Grammar World

Grammar World Discuss about English Grammar

25/07/2020

অসমীয়া ফকৰা-যোজনা
-----------------------------------------------

১. অতি ভক্তি চোৰৰ লক্ষণ ৷

২. আঁঠুৱা চাই ঠেং মেলা ৷

৩. অভ্যাসৰ নৰ কৰ্ণ পথে কৰে শৰ ৷

৪. উলুৰ লগত বগৰী পোৰা ৷

৫. আপোনাৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰা ৷

৬. গৰুৰ আগত টোকাৰী বায় ৷
শিং জোকাৰি ঘাঁহ খায় ৷৷

৭. দেখাক দেখি উঠিল গা
কেতুৰীয়ে বোলে মোকো খা ৷৷

৮. আইৰ সমান হব কোন, নৈৰ সমান বব কোন ৷

৯. আপোন ভালেই জগত ভাল ৷

১০. আগৰ হাল যিফালে যায়, পাছৰ হালো সিফালে যায় ৷

১১. উপকাৰীক অজগৰে খায় ৷

১২. এশ গৰু মাৰিলে বাঘৰো মৰণ ৷

১৩. কালৰো কাল বিপৰীত কাল, হৰিণাই চেলেকে বাঘৰ গাল ৷

১৪. কথাত কটা যায়, কথাত বটা পায় ৷

১৫. খং নামে চণ্ডাল ৷

১৬. গাখীৰ খুৱাই সাপ পোহা ৷

১৭. গছত উঠাই গুৰি কটা ৷

১৮. ছোৱালী আনিবা মাক ভাল, মাটি কিনিবা মাজ খাল ৷

১৯. ছোৱালী বোলে কুৰিতে বুঢ়ী ৷

২০. দুই মহৰ যুজত বিৰিণাৰ মৰণ ৷

২১. বিনা মেঘে বজ্ৰপাত ৷

২২. বাহিৰে ৰং-চং ভিতৰি কোৱা-ভাতুৰি ৷

২৩. ভালে পায় ভাল, জাবৰে পায় খাল ৷

২৪. মিছা কথাৰ ঠেং চুটি ৷

২৫. মূৰ্খ বন্ধুতকৈ জ্ঞানী শত্ৰুৱেই ভাল ৷

২৬. দুই নাওত দুই ভৰি ৷

English class X poemAmandasolution
17/06/2020

English class X poem
Amanda
solution

class X English

28/05/2020

বহু ৰঙী জীৱন
----------------------------

জীৱন
হেনো ৰঙৰ সমাহাৰ
কলা,বগা ,নীলা ,ৰঙা ,হালধীয়া,
সেউজীয়া আৰু
বেঙুনীয়াক কৰে একাকাৰ ।

বহুবাৰ ভাবিছো
কলা ৰং আতৰাব পৰা হলে ...!
আকৌ মনত পৰে
ৰাতিবোৰত তেন্তে কাৰ সহাৰি লম ?

বগাকো নোৱাৰি আঁতৰাব
আঁতৰালে
ঠুনুকা শান্তি থাকিব কত ?
নীলা
আকাশৰ ৰং জানো
সলাব পাৰি ?
নোৱাৰি ,সেয়ে ভুল হয় ইয়াতো ।

ৰঙা ৰঙে
জুই যেন ৰঙা কৰা মন
কেনেকৈ সলাব পাৰি ?
সহজ জানো হয় ইমান ?
কেনেকৈ হালধীয়া আঁতৰাম ?
গোমা মনৰ বেলিটো প্ৰায়ে
হালধীয়া হৈ পৰেচোন হঠাৎ ।

সেউজ ধৰাত থাকি
সেউজীয়া জানো
আঁতৰাব পাৰি ?
বেঙুনীয়া
অতিকৈ দৰকাৰি
ইয়াক নো
কেনেকৈ আঁতৰাব পাৰি ?

ঠিক এইদৰে
বহু ৰঙী জীৱনৰ
প্ৰতিটো ৰঙেই
দি যায় অভিজ্ঞতা।
জীৱনত কলা ৰং
নাথাকে সদায় ।
অমাবস্যাৰ অৱসান ঘটে
পূৰ্ণিমাই উজলাই ॥


🖋হাফিজ উদ্দিন ৰেহান।
ঢেকিয়াজুলি
শোণিতপুৰ (অসম)

03/05/2020
02/05/2020

Everybody Welcome to my new page Grammar World .

Address

Dhekiajuli
784110

Alerts

Be the first to know and let us send you an email when Grammar World posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Grammar World:

Shortcuts

Share

Category