Shankardev Shishu Niketan, Dergaon শংকৰদেৱ শিশু নিকেতন, দেৰগাওঁ

  • Home
  • India
  • Dergaon
  • Shankardev Shishu Niketan, Dergaon শংকৰদেৱ শিশু নিকেতন, দেৰগাওঁ

Shankardev Shishu Niketan, Dergaon  শংকৰদেৱ শিশু নিকেতন, দেৰগাওঁ বিদ্যা ভাৰতী সংবদ্ধ, শিশু শিক্ষা সমিতি, অসমৰ দ্বাৰা সুপৰিচালিত এক আদৰ্শ বিদ্যালয়৷

আজি শঃশিঃনিকেতন নিকেতন, বোকাখাতত যোৰহাট বিভাগ ভিত্তিত অনুষ্ঠিত হোৱা  #গণিত_আৰু_বিজ্ঞান_মেলা প্ৰতিযোগিতাত আমাৰ নিকেতনৰ অয়...
17/08/2026

আজি শঃশিঃনিকেতন নিকেতন, বোকাখাতত যোৰহাট বিভাগ ভিত্তিত অনুষ্ঠিত হোৱা #গণিত_আৰু_বিজ্ঞান_মেলা প্ৰতিযোগিতাত আমাৰ নিকেতনৰ অয়ন আকাশ গাৰ্গে কিশোৰ শাখাত “বিজ্ঞান আৰ্হিত” দ্বিতীয় আৰু অংকিতা খাটনিয়াৰে বালক শাখাত দ্বিতীয়, উৎপল দত্তই কিশোৰ শাখাত “ব্যৱহাৰিক গণিতত” দ্বিতীয় আৰু বালক শাখাত আৰাধ্যা ৰায়ে দ্বিতীয়ৰ লগতে প্ৰিয়দৰ্শনী বৰুৱাই “কাহিনী কথনত” দ্বিতীয় স্থান দখল কৰি নিকেতনলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ বিজয়ী প্ৰতিযোগীসকলক আন্তৰিক শুভেচ্ছা জনাইছো৷

゚viral

আজি নিকেতনত ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ মুহুৰ্ত…
15/08/2026

আজি নিকেতনত ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ মুহুৰ্ত…

15/08/2026
 #প্ৰাক্_স্বাধীনতা_দিৱস_উদযাপন
14/08/2026

#প্ৰাক্_স্বাধীনতা_দিৱস_উদযাপন

দিখৌ, চণ্টক, দিচাঙ আৰু ভোগদৈৰ বলীয়া বানে তচনচ কৰি পেলোৱা শিৱসাগৰ, নাজিৰা আৰু চৰাইদেউৰ জনজীৱন এই সময়ত সম্পূৰ্ণৰূপে স্তব্ধ...
09/08/2026

দিখৌ, চণ্টক, দিচাঙ আৰু ভোগদৈৰ বলীয়া বানে তচনচ কৰি পেলোৱা শিৱসাগৰ, নাজিৰা আৰু চৰাইদেউৰ জনজীৱন এই সময়ত সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে। বানৰ বিভীষিকাময় পৰিস্থিতিত বহু ছাত্ৰ-ছাত্ৰীৰ কিতাপ-পত্ৰকে ধৰি পঢ়া-শুনাৰ সামগ্ৰীও পানীয়ে উটুৱাই নিলে। এনে কঠিন সময়ত তেওঁলোকৰ শিক্ষাৰ ধাৰাবাহিকতা যাতে ব্যাহত নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি নিকেতনৰ তৰফৰ পৰা সাধ্যানুসাৰে ছাত্ৰ-ছাত্ৰীৰ বাবে কিছু কিতাপ-পত্ৰ শিমলুগুৰি নিকেতনত যোগান ধৰাৰ লগতে সামান্য পৰিমাণে ধনৰাশি আৰু কিছু প্ৰয়োজনীয় বাচন-বৰ্তন আগবঢ়োৱা হয়। এই সহায় হয়তো তেওঁলোকৰ বিপুল ক্ষয়-ক্ষতিৰ তুলনাত অতি সামান্য; কিন্তু দুৰ্যোগৰ সেই কঠিন সময়ত তেওঁলোকৰ কাষত থিয় দিয়াৰ এই প্ৰচেষ্টা আমাৰ দায়িত্ববোধ আৰু মানৱীয় দায়বদ্ধতাৰেই এক ক্ষুদ্ৰ প্ৰকাশ।


সঞ্জীৱন দাৰ সোঁৱৰণিৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি।ৰাতিপুৱাই দুখজনক খবৰটো জানি স্তব্ধ হৈ পৰিলো। সঞ্জীৱন দা (সঞ্জীৱন ফুকন)ৰ অকা...
08/08/2026

সঞ্জীৱন দাৰ সোঁৱৰণিৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি।

ৰাতিপুৱাই দুখজনক খবৰটো জানি স্তব্ধ হৈ পৰিলো। সঞ্জীৱন দা (সঞ্জীৱন ফুকন)ৰ অকাল মৃত্যুৰ বাতৰিয়ে আমাকো গভীৰভাৱে শোকস্তব্ধ কৰি তুলিছে।

তেখেতৰ দুয়োগৰাকী সন্তানেই আমাৰ নিকেতনৰ পৰা সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল। কেৱল সেয়াই নহয়, সঞ্জীৱন দাই এবছৰৰ বাবে আমাৰ নিকেতনত অতিথি শিক্ষক হিচাপে সেৱা আগবঢ়াই ছাত্ৰ-ছাত্ৰীসকলক জ্ঞান আৰু মাৰ্গদৰ্শনেৰে সমৃদ্ধ কৰিছিল। নিকেতনৰ লগত ওতপ্ৰোতভাবে জড়িত থকা হাঁহিমুখীয়া, অমায়িক আৰু ছাত্ৰ-ছাত্ৰীৰ প্ৰতি সদায় আন্তৰিক সঞ্জীৱন দাৰ সৈতে কটোৱা সেই সময়খিনি নিকেতন পৰিয়ালৰ বাবে সদায় স্মৰণীয় হৈ থাকিব।
তেখেতৰ অকাল বিয়োগে নিকেতন পৰিয়ালৰ প্ৰতিগৰাকী সদস্যকে গভীৰভাৱে মৰ্মাহত কৰিছে। তেখেতৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰি আজি পুৱাবেলাতে নিকেতন পৰিয়ালৰ তৰফৰ পৰা এখন শোকসভা অনুষ্ঠিত কৰা হয়।

পৰমপিতাৰ ওচৰত আমাৰ একান্ত প্ৰাৰ্থনা—তেখেতৰ বিদেহ আত্মাই চিৰশান্তি লাভ কৰক আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গক এই অপূৰণীয় ক্ষতি আৰু মহাশোক সহিবলৈ মানসিক শক্তি প্ৰদান কৰক লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ নিকেতন পৰিয়ালৰ তৰফৰ সমবেদনা জনাইছো৷ ঔম শান্তিঃ৷

আজি আমাৰ নিকেতনত ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰীসকলৰ অংশগ্ৰহণেৰে  #বিজ্ঞান_আৰু_গণিত_মেলা সফলতাৰে অনুষ্ঠিত হ...
07/08/2026

আজি আমাৰ নিকেতনত ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰীসকলৰ অংশগ্ৰহণেৰে #বিজ্ঞান_আৰু_গণিত_মেলা সফলতাৰে অনুষ্ঠিত হয়। বিজ্ঞান আৰু গণিত কেৱল পাঠ্যক্ৰমৰ একোটা বিষয়েই নহয়, বৰং আধুনিক সমাজ জীৱনৰ অবিচ্ছেদ্য অংশ। দৈনন্দিন জীৱনৰ সৰু-ডাঙৰ প্ৰতিটো ক্ষেত্ৰতে এই দুয়োটা বিষয়ৰ প্ৰয়োগ আৰু গুৰুত্ব অপৰিসীম। ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিজ্ঞানমনস্কতা, যুক্তিবাদী চিন্তা আৰু গণিতৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰাৰ লগতে শিক্ষণক অধিক আনন্দদায়ক, সৃষ্টিশীল আৰু মনোগ্ৰাহী কৰি তোলাৰ উদ্দেশ্যৰেই এই বিজ্ঞান আৰু গণিত মেলাৰ আয়োজন কৰা হয়। প্ৰধান আচাৰ্যা Gitashree Baruahই আঁতধৰা কাৰ্যক্ৰমটোত নিকেতনৰ অতিথি শিক্ষক #অতুল_দত্ত আৰু প্ৰাক্তন আচাৰ্য Ripun Nathৰ লগতে প্ৰাক্তন ছাত্ৰী #সন্ধানী_বৰুৱাই ছাত্ৰ-ছাত্ৰীসকলক মাৰ্গদৰ্শন কৰে৷

আজি ৰঙামাটি মৌজাৰ ওভতা চাপৰি আৰু বালিদোৱাৰ বানাক্ৰান্ত ৰাইজৰ ওচৰত উপস্থিত হৈ কিছু খাদ্য সামগ্ৰী, খোৱা পানী আৰু অন্যান্য ...
29/07/2026

আজি ৰঙামাটি মৌজাৰ ওভতা চাপৰি আৰু বালিদোৱাৰ বানাক্ৰান্ত ৰাইজৰ ওচৰত উপস্থিত হৈ কিছু খাদ্য সামগ্ৰী, খোৱা পানী আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী আগবঢ়োৱাৰ এক সৰু প্ৰচেষ্টা কৰিলো। এই সহায় হয়তো তেওঁলোকৰ অসীম দুখ-কষ্ট সম্পূৰ্ণৰূপে লাঘৱ কৰিব নোৱাৰে। কিন্তু এই কঠিন সময়ত তেওঁলোকে যদি অনুভৱ কৰে যে—“আমাৰ কাষত কোনোবাই থিয় দিছে”, তেন্তে সেই অনুভৱেই তেওঁলোকৰ বাবে এক ডাঙৰ সাহস আৰু মানসিক শক্তি।
আমি এই স্থিৰচিত্ৰবোৰ কেতিয়াও আত্মপ্ৰচাৰ বা বাহবা লোৱাৰ উদ্দেশ্যে প্ৰকাশ বা আপলোড কৰা নাই। আমাৰ একমাত্ৰ লক্ষ্য হৈছে সমাজৰ অধিক সংখ্যক মানুহক এনে মানৱীয় কামত আগবাঢ়ি আহিবলৈ অনুপ্ৰাণিত কৰা। যদি আমাৰ এই ক্ষুদ্ৰ প্ৰচেষ্টাই এজনো মানুহক বানাক্ৰান্ত পৰিয়ালৰ কাষত থিয় হ'বলৈ উদ্বুদ্ধ কৰে, তেন্তে আমাৰ এই প্ৰচেষ্টা সাৰ্থক বুলি ভাবিম।

আহক, এই দুৰ্যোগৰ সময়ত আমি সকলোৱে একেলগে হাত আগবঢ়াওঁ। সৰু সহায়ো কাৰোবাৰ বাবে নতুন আশাৰ পোহৰ হ'ব পাৰে।

🤝 মানুহৰ কাষত থিয় দিয়ক, মানৱতাৰ জয় হওক।

বিশেষ কৃতজ্ঞতা —
@ৰুণ
@মাৰ্ধুয্য

যোৱা কেইটামান দিন ধৰি আমাৰ নিকেতনৰ আচাৰ্য-আচাৰ্যাসকলে বানত আক্ৰান্ত ছাত্ৰ-ছাত্ৰীসকলৰ ঘৰলৈ গৈ কিছু খাদ্য সামগ্ৰী আৰু খোৱা...
27/07/2026

যোৱা কেইটামান দিন ধৰি আমাৰ নিকেতনৰ আচাৰ্য-আচাৰ্যাসকলে বানত আক্ৰান্ত ছাত্ৰ-ছাত্ৰীসকলৰ ঘৰলৈ গৈ কিছু খাদ্য সামগ্ৰী আৰু খোৱাপানী আগবঢ়াই আহিছিল৷ কিন্তু সেয়া কেৱল সাহাৰ্য বিতৰণৰ এটা কাৰ্যসূচী নাছিল- সেয়া আছিল জীৱনৰ এক কঠিন পাঠ।

যেতিয়া সৰু-সৰু ছাত্ৰ-ছাত্ৰীয়ে বোকাৰে ভৰা চোতালত থিয় হৈ এটি হাঁহিৰে আমাক আদৰি ল'লে, অথচ সেই হাঁহিৰ আঁৰত লুকাই আছিল যোৱাকেইটা দিনৰ দুখ, অনিশ্চয়তা আৰু অভাৱ— তেতিয়াই অনুভৱ কৰিলো, সংগ্ৰাম আচলতে কিতাপৰ শব্দ নহয়; সংগ্ৰাম হৈছে জীৱনৰ কঠিন বাস্তৱ।

যি ঘৰখনত এদিন হাঁহিৰ শব্দে মুখৰিত হৈছিল, আজি তাত বানে কেৱল এৰি থৈ গৈছে- বোকা আৰু নীৰৱতা৷ বহু পৰিয়ালৰ হাতত নাই এহাতা ভাত, নাই বিশুদ্ধ খোৱাপানী, নাই কাইলৈৰ দিনটোৰ নিশ্চয়তা। তথাপিও তেওঁলোকৰ মুখত শুনিলোঁ—“আমি আকৌ আৰম্ভ কৰিম।” এই সাহসেই আমাক আচাৰ্য-আচাৰ্যাসকলক জীয়াই ৰাখে।

আমি হয়তো বেছি একো দিব নোৱাৰিলো। কিন্তু এই সংকটৰ সময়ত তেওঁলোকৰ কাষত থিয় হ'ব পাৰিলোঁ- সেইটোৱেই আমাৰ বাবে সৌভাগ্য। কাৰণ, বিপদৰ সময়ত সহায়ৰ হাতখন কেতিয়াবা খাদ্যতকৈও মূল্যৱান হৈ পৰে।

এই বানপানীয়ে আমাক এটাই কথা শিকাই গ'ল— মানুহৰ দুখ অনুভৱ নকৰালৈকে মানৱতা সম্পূৰ্ণ নহয়। আৰু আনৰ চকুলোৰ কাৰণ বুজি নোপোৱালৈকে “সংগ্ৰাম” শব্দটোৰ গভীৰতা উপলব্ধি কৰা সম্ভৱ নহয়।


Shishu Shiksha Samiti Assam

ঢেকিয়ালৰ  #পদাতিক_নাট্য_গোষ্ঠীৰ সৌজন্যত গোলাঘাট জিলা ভিত্তিত আয়োজিত কবিতা আবৃত্তি প্ৰতিযোগিতাত নিকেতনৰ পঞ্চম শ্ৰেণীৰ মেধ...
22/07/2026

ঢেকিয়ালৰ #পদাতিক_নাট্য_গোষ্ঠীৰ সৌজন্যত গোলাঘাট জিলা ভিত্তিত আয়োজিত কবিতা আবৃত্তি প্ৰতিযোগিতাত নিকেতনৰ পঞ্চম শ্ৰেণীৰ মেধাৱী ছাত্ৰ #অন্তৰীপ_বৰাই দ্বিতীয় স্থান দখল কৰিছে। তেওঁৰ এই কৃতিত্বই নিকেতনলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে আন ছাত্ৰ-ছাত্ৰীসকলৰ বাবেও এক অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে।
অন্তৰীপ বৰালৈ আন্তৰিক অভিনন্দন আৰু তেওঁৰ উজ্জ্বল ভৱিষ্যতৰ বাবে আন্তৰিক শুভকামনা জনালো।

Address

Bhabanipur
Dergaon
785614

Opening Hours

Monday 8:30am - 2:15pm
Tuesday 8:30am - 2:15pm
Wednesday 8:30am - 2:15pm
Thursday 8:30am - 2:15pm
Friday 8:30am - 2:15pm
Saturday 8:30am - 12:15pm

Telephone

+918486629407

Website

Alerts

Be the first to know and let us send you an email when Shankardev Shishu Niketan, Dergaon শংকৰদেৱ শিশু নিকেতন, দেৰগাওঁ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Shankardev Shishu Niketan, Dergaon শংকৰদেৱ শিশু নিকেতন, দেৰগাওঁ:

Shortcuts

Share

Category