19/01/2026
আজি বিদ্যালয় প্ৰাংগনত ঢেকীয়াজুলি মহকুমা নাগৰিক মঞ্চৰ উদ্যোগত ভ্ৰাম্যমাণ গ্ৰন্থমেলা আৰু কিতাপ পঢ়া প্ৰতিযোগিতা অনুষ্ঠিত হয়। পোন প্ৰথমে ঢেকীয়াজুলি সম-জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সহকাৰী আয়ুক্ত সৃষ্টি কলিতা বাইদেৱে কিতাপ পঢ়া প্ৰতিযোগিতা উদ্বোধন কৰে ৷ মহকুমা নাগৰিক মঞ্চৰ সাংগঠনিক সম্পাদক নাৰায়ণ ফয়েল ডাঙৰীয়াই আঁত ধৰা অনুষ্ঠানটিত ইতিমধ্যে জ্ঞান বিজ্ঞান বৃত্তি পৰীক্ষাত অসম ভিত্তিত পঞ্চম স্থান দখল কৰা বিদ্যালয়ৰ মেধাৱী ছাত্ৰ জ্ঞানদ্বীপ দাসৰ লগতে নিচুকনি বঁটা প্ৰাপক প্ৰসেনজিৎ ৰাউতিয়া আৰু বিশ্বজিৎ শইকীয়াক পুৰস্কৃত কৰা হয়।উক্ত অনুষ্ঠানটিত ঢেকীয়াজুলি মহকুমা নাগৰিক মঞ্চই এই বিদ্যালয়ৰ ছয়গৰাকী শিক্ষক ক্ৰমে কেশৱ ছেত্ৰী,কেদাৰ শৰ্মা, নাজনীন আহমেদ,কমল কুমাৰ ছেত্ৰী, হৰেন্দ্ৰ দাস আৰু বিকি ঠাকুৰক আদৰ্শ শিক্ষক হিচাপে ঘোষণা কৰাত আমি নথৈ আনন্দিত।আজিৰ অনুষ্ঠানত মহকুমা নাগৰিক মঞ্চৰ সভাপতি সুৰেন্দ্ৰ খনাল,খণ্ড প্ৰাথমিক শিক্ষা বিষয়া নাজিমা চুলতানা, অৱসৰপ্ৰাপ্ত শিক্ষক দল বাহাদুৰ নেৱাৰ, মোহন কুমাৰ ছেত্ৰী,সমাজকৰ্মী দেৱীপ্ৰসাদ অধিকাৰী, ডা. উমেশ চন্দ্ৰ দাস, গোকুল বস্নেত আদি উপস্থিত থাকে।