৰল প্ৰাপ্তি। ২০২৫ বৰ্ষৰ দৰে এই বৰ্ষটো (২০২৬) জয়যাত্ৰা অব্যাহত ৰাখিবলৈ সক্ষম হৈছোঁ। অনাগত সময়ত লক্ষ্মীনাথ বেজবৰুৱা একাডেমীয়ে প্ৰজ্ঞাৰ সাধনাৰে ধাৰাবাহিকতা ৰক্ষাৰ বাবে সদা সষ্টম হৈ থাকিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। প্ৰয়াস অক্ষুন্ন ৰখাৰ বাবে অহোপুৰুষাৰ্থ কৰা শিক্ষক-শিক্ষয়িত্ৰীসকললৈ এই আপাহতে ধন্যবাদ জনালোঁ। আগন্তুক দিনটো এই জয়যাত্ৰা অক্ষুন্ন ৰাখি শৈক্ষিক ক্ষেত্ৰখনত আগুৱাই ঢেকিয়াজুলিক অসমৰ অন্যতম শৈক্ষিক ক্ষেত্ৰ হিচাপে পৰিচিত কৰিবলৈ আমাৰ প্ৰয়াস অক্ষুন্ন থাকিব।