দাংধৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় Dangdhara Higher Secondary School

  • Home
  • India
  • Dhakuakhana
  • দাংধৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় Dangdhara Higher Secondary School

দাংধৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়          Dangdhara Higher Secondary School ডাক : ঔগুৰি দাংধৰা
স্থাপিত : ১৯৭৩ চন

৫০ সংখ্যক বাৰ্ষিক অধিৱেশন আৰু অভিভাৱক সমাৰোহৰ সফল পৰিসমাপ্তি।
10/01/2026

৫০ সংখ্যক বাৰ্ষিক অধিৱেশন আৰু অভিভাৱক সমাৰোহৰ সফল পৰিসমাপ্তি।

10/01/2026
09/01/2026

বিদ্যালয়ৰ "৫০ সংখ্যক বাৰ্ষিক অধিৱেশন আৰু অভিভাৱক সমাৰোহ" ৰ আজি তৃতীয় দিনৰ সাংস্কৃতিক কাৰ্যসূচীৰ সফল পৰিসমাপ্তি।
কালিলৈ দিনৰ ১২ বজাৰ পৰা অনুস্থিত হ'বলগা মুকলি সভাত সন্মানীয় অভিভাৱক/অভিভাৱিকা,প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ লগতে অঞ্চলৰ শিক্ষাপ্ৰেমী ৰাইজৰ উপস্থিতি আৰু সহায়-সহযোগিতা আন্তৰিকতাৰে কামনা কৰা হ'ল।
ধন্যবাদ।

বিদ্যালয়ৰ "৫০ সংখ্যক বাৰ্ষিক অধিৱেশন আৰু অভিভাৱক সমাৰোহ"ৰ আজি দ্বিতীয় দিনা ৰূপায়িত কাৰ্যসূচীৰ কিছু প্ৰতিচ্ছবি।
08/01/2026

বিদ্যালয়ৰ "৫০ সংখ্যক বাৰ্ষিক অধিৱেশন আৰু অভিভাৱক সমাৰোহ"ৰ আজি দ্বিতীয় দিনা ৰূপায়িত কাৰ্যসূচীৰ কিছু প্ৰতিচ্ছবি।

বিদ্যালয়ৰ ছাত্র একতা সভাৰ উদ্যোগত আজিৰে পৰা অনুষ্ঠিত হোৱা "৫০ সংখ্যক বাৰ্ষিক অধিৱেশন আৰু অভিভাৱক সমাৰোহ"ৰ প্ৰথম দিনা ৰূ...
07/01/2026

বিদ্যালয়ৰ ছাত্র একতা সভাৰ উদ্যোগত আজিৰে পৰা অনুষ্ঠিত হোৱা "৫০ সংখ্যক বাৰ্ষিক অধিৱেশন আৰু অভিভাৱক সমাৰোহ"ৰ প্ৰথম দিনা ৰূপায়ণ হোৱা কাৰ্যসূচীৰ কিছু স্থিৰ চিত্ৰ।

 #বিগত ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত বিদ্যালয়ত এগৰাকী স্নাতক শিক্ষয়িত্ৰী হিচাপে যোগদান কৰি শ্ৰী দিপাঞ্জলী মূদৈ বাইদেওৱে ছাত...
03/01/2026

#বিগত ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত বিদ্যালয়ত এগৰাকী স্নাতক শিক্ষয়িত্ৰী হিচাপে যোগদান কৰি শ্ৰী দিপাঞ্জলী মূদৈ বাইদেওৱে ছাত্ৰ-ছাত্ৰীৰ মাজত অতি বন্ধুত্বসুলভ মনোভাৱেৰে একাত্ম হৈ অতি নিষ্ঠা আৰু সততাৰে কৰ্ম সম্পাদন কৰি কম দিনৰ ভিতৰতে সকলোৰে প্ৰিয় হৈ পৰিছিল ।
#উচ্চ শিক্ষিতা বাইদেওৱে পুনৰ স্নাতকোত্তৰ বিষয় শিক্ষয়িত্ৰী হিচাবে গত ২০২৫ চনৰ ডিচেম্বৰ মাহত নিযুক্তি লাভ কৰি ডিব্ৰুগড়ৰ খোৱাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যোগদান কৰে।
#সেই হেতু বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা আজি ০৩-০১-২০২৬ তাৰিখে বাইদেওক আনুষ্ঠানিক বিদায় সম্বৰ্ধনা জনোৱা হয়। বাইদেওৰ নতুন কৰ্মস্থলীৰ কৰ্মজীৱন অধিক সুন্দৰ হোৱাৰ লগতে সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰা হ'ল।

অসম চৰকাৰৰ দ্বাৰা প্ৰদান কৰা ২০২৫ বৰ্ষৰ "যুৱ লেখক" সন্মানেৰে বিভূষিত হৈ দাংধৰা অঞ্চলৰ লগতে সমগ্র অসমলৈ গৌৰৱ কঢ়িয়াই আনি...
22/12/2025

অসম চৰকাৰৰ দ্বাৰা প্ৰদান কৰা ২০২৫ বৰ্ষৰ "যুৱ লেখক" সন্মানেৰে বিভূষিত হৈ দাংধৰা অঞ্চলৰ লগতে সমগ্র অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা বিদ্যালয়ৰ শিক্ষক *শ্ৰী যতীন বৰা* ডাঙৰীয়ালৈ বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰো অনাগত দিনত অধিক সাহিত্য চৰ্চাৰ জৰিয়তে তেখেতে নিজৰ লগতে নৱ প্ৰজন্মক সাহিত্যৰ জগতত আগুৱাই নিয়াৰ প্ৰয়াস কৰিব।

ধন্যবাদ।

ঢকুৱাখনা সমজিলা প্ৰশাসনে ছাত্ৰসমাজৰ সৰ্বাংগীন বিকাশৰ বাবে লোৱা পদক্ষেপৰ অংশ হিচাপে আজি ইং ১৫/১১/২০২৫ তাৰিখ শনিবাৰে দাংধৰ...
15/11/2025

ঢকুৱাখনা সমজিলা প্ৰশাসনে ছাত্ৰসমাজৰ সৰ্বাংগীন বিকাশৰ বাবে লোৱা পদক্ষেপৰ অংশ হিচাপে আজি ইং ১৫/১১/২০২৫ তাৰিখ শনিবাৰে দাংধৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম,দশম আৰু একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এটি কেৰিয়াৰ কাউঞ্চেলিং অনুষ্ঠিত কৰে । অনুষ্ঠানটিত কাউঞ্চেলৰ হিচাপে ঢকুৱাখনা সমজিলাৰ সন্মানীয় আয়ুক্ত শ্ৰীযুতা সংস্কৃতি সোমানী(IAS) য়ে অংশগ্রহণ কৰাৰ লগতে এই অনুষ্ঠানটিত উপস্থিত থাকে ঢকুৱাখনা শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া শ্ৰীযুত বিদ্যুৎ গগৈ,বিদ্যালয়ৰ অধ্যক্ষ আৰু শিক্ষক-শিক্ষয়িত্ৰীসকল। সংস্কৃতি সোমানী মহোদয়াই ব্যক্তিগত জীৱনৰ বাস্তৱ অভিজ্ঞতাসমৃদ্ধ উদাহৰণেৰে শিক্ষাৰ্থীসকলৰ সৈতে অন্তৰংগ বাৰ্তালাপ কৰে।শিক্ষাৰ্থীসকলেও তেখেতৰ সৈতে পোনপটীয়াকৈ সৌহাৰ্দমূলকভাৱে এই কাউঞ্চেলিঙত আন্তৰিকতাৰে সক্ৰিয় অংশগ্ৰহণ কৰে।

Celebration of Teacher's Day-2025
05/09/2025

Celebration of Teacher's Day-2025


 #সুদীৰ্ঘ ৩৩ বছৰ ধৰি ছাত্ৰ-ছাত্ৰীৰ বাবে অতি নিষ্ঠা আৰু সততাৰে কৰ্ম সম্পাদন কৰি গত ইং ৩১/০৮/২০২৫ তাৰিখে শ্ৰদ্ধাৰ  শিক্ষয়...
03/09/2025

#সুদীৰ্ঘ ৩৩ বছৰ ধৰি ছাত্ৰ-ছাত্ৰীৰ বাবে অতি নিষ্ঠা আৰু সততাৰে কৰ্ম সম্পাদন কৰি গত ইং ৩১/০৮/২০২৫ তাৰিখে শ্ৰদ্ধাৰ শিক্ষয়িত্ৰী শ্ৰীযুক্তা বাসন্তী দলে পাতিৰ বাইদেওৱে অৱসৰ গ্ৰহণ কৰে।
#বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা গত ইং ৩১/০৮/২০২৫ তাৰিখে তেখেতক আনুষ্ঠানিক বিদায় সম্বৰ্ধনা জনোৱা হয়। বাইদেওৰ অৱসৰী জীৱন অধিক সুন্দৰ হোৱাৰ লগতে সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰা হ'ল।
#উল্লেখ্য যে বাইদেওৰ একমাত্র পুত্র শ্ৰীযুত কৰুণা পাতিৰৰ লগতে পৰিয়াল সহিতে মাতৃৰ অৱসৰৰ স্মৃতি স্বৰূপে বিদ্যালয়ৰ মুল প্ৰৱেশ দ্বাৰৰ পৰা ১৫০ ফুট দৈৰ্ঘৰ এটি পথ ইটাৰে নিৰ্মিত কৰি সুন্দৰ নিদর্শন দাঙি ধৰে। পৰিয়ালৰ সকলোলৈকে বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰা হ'ল।

 #আজিৰ পৰা তিনি বছৰ পূৰ্বে এই বিদ্যালয়ত স্নাতক   শিক্ষয়িত্ৰী হিচাপে যোগদান কৰি কৰ্মজীৱন আৰম্ভ কৰা  শ্ৰদ্ধাৰ শিক্ষয়িত্...
23/08/2025

#আজিৰ পৰা তিনি বছৰ পূৰ্বে এই বিদ্যালয়ত স্নাতক শিক্ষয়িত্ৰী হিচাপে যোগদান কৰি কৰ্মজীৱন আৰম্ভ কৰা শ্ৰদ্ধাৰ শিক্ষয়িত্ৰী শ্ৰী মৌচুমী বৰগোহাঁই বাইদেওৱে আজি কৰ্মস্থানৰ বদলি সূত্রে আমাৰ মাজৰ পৰা বিদায় লোৱাৰ কিছু মূহুর্ত।
#অতি অমায়িক আৰু মুখত সদায়ে লৈ ফুৰা এটি মিচিকীয়া হাঁহিৰ লগতে বন্ধু সুলভ মনেৰে শিক্ষাৰ্থী সকলক বৰ নিষ্ঠা আৰু সততাৰে পাঠদান কৰা বাইদেও অতি কম দিনৰ ভিতৰতে বিদ্যালয়ৰ শিক্ষাৰ্থী সকলৰ বাবে অতিকৈ প্ৰিয় হৈ পৰাৰ ওপৰিও বিদ্যালয় পৰিয়ালৰ মৰম বুটিবলৈ সক্ষম হৈছিল।
বাইদেওৰ নতুন স্থানৰ কৰ্মজীৱন অধিক সুন্দৰ হোৱাৰ লগতে সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ।
@বিদ্যালয় পৰিয়াল@


এজোপা সেউজীয়া বৃক্ষৰ তলত অলেখ সপোন💐🌈
20/08/2025

এজোপা সেউজীয়া বৃক্ষৰ তলত অলেখ সপোন💐🌈

Address

Dhakuakhana

Telephone

+919577587488

Website

Alerts

Be the first to know and let us send you an email when দাংধৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় Dangdhara Higher Secondary School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category